যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে দেশৰ ৰাজধানীত হকী বিশ্বকাপ ট্ৰফী উন্মোচন কৰে


দেশৰ বিভিন্ন চহৰলৈ বিশ্বকাপ ট্ৰফী পৰিভ্ৰমণৰ জৰিয়তে হকী পুৰুষ বিশ্বকাপ ২০২৩ ভূৱনেশ্বৰ -ৰুড়কেল্লাৰ প্ৰচাৰত সহায় কৰিব: শ্ৰী অনুৰাগ ঠাকুৰ

Posted On: 16 DEC 2022 6:08PM by PIB Guwahati

এফআইএইচ ওড়িশা হকী পুৰুষ বিশ্বকাপ ২০২৩ ভূৱনেশ্বৰ- ৰুড়কেল্লাৰ ট্ৰফী আজি নতুন দিল্লীলৈ স্থানান্তৰিত কৰা হয়, য'ত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে হকী অনুৰাগীসকলৰ বাবে ট্ৰফীটো উন্মোচন কৰে। অনুষ্ঠানটোত ১৯৭৫ চনৰ বিশ্বকাপ বিজয়ী শ্ৰী অজিত পাল সিং, শ্ৰী অশোক ধ্যানচান্দ, ব্ৰিগেডিয়াৰ এইচজেএছ চিমনী আৰু প্ৰাক্তন অলিম্পিয়ান শ্ৰী হৰবিন্দৰ সিং, পদ্মশ্ৰী জাফৰ ইকবাল আৰু শ্ৰী বিনীত কুমাৰ (দিল্লী হকীৰ উপ-সভাপতি) অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।

এই উপলক্ষে শ্ৰী অনুৰাগ সিং ঠাকুৰে কয়, "ভাৰতৰ বিভিন্ন চহৰলৈ বিশ্বকাপ ট্ৰফী ভ্ৰমণ কৰোৱাৰ জৰিয়তে এফআইএইচ ওড়িশা হকী পুৰুষ বিশ্বকাপ ২০২৩ ভূৱনেশ্বৰ- ৰুড়কেল্লাৰ প্ৰচাৰৰ এক উত্তম উপায় হিচাপে বিবেচিত হৈছে। এই ট্ৰফীটো দেশৰ বিভিন্ন প্ৰান্ত যেনে ওড়িশা, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, পঞ্জাৱ আৰু এতিয়া নতুন দিল্লীত হকী কিংবদন্তি তাথা অনুৰাগীসকলৰ সন্মুখত উপস্থিত কৰোৱা হৈছে যি প্ৰতিযোগিতাখনৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰিব।"

শ্ৰী ঠাকুৰে লগতে কয়, "অলিম্পিকৰ পিছত বিশ্বকাপ হৈছে খেলখনৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা আৰু আমি এফআইএইচ উৰিষ্যা হকী পুৰুষ বিশ্বকাপ ২০২৩ ভূৱনেশ্বৰ- ৰুড়কেল্লাৰ প্ৰচাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছো। আয়োজক চহৰসমূহৰ অনুৰাগীসকলেই ষ্টেডিয়ামখন ভৰ্তি কৰিবলৈ যথেষ্ট কিন্তু এই পৰিভ্ৰমণে আন ৰাজ্যৰ অনুৰাগীসকলকো টিভিত প্ৰতিযোগিতাখন চাবলৈ উৎসাহিত কৰিব।"

শ্ৰী অশোক ধ্যানচান্দে এফআইএইচ ওড়িশা হকী পুৰুষ বিশ্বকাপ ২০২৩ ভূৱনেশ্বৰ- ৰুড়কেল্লাৰ ট্ৰফী ভ্ৰমণ আয়োজন কৰাৰ বাবে হকী ইণ্ডিয়াক প্ৰশংসা কৰে আৰু কয় যে প্ৰতিযোগিতাখনৰ প্ৰচাৰৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ।

"আজি আমি সকলোৱে মোৰ দেউতা মেজৰ ধ্যানচান্দৰ মূৰ্তিৰ তলত এফআইএইচ ওড়িশা হকী পুৰুষ বিশ্বকাপ ২০২৩ ভুৱনেশ্বৰ- ৰুড়কেল্লাৰ ট্ৰফী ভ্ৰমণৰ বাবে একত্ৰিত হৈছো। ভাৰতীয় হকীত এইটো এটা বিশেষ স্থান আৰু মই সুখী যে আজি আমি আগন্তুক বিশ্বকাপৰ ট্ৰফী চাবলৈ সুযোগ পাইছো। এই ট্ৰফী ভ্ৰমণ হকীৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ প্ৰচাৰৰ এক উৎকৃষ্ট উপায় আৰু মই নিশ্চিত যে আমি এখন আয়োজক ৰাষ্ট্ৰ হিচাপে প্ৰতিযোগিতাখনত আমাৰ সৰ্বশ্ৰেষ্ঠ দায়িত্ব পালন কৰিম," শ্ৰী অশোক ধ্যানচান্দে কয়।

ট্ৰফী পৰিভ্ৰমণৰ বিষয়েঃ

১৩ জানুৱাৰী ২০২৩ তাৰিখে আৰম্ভ হ'বলগীয়া সন্মানীয় এফআইএইচ ওড়িশা হকী পুৰুষ বিশ্বকাপ ২০২৩ ভূৱনেশ্বৰ – ৰুড়কেল্লা ট্ৰফীটোৱে ২৫ ডিচেম্বৰত ওড়িশালৈ উভতি অহাৰ পূৰ্বে ১৩খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চল ভ্ৰমণ কৰিব আৰু এনেদৰে বিজয়ী দলটোৱে ২৯ জানুৱাৰী ২০২৩ তাৰিখে সন্মানীয় ট্ৰফীটো হাতত তুলি লোৱাৰ পূৰ্বে অনুৰাগী ৰাইজক ইয়াৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিব। ডিচেম্বৰত ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কে ভুৱনেশ্বৰত দেশব্যাপী ট্ৰফী ভ্ৰমণৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ পিছত ট্ৰফীটোৱে পশ্চিমবংগ, মণিপুৰ, অসম, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, নতুন দিল্লী, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু ছত্তীশগড়লৈ যাত্ৰা কৰিব।

অধিক ছবিৰ বাবে, হকী ইণ্ডিয়া ফটো লাইব্ৰেৰীত লগইন কৰক:

ক্লিক: https://photolibrary.hockeyindia.org/

 

এফআইএইচ হকী পুৰুষ বিশ্বকাপ ২০২৩:

বিগত বৰ্ষবোৰৰ এফআইএইচ হকী পুৰুষ বিশ্বকাপৰ অধিক তথ্য আৰু ঐতিহাসিক তথ্যৰ বাবে

অনুগ্ৰহ কৰি পৰিদৰ্শন কৰক -https://www.fih.hockey/events/world-cup

বিশ্বকাপৰ টিকট বুক কৰিব পাৰি: https://insider.in/online , অধিক বিৱৰণৰ বাবে যোগাযোগ কৰক: help@insider.in

পুৰুষৰ বিশ্বকাপৰ সৰ্বকালৰ পৰিসংখ্যাৰ তথ্যৰ বাবে, যাৰ ভিতৰত আছে পূৰ্বৱৰ্তী বিজয়ীসকল, এখন দেশৰ দ্বাৰা কৰা সৰ্বাধিক গ'ল, এখন ৰাষ্ট্ৰই খেলা বেছিভাগ খেল, এনেধৰণৰ তথ্যৰ বাবে তলৰ লিংকত ক্লিক কৰক-

https://www.fih.hockey/events/world-cup/men/fih-odisha-hockey-mens-world-cup-2023-bhubaneswar-rourkela-1389/archive

 

***

NB/OA/MM



(Release ID: 1884471) Visitor Counter : 95