প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৩০ ডিচেম্বৰত পশ্চিম বংগ ভ্ৰমণ কৰিব


প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত ৭৮০০ কোটি টকাৰ অধিক মূল্যৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ উদ্দেশ্যে প্ৰকল্পসমূহ উৎসৰ্গা কৰিব

প্ৰধানমন্ত্ৰীয়ে কলকাতাত ৰাষ্ট্ৰীয় গংগা পৰিষদৰ দ্বিতীয় বৈঠকত সভাপতিত্ব কৰিব

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত ২৫৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক নৰ্দমা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব

প্ৰধানমন্ত্ৰীয়ে হাওৰা-নিউ জলপাইগুৰি সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব

প্ৰধানমন্ত্ৰীয়ে কলকাতা মেট্ৰ'ৰ জোকা-তাৰাতলা পাৰ্পল লাইন উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰীয়ে একাধিক ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব; নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰা হ'ব

প্ৰধানমন্ত্ৰীয়ে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী – নেশ্যনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড চেনিটেচন উদ্বোধন কৰিব

Posted On: 29 DEC 2022 11:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৩০ ডিচেম্বৰত পশ্চিম বংগ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে হাওৰা ৰে'ল ষ্টেচনত উপস্থিত হ'ব, য'ত তেওঁ হাওৰাৰ পৰা নিউ জলপাইগুৰি সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। তেওঁ কলকাতা মেট্ৰ'ৰ জোকা-তৰাতলা শাখাৰ পাৰ্পল লাইনৰ উদ্বোধন কৰিব আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন ৰে'ল প্ৰকল্প জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। দুপৰীয়া ১২ বজাত প্ৰধানমন্ত্ৰীয়ে আইএনএছ নেতাজী সুভাষত উপস্থিত হ'ব, নেতাজী সুভাষৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰিব আৰু ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী– নেশ্যনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড চেনিটেচন (ডিএছপিএম–এনআইৱাছ) উদ্বোধন কৰিব। তেওঁ নেশ্যনেল মিছন ফৰ ক্লীন গংগা অভিযানৰ অধীনত পশ্চিম বংগৰ বাবে একাধিক নৰ্দমা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। দুপৰীয়া প্ৰায় ১২:২৫ বজাত প্ৰধানমন্ত্ৰীয়ে নেশ্যনেল গংগা কাউন্সিলৰ দ্বিতীয় খন বৈঠকত সভাপতিত্ব কৰিব।

 

আইএনএছ নেতাজী সুভাষত প্ৰধানমন্ত্ৰী

দেশত সমবায় ফেডাৰেলিজম কাঠামোক শক্তিশালী কৰিবৰ বাবে আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ ৩০ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় গংগা কাউন্সিলৰ (এনজিচি) দ্বিতীয়ন বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী, পৰিষদৰ সদস্য আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। নেশ্যনেল গংগা কাউন্সিলক গংগা নদী আৰু ইয়াৰ উপনদীসমূহৰ প্ৰদূষণ প্ৰতিৰোধ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে সামগ্ৰিক দায়িত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৯৯০ কোটি টকাতকৈও অধিক ব্যয়েৰে নেশ্যনেল মিছন ফৰ ক্লীন গংগা অভিযানৰ (এনএমচিজি) অধীনত বিকশিত ৭টা নৰ্দমা আন্তঃগাঁথনি প্ৰকল্প (২০ টা নৰ্দমা শোধন প্ৰকল্প আৰু ৬১২ কিলোমিটাৰ নেটৱৰ্ক) উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে নবদ্বীপ, কাচাৰাপ্ৰা, হালিছাৰ, বজ-বজ, বাৰেকপুৰ, চন্দন নগৰ, বাঁশবেৰিয়া, উত্তৰপাড়া, কোটৰং, বৈদ্যবাটি, ভদ্ৰেশ্বৰ, নৈহাটি, গাৰুলিয়া, তিতাগড় আৰু পানীহাটি পৌৰসভাসমূহক লাভান্বিত কৰিব। এই প্ৰকল্পসমূহে পশ্চিম বংগত ২০০ এমএলডিতকৈ ওপৰৰ নৰ্দমা পৰিশোধন ক্ষমতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে আনুমানিক ১৫৮৫ কোটি টকা ব্যয়েৰে নেশ্যনেল মিছন ফৰ ক্লীন গংগা মিছনৰ (এনএমচিজি) অধীনত বিকশিত হ'বলগীয়া ৫টা নৰ্দমা আন্তঃগাঁথনি প্ৰকল্পৰ (৮ টা নৰ্দমা শোধন প্ৰকল্প আৰু ৮০ কিলোমিটাৰ নেটৱৰ্ক) আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে পশ্চিম বংগত নতুন এছটিপিৰ  ক্ষমতা ১৯০ এমএলডি বৃদ্ধি কৰিব। এই প্ৰকল্পবোৰে উত্তৰ বাৰেকপুৰ, হুগলী-চিনচুৰা, কলকাতা কেএমচি এলেকা- গাৰ্ডেন ৰিচ আৰু আদি গংগা (টলি নালা) আৰু মহেশতলা চহৰৰ এলেকাসমূহক লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১০০ কোটি টকা ব্যয়েৰে কলকাতাৰ ডায়মণ্ড হাৰ্বাৰ ৰোডৰ জোকাত নিৰ্মাণ কৰা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী-নেশ্যনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড চেনিটেচন উদ্বোধন কৰিব। প্ৰতিষ্ঠানটোৱে দেশৰ পানী, অনাময় আৰু পৰিচ্ছন্নতা (ৱাছ)ৰ ওপৰত দেশৰ এক সৰ্বোচ্চ সংস্থা হিচাপে কাম কৰিব। এই সংস্থাই কেন্দ্ৰীয়, ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ বাবে তথ্য আৰু জ্ঞানৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

 

হাওৰা ৰেল ষ্টেচনত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে হাওৰা ৰেল ষ্টেচনত নিউ জলপাইগুৰিৰ সৈতে হাওৰা সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। অত্যাধুনিক অৰ্ধ উচ্চ গতিৰ ৰেলখন অত্যাধুনিক যাত্ৰীৰ সুবিধাৰে সজ্জিত। ৰেলখন মালদা টাউন, বৰচোই আৰু বোলপুৰ (শান্তি নিকেতন) ষ্টেচনত দুয়োদিশত ৰ'ব।

প্ৰধানমন্ত্ৰীয়ে জোকা-এস্প্লেনেড মেট্ৰ' প্ৰকল্পৰ (পাৰ্পল লাইন) জোকা-তৰাতলা অংশৰ উদ্বোধন কৰিব। জোকা, ঠাকুৰপুকুৰ, চাখেৰ বজাৰ, বেহালা চৌৰাস্তা, বেহালা বজাৰ আৰু তৰাটালা নামৰ ৬টা ষ্টেচন থকা ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অংশটো ২৪৭৫ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পৰ উদ্বোধনৰ জৰিয়তে কলকাতা চহৰৰ দক্ষিণ অংশ যেনে চাৰচুনা, ডাকঘৰ, মুচিপাৰা আৰু দক্ষিণ ২৪ পৰগণাৰ যাত্ৰীসকল যথেষ্ট উপকৃত হ'ব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চাৰিটা ৰে'ল প্ৰকল্প জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে ৪০৫ কোটি টকা ব্যয়েৰে নিৰ্মিত বোইঞ্চি-শক্তিগড় তৃতীয় লাইন; ৫৬৫ কোটি টকা ব্যয়েৰে নিৰ্মিত ডানকুনি-চন্দনপুৰ চতুৰ্থ লাইন প্ৰকল্প; ২৫৪ কোটি টকা ব্যয়েৰে নিৰ্মিত নিমতিতা-নিউ ফাৰাক্কা ডাবল লাইন; আৰু ১০৮০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মিত অম্বৰী ফালাকাটা-নতুন মায়নাগুৰি-গুমানিহাট দুগুণ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে ৩৩৫ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নিউ জলপাইগুৰি ৰে'ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলাও স্থাপন কৰিব।

 

***

DS/ST/KG



(Release ID: 1889372) Visitor Counter : 87