খনি মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষা- ২০২২ : খনি মন্ত্ৰালয়


খনি খণ্ডক অধিক উদ্গনি প্ৰদান কৰিবলৈ আইন আৰু নিয়ম সংশোধন কৰা হৈছে

৬২২ খন জিলাত জিলা খনিজ ন্যাস গঠন কৰা হৈছে; ২০২২ৰ অক্টোবৰলৈকে ৭১১২৮.৭১ কোটি টকা সংগ্ৰহ কৰা হৈছে, যাৰদ্বাৰা বৃহৎ সংখ্যক লোকক উপকৃত হৈছে

খনিজ বিদেশ ইণ্ডিয়া লিমিটেডে (কাবিল) কৌশলগত খনিজ পদাৰ্থৰ বহিঃৰাজ্যত অধিগ্ৰহণৰ বাবে প্ৰচেষ্টা বৃদ্ধি কৰিছে

খনিজ অন্বেষণৰ বাবে একেধৰণৰ বায়ু-ভূ-ভৌতিক তথ্য আহৰণ কৰিবলৈ জিএছআইৰ দ্বাৰা ৰাষ্ট্ৰীয় বায়ু-ভূ-ভৌতিক মেপিং সম্পন্ন কৰিছে

২০২১-২২ বিত্তীয় বৰ্ষত এইচচিএলে ১,৮১২ কোটি টকাৰ সৰ্বোচ্চ লেনদেন সম্পন্ন কৰাৰ লগতে ৩.৫৭ মিলিয়ন টন আকৰ উৎপাদন কৰিছে

২০২১-২২ বিত্তীয় বৰ্ষত নালকোৱে ২,৯৫২ কোটি টকাৰ সৰ্বোচ্চ প্ৰকৃত লাভ অৰ্জন কৰাৰ লগতে ৬,৩৬৪ কোটি টকাৰ ৰপ্তানি আয় কৰিছে

Posted On: 26 DEC 2022 5:57PM by PIB Guwahati

খনন কাৰ্যকলাপৰ অধিক ত্বৰান্বিত আৰু ব্যৱসায় কৰাত সহজতা আনিবলৈ আইন আৰু নিয়মৰ সংশোধনৰ পথ প্ৰশস্ত কৰা ধাৰাবাহিক নীতিগত পদক্ষেপে ২০২২ চনৰ ভিতৰত ভাৰতৰ খনন খণ্ডক চিহ্নিত কৰে, যাৰ ফলত আমাৰ খনন খণ্ডই বছৰ বছৰ ধৰি সন্মুখীন হোৱা ডাঙৰ বাধাসমূহ আঁতৰাই পেলাইছে৷

ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই)ৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ভাৱনীমূলক খনিজ অন্বেষণ কাৰ্যকলাপ, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা আৰু চিলিৰ দৰে দেশৰ পৰা কৌশলগত খনিজ পদাৰ্থৰ উৎসৰ বাবে খনিজ বিদেশ ইণ্ডিয়া লিমিটেডৰ (কাবিল) প্ৰচেষ্টা বৃদ্ধি কৰা কেতবোৰ দিশৰ ভিতৰত ৯০টা খনিজ ব্লকৰ সফল নিলাম, ৬২২খন জিলাত জিলা খনিজ ফাউণ্ডেশ্যন (ডিএমএফ) স্থাপন আৰু  ডি এম এফৰ অধীনত ২০২২ চনৰ অক্টোবৰ মাহলৈকে ৭১১২৮.৭১ কোটি টকা আহৰণ উল্লেখযোগ্য।

২০২২ বৰ্ষত কেন্দ্ৰীয় খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু খনি মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক ভৰদ্বাজে বহু খনি পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে বিভিন্ন বৈঠকত মিলিত হয়। ইয়াৰ ফলত ৰাজহুৱা খণ্ডৰ খনন কোম্পানীসমূহৰ কাৰ্যক্ষমতা আৰু অধিক বৃদ্ধি পাইছে।

তদুপৰি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ৰাজধানী আৰু অন্যান্য ৰাজ্যত বিভিন্ন অংশীদাৰক জড়িত কৰি ৰাষ্ট্ৰীয় খনি কনক্লেভ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰি ভাৰতৰ খনি খণ্ডলৈ অধিক উদ্যোগী/বিনিয়োগকাৰীক আকৰ্ষণ কৰি অতি সফলতাৰে আয়োজন কৰিছে।

২০২২ চনত খনি মন্ত্ৰালয়ৰ কেতবোক মূল কাম-কাজ আৰু কৃতিত্ব হল-

 

  1.  ৯০টা খনিৰ সফল নিলাম, ৬২২খন জিলাত জিলা খনিজ পুঁজি স্থাপন আৰু ইয়াৰ পৰা ৭১,১২৮.৭১ কোটি টকা উপাৰ্জন কৰাটো বছৰটোৰ অন্যতম বৃহৎ কৃতিত্ব।
  1. খনিজ সামগ্ৰীৰ নিলামৰ সন্দৰ্ভত ১৮-০২-২০২২ তাৰিখে সংশোধনী নিয়ম সম্পৰ্কীয় অধিসূচনা প্ৰকাশ কৰা হয়। খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ আইন ১৯৫৭ৰ ২নং ধাৰা সংশোধন কৰা হয়। এনে নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে বিভিন্ন খনিজ সামগ্ৰীৰ খনন আৰু উৎপাদন কাৰ্যকলাপ সৰল কৰি তোলা হৈছে।
  2. নেচনেল এলুমিনিয়াম কোম্পানী নালকো, হিন্দুস্তান কপাৰ লিমিটেড আৰু মিনাৰেল প্ৰডাক্টছ কোম্পানী এমইচিএলৰ যৌথ উদ্যোগ খনিজ বিদেশ ইণ্ডিয়া লিমিটেডে বিদেশী কোম্পানীৰ সহযোগত লিথিয়াম আৰু কোবাল্টৰ দৰে বেটাৰী খনিজ চিনাক্তকৰণ, বিকাশ আৰু বাণিজ্যিকীকৰণ কৰিছে।
  3. ২০২২ বৰ্ষত কপিলে অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা আৰু চিলিৰ কোম্পানীসমূহৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ দিশত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
  4. খনি মন্ত্ৰালয়ৰ অধীনত কাম কৰা হিন্দুস্তান কপাৰ লিমিটেডে ২০২১-২২ বিত্তীয় বৰ্ষত পূৰ্বৱতী কৰ হিচাপে ৩৮১.৭২ কোটি টকা লাভ কৰিছে।
  5. ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী নালকোৱে ২০২১-২২ চনত সৰ্বকালৰ সৰ্বোচ্চ ২,৯৫২ কোটি টকাৰ প্ৰকৃত লাভ অৰ্জন কৰিছে।
  6. ২০২১-২২ বিত্তীয় বৰ্ষত নালকোৱে সৰ্বকালৰ সৰ্বোচ্চ ৭৫,১১,০০০ টন বক্সাইট উৎপাদন কৰিছে।
  7. নালকোৱে খনন আৰু ধাতু উদ্যোগত বহনক্ষমতাৰ বাবে ২০২১ চনৰ সন্মানীয় গোল্ডেন পিকক বঁটা লাভ কৰিছে।
  8. খনিজ সামগ্ৰী কোম্পানী এমইচিএলে ২০২২ চনৰ নৱেম্বৰ পৰ্যন্ত মুঠ ৰাজহ ১৭৩.৮৬ লাখ টকা লাভ কৰিছে।
  9. ২০২২ চনৰ নৱেম্বৰ মাহলৈকে এমইচিএলে কয়লা, লিগনাইট, তাম, লোহাৰ অক্সাইড, মেংগানিজ, গ্ৰেফাইট, পটাছৰ সৈতে জড়িত ২৬টা খনিজ প্ৰতিবেদন দাখিল কৰিছে।
  10. ভাৰতীয় খনন সংস্থা আইবিএময়ে বিভিন্ন গৱেষণা প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে।
  11. নাগপুৰস্থিত জৱাহৰলাল নেহৰু এলুমিনিয়াম ৰিছাৰ্চ ডেভেলপমেণ্ট ডিজাইন চেণ্টাৰে চলিত বিত্তীয় বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত ৩টা প্ৰকল্প সম্পূৰ্ণ কৰি ১৩টা গৱেষণা আৰু উন্নয়ন প্ৰকল্প চলাই আছে।
  12. নেচনেল ইনষ্টিটিউট অৱ ৰক মেকানিক্স এনআইআৰএমে স্থাপত্য, খনি আৰু আন্তঃগাঁথনি খণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৬৬টা প্ৰকল্প সম্পূৰ্ণ কৰিছে।

খনি মন্ত্ৰালয়ৰ অধীনত চলি থকা পিএছইউসমূহে কেৱল খনন কাৰ্যকলাপ আৰু বাণিজ্যিক কাম-কাজত নিয়োজিত হোৱাই নহয়, কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বিভিন্ন সামাজিক কাম-কাজো অব্যাহত ৰাখিছে। স্বচ্ছ ভাৰত আন্দোলনেও দেশৰ বিভিন্ন প্ৰান্তত শৈক্ষিক বিকাশকে ধৰি বিভিন্ন কাম-কাজ, চিকিৎসা শিবিৰ আদি অনুষ্ঠিত কৰি সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অধিক জানিবলৈ https://pib.gov.in/PressReleasePage.aspx?PRID=1886725 লিংকত ক্লিক কৰক৷

***

AKN/ RKP/DB



(Release ID: 1887693) Visitor Counter : 139