ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

বৰ্ষান্তিক খতিয়ান-২০২২ : ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়


‘এমএছএমই’ খণ্ডৰ বাবে ‘এমএছএমই’ খণ্ডৰ কৰ্মকুশলতাৰ উথ্থান আৰু ত্বৰান্বিত কৰা, প্ৰথমবাৰৰ বাবে ৰপ্তানিত জড়িত হোৱা ৰপ্তানিকৰোতা ‘এমএছএমই’ৰ সামৰ্থ্যবৰ্দ্ধন (চিবিএফটিই) আঁচনি’ আৰু ‘প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী’(পিএমইজিপি)ত নতুন বৈশিষ্ট্য সন্নিৱিষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে ‘উদ্যমী ভাৰত কাৰ্যক্ৰম’

‘উদ্যম পঞ্জীয়ণ প’ৰ্টেল’ত ১কোটিৰো অধিক পঞ্জীয়ণৰে উল্লেখনীয় সাফল্য অৰ্জন

‘পিএমইজিপি’-ৰ অধীনত নতুন প্ৰকল্প স্থাপনৰ বাবে গ্ৰহণযোগ্য সৰ্বাধিক ব্যয়ৰ মাত্ৰা উত্পাদনী খণ্ডৰ বাবে ২৫ লাখৰ পৰা ৫০ লাখ টকালৈ আৰু সেৱাখণ্ডৰ বাবে ১০ ৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হয়

‘এমএছএমই-ছাষ্টেইনেবল(জেদ) চাৰ্টিফিকেশ্যন আঁচনি
ঘোষণা কৰা হয় ২৮.০৪.২০২২ তাৰিখে, ২৩,০০০ৰো অধিক ‘এমএছএমই’-য়ে কৰিছে পঞ্জীয়ণ

৪১ সংখ্যক ‘ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা, ২০২২’ৰ ‘এমএছএমই পেভেলিয়ন’ত মহিলা-স্বত্বাধিকাৰীৰ প্ৰতিষ্ঠানৰ সৰ্বাধিক(৭৩%) অংশগ্ৰহণ

Posted On: 26 DEC 2022 5:21PM by PIB Guwahati

ছয় কোটিতকৈ অধিক উদ্যোগ প্ৰতিষ্ঠান থকা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডই ভাৰতীয় অৰ্থনীতিৰ এক অতি উজ্জীৱিত আৰু গতিশীল খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। খণ্ডটোৱে উদ্যোগীকৰণক প্ৰতিপালন কৰি কৃষিৰ পিচতে তুলনামূলকভাৱে কম মূলধনী ব্যয়ত আত্মনিয়োগৰ সুযোগ সৃষ্টি কৰিছে। এম এছ এম ই মন্ত্ৰালয়ে খাদী গ্ৰামদ্যোগ, কয়ৰ উদ্যোগকে ধৰি খণ্ডটোৰ উত্তৰণ আৰু উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে ঋণ সহযোগিতা, প্ৰযুক্তি সহযোগিতা, আন্তঃগাঁথনি উন্নয়ণ, দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰতিযোগিতাসুলভ মানসিকতাৰ সম্প্ৰসাৰণ, আৰু বিপণন সহযোগিতা আদি প্ৰদানৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। মন্ত্ৰালয়টোৰ অধীনৰ সংগঠনবোৰৰ ভিতৰত আছে উন্নয়ন আয়ুক্ত (এমএছএমই), খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰীজ কমিছন (কেভিআইচি), কয়ৰ বোৰ্ড, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম লিমিটেড (এনএছআইচি), ৰাষ্ট্ৰীয় সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান (এনআই-এমএছএমই) আৰু মহাত্মা গান্ধী গ্ৰাম্য ঔদ্যোগীকৰণ প্ৰতিষ্ঠান (এমজিআইআৰআই)। মন্ত্ৰালয়টোৰ এমএছএমইসমূহলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ক্ষেত্ৰ গঠনৰ এক বিশাল নেটৱৰ্ক আছে, যাৰ ভিতৰত আছে এমএছএমই উন্নয়ন আৰু সেৱা প্ৰদান কাৰ্যালয় (এমএছএমই-ডিএফঅ'), শাখা এমএছএমই-ডিএফঅ', এমএছএমই পৰীক্ষা কেন্দ্ৰ, এমএছএমই-পৰীক্ষা কেন্দ্ৰ আৰু প্ৰযুক্তি কেন্দ্ৰ (টুল ৰুম আৰু কাৰিকৰী প্ৰতিষ্ঠান) আৰু কেভিআইচি, কয়ৰ বোৰ্ড আৰু এনএছআইচিৰ ক্ষেত্ৰ কাৰ্যালয়। ২০২২ চনত মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহৰ তথ্য তলত দাঙি ধৰা হল।


 

  1. উদ্যমী ভাৰত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৩০.০৬.২০২২ তাৰিখে অনুষ্ঠিত 'উদ্যমী ভাৰত' কাৰ্যসূচীত এমএছএমই খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে। অনুষ্ঠানত এমএছএমই দপ্তৰৰ মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে আৰু মন্ত্ৰালয়টোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভানু প্ৰতাপ সিং বাৰ্মা উপস্থিত থাকে।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে এমএছএমই খণ্ডৰ বিকাশ আৰু এই বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাক স্বীকৃতি দিবলৈ এমএছএমই, ৰাজ্য/ইউটি, উচ্চাকাংক্ষী জিলা আৰু বেংকসমূহলৈ আগবঢ়োৱা 'ৰাষ্ট্ৰীয় এমএছএমই বঁটা, ২০২২' প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে 'এমএছএমই কৰ্মকুশলতা বৃদ্ধি আৰু ইয়াৰ গতি ত্বৰান্বিত কৰা' আঁচনি, 'প্ৰথমবাৰৰ বাবে এমএছএমই ৰপ্তানীকৰোতাসকলৰ সামৰ্থ্য বৰ্দ্ধন' (চিবিএফটিই) আঁচনি আৰু 'প্ৰধানমন্ত্ৰীৰ নিযুক্তি সৃষ্টি কাৰ্যসূচী' (পিএমইজিপি)ৰ নতুন বিশেষত্বসমূহ আনুষ্ঠানিক ভাবে মুকলি কৰে। তেওঁ ২০২২-২৩ চনৰ বাবে পিএমইজিপিৰ হিতাধিকাৰীসকললৈ ডিজিটেল মাধ্যমেৰে সহযোগিতা হস্তান্তৰিত কৰে; 'এমএছএমই আইডিয়া হেকাথন-২২'ৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে আৰু আত্মনিৰ্ভৰ ভাৰত (এছআৰআই) পুঁজিৰ ৭৫গৰাকী এমএছএমই হিতাধিকাৰীক ডিজিটেল ইকুইটী প্ৰমাণপত্ৰ প্ৰদান কৰে।

  1. নীতিগত পদক্ষেপসমূহ

উদ্ভিদ আৰু যন্ত্ৰ পাতি বা সঁজুলি, আৰু আয়ৰ ক্ষেত্ৰত হোৱা বিনিয়োগৰ ওপৰত আধাৰিত এম.এছ.এম.ই.-ৰ সংশোধিত সংজ্ঞা গ্ৰহণ কৰাৰ পিছত, উদ্যম পঞ্জীয়ন পৰ্টেলটো ০১.০৭.২০২০ তাৰিখে মুকলি কৰা হৈছিল। ই সম্পূৰ্ণৰূপে অনলাইন, বিনামূলীয়া, অসুবিধামুক্ত, কোনো নথিপত্ৰৰ প্ৰয়োজন নোহোৱা, আৰু এমএছএমইৰ বাবে স্বাচ্ছন্দ্যৰে কাম-কাজ কৰাৰ দিশত এক পদক্ষেপ। পৰ্টেলটোত কৰা পঞ্জীয়নৰ সংখ্যাই যোৱা ২ আগষ্ট ২০২২তাৰিখে ১ কোটিৰ ঘৰ অতিক্ৰম কৰিছিল।  ২২-১২-২০২২ তাৰিখ পৰ্যন্ত, পৰ্টেলটোত ১.২৮ কোটিতকৈও অধিক পঞ্জীয়ন কৰা হৈছে।

১৪.০৯.২০২২ তাৰিখে অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ পৰিষদৰ (এনবিএমএছএমই) ১৮ সংখ্যক বৈঠকত, এমএছএমই দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে উদ্যম আৰু ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা (এনচিএছ) পৰ্টেলৰ সংলগ্নীকৰণ মুকলি কৰে এই সম্পৰ্কীয় সিদ্ধান্ত ২০২২ৰ বাজেটত ঘোষণা কৰা হৈছিল। ১৪-০৯-২০২২ৰ পৰা, উদ্যমত পঞ্জীয়ন কৰা প্ৰায় ৪.০৬ লাখ এমএছএমইয়ে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা পৰ্টেলত প্ৰৱেশাধিকাৰ লাভ কৰিছে। দেশৰ দূৰৱৰ্তী অঞ্চলত অৱস্থিত উদ্যোগসমূহক উদ্যম পঞ্জীয়নৰ বাবে উপযুক্ত হস্তান্তৰ প্ৰদান কৰাৰ বাবে এমএছএমই মন্ত্ৰালয় আৰু উমৈহতীয়া সেৱা কেন্দ্ৰ (চিএছচি)ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল।

উদ্যম পঞ্জীয়ন তথ্য-ৰ ভাগ-বাটোৱাৰা কৰাৰ বাবে, এমএছএমই মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়ৰ মাজত ০২-০৮-২০২২ তাৰিখে বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

২০.১১.২০২২ তাৰিখে মণিপুৰৰ ইম্ফলত এমএছএমই মন্ত্ৰীয়ে উদ্বোধন কৰা এমএছএমইৰ প্ৰগতি আৰু বিকাশৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰত মন্ত্ৰালটোৱে তিনিটা মঞ্চৰ সৈতে বাণিজ্য প্ৰাপ্তিযোগ্য ৰেহাই প্ৰণালী (টিআৰইডিএছ) যেনে ইনভইচমাৰ্ট, এম১এক্সচেঞ্জ আৰু আৰএক্সআইএলৰ সৈতে বুজাবুজিচুক্তি স্বাক্ষৰ কৰে যি এমএছএমই খণ্ডক ৰেহাই হাৰত পৰিশোধৰ বিপৰীতে ঋণ লাভ কৰিব পৰা কৰিব।

মন্ত্ৰালয়টোৱে ১৮-১২-২০২২ তাৰিখে জাননী জাৰি কৰে যে, উদ্ভিদ আৰু যন্ত্ৰপাতি বা সঁজুলি বা আয়ৰ অথবা দুয়োটাৰ বিনিয়োগৰ উৰ্ধমুখী পৰিৱৰ্তনৰ ক্ষেত্ৰত, আৰু ইয়াৰ ফলস্বৰূপে পুনৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত, এনে উৰ্ধমুখী পৰিৱৰ্তনৰ তাৰিখৰ পৰা তিনি বছৰৰ বাবে পুনৰ শ্ৰেণীৰ সকলো অনা-কৰ লাভসমূহ আহৰণৰ কৰাটো অব্যাহত ৰাখিব। কৰ বিহীন লাভাসমূহৰ ভিতৰত আছে ৰাজহুৱা ক্ৰয় নীতি, বিলম্বিত পৰিশোধ ইত্যাদিকে ধৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ লাভালাভসমূহ

এমএছএমইৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ

এমএছএমই দপ্তৰৰ মন্ত্ৰীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত ক্ৰমে ২৩-০৩-২০২২ তাৰিখে আৰু নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৪-০৯-২০২২ তাৰিখে ৰাষ্ট্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ পৰিষদৰ ১৭ আৰু ১৮ সংখ্যক বৈঠক অনুষ্ঠিত হৈছিলএই বৈঠকত এমএছএমই খণ্ডৰ শক্তিশালীকৰণ সন্দৰ্ভত আলোচনা কৰা হৈছিল।

  1. মন্ত্ৰালয়ৰ আঁচনি/পদক্ষেপসমূহৰ সাফল্য

এম.এছ.এম.ই. মন্ত্ৰালয়ে ৰূপায়ণ কৰা মুখ্য আঁচনিবোৰৰ সাফল্যসমূহ তলত দাঙি ধৰা হৈছে

 

    1. ঋণৰ লাভৰ সুবিধা
      1. প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যক্ৰম(পিএমইজিপি)

প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যক্ৰম (পিএমইজিপি) হৈছে এক ঋণ সংযোজিত ৰাজসাহায্য আঁচনি যি অনা-কৃষি খণ্ডত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে নিযুক্তিৰ সুযোগ প্ৰদান কৰে। ২০২২ বৰ্ষত নতুন প্ৰকল্প স্থাপনৰ বাবে গ্ৰহণযোগ্য সৰ্বাধিক প্ৰকল্প ব্যয় উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ আৰু সেৱা খণ্ডৰ বাবে ১০ লাখৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। উচ্চাকাংক্ষী জিলা আৰু তৃতীয় লিংগৰ গোটসমূহক বিশেষ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। গোটবোৰে আগবঢ়োৱা সামগ্ৰী আৰু সেৱাৰ বিৱৰণ লাভ কৰাৰ বাবে আৰু তেওঁলোকৰ বাবে বজাৰ সংযোগ সৃষ্টি কৰাৰ বাবে পি.এম.ই.জি.পি. গোটবোৰৰ জিঅ'-টেগিং আৰম্ভ কৰা হৈছে।

২০০৮ চনত ইয়াৰ আৰম্ভণিৰ পৰা আঁচনিখনৰ অধীনত ৮.৩৪ লাখতকৈও অধিক উদ্যোগ স্থাপন কৰা হৈছে যাৰ ফলত আনুমানিক ৬৮ লাখ নিয়োগ সম্ভাৱনাৰ সৃষ্টি হৈছে। ১৫-১২-২০২২ তাৰিখ পৰ্যন্ত প্ৰায় ২০,৬০০ কোটি টকা মাৰ্জিন মানী ৰাজসাহায্য হিচাপে বিতৰণ কৰা হৈছে।

২০২১-২২ বিত্তীয় বৰ্ষত, পি.এম.ই.জি.পি.-য়ে মাৰ্জিন মানী ৰাজসাহায্য হিচাপে ২,৯৭৮ কোটি টকা (বিত্তীয় বৰ্ষ ২১-তকৈ ৩৬% অধিক) বিতৰণ কৰি, ১.০৩ লাখ গোটলৈ সহায় আগবঢ়াই (বিত্তীয় বৰ্ষ ২১-তকৈ প্ৰায় ৩৯% অধিক) আৰু প্ৰায় লাখ লোকৰ বাবে নিয়োগ সম্ভাৱনা সৃষ্টি কৰি ইয়াৰ আগৰটো বিত্তীয় বৰ্ষৰ সাফল্যৰ  অভিলেখ অতিক্ৰম কৰিছে আঁচনিখন আৰম্ভ হোৱাৰ পিছত এয়া হৈছে সৰ্বাধিক। ২০২২ৰ জানুৱাৰীৰ পৰা ২০২২ৰ নৱেম্বৰলৈ মুঠ ৭.৬২ লাখ কৰ্মসংস্থানৰ সৃষ্টি কৰাত ৯৫,২৭১টা গোটলৈ সহায় আগবঢ়োৱা হৈছিল।

      1. ক্ৰেডিট গেৰাণ্টী আঁচনি :

ক্ষুদ্ৰ আৰু লঘু উদ্যোগ(এম.এছ.ই)সমূহৰ বাবে ৰূপায়িত ক্ৰেডিট গেৰাণ্টী আঁচনিৰ অধীনত এম.এছ.ই.সমূহক ২ কোটি টকা পৰ্যন্ত বন্ধকী মুক্ত ঋণ প্ৰদান কৰা হয়।

২০২২-২৩ বিত্তীয় বৰ্ষত (৩০-১১-২০২২লৈকে) ৬০,৩৭৬কোটি টকা পৰিমাণ ধনৰাশিৰ বাবে ৭.০৭ লাখ গেৰাণ্টী অনুমোদিত হৈছে এই পৰিমাণ ২০০০-০১চনত আঁচনিখন আৰম্ভ হোৱাৰে পৰা এই পৰ্যন্ত সৰ্বাধিক বুলি পৰিগণিত হৈছে

০১-১২-২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ২ কোটি টকা পৰ্যন্ত ঋণৰ বাবে প্ৰয়োজন হোৱা গেৰাণ্টি-ৰ সৰ্বাধিক পৰিসৰ ৮৫% পৰ্যন্ত বৃদ্ধি কৰা হৈছে। মহিলাৰ মালিকানাধীন উদ্যোগসমূহৰ ক্ষেত্ৰত এই গেৰাণ্টী-ৰ সীমা ৮৫% পৰ্যন্ত বৃ-দ্ধি কৰা হৈছে।

 

    1. আন্তঃগাঁথনি নিৰ্মাণ আৰু সামৰ্থ্য বৰ্দ্ধ
      1. ক্ষুদ্ৰ আৰু লঘু উদ্যোগ ক্লাষ্টাৰ বিকাশ কাৰ্যক্ৰম(এমএছই-চিডিপি)

এইখন আঁচনিৰ উদ্দেশ্য হৈছে ইতিমধ্যে থকা ক্লাষ্টাৰসমূহত উমৈহতীয়া সুবিধা কেন্দ্ৰ স্থাপনৰ বাবে আৰু ইতিমধ্যে থকা ঔদ্যোগিক এলেকা/ভূ সম্পত্তি/নতুন কাৰখানা চৌহদৰ নতুন নিৰ্মাণ/উন্নীতকৰণৰ বাবে ভাৰত চৰকাৰ (জিঅ'আই) অনুদান হিচাপে বিত্তীয় সাহায্য প্ৰদান কৰি ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰৰ উৎপাদনশীলতা আৰু প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি কৰা।

ভাৰত চৰকাৰৰ সাহায্য ৩৬৪ কোটি টকাৰ সৈতে মুঠ ৫১৩.৪ কোটি টকা ব্যয় সাপেক্ষ ২৪টা প্ৰকল্প অনুমোদিত হৈছে আৰু ০১.০১.২০২২ ৰ পৰা ৩০.১১.২০২২ৰ ভিতৰত ৫টা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে। আঁচনিখনৰ অধীনত প্ৰকল্পসমূহৰ জিঅ' টেগিংৰ বাবে এনআইচিয়ে সমৰ্পিত ছফ্টৱেৰ বিকশিত কৰা হৈছে।

      1. পৰম্পৰাগত উদ্যোগসমূহ পুনৰুজ্জীৱিতকৰণ সম্পৰ্কীয় পুঁজি আঁচনি (এছ.এফ.ইউ.আৰ.টি.আই.)

আঁচনিখনে কাৰিকৰসকলৰ সমূহীয়া উৎপাদনী উদ্যোগ স্থাপনত সহায় কৰে, তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰে, তেওঁলোকৰ প্ৰমূল্য-সংযোজিত সামগ্ৰীসমূহৰ উৎপাদন বৃদ্ধি কৰে আৰু সামগ্ৰীসমূহৰ বজাৰত গ্ৰহণযোগ্যতা বৃদ্ধি কৰে। ২০২২ৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ভাৰত চৰকাৰৰ সহাযোগিতা মুঠ ১৮৬.২৬ কোটি টকাসহ  ৬৫টা ক্লাষ্টাৰ অনুমোদিত হৈছে, যাৰ ফলত ৩৬,২৫৮গৰাকী কাৰিকৰ প্ৰত্যক্ষভাৱে লাভান্বিত হৈছে। ২৬টা মুঠ ক্লাষ্টাৰৰ ভিতৰত২০২২ৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ১০২টা কাৰ্যক্ষম হৈ উঠিছে।

নতুন দিল্লীৰ আইএনএ দিল্লী হাটত ০১-১০-২০২২ৰ পৰা ১৫-১০-২০২২লৈ এছ.এফ.ইউ.আৰ.টি.আই. মেলাৰ আয়োজন কৰা হৈছিল, 'ত ৫০টা ক্লাষ্টাৰৰ প্ৰায় ১০০গৰাকী মাষ্টাৰ ক্ৰাফ্টমেন-য়ে বিপনী স্থাপন কৰিছিল

    1. ক্ৰয় তথা বিপণন সহযোগিতা
      1. ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ৰাজহুৱা ক্ৰয় নীতি

এম.এছ.এম.ই. মন্ত্ৰালয়ে ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ৰাজহুৱা ক্ৰয় নীতি (এম.এছ.ই.), নিৰ্দেশনা ২০১২ অধিসূচনা জাৰি কৰিছে, 'ত কেন্দ্ৰীয় মন্ত্ৰালয়/ বিভাগ/ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ (চি.পি.এছ.ই.) দ্বাৰা এম.এছ.ই.-ৰ পৰা ২৫% বাৰ্ষিক ক্ৰয় বাধ্যতামূলক কৰা হৈছে, যাৰ ভিতৰত অনুসূচিত জাতি/জনজাতিৰ মালিকানাধীন এম.এছ.ই.-ৰ পৰা ৪% আৰু মহিলা উদ্যোগীসকলৰ মালিকানাধীন এম.এছ.ই.-ৰ পৰা ৩%কো সামৰি লোৱা হৈছে৩৫৮টা সামগ্ৰী এমএছইসমূহৰ পৰা একচেটিয়া ভাবে ক্ৰয়ৰ বাবে সংৰক্ষিত কৰা হৈছে

      1. ক্ৰয় তথা বিপণন সহযোগিতা(পিএমএছ) আঁচনি

 

আঁচনিখনে নতুন বজাৰত প্ৰৱেশৰ প্ৰচেষ্টাক উত্সাহিত কৰাৰ লগতে এমএছএমই খণ্ডত সামগ্ৰী আৰু সেৱাৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰে।

এমএছএমই খণ্ডত সামগ্ৰী আৰু সেৱাৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ বাবে "মাইক্ৰ' এণ্টাৰপ্ৰাইজেছৰ দ্বাৰা ই-কমাৰ্চ প্লেটফৰ্ম আৰু বাৰ কোড গ্ৰহণ," ৰাষ্ট্ৰীয় কৰ্মশালা/চেমিনাৰ আদিৰ দৰে বিভিন্ন নতুন উপাদান প্ৰৱৰ্তন কৰি ২৬-০৭-২০২২ তাৰিখে পিএমএছ আঁচনিৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছিল। উচ্চাকাংক্ষী জিলাসমূহত এমএছএমইসমূহক সহায় আৰু হস্তান্তৰ কৰাৰ লক্ষ্যৰে, ২৪-১১-২০২২ তাৰিখে পশ্চিম বংগৰ বীৰভূম (এখন উচ্চাকাংক্ষী জিলা)ত এক ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।

২০২২ৰ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈকে সমগ্ৰ দেশৰ বাণিজ্য মেলা/প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে ৰাজসাহায্য প্ৰদান কৰি অনুসূচিত জাতি/অনুসূচিত জনজাতি মালিকানাধীন ২০৫টা প্ৰতিষ্ঠানকে ধৰি ৫,১০০ এমএছইক সহায় কৰা হৈছে।

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য  মেলা, ২০২২

এমএছএমই দপ্তৰৰ মন্ত্ৰীয়ে "ভোকেল ফৰ লোকেল, লোকেল টু গ্লোবেল"ক বিষয়বস্তু হিচাপে গ্ৰহণ কৰি ১৪ৰ পৰা ২৭নৱেম্বৰলৈকে ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যন (আইটিপিঅ')ৰ দ্বাৰা আয়োজিত ৪১ তম ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ), ২০২২-ত "এমএছএমই পেভিলিয়ন" উদ্বোধন কৰে। ২৪খন ৰাজ্য/ইউটিৰ পৰা অংশগ্ৰহণ কৰা মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজেছ (এমএছই)ক ২০৪ টা ষ্টল আৱণ্টন দিয়া হৈছিল। এম.এছ.এম.ই. পেভিলিয়নত মহিলাৰ মালিকানাধীন উদ্যোগবোৰৰ (৭৩%) সৰ্বাধিক অংশগ্ৰহণ আছিল। মুঠ আৱণ্টনৰ ভিতৰত, দিব্যাংগ উদ্যোগীসকলক ৭% আৱণ্টন দিয়া হৈছিল, অনুসূচিত জাতি (পুৰুষ) উদ্যোগীসকলক ১২% আৱণ্টন দিয়াৰ লগতে ৬% ই উচ্চাকাংক্ষী জিলাক প্ৰতিনিধিত্ব কৰিছিল।

      1. আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আঁচনি

এইখন আঁচনিয়ে উদ্যোগ সংস্থাসমূহক বিদেশত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ, ভাৰতত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিবলৈ আৰু পৰিশোধৰ ভিত্তিত 'প্ৰথমবাৰৰ বাবে ৰপ্তানী কৰোতা এমএছই গঢ়ি বাবে সামৰ্থ্য  বৰ্দ্ধন কৰে। আঁচনিখনৰ অধীনত, ০১-০১-২০২২ৰ পৰা ২৩-১২-২০২২ পৰ্যন্ত মুঠ ৪০ টা উদ্যোগ সংস্থা আৰু ১৪৪ টা এমএছএমই লাভান্বিত হৈছে।

    1. প্ৰযুক্তিত প্ৰৱেশ
      1. এমএছএমই চেম্পিয়ণসমূহ

এম.এছ.এম.ই. চেম্পিয়নআঁচনি তিনিটা উপাদানৰে প্ৰস্তুত কৰা হৈছে সেয়া হৈছে 'এম.এছ.এম.ই.-বহনক্ষম' (জেডইডি), 'এম.এছ.এম.ই.-প্ৰতিযোগিতামূলক' (লীন) আৰু 'এম.এছ.এম.ই.-অভিনৱ' (ইনকিউবেশ্যন, ডিজাইন, আই.পি.আৰ.)।

এমএছএমই অভিনৱ আঁচনিখন ১০.০৩.২০২২ তাৰিখে আৰম্ভ কৰা হৈছিল। ৬৩২ খন হোষ্ট ইনষ্টিটিউট (এইচ.আই.) অনুমোদিত,  এম.এছ.এম.ই. আইডিয়া হেকাথন, ২০২২-ত অনুমোদিত ২৫৭টা ধাৰণাৰ বাবে ২০.৫৭ কোটি টকা মোকলাই দিয়া হৈছে, আৰু এম.এছ.এম.ই. আইডিয়া হেকাথন ২.০ ০২-১০-২০২২ তাৰিখে 'ইনকিউবেচন' উপাদানৰ অধীনত মুকলি কৰা হৈছিল। আইআইএছচি, বাংগালোৰ, ৬খন আইআইটি, ১১খন এনআইটি আৰু ২৪টা পেছাদাৰী আৰ্হি/ছাত্ৰ প্ৰকল্পৰ সৈতে 'ডিজাইন' উপাদানৰ অধীনত বুজাবুজিচুক্তি স্বাক্ষৰিত হৈছে। ৭টা আইপি সুবিধা কেন্দ্ৰলৈ অনুমোদন জনোৱাৰ লগতে ১২৬টা পেটেন্ট আৰু ১,৩৮৭টা ট্ৰেডমাৰ্ক 'আইপিআৰ' উপাদানৰ অধীনত পৰিশোধ কৰা হৈছে।

এমএছএমই-বহনক্ষম (জেডইডি) প্ৰমাণপত্ৰ আঁচনিখন ২৮-০৪-২০২২ তাৰিখে আৰম্ভ কৰা হৈছিল। এই পৰ্যন্ত ২৩,০০০ৰো অধিক এমএছএমই-ৰ পঞ্জীয়ন কৰা হৈছে। ৮৩৪খন ব্ৰঞ্জ, ৩৫খন ৰূপ আৰু ২৯খন সোণৰ প্ৰমাণপত্ৰ এমএছএমইক প্ৰদান কৰা হৈছে। ১৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে তেওঁলোকৰ নিজ নিজ ঔদ্যোগিক নীতিত জেডইডি অন্তৰ্ভুক্ত কৰিছে আৰু জেডইডি প্ৰমাণিত এমএছএমইবোৰক অতিৰিক্ত ইনচেণ্টিভ আগবঢ়াইছে। ১৫টা বেঙ্কে জেডইডি প্ৰমাণিত এমএছএমইবোৰক প্ৰক্ৰিয়াকৰণ মাচুল আৰু সূদৰ হাৰত ৰেহাইৰ ৰূপত ইনচেণ্টিভ আগবঢো়ৱাৰ জাননী জাৰি কৰিছেক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ক্ৰেডিট গেৰাণ্টী আঁচনিৰ (চিজিটিএমএছই) অধীনত, জেডইডি প্ৰমাণিত এমএছএমইবোৰক গেৰাণ্টী মাচুলত ৮৫% আৰু ১০% অতিৰিক্ত ৰেহাইৰ বৰ্ধিত গেৰাণ্টীৰ সুবিধা আগবঢ়োৱা হৈছে।

  1.  

টুল ৰুমৰ নাম

উত্পাদিত উপাংশসমূহ

বৰ্তমানে আমদানীকৃত দেশ

গ্ৰাহক

ইণ্ডো ডানিছ টুল ৰুম(আইডিটিআৰ), জামছেদপুৰ

আৰ্গন গেছ ইনজেক্টৰ এছেম্ব্লী(ৰিভাৰ্ছ ইঞ্জিনীয়াৰিং ব্যৱস্থাৰে)

জাৰ্মানী

মেছাৰ্ছ টাটা ষ্টীল, জামছেদপুৰ কাৰখানা

 

এএল-৮০ ৰি-ফেক্টৰী হেণ্ডলিং জিগৰ বাবে ব্যৱহৃত মেনিপুলেটৰ

জাপান

মেছাৰ্ছ টিআৰএল ক্ৰোছাকি, জামছেদপুৰ

স্পীনাৰ এছেমব্লী

জাৰ্মানী

মেছাৰ্ছ মিনাৰেল টেক, জামছেদপূৰ

চেণ্ট্ৰেল টুল ৰুম আৰু প্ৰশিক্ষণ কেন্দ্ৰ(চিটিটিচি), কলকাটা

নিঅবিয়াম চেল(বৈজ্ঞানিক গৱেষণাত ব্যৱহৃত)

ইউকে

মেছাৰ্ছ ভেৰিয়েবল এনাৰ্জী চাইক্লট্ৰন চেণ্টাৰ(ভিইচিচি), আনৱিক শক্তি বিভাগ, ভাৰত চৰকাৰ

চেণ্ট্ৰেল ইনষ্টিটিউট অব হেণ্ড টুলছ(চিআইএইচটি),জলন্ধৰ

ইনজেকশ্যন মডিউল(খেল-সামগ্ৰী নিৰ্মাণত ব্যৱহৃত)

য়ুকি, চীন

মেছাৰ্ছ ব্ৰাইটৱে ফিটনেছ এলএলপি, জলন্ধৰ

চিটিটিচি, ভুৱনেশ্বৰ

মেটেল ৩ডি প্ৰিণ্টিং অব ৫০ মেচিন ডম এণ্ড কুলিং ব্লক

ফ্ৰান্স

মেছাৰ্ছ শ্লোক ছলিউশ্যন, আহমেদাবাদ

      1. প্ৰযুক্তিকেন্দ্ৰসমূহ

প্ৰযুক্তি কেন্দ্ৰসমূহে (টুল ৰুম আৰু কাৰিকৰী প্ৰতিষ্ঠান) দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰাৰ উপৰিও ফাউণ্ড্ৰী আৰু ফৰ্জিং, ইলেক্ট্ৰনিক্স, বৈদ্যুতিক মাপন সঁজুলি, সুবাস আৰু সোৱাদ, কাঁচ, ক্ৰীড়াসামগ্ৰী, আৰু জোতাৰ ডিজাইনিং আদি খণ্ডত প্ৰযুক্তি/সামগ্ৰীৰ সঁজুলি আৰু উন্নীতকৰণত প্ৰশিক্ষিত কৰ্মচাৰী, পৰামৰ্শ প্ৰদান কৰি আছে।

০১-০১-২০২২ ৰ পৰা ৩০-১১-২০২২লৈ ১৮টা টুল ৰুম আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ দ্বাৰা ২৯,৫৪০টা গোটলৈ সহযোগিতা আগবঢ়োৱা হৈছে। আত্মনিৰ্ভৰ ভাৰতক গতি প্ৰদান কৰাৰ বাবে তলত গ্ৰহণ কৰা মুখ্য আমদানি প্ৰতিস্থাপন সম্পৰ্কীয় পদক্ষেপবোৰ দিয়া হৈছে।

বিশ্ব বেংকৰ সহায়ত "প্ৰযুক্তি কেন্দ্ৰ প্ৰণালী কাৰ্যসূচী" (টিচিএছপি)ৰ অধীনত, সমগ্ৰ দেশতে ১৫টা নতুন প্ৰযুক্তি কেন্দ্ৰ (টিচি) স্থাপন কৰা হৈছে আৰু সম্প্ৰতি টিচিবোৰৰ আধুনিকীকৰণ চলাই থকা হৈছে। ভিৱাড়ি, ভাইজাগ, ভূপাল আৰু ৰোহতকত ইতিমধ্যে টিচি উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ ১২.০১.২০২২ তাৰিখে "ৰাষ্ট্ৰীয় যুৱ দিৱস" উপলক্ষে পুডুচেৰীত প্ৰযুক্তি কেন্দ্ৰ উদ্বোধন কৰে। এই টিচিবোৰে এমএছএমইসমূহক সহায় কৰা আৰু দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ কৰিছে।

প্ৰযুক্তি কেন্দ্ৰসমূহৰ নেটৱৰ্ক বৃদ্ধি কৰাৰ বাবে, আঁচনিখনৰ অধীনত, "নতুন প্ৰযুক্তি কেন্দ্ৰ/সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন", হাব এণ্ড স্পক মডেলৰ অধীনত সমগ্ৰ দেশত ২০টা প্ৰযুক্তি কেন্দ্ৰ (টিচি) আৰু ১০০টা সম্প্ৰসাৰণ কেন্দ্ৰ (ইচি) স্থাপন কৰা হৈছে,  যাতে এমএছএমইবোৰক প্ৰযুক্তি সম্পৰ্কীয় সহযোগিতা,  দক্ষতা,  ইনকিউবেচন আৰু পৰামৰ্শ আৰু নতুন এমএছএমই গঢ়াৰ দৰে বিভিন্ন সেৱা প্ৰদান কৰিব পৰা যায়। ২০২২ৰ জানুৱাৰীৰ পৰা ২০২২ৰ নৱেম্বৰলৈকে ১১১ এমএছএমইয়ে টিচিৰ প্ৰযুক্তি সেৱা লাভ কৰিছে।

    1. দক্ষতাবিকাশ

আঁচনিখনৰ অধীনত ৰূপায়িত 'উদ্যোগীৰ দক্ষতা বিকাশ কাৰ্যসূচী' (ইএছডিপি)য়ে ০১-০১-২০২২ৰ পৰা ২৩-১২-২০২২ পৰ্যন্ত ৯১,৯৩৮ গৰাকী লোকক  লাভান্বিত কৰি ১.২২২টা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল।

মন্ত্ৰালয়টোৰ অধীনত বিভিন্ন সংগঠনৰ জৰিয়তে ২,৬৮,০৭০গৰাকী ব্যক্তিলৈ দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে অৰ্থাৎ ২০২২ৰ জানুৱাৰীৰ পৰা ২০২২ৰ নৱেম্বৰলৈ টিচিএছপিৰ অধীনত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম (এনএছআইচি) লিমিটেড, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি), ৰাষ্ট্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান আৰু কয়ৰ বোৰ্ডৰ অধীনত স্থাপিত নতুন প্ৰযুক্তি কেন্দ্ৰসমূহে এই কাৰ্যক্ৰম ৰূপায়ণ কৰে।

'উদ্ভাৱন, গ্ৰামোদ্যোগ আৰু উদ্যোগৰ প্ৰচাৰ সম্পৰ্কীয় এক আঁচনি'(এছপায়াৰ)ৰ অধীনত জীৱিকা ব্যৱসায় ইনকিউবেটৰ (এলবিআই) আৰু ১৪টা ব্যৱসায় ইনকিউবেটৰৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত ১০,০৩১৭গৰাকী প্ৰশিক্ষাৰ্থী জানুৱাৰী, 2022 ৰ পৰা ছেপ্টেম্বৰ, 2022 লৈ কাৰ্যক্ষম হৈ উঠিছে।

    1. উত্তৰ-পূৰ্বাঞ্চলৰ অনুসূচিত জাতি-জনজাতিসকলৰ মাজত এমএছএমইৰ প্ৰসাৰ
      1. ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হা(এনএছএছএইচ)

এই আঁচনিৰ উদ্দেশ্য হৈছে অনুসূচিত জাতি/জনজাতিসমূহৰ মাজত উদ্যোগীকৰণৰ বাবে উত্সাহ প্ৰদান কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা ক্ৰয় নীতিত নিৰ্ধাৰিত চিপিএছইবোৰৰ দ্বাৰা ৮% ক্ৰয় আদেশ পূৰণ কৰা আৰু অনুসূচীত জাতি/জনজাতিৰ মাজত উদ্যোগৰ সংখ্যা বৃদ্ধি কৰা। ২০২২ৰ জানুৱাৰীৰ পৰা ২০২২ৰ নৱেম্বৰপৰ্যন্ত অনুসূচীত জাতি-জনজাতিৰ ১৭,৭৮২গৰাকী হিতাধিকাৰীক সহযোগিতা আগবঢ়োৱা হৈছে। অনুসূচিত জাতি/জনজাতি প্ৰধান এলেকাত (সিন্ধুদুৰ্গ, মণিপুৰ, থাঞ্জাভুৰ, নাগালেণ্ড, মিজোৰাম, আহমেদাবাদ) ছটা বৃহৎ অনুষ্ঠান/ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব কনক্লেভৰ আয়োজন কৰা হৈছিল। ৰাজহুৱা ক্ৰয় নীতিৰ আদেশ পূৰণৰ ক্ষেত্ৰত চিপিএছইসমূহৰ প্ৰচেষ্টা সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰা, স্বীকৃতি প্ৰদান কৰা আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৮-১১-২০২২ তাৰিখে চিপিএছই সন্মিলনৰ আয়োজন কৰা হৈছিল।

      1. উত্তৰ-পূৰ্বাঞ্চল আৰু ছিক্কিমত এমএছএমই-ৰ প্ৰসাৰ সাধনৰ প্ৰয়াস সম্পৰ্কীয় আঁচনি

আঁচনিখনত অন্তৰ্ভুক্ত থকা উপভাগসমূহ হৈছে- বৰ্তমানে থকা মিনি প্ৰযুক্তি কেন্দ্ৰসমূহত নতুন নিৰ্মাণ আৰু আধুনিকীকৰণ, নতুন আৰু বৰ্তমানে থকা ঔদ্যোগিক ভূমি-সম্পত্তিৰ উন্নয়ণ আৰু পৰ্যটন খণ্ডৰ বিকাশসাধন। আঁচনিখনৰ অধীনত, ২০২২ৰ জানুৱাৰীৰ পৰা ২০২২ৰনৱেম্বৰ পৰ্যন্ত ভাৰত চৰকাৰে আগবঢ়োৱা ২৮.১৯ কোটি টকাৰ অৰহণাৰ সৈতে ঔদ্যোগিক এষ্টেটৰ বিকাশৰ বাবে ৪টা প্ৰকল্প (মিজোৰামত ২টা, ত্ৰিপুৰা আৰু অসমত এটাকৈ)ৰ কাম সম্পূৰ্ণ হৈছে।  এমএছএমই দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ অধীনত আবেদনৰ অনলাইন দাখিল আৰু অনুমোদনৰ বাবে ১৪.০৯.২০২২ তাৰিখে https://ner-promotion.msme.gov.in/ শীৰ্ষক এটা নতুন পৰ্টেল মুকলি কৰিছিল।

 

    1. খাদী, গ্ৰামোদ্যোগ আৰু কয়ৰ উদ্যোগ খণ্ড
      1. খাদী আৰু গ্ৰামোদ্যোগ

কেভিআইচিয়ে খাদী বিকাশ যোজনা (কেভিওৱাই) আৰু গ্ৰমোদ্যোগ বিকাশ যোজনা (জিভিওৱাই)ৰ দুটা মুখ্য উপভাগৰ সৈতে "খাদী গ্ৰামোদ্যোগ বিকাশ যোজনা" ৰূপায়ণ কৰে। ২০২২ৰ জানুৱাৰীৰ পৰা ২০২২ৰ নৱেম্বৰলৈ এই উপভাগকেইটাৰ অধীনত লাভ কৰা সাফল্যসমূহ তলত উল্লেখ কৰা হল।

 

'সংশোধিত বিপণন উন্নয়ন সহযোগিতা' (এমএমডিএ)ৰ অধীনত বিতৰণ কৰা ১৮৬.৮৯ কোটি টকাৰ জৰিয়তে ১,১২৩টা খাদী প্ৰতিষ্ঠানলৈ (কেআই)সহযোগিতা আগবঢ়োৱা হৈছে, আৰু ইয়াৰ জৰিয়তে ১.৫১ কাৰিকৰ লাভান্বিত হৈছে।

'সূদ ৰাজসাহায্য যোগ্যতা প্ৰমাণপত্ৰ' (আইএছইচি) আঁচনিৰ অধীনত বিতৰণ কৰা ২৯.১৪ কোটি টকাৰ জৰিয়তে ১,০৪১টা খাদী উদ্যোগ লাভান্বিত হৈছে।

      1. কয়ৰ খণ্ড

মন্ত্ৰালয়়টোৰ অধীনৰ কয়ৰ বোৰ্ডে অন্যান্য বিষয়সমূহৰ লগতে দক্ষতা উন্নীতকৰণ আৰু মহিলা কয়ৰ যোজনা আঁচনি ৰূপায়ণ কৰে যাৰ জৰিয়তে ইডিপি-ৰ দৰে সজাগতা কাৰ্যসূচী, কৰ্মশালা আৰু চেমিনাৰ আদিৰ দৰে ৯৪ টা কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। ৪,৭৪৯গৰাকী কাৰিকৰক প্ৰশিক্ষণ দিয়া হৈছিল। ২০১৫-১৬, ২০১৬-১৭, ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ বাবে 'কয়ৰ উদ্যোগ বঁটা' ০৫-০৫-২০২২ তাৰিখে অনুষ্ঠিত "এণ্টাৰপ্ৰাইজ ইণ্ডিয়া নেশ্যনেল কয়ৰ কনক্লেভ এণ্ড প্ৰেজেণ্টেশ্যন অব কয়ৰ ইণ্ডাষ্ট্ৰী এৱাৰ্ড ফাংচন"ত প্ৰদান কৰা হৈছিল।

    1. ৰেম্প আঁচনি

এমএছএমই কৰ্মকুশলতাৰ উথ্থান আৰু ত্বৰান্বিতকৰণ কাৰ্যক্ৰম (ৰেম্প) আঁচনিৰ লক্ষ্য হৈছে কেন্দ্ৰ আৰু ৰাজ্যসমূহত প্ৰতিষ্ঠান আৰু শাসনব্যৱস্থা শক্তিশালী কৰা, কেন্দ্ৰ-ৰাজ্যৰ মাজৰ সংযোগব্যৱস্থা আৰু অংশীদাৰীত্ব উন্নত কৰা আৰু বজাৰ আৰু ঋণব্যৱস্থাত এমএছএমইৰ প্ৰৱেশৰ প্ৰক্ৰিয়া উন্নত কৰা, প্ৰযুক্তি উন্নীতকৰণ আৰু বিলম্বিত পৰিশোধ আৰু এমএছএমই-ৰ সেউজকৰণত দেখা দিয়া সমস্যাসমূহৰ সমাধান কৰা। ৰেম্প আঁচনিৰ অধীনত ২৫খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলে লেটাৰ অব আণ্ডাৰটেকিং (এলঅইউ.) কাৰ্যকৰীকৰণৰ জৰিয়তে তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে এক কৌশলগত বিনিয়োগ আঁচনি (এছ.আই.পি.) প্ৰস্তুত কৰাৰ দায়িত্ব লয়, যিয়ে ৰাজ্যখনত এমএছএমই খণ্ডৰ বিকাশৰ বাবে এক পথ-নিৰ্দেশনাৰ ৰূপত কাম কৰিব।

  1. এনএছআইচি তথা এমজিআইআৰআই
      1. ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম লিমিটেড (এনএছআইচি)

এনএছআইচি-য়ে বেঙ্ক গেৰাণ্টীৰ বিপৰীতে কেঁচামাল সহযোগিতা আঁচনিৰ অধীনত যোগানকাৰীসকলক কেঁচামাল সংগ্ৰহৰ বাবে ঋণ প্ৰদান কৰে। এনএছআইচি-য়ে নিবিদা বিপণন আঁচনিৰ অধীনত এমএছএমইসমূহক বিত্তীয় সাহায্য প্ৰদান কৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত (৩০.০৯.২০২২ তাৰিখলৈকে) ২,৩০০টাতকৈয়ো অধিক গোটক ২,৭৫৩.১৩ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছিল।

নিবিদা বিপণন আঁচনিৰ অধীনত, এনএছআইচি-য়ে নিবিদাত অংশগ্ৰহণৰ পৰা আৰম্ভ কৰি নিবিদা সম্পাদনলৈকে প্ৰতিটো পৰ্যায়ত এমএছইসমূহক সহযোগিতা আগবঢ়ায়, ২০২২-২৩ বিত্তীয় বৰ্ষত (৩০.০৯.২০২২ তাৰিখলৈকে), প্ৰতিষ্ঠানটোৱে ২৬১.১৫ কোটি টকা মূল্যৰ ২৬১খন নিবিদাত অংশগ্ৰহণ কৰিছে আৰু ৪.৪ কোটি টকাৰ নিবিদা কাৰ্যকৰী কৰিছে।

এনএছআইচি-য়ে এমএছএমই গ্লোবেল মাৰ্ট ৱেব পৰ্টেলৰ (www.msmemart.com) জৰিয়তে ই-বিপণন সেৱাৰ সুবিধা প্ৰদান কৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত (৩০.০৯.২০২২ তাৰিখলৈকে)৪,৭৪৩ গৰাকী সদস্যই নামভৰ্তি কৰাৰ লগতে ১.৯৪ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিছে।

 

 

      1. মহাত্মা গান্ধী গ্ৰাম্য ঔদ্যোগিকীকৰণ প্ৰতিষ্ঠান(এমজিআইআৰআই)

মহাত্মা গান্ধী গ্ৰাম্য ঔদ্যোগিকীকৰণ প্ৰতিষ্ঠান (এমজিআইআৰআই)য়ে ১৭টা অভিনৱ সামগ্ৰী/প্ৰক্ৰিয়া/যন্ত্ৰপাতি আদি বিকশিত কৰিছে আৰু ৫৪টা প্ৰশিক্ষণ কাৰ্যক্ৰম আয়োজন কৰিছে য'ত ২৫৬গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে।

এমএছএমই দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ০২-১০-২০২২ তাৰিখে মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে ৱাৰ্ধাত এমজিআইআৰআইৰ দ্বাৰা আয়োজিত "সেৱাগ্ৰাম ঔদ্যোগিক মহোৎসৱ" উদ্বোধন কৰে।

  1. হাত উজান দিয়া, ওজৰ-আপত্তিৰ মীমাংসা আৰু প্ৰচাৰ সম্পৰ্কীয় পদক্ষেপসমহ

প্ৰধানমন্ত্ৰীয়ে ১ জুন, ২০২০ তাৰিখে "চেম্পিয়নছ" শীৰ্ষক এটা অনলাইন পৰ্টেল মুকলি কৰে, য'ত অভিযোগ নিষ্পত্তি আৰু এমএছএমই হস্তান্তৰকে ধৰি ই-শাসনৰ বহুতো দিশ সামৰি লোৱা হৈছে। পৰ্টেলটোত এই পৰ্যন্ত ১২,০৩৫ টা প্ৰশ্ন/অভিযোগ উপলব্ধ হৈছে। ইয়াৰে ১১,৯১০গৰাকীৰ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে

মন্ত্ৰালয়টোৱে ৯খন ৰাজ্যৰ ৪৬খন উচ্চাকাংক্ষী জিলাত নুক্কাড় নাটকৰ আয়োজন কৰে। মন্ত্ৰালয়টোৰ আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ বাবেবহুতো সজাগতা ভিডিঅ' প্ৰস্তুত কৰা হৈছে।

টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, লিংকডইন আদিৰ দৰে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো মন্ত্ৰালয়ৰ সক্ৰিয় উপস্থিতি আছে। টুইটাৰত অনুসৰণকাৰীসকলৰ সংখ্যা ২০২১ চনৰ ৩.২৩ লাখৰ পৰা এতিয়া ৫.২৬ লাখতকৈও অধিক হৈছেহি। ফেচবুকত এই সংখ্যা ২০২১ চনৰ ১.১৪ লাখৰ পৰা ১.৬৫ লাখতকৈও অধিকলৈ উঠিছে।

 

  1. সন্মিলন /শীৰ্ষ সন্মিলন

এমএছএমই আঁচনিসমূহৰ উন্নত ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে, ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে,  এমএছএমইসমূহৰ সুবিধাৰ বাবে, ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় সাধনৰ বাবে এমএছএমই দপ্তৰৰ মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ১০-০৫-২০২২ তাৰিখে "এমএছএমই-উন্নয়ন প্ৰতিষ্ঠান, পৰীক্ষা কেন্দ্ৰ আৰু প্ৰযুক্তি কেন্দ্ৰসমূহৰ ৰাষ্ট্ৰীয় সন্মিলন" অনুষ্ঠিত কৰা হৈছিল।

'আন্তঃৰাষ্ট্ৰীয় সহযোগিতা' আঁচনিৰ অধীনত মন্ত্ৰালয়টোৱে নতুন দিল্লীত বহুকেইখন শীৰ্ষসন্মিলনৰ আয়োজন কৰিছিল।

***

MJPS/KB



(Release ID: 1887705) Visitor Counter : 233