মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষা-২০২২: মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়


মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ তিনিখন কৰ্মক্ষেত্ৰ- সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০, মিছন শক্তি আৰু মিছন বাৎসল্যত ব্যৱস্থাপনা কৰা হৈছে

অংগনৱাড়ী কাৰ্যকৰ্তাসকলক ১১.২২ লাখ স্মাৰ্ট ফোন দিয়া হৈছে; ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ দ্বাৰা ১২.৬৫ লাখ বৃদ্ধি নিৰীক্ষণ উপকৰণ ক্ৰয়

পোষণ ট্ৰেকাৰত ৯.৮৪ কোটি লাভাৰ্থীক অন্তৰ্ভুক্ত কৰা হৈছে; "পোষণ ট্ৰেকাৰ"ত পঞ্জীকৃত প্ৰায় ৮৫.৬৩% লাভাৰ্থীক সফলতাৰে আধাৰেৰে সংযুক্ত কৰা হৈছে

গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃসকলৰ বাবে প্ৰথমবাৰ ৰাজ্যৰ ভিতৰত আৰু বাহিৰত এটাৰ পৰা আনটো অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰৱাসৰ সুবিধা দিয়া হৈছে

৫ম ৰাষ্ট্ৰীয় পোষণ মাহ গাঁও পঞ্চায়তক সকলো গতিবিধিৰ কেন্দ্ৰত ৰাখি পালন কৰা হয়; দেশজুৰি বিভিন্ন বিষয়ৰ জৰিয়তে ১৫ কোটিৰ অধিক গতিবিধিৰ আয়োজন কৰা হয়

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ জৰিয়তে মুঠ ১২,২৪১ কোটি টকাৰ পৰিশোধসহ ২.৭৯ কোটি লাভাৰ্থী লাভৱান হয়

৩৬খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত ৭৩০টা ৱান ষ্টপ চেণ্টাৰ বা সখী কেন্দ্ৰৰ মাধ্যমত ৮৮ লাখৰ অধিক মহিলাক সহায় কৰা হয়

কিশোৰ ন্যায় মডেল সংশোধন নিয়ম, ২০২২ক ১ ছেপ্টেম্বৰ ২০২২ত অধিসূচিত কৰ

Posted On: 21 DEC 2022 2:28PM by PIB Guwahati

মহিলা আৰু শিশুৰ সবলীকৰণ আৰু সুৰক্ষা আৰু তেওঁলোকৰ সম্পূৰ্ণ বিকাশ সুনিশ্চিত কৰাটো দেশৰ দীৰ্ঘকালীন আৰু ন্যায়োচিত বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা নীতি আৰু কাৰ্যক্ৰমক সংযোজিত কৰি মহিলাসকলৰ সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণক উৎসাহিত কৰা, জেণ্ডাৰেৰে সম্পৃক্ত কামক মুখ্য ধাৰালৈ অনা, তেওঁলোকৰ অধিকাৰৰ বিষয়ত সজাগতা বিয়পোৱা আৰু তেওঁলোকক নিজৰ মানৱীয় অধিকাৰৰ অনুভৱ কৰাত সক্ষম কৰা তথা তেওঁলোকক নিজৰ সম্পূৰ্ণ ক্ষমতাৰ বিকাশ কৰিবলৈ সংস্থাগত আৰু বিধায়ী সহায়তা সুগম কৰিবলৈ কেইবাটাও উপায় কৰা হৈছে। এনেদৰেই, নীতি আৰু কাৰ্যক্ৰমৰ সংযোজনৰ মাধ্যমত শিশুৰ অধিকাৰৰ বিষয়ত সজাগতা বিয়পোৱা আৰু শিক্ষণ, পোষণ, সংস্থাগত আৰু বিধায়ী সহায়তালৈ গমন সুগম কৰি আমাৰ শিশুসকলৰ বাবে সুৰক্ষিত শৈশৱো সুনিশ্চিত কৰা হৈছে।

২০২২ চনত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ প্ৰধান পদক্ষেপ/প্ৰাপ্তি এনেধৰণৰ:

 

মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ তিনিটা কৰ্মক্ষেত্ৰত ব্যৱস্থাপনা কৰা হৈছে:

মন্ত্ৰালয়ৰ দ্বাৰা দেশজুৰি মহিলা আৰু শিশুৰ বাবে বলৱৎ কৰা সকলো যোজনাৰ নিৰীক্ষণ আৰু দক্ষতাপূৰ্ণ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ তাৰ তিনিটা কৰ্মক্ষেত্ৰ- (১) শিশু, কিশোৰী তথা গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মহিলাৰ বাবে পোষণ সহায়তা আৰু প্ৰাৰম্ভিক বাল্যাৱস্থা যতন আৰু শিক্ষাৰ বাবে- সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০; (২) মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ বাবে- মিছন শক্তি (৩) শিশুৰ সুৰক্ষা আৰু কল্যাণৰ বাবে- মিছন বাৎসল্য-ত ১৫তম বিত্ত আয়োগ চক্ৰত ক্ৰমশঃ ২০,৯৮৯ কোটি টকা, ১০,৯১৬ কোটি টকা আৰু ১,০২,০৩১ কোটি টকাৰ বৰ্ধিত ব্যয়েৰে ব্যৱস্থাপনা কৰা হৈছে।

মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ .০:

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ০১-০৮-২০২২ত মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ৰ বাবে যোজনা দিশনিৰ্দেশ জাৰি কৰে। ইয়াৰ লগে লগে একীকৃত পোষণ সহায়তা কাৰ্যক্ৰম- সক্ষম অংগনৱাড়ী আৰু পোষণ (২.০), নিয়ম, ২০২২ দিনাংক ১২-০৯-২০২২ত অধিসূচিত কৰা হয় আৰু দিনাংক ০৬-১০-২০২২ত নিয়ম প্ৰকাশিত কৰা হয়। সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ৰ জৰিয়তে আকাংক্ষী জিলাসমূহত উন্নত পোষণ আৰু শিক্ষা প্ৰদান কৰিবলৈ বছৰি ৪০,০০০টা অংগনৱাড়ী কেন্দ্ৰৰ হিচাপত ২ লাখ অংগনৱাড়ী কেন্দ্ৰ মজবুত, উন্নত আৰু নবীকৰণ কৰা হ'ব। বিত্ত বৰ্ষ ২০২২-২৩ত আকাংক্ষী জিলাসমূহত সকলো ৪০,০০০টা সক্ষম অংগনৱাড়ী চিনাক্ত কৰা হয়।

এতিয়ালৈকে অংগনৱাড়ী কাৰ্যকৰ্তাসকলক ১১.২২ লাখ স্মাৰ্ট ফোন প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও শিশুৰ বিকাশৰ নিয়মিত নিৰীক্ষণক উৎসাহিত কৰিবলৈ ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ দ্বাৰা ইনফেণ্টোমিটাৰ, ষ্টেডোমিটাৰ, মাতৃ আৰু শিশুৰ ওজন জোখাৰ স্কেল, শিশুৰ ওজন জোখাৰ স্কেলৰ দৰে ১২.৬৫ লাখ বৃদ্ধি নিৰীক্ষণ উপকৰণ ক্ৰয় কৰা হয়।

 

পোষণ ট্ৰেকাৰ:

মহিলা আৰু শিশুৰ পোষণৰ স্থিতিক উৎসাহিত কৰিবলৈ স্বাস্থ্য, পুষ্টি আৰু প্ৰতিৰোধক উৎসাহিত কৰা এক পাৰদৰ্শী আৰু সক্ষম বাতাবৰণ প্ৰস্তুত কৰি থকা হৈছে। পূৰক পোষণৰ ৰিয়েল টাইম নিৰীক্ষণ সুনিশ্চিত কৰিবলৈ আৰু সেৱাৰ তাৎক্ষণিক পৰ্যবেক্ষণ আৰু প্ৰবন্ধনৰ হেতু তথ্য প্ৰদান কৰিবলৈ নতুন প্ৰযুক্তিৰে পোষণ ট্ৰেকাৰ প্ৰয়োগ বনোৱা হৈছে। ৩১-১০-২০২২লৈকে প্ৰায় ৯.০৪ কোটি লাভাৰ্থীক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। লাষ্ট মাইল ট্ৰেকিং আৰু সেৱা প্ৰদান সুনিশ্চিত কৰিবলৈ লাভাৰ্থীক 'আধাৰ'ৰ সৈতে সংযুক্ত কৰি থকা হৈছে। এতিয়ালৈকে পোষণ ট্ৰেকাৰত পঞ্জীকৃত প্ৰায় ৮৫.৬৩% লাভাৰ্থীক সফলতাৰে 'আধাৰ'ৰ সৈতে সংযুক্ত কৰা হৈছে। প্ৰথমবাৰ, পোষণ ট্ৰেকাৰৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃসকলৰ বাবে এখন ৰাজ্যৰ ভিতৰত আৰু বাহিৰত এটা অংগনৱাড়ী কেন্দ্ৰৰ পৰা আন এটাত প্ৰবাসৰ সুবিধা প্ৰদান কৰা হৈছে। লাভাৰ্থীৰ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীত প্ৰবাসৰ সুবিধাও উপলব্ধ।

 

পোষণ পষেক (২১ মাৰ্চ- এপ্ৰিল ২০২২):

পোষণ অভিযানৰ বাবে পোষণ কেন্দ্ৰিক জন আন্দোলন সুনিশ্চিত কৰিবলৈ ব্যাপক সংকল্পবদ্ধতা সুনিশ্চিত কৰিবলৈ ২১ মাৰ্চৰ পৰা ৪ এপ্ৰিল ২০২২লৈকে পোষণ পষেক আয়োজিত কৰা হয়। ই অংগনৱাড়ী কেন্দ্ৰত ৬ বছৰলৈকে বয়সৰ শিশুৰ উচ্চতা আৰু ওজনৰ জোখসহ বিশেষকৈ জনজাতীয় অঞ্চলত জেণ্ডাৰৰ দৃষ্টিৰ পৰা সংবেদনশীল জল প্ৰবন্ধন, এনিমিয়া আৰু স্বাস্থ্যৱান মাতৃ আৰু শিশুৰ বাবে পৰম্পৰাগত ভোজন সম্পৰ্কীয় গতিবিধিৰ ওপৰত কেন্দ্ৰীভূত আছিল। ইয়াক জল শক্তি মন্ত্ৰালয় আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে লগ হৈ ৰূপায়ণ কৰা হয়।

পোষণ পষেক ২০২২ৰ সময়ছোৱাত সকলো সংশ্লিষ্ট হিতধাৰকৰ অত্যাধিক অংশগ্ৰহণৰ পৰিণতিত বিভিন্ন বিষয়ৰ জৰিয়তে প্ৰায় ৩ কোটি গতিবিধি সঞ্চালিত কৰা হয়। ইয়াৰ পিছত স্তনপান, স্বচ্ছতা, পানী আৰু স্বচ্ছতা, পূৰক আহাৰ, প্ৰথম ১০০০ দিন, ইচিচিই, হাত ধোৱা আৰু স্বচ্ছতা, প্ৰসৱপূৰ্ব পৰীক্ষা, আঞ্চলিক পোষণ কিট বিতৰণৰ জৰিয়তে মোটা শস্যৰে খাদ্য ৰন্ধনৰ প্ৰদৰ্শনৰ দৰে গতিবিধিৰ আয়োজন কৰা হয়। য'ত প্ৰায় ৪০ লাখ লোকে ভাগ লয়।

 

ৰাষ্ট্ৰীয় পোষণ মাহ (ছেপ্টেম্বৰ ২০২২):

৫ম ৰাষ্ট্ৰীয় পোষণ মাহ গাঁও পঞ্চায়তক সকলো গতিবিধিৰ কেন্দ্ৰত ৰাখি ছেপ্টেম্বৰ, ২০২২ত পালন কৰা হয়। পোষণ মাহ ২০২২ৰ ব্যাপক বিষয়ৰ ভিতৰত- মহিলা আৰু স্বাস্থ্য, শিশু আৰু শিক্ষা, জেণ্ডাৰৰ দৃষ্টিৰে সংবেদনশীল জল প্ৰবন্ধন তথা মহিলা আৰু শিশুৰ বাবে পৰম্পৰাগত ভোজন অন্তৰ্ভুক্ত আছে। জেণ্ডাৰৰ দৃষ্টিৰে সংবেদনশীল জল প্ৰবন্ধন আৰু সংৰক্ষণৰ বিষয়ৰ অধীনত কৰ্মশালা, ছেমিনাৰ আৰু বৰষুণৰ পানী সংৰক্ষণৰ আন্তঃগাঁথনি স্থাপনৰ বাবে অংগনৱাড়ী কেন্দ্ৰ চিনাক্ত কৰাৰ অভিযানৰ মাধ্যমত প্ৰায় ৪৩ লাখ গতিবিধিৰ আয়োজন কৰা হয়। পোষণ মাহৰ সময়ছোৱাত দেশজুৰি বিভিন্ন বিষয়ৰ জৰিয়তে মুঠ ১৫ কোটিৰ অধিক গতিবিধিৰ আয়োজন কৰা হয়।

ইয়াৰ প্ৰধান আকৰ্ষণ আছিল-

  • শিশু আৰু সৰু ল'ৰা-ছোৱালীৰ আহাৰৰ অপৰ্য্যাপ্ত আৰু অনুচিত প্ৰথা, গৰ্ভাৱস্থাত আৰু কিশোৰাৱস্থাত পোষণ আৰু যতনৰ গুৰুত্ব তথা কু পোষণৰ প্ৰজন্মৰ পাছত প্ৰজন্মৰ চক্ৰ ভাঙিবলৈ ভাল স্বাস্থ্য প্ৰথাৰ বিষয়ে সজাগতা অনাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আমোল পৰিৱৰ্তনক উৎসাহিত কৰিবলৈ 'জন আন্দোলন'ৰ জৰিয়তে ব্যৱহাৰত পৰিৱৰ্তন অনাৰ ৰণনীতি।
  • মাননীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীৰ অধ্যক্ষতাত দিল্লীত ৩০ ছেপ্টেম্বৰৰ ২০২২ত ডঃ আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰ, নতুন দিল্লীত প্ৰাৰম্ভিক বাল্যকালৰ বিকাশক উৎসাহিত কৰিবলৈ স্বদেশী খেলনাৰ ওপৰত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হয়। অংগনৱাড়ী কাৰ্যকৰ্তাসকল/সহায়িকালৈকে সকলো আইচিডিএছ পদাধিকাৰীৰ লাভৰ বাবে কৰ্মশালা/সন্মিলনৰ ইউটিউবত পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
  • কৰ্তব্যপথ, নতুন দিল্লীত ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ ২০২২লৈকে পোষণ উৎসৱৰ আয়োজনৰ লগতে পোষণ মাহৰ সমাপন হয়। এই উৎসৱ পোষণৰ থিমৰ ওপৰত কেন্দ্ৰিত পোষণ পেৰেড, স্বাস্থ্যসন্মত ভোজনৰ ষ্টল, স্বাস্থ্য পৰীক্ষাৰ ষ্টল, সাংস্কৃতিক প্ৰস্তুতিৰ লগতে মেলাৰ ৰূপত আয়োজিত কৰা হয়। বৃহৎ হাৰত শিশু আৰু আগন্তুকসকলক আকৰ্ষিত কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে এআৰ ফটো-অপৰো ব্যৱস্থা কৰা হয়।

 

মিছন শক্তি:

মিছন শক্তিত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা তথা মহিলাৰ সবলীকৰণৰ বাবে ক্ৰমশঃ দুটা উপ যোজনা 'সম্বল' আৰু 'সামৰ্থ্য' অন্তৰ্ভুক্ত আছে। ৱান ষ্টপ চেণ্টাৰ (অ'এছচি), মহিলা হেল্পলাইন (১৮১-ডব্লিউ এইচ এল) আৰু বেটী বচাও বেটী পঢ়াও (বিবিবিপি)ৰ বৰ্তমানৰ যোজনাক 'সম্বল' উপ যোজনাৰ অংশ বনোৱা হৈছে আৰু নাৰী আদালত নামৰ এক নতুন ঘটক আৰম্ভ কৰা হৈছে; ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই), উজ্জ্বলা আৰু স্বাধাৰ গৃহ (শক্তি সদন), কামকাজী মহিলা ছাত্ৰাবাস (সখী নিৱাস), জেণ্ডাৰ বাজেটিং আৰু ৰাষ্ট্ৰীয় ক্ৰেচ যোজনাৰ বৰ্তমানৰ যোজনাৰ লগতে ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা স্তৰত মহিলাৰ সবলীকৰণ কেন্দ্ৰৰ নতুন ঘটক 'সামৰ্থ্য'ত সমাহিত কৰা হয়। মিছন শক্তিৰ বাবে যোজনা দিশনিৰ্দেশ ১৪ জুলাই ২০২২ত জাৰি কৰা হয়।

 

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই):

এই যোজনাত গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃ (পিডব্লিউ আৰু এলএম)ক গৰ্ভাৱস্থা আৰু স্তনপানৰ সময়ত ৫,০০০ টকাৰ নগদ উদগণি ধনৰাশি দুটা কিস্তিত তেওঁলোকৰ বেংক/ডাকঘৰ একাউণ্টত ডিবিটি মোডত পোনপটীয়াকৈ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হয়। ইয়াৰ অতিৰিক্ত দ্বিতীয় শিশুক কভাৰ কৰিবলৈ এই যোজনাৰ বিস্তাৰ কৰি ৬,০০০ টকাৰ ধনৰাশি মাতৃত্ব লাভ প্ৰদান কৰা হয়, কিন্তু এই লাভ দ্বিতীয় শিশু বালিকা হ'লেহে প্ৰদান কৰা হ'ব। এনে পূৰ্ব জন্ম লিংগ চয়নক নিৰুৎসাহিত কৰিবলৈ কৰা হৈছে। ই দৰমহা সাহায্য আৰু স্বাস্থ্যসন্মত আচৰণক উৎসাহিত কৰাৰ মাধ্যমত মহিলা সবলীকৰণৰ এটা উপায়। এই যোজনাৰ জৰিয়তে ৩০-১১-২০২২লৈকে মুঠ ১২,২৪১ কোটি টকাৰ পৰিশোধসহ ২.৭৯ কোটি লাভাৰ্থী লাভৱান হৈছে।

 

বেটী বচাও বেটী পঢ়াও:

এই যোজনা বহু-ক্ষেত্ৰীয় হস্তক্ষেপৰ মাধ্যমত দেশৰ সকলো জিলাত বলৱৎ কৰি থকা হৈছে। এই যোজনাই বালিকাসকলক গুৰুত্ব দিয়া সন্দৰ্ভত ৰাষ্ট্ৰৰ মানসিকতাত পৰিৱৰ্তন অনাৰ দিশত সামূহিক চেতনা জাগ্ৰত কৰিছে। ই ৰাষ্ট্ৰীয় স্তৰত জন্মৰ সময়ত লিংগানুপাত (এছআৰবি)ত ১৬টা অংকলৈকে সংশোধনৰ দ্বাৰা পৰিলক্ষিত হয়, যি ২০১৪-১৫ত ৯১৮ৰ পৰা উন্নত হৈ ২০২১-২২ত ৯৩৪ হয়গৈ (এমএইচ এণ্ড এফডব্লিউৰ এইচআইএমএছ)।

 

ছোৱালীৰ বাবে -পৰম্পৰাগত জীৱিকাত দক্ষতাৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলন "কন্যা হওক দক্ষ"

মন্ত্ৰালয়ে কৌশল বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় (এমএছডিই) আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে লগ হৈ ১১ অক্টোবৰ ২০২২ত আন্তঃৰাষ্ট্ৰীয় বালিকা দিৱস উপলক্ষে কিশোৰী ছোৱালীৰ বাবে অ-পৰম্পৰাগত জীৱিকা (এনটিএল)ৰ ওপৰত এক আন্তঃ মন্ত্ৰালয় সন্মিলনৰ আয়োজন কৰে। সন্মিলনত মন্ত্ৰালয় আৰু বিভাগসমূহৰ মাজত একীকৰণৰ ওপৰত জোৰ দিয়া হয়, যাতে এই কথা সুনিশ্চিত কৰিব পৰা যায় যে ছোৱালীয়ে নিজৰ দক্ষতা নিৰ্মাণৰ সমান্তৰালকৈ বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিত (এছটিইএম)সহ বিভিন্ন ব্যৱসায়ত জড়িত কৰ্মশক্তিত প্ৰৱেশ কৰে য'ত ঐতিহাসিক ৰূপত ছোৱালীৰ প্ৰতিনিধিত্ব কম। এই কাৰ্যক্ৰমত যুৱতী ছোৱালীৰ কৰ্মশক্তিৰ ক্ষেত্ৰত বৰ্ধিত সন্মান আৰু শক্তিশালী অংশগ্ৰহণৰ বাবে কৌশল বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয়। এই উপলক্ষে মিছন শক্তিৰ দিশনিৰ্দেশ অনুসৰি কৰা পৰিৱৰ্তনৰ পৰিণাম স্বৰূপে যোজনাৰ ৰূপায়ণৰ বাবে ৰাজ্য/জিলাসমূহৰ মাৰ্গদৰ্শনৰ বাবে বেটী বচাও বেটী পঢ়াও পৰিচালন মেনুৱেলো লঞ্চ কৰা হয়।

 

ৱান ষ্টপ চেণ্টাৰ:

হিংসাৰে প্ৰভাৱিত আৰু অভাৱী মহিলাৰ বাবে এখন ছাদৰ তলত বিবিধ একীকৃত সেৱা প্ৰদান কৰি থকা হৈছে, য'ত ৩৬খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত ৭৩০টা ৱান ষ্টপ চেণ্টাৰ বা সখী কেন্দ্ৰৰ মাধ্যমত পুলিচ, চিকিৎসা আৰু আইনী সাহায্য আৰু পৰামৰ্শ আৰু মনোবৈজ্ঞানিক-সামাজিক পৰামৰ্শৰ সুবিধা অন্তৰ্ভুক্ত আছে। লগতে, ট'ল-ফ্ৰি মহিলা হেল্পলাইন (১৮১)ৰ মাধ্যমত জৰুৰীকালীন/অ জৰুৰীকালীন সাহায্য প্ৰদান কৰা হয়। ৩০-০৯-২০২২লৈকে ৮৮ লাখৰো অধিক মহিলাক সাহায্য প্ৰদান কৰা হৈছে।

 

নিৰ্ভয়া ফাণ্ড:

অধিকাৰীসকলৰ অধিকাৰ প্ৰাপ্ত সমিতি (ইচি)ৰ এখন বৈঠক ১৭-১০-২০২২ত আয়োজন কৰা হয়। ইচিয়ে এই বৈঠকত পূৰ্ব স্বীকৃত ৩৫টা পৰিকল্পনা/যোজনাৰ ৰূপায়ণৰ স্থিতিৰ সমীক্ষা কৰাৰ উপৰিও নিৰ্ভয়া ফাণ্ডৰ জৰিয়তে বিত্তীয় সাহায্যৰ বাবে আৰু ৩টা পৰিকল্পনাৰ মূল্যাংকন কৰে। এই পৰিকল্পনাত আছে (১) ভাণ্ডাৰণ বক্স স্থাপন আৰু (২) ১৬খন মহিলা বজাৰত চিচিটিভি কেমেৰা স্থাপন (মণিপুৰ চৰকাৰ); (৩) চেণ্ট্ৰেল কমাণ্ড কণ্ট্ৰোল চেণ্টাৰৰ নিৰীক্ষণসহ টিএছআৰটিচিৰ বাছত এমঅ'এছ বুটামসহ বাহন ট্ৰেচিং ডিভাইচ স্থাপন (তেলেংগনা চৰকাৰ)।

 

মিছন বাৎসল্য:

'মিছন বাৎসল্য'ৰ বাবে যোজনা দিশনিৰ্দেশ ০৫ জুলাই ২০২২ত জাৰি কৰা হয়।

 

কিশোৰ ন্যায় সংশোধন অধিনিয়ম: কিশোৰ ন্যায় মডেল সংশোধন নিয়ম, ২০২২ক ১ ছেপ্টেম্বৰ ২০২২ত অধিসূচিত কৰা হয় আৰু দত্তক গ্ৰহণ নিয়ম, ২০২২ক ২৩ ছেপ্টেম্বৰ ২০২২ত অধিসূচিত কৰা হয়। জিলা স্তৰত ডিএমক বাল সুৰক্ষা, অধিকাৰিতা আৰু সুৰক্ষা সম্পৰ্কীয় তথা তুলি লোৱাৰ আদেশ জাৰি কৰাকে ধৰি সকলো বিষয়ৰ বাবে এতিয়া নোডেল প্ৰাধিকৰণ বনোৱা হৈছে। জেজে অধিনিয়ম আৰু নিয়ম আৰু দত্তক গ্ৰহণ নিয়মত সংশোধন সন্দৰ্ভত ২০-৩০ ছেপ্টেম্বৰ, ২০২২লৈকে সকলো ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ ডিএম/এডিএম, চিডব্লিউচি আৰু ডিচিপিইউৰ বাবে আভাসী ৰূপত আঞ্চলিক পৰামৰ্শ আয়োজিত কৰা হয়।

 

কোভিড-১৯ৰ বাবে সংকটাপন্ন শিশুৰ বাবে পিএম কেয়াৰ্ছ ফাণ্ড-পিএম কেয়াৰ ফৰ চিলড্ৰেনছ স্কিম: যিসকল শিশুৱে কোভিড-১৯ মহামাৰীৰ কাৰণে নিজৰ মাতা-পিতা উভয়কে, একক জীৱিত অভিভাৱক, আইনী অভিভাৱক বা দত্তক মাতা-পিতাক হেৰুৱালে, তেওঁলোকৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে' ২০২১ত পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেনছ যোজনা লঞ্চ কৰে। মুঠ ৪৩৪৫টা শিশুক এই যোজনাৰ জৰিয়তে পাত্ৰ পোৱা হয়।

 

৩০ মে', ২০২২ত প্ৰধানমন্ত্ৰীয়ে যোজনাৰ অধীনলৈ অহা শিশুক লাভ আৰু সেৱা প্ৰদান কৰে। তেওঁ এই যোজনাৰ জৰিয়তে আহিবলগা শিশু আৰু সকলো হিতধাৰকক ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত সম্বোধন কৰে। এই কাৰ্যক্ৰম সকলো ৩১খন ৰাজ্যৰ ৰাজধানী আৰু ৫৫৭খন জিলাত আয়োজন কৰা হয় য'ত যোজনাৰ জৰিয়তে আহিবলগা শিশু থাকে।

শিশুৱে নিজৰ অভিভাৱক/যতন লওঁতা আৰু নিজৰ জিলাৰ সংশ্লিষ্ট জিলা মেজিষ্ট্ৰেটৰ সৈতে নিজৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হয়। প্ৰধানমন্ত্ৰীয়ে শ্ৰেণী ১ৰ পৰা ১২শলৈকে পঢ়া সকলো শিশুৰ বাবে ২০,০০০ টকাৰ ছাত্ৰবৃত্তিৰ ৰিয়েল টাইম ডিজিটেল অন্তৰণ আৰম্ভ কৰে। কাৰ্যক্ৰমৰ সময়ত শিশুক মাননীয় প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত পত্ৰ; স্নেহপত্ৰ (পিএম কেয়াৰ চাৰ্টিফিকেট); পিএম কেয়াৰ্ছ ফৰ চিলড্ৰেনছ স্কিমৰ পাছবুক আৰু আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই) কাৰ্ড দিয়া হয়।

 

ঘৰ-' হোম এণ্ড ৰি-ইউনাইটৰ শুভাৰম্ভ (শিশুৰ পুনৰ্বাসন আৰু গৃহ-প্ৰত্যাৱৰ্তনৰ বাবে পৰ্টেল)

বিশ্ব বাল দিৱস ২০ নৱেম্বৰ ২০২২ উপলক্ষে বিজ্ঞান ভৱনত সেই শিশুসকলক পুনৰ মিলাবলৈ এছঅ'পি লঞ্চ কৰিবৰ বাবে এখন সন্মিলনৰ আয়োজন কৰা হয়, যাৰ কোনো আন জিলা, ৰাজ্য বা দেশত বাল যতন সংস্থানত থকাৰ বিষয়ে জনা গৈছে। এই সন্মিলনত সকলো ৰাজ্য চৰকাৰৰ বিষয়া, ৰাজ্য আয়োগ, দেশজুৰি সকলো জিলাৰ সকলো শিশু সংৰক্ষণ সমিতি; জিলা শিশু সংৰক্ষণ গোটৰ অধ্যক্ষ আৰু সদস্যসকল; কিশোৰ ন্যায় ব'ৰ্ডৰ অধ্যক্ষ আৰু সদস্য আদিয়ে ভাগ লয়। 'শিশুৰ পুনৰ্বাসন আৰু গৃহ-প্ৰত্যাৱৰ্তনৰ বাবে প্ৰটোকল' নামৰ উপৰোক্ত এছঅ'পি কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীৰ দ্বাৰা লঞ্চ কৰা হয়। শিশুৰ ডিজিটেল ট্ৰেকিং আৰু নিৰীক্ষণ সুনিশ্চিত কৰা প্ৰটোকল সঞ্চালিত কৰিবলৈ ঘৰ (গ' হোম এণ্ড ৰি-ইউনাইট) নামৰ এটা ৱেব পৰ্টেলো সেইদিনাই লঞ্চ কৰা হৈছিল। এই কাৰ্যক্ৰমত শিশু কল্যাণ সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলৰ বাবে প্ৰশিক্ষণ মডিউলো অন্তৰ্ভুক্ত আছিল।

 

অন্য গতিবিধি

'আজাদী কা অমৃত মহোৎসৱ': শিশুৰ বিচাৰ, অধিকাৰ আৰু পোষণ:

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ১ৰ পৰা ৮ মাৰ্চ ২০২২লৈকে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস-সপ্তাহক 'আজাদী কা অমৃত মহোৎসৱ'ৰ অধীনত 'প্ৰতিষ্ঠিত সপ্তাহ' হিচাপে পালন কৰে। সপ্তাহজুৰি চলা সমাৰোহৰ অধীনত মন্ত্ৰালয়ে মহিলা সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিবিধ কাৰ্যক্ৰম আৰু ছচিয়েল মিডিয়া অভিযানৰ আয়োজন কৰে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু বিশেষজ্ঞৰ পৰামৰ্শ ক্ৰমে কাৰ্যক্ৰমৰ আয়োজন কৰা হয়, য'ত মহিলা আৰু শিশুৰ সক্ৰিয় অংশগ্ৰহণৰ সমান্তৰালকৈ তেওঁলোকৰ সুৰক্ষা আৰু সবলীকৰণৰ বাবে কাম কৰা প্ৰত্যক্ষভাৱে কাম কৰা কৰ্মীসকলৰো অংশগ্ৰহণ থাকে।

সপ্তাহৰ সময়ছোৱাত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে এনচিপিচিআৰৰ নতুন আদৰ্শ বাক্য "ভৱিষ্য ৰক্ষতি ৰক্ষতিঃ" লঞ্চ কৰে। মন্ত্ৰালয়ে ৱান ষ্টপ চেণ্টাৰৰ কৰ্মচাৰী আৰু পৰামৰ্শদাতাসকলৰ বাবে মনোবৈজ্ঞানিক সামাজিক প্ৰশিক্ষণৰ বাবে নিমহান্স বেংগালুৰুৰ সহযোগত "স্ত্ৰী মনোৰক্ষা পৰিকপ্লনা"ও আৰম্ভ কৰে। শিশুৰ অধিকাৰ সম্পৰ্কীয় সমসাময়িক বিষয়ৰ ওপৰত ৰাজ্য শিশু অধিকাৰ সংৰক্ষণ আয়োগ (এছচিপিচিআৰ)ৰ সৈতে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হয়। সপ্তাহৰ সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস (০৮ মাৰ্চ ২০২২) উপলক্ষে, শিক্ষা মন্ত্ৰালয় আৰু ইউনিচেফ ইণ্ডিয়াৰ সহযোগত 'কন্যা শিক্ষা প্ৰৱেশ উৎসৱ' নামৰ এটা অভিযান আৰম্ভ কৰা হয় যাতে জৰুৰীকালীন এছএজি যোজনা (১১-১৪ বছৰ)ৰ কিশোৰীক আনুষ্ঠানিক শিক্ষা আৰু/বা দক্ষতা প্ৰণালীলৈ ওভতাই আনিব পাৰি। মাননীয় ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱন নতুন দিল্লীত আয়োজিত এক বিশেষ সমাৰোহত মহিলা সবলীকৰণৰ দিশত উৎকৃষ্ট আৰু অসাধাৰণ প্ৰাপ্তি আহৰণ কৰা ২৯গৰাকী উৎকৃষ্ট মহিলাক নাৰী শক্তি পুৰস্কাৰ-২০২০ আৰু ২০২১ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত মহিলাসকলৰ সৈতে বাৰ্তালাপো কৰে।

 

চিপিজিআৰএএমএছ সংস্কৰণ .০ৰ ৰূপায়ণ

চিপিজিআৰএএমএছ সংস্কৰণ ৭.০ক মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ত জুলাই, ২০২২ৰ পৰা সফলতাৰে বলৱৎ আৰু পৰিচালিত কৰা হয়।

 

***

NB/PFK



(Release ID: 1887696) Visitor Counter : 235