বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ১০৮তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদ্ঘাটন কৰিব


মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিংহ কোশ্যাৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নিতিন গাডকাৰী আৰু জিতেন্দ্ৰ সিং তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডণবীসে কাৰ্যক্ৰমত ভাগ ল'ব

সমাজৰ প্ৰতি ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ যোগদানক ব্যাপক হাৰত প্ৰদৰ্শন কৰা "প্ৰাইড অফ ইণ্ডিয়া" মেগা-এক্সপো মুখ্য আকৰ্ষণ

Posted On: 02 JAN 2023 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ জানুৱাৰী, ২০২৩ত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ১০৮তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদ্ঘাটন কৰিব আৰু সম্পূৰ্ণ সন্মিলন নিৰীক্ষণ কৰিব। উদ্ঘাটন সমাৰোহ পুৱা ৯:৩০ বজাত আৰম্ভ হ'ব। কাৰ্যক্ৰমৰ আয়োজন ৰাষ্ট্ৰসন্ত তুকডোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয় (আৰটিএমএনইউ)ৱে নিজৰ পৰিসৰত কৰিছে।

উদ্ঘাটন সত্ৰৰ শোভা বৰ্ধন কৰিবলগা বিশিষ্ট গণ্যমান্য লোকসকলৰ মাজত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু মহাৰাষ্ট্ৰ শাসকীয় বিশ্ববিদ্যালয়ৰ কুলাধিপতি শ্ৰী ভগত সিংহ কোশ্যাৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা আৰটিএমএনইউ শতাব্দী সমাৰোহৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ শ্ৰী নিতিন গাডকাৰী, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি তথা পৃথিৱী বিজ্ঞান ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ডাঃ জিতেন্দ্ৰ সিংহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে তথা উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডণবীস অন্তৰ্ভুক্ত আছে।

ৰাষ্ট্ৰসন্ত তুকডোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ৰ কুলপতি ডাঃ সুভাষ আৰ চৌধুৰী আৰু ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংঘ (ইস্কা), কলকাতাৰ অধ্যক্ষ ডাঃ (শ্ৰীমতী) বিজয় লক্ষ্মী ছাক্সেনাৰ বিশেষ উপস্থিতি থাকিব।

এই বছৰ কাৰ্যক্ৰমৰ বিষয়বস্তু হৈছে "ছাইঞ্চ এণ্ড টেকনলজি ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট উইথ ৱ'মেন এম্পাৱাৰমেণ্ট" (মহিলা সবলীকৰণসহ দীৰ্ঘস্থায়ী বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি)। জন সংবাদ আৰু প্ৰদৰ্শনী সাধাৰণ লোকৰ বাবে মুক্ত।

১০৮তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ প্ৰযুক্তিগত সত্ৰ ১৪টা শ্ৰেণীত ভাগ কৰা হৈছে, যাৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ মহাত্মা জ্যোতিবা ফুলে শৈক্ষিক পৰিসৰৰ বিভিন্ন স্থলত সমান্তৰাল সত্ৰ চলোৱা হ'ব।

এই ১৪টা শ্ৰেণীৰ উপৰিও, মহিলা বিজ্ঞান কংগ্ৰেছ, কৃষক বিজ্ঞান কংগ্ৰেছ, শিশু বিজ্ঞান কংগ্ৰেছ, জনজাতীয় সমাগম, বিজ্ঞান তথা সমাজ আৰু বিজ্ঞান সঞ্চাৰকসকলৰ কংগ্ৰেছৰ এখন এখন সত্ৰৰো আয়োজন কৰা হ'ব।

পূৰ্ণ সত্ৰসমূহত নোবেল পুৰস্কাৰ বিজেতা, ভাৰত তথা বিদেশৰ নামী দামী গৱেষণা কৰ্তাসকল, বিশেষজ্ঞ আৰু বিভিন্ন ক্ষেত্ৰৰ টেকনোক্ৰেটৰ ওপৰত সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে, য'ত অন্তৰীক্ষ, প্ৰতিৰক্ষা, তথ্য প্ৰযুক্তি আৰু চিকিৎসা গৱেষণাক ৰখা হৈছে। টেকনিকেল সত্ৰসমূহত কৃষি, বন বিজ্ঞান, পশু, পশু চিকিৎসা আৰু মৎস্য বিজ্ঞান, মানৱ তথা ব্যৱহাৰ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, পৃথিৱী প্ৰণালী বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান, পৰিৱেশ বিজ্ঞান, তথ্য আৰু সম্প্ৰচাৰ বিজ্ঞান তথা প্ৰযুক্তি, পদাৰ্থ বিজ্ঞান, গাণিতিক বিজ্ঞান, চিকিৎসা বিজ্ঞান, নবীন প্ৰাণী বিজ্ঞান, ভৌতিক বিজ্ঞান তথা পাদপ বিজ্ঞানৰ ক্ষেত্ৰত অভূতপূৰ্ব আৰু প্ৰযুক্ত গৱেষণাৰ বিষয়ে দেখুওৱা হ'ব।

কাৰ্যক্ৰমৰ মুখ্য আকৰ্ষণ মেগা এক্সপো "প্ৰাইড অফ ইণ্ডিয়া" (ভাৰতৰ গৌৰৱ)। প্ৰদৰ্শনীত ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা সমাজৰ প্ৰতি কৰা সেই প্ৰধান যোগদান, সিবিলাকৰ প্ৰধান প্ৰাপ্তি আৰু প্ৰধান বিকাশসমূহ দেখুওৱা হ'ব, যাৰ ফলত সমগ্ৰ বৈজ্ঞানিক জগতৰ বাবে শ শ নতুন বিচাৰ, নৱোন্মেষণ আৰু সামগ্ৰীয়ে আকাৰ লাভ কৰে। ভাৰতৰ গৌৰৱৰ জৰিয়তে চৰকাৰ, কৰ্পৰেট, সাৰ্বজনীন ক্ষেত্ৰ উপক্ৰম, শৈক্ষিক তথা গৱেষণা আৰু বিকাশ সংস্থান, সমগ্ৰ দেশৰ নৱোন্মেষী আৰু উদ্যমীসকলৰ প্ৰাপ্তি তথা তেওঁলোকৰ ক্ষমতাক উপস্থাপন কৰা হ'ব।

কাৰ্যক্ৰমৰ পূৰ্ব সন্ধিয়া হ'বলগা ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ পৰম্পৰাগত 'বিজ্ঞান জ্যোতি' কাৰ্যক্ৰম আজি আয়োজিত কৰা হয়। ইয়াত ৪০০ৰো অধিক স্কুলীয়া আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰী জিৰ' মাইলষ্টনত একত্ৰিত হয়। সকলোৱে বিশেষ কেপ আৰু টি-ছাৰ্ট পিন্ধিছিল। তাৰ পৰা তেওঁলোকে ৰেলীৰ ৰূপত বিশ্ববিদ্যালয়ৰ পৰিসৰলৈ যায়। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱনত বৈজ্ঞানিক চিন্তাক আকোৱালি লোৱাৰ শপত লয়। আইএছচিএ অধ্যক্ষ ডাঃ (শ্ৰীমতী) বিজয় লক্ষ্মী ছাক্সেনাই ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় যে তেওঁলোকে যাতে বিজ্ঞানক কেৱল পাঠ্য সামগ্ৰী হিচাপে নপঢ়ে, বৰং জীৱনত তেওঁলোকে যিয়েই কৰে, বিজ্ঞানক তাত যেন অন্তৰ্ভুক্ত কৰে।

বিজ্ঞান জ্যোতিৰ অৱধাৰণা অলিম্পিক জ্যোতিৰ অনুৰূপ। ই এক আন্দোলনৰ স্বৰূপ, যি সমাজ আৰু বিশেষকৈ যুৱক-যুৱতীৰ মাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰিবলৈ সমৰ্পিত। এই জ্যোতি বিশ্ববিদ্যালয়ৰ পৰিসৰত স্থাপিত কৰা হয় আৰু ১০৮তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সমাপনলৈকে ই প্ৰজ্বলিত হৈ থাকিব।

 

***

SNC/RR



(Release ID: 1888243) Visitor Counter : 140