যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
খেলো ইণ্ডিয়া ডেশ্বব'ৰ্ড মুকলি কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে
'ডেশ্বব'ৰ্ডৰ জৰিয়তে জনসাধাৰণে খেলো ইণ্ডিয়া আঁচনিৰ সকলো তথ্য সহজে লাভ কৰিব'
Posted On:
23 DEC 2022 5:46PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত খেলো ইণ্ডিয়াৰ নতুন ডেশ্বব'ৰ্ড মুকলি কৰে, য'ত খেলো ইণ্ডিয়া আঁচনি আৰু খেলো ইণ্ডিয়া অনুষ্ঠান সম্পৰ্কীয় সকলো পৰিসাংখ্যিক তথ্য উপলব্ধ কৰোৱা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিক আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা এছএআইৰ জ্যেষ্ঠ বিষয়াসকলও এই উপলক্ষে উপস্থিত আছিল।
খেলো ইণ্ডিয়া ডেশ্বব'ৰ্ডখন বাস্তৱিক সময়ত আপডেট হ'ব আৰু ইয়াৰ লক্ষ্য হৈছে এক অনন্য এক-ষ্টপ প্লেটফৰ্ম যাৰ জৰিয়তে দেশৰ প্ৰতিজন নাগৰিকে খেলো ইণ্ডিয়া আঁচনিৰ বিভিন্ন প্ৰস্তাৱ সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব।
ডেশ্বব'ৰ্ডৰ বিষয়ে উল্লেখ কৰি শ্ৰী অনুৰাগ সিং ঠাকুৰে কয়, "যদি আপোনালোকে ভাৰত চৰকাৰৰ কামবোৰ লক্ষ্য কৰে, তেন্তে দেখিব যে সহজ উপলব্ধতা আৰু নিকা ব্যৱস্থাক সদায়ে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে, সেয়া লাগিলে ব্যৱসায় কৰাৰ সহজতাই হওক, জীৱন ধাৰণৰ সহজতাই হওক বা অনুপালনৰ সহজতাই হওক। উমৈহতীয়া চিন্তা-ভাবনাৰে খেলো ইণ্ডিয়া ডেশ্বব'ৰ্ড মুকলি কৰা হৈছে। এই অনন্য মঞ্চই প্ৰতিজন ব্যক্তিক উপকৃত কৰিব, সেয়া সাধাৰণ নাগৰিকেই হওক অথবা এজন খেলুৱৈয়ে হওক ৷ খেলো ইণ্ডিয়া আঁচনিৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰয়োজনীয় সকলো তথ্য লাভ কৰিব আৰু তেওঁলোকে এনেধৰণৰ তথ্য লাভ কৰিবলৈ একাধিক স্থানত খবৰ লোৱাৰ প্ৰয়োজন নাথাকিব । এই ডেশ্বব'ৰ্ডত জিঅ'টেগিঙৰ সৈতে খেলপথাৰৰ তথ্য উপলব্ধ হ’ব।"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বক্তব্যৰ সৈতে শ্ৰী প্ৰামাণিকে লগতে কয়, " এই মঞ্চখনে কেৱল খেলো ইণ্ডিয়া আঁচনি সম্পৰ্কীয় তথ্য লাভ কৰাত জনসাধাৰণক সহায় কৰাই নহয়, লগতে ক্ৰীড়া আন্তঃগাঁথনি, ফিট ইণ্ডিয়া আৰু খেলপথাৰৰ উন্নয়ন সম্পৰ্কীয় সকলো তথ্য লাভ কৰাত সহায় কৰিব।"
এই অনন্য প্লেটফৰ্মত খেলো ইণ্ডিয়া চেণ্টাৰ (কেআইচি), খেলো ইণ্ডিয়া একাডেমী, এছএআই প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ (এনচিঅ'ই) সম্পৰ্কে এক ডাটাবেচ উপলব্ধ আছে যি খেলুৱৈসকলক বিভিন্ন শাখাত ক্ৰীড়া প্ৰশিক্ষণৰ নিকটতম কেন্দ্ৰটো বিচাৰি উলিওৱাত সহায় কৰিব। এক নিৰ্দিষ্ট খেলৰ যিকোনো খেলুৱৈক সমগ্ৰ ভাৰতত তেওঁলোকৰ পচন্দৰ কেন্দ্ৰ বিচাৰি উলিওৱাত সহায় কৰিবলৈ কেন্দ্ৰবোৰ ভাৰতৰ মানচিত্ৰত জিঅ'টেগ কৰা হৈছে।
নিম্নলিখিত লিংকৰ জৰিয়তে খেলো ইণ্ডিয়া ডেশ্বব'ৰ্ডত প্ৰৱেশ কৰিব পাৰিব-
https://dashboard.kheloindia.gov.in/khelo_india_dashboard/
*******
NB/OA/MM
(Release ID: 1886192)
Visitor Counter : 160