গৃহ মন্ত্ৰালয়

কলকাতাত পূৰ্ব আঞ্চলিক পৰিষদৰ ২৫ সংখ্যক বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৮ বছৰত আঞ্চলিক পৰিষদসমূহৰ বৈঠকত ১,০০০ ৰোধিক বিষয়ত আলোচনা আৰু ইয়াৰে ৯৩ শতাংশ সমাধান কৰাটো এক বৃহৎ সফলতা

Posted On: 17 DEC 2022 4:43PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি কলকাতাত পূৰ্ব আঞ্চলিক পৰিষদ (Eastern Zonal Council) ৰ ২৫ সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত পশ্চিমবংগ আৰু ঝাড়খণ্ডৰ মুখ্যমন্ত্ৰী, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী আৰু ওড়িশাৰ মন্ত্ৰীসকলৰ লগতে পৰিষদৰ অধীনস্থ গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ আন-আন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0018IFV.jpg

উদ্বোধনী ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৮ টা বছৰত আঞ্চলিক পৰিষদসমূহৰ বৈঠকত ১,০০০ ৰোধিক বিষয় আলোচনা আৰু ইয়াৰে ৯৩ শতাংশ সমাধান কৰাটো এক বৃহৎ সফলতা। তেওঁ কয় যে ২০০৬ ৰপৰা ২০১৩ লৈকে আঞ্চলিক পৰিষদসমূহৰ মুঠ ৬ খন বৈঠক অনুষ্ঠিত হৈছিল (গড়ে বছৰি এখন বৈঠকতকৈয়ো কম), কিন্তু ২০১৪ ৰ পিছৰ ৮ টা বছৰে ক’ভিড-১৯ মহামাৰীটো সত্ত্বেও, মুঠ ২৩ খন বৈঠক (আজিৰ বৈঠকখনিকে ধৰি) অনুষ্ঠিত হৈছে (বছৰি গড়ে ৩ খন বৈঠক)। শ্ৰী শ্বাহে কয় যে এতিয়া সঘনে আঞ্চলিক পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ সহযোগত ইয়াৰ ইতিবাচক ফলাফল লাভ কৰা হয়। এই ক্ষেত্ৰত আন্তঃৰাজ্যিক পৰিষদ সচিবালয়ে এটি সক্ৰিয় ভূমিকা পালন কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002QQQY.jpg

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনে পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ অৰ্থে যোৱা বছৰকেইটাত একাধিক কাম হাতত লৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘গতি শক্তি আঁচনি’ ৰ দৃষ্টিত পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে গুৰু স্থান লাভ কৰিছে। শ্ৰী মোদীয়ে এই অঞ্চলটোৰ উন্নয়নৰ ওপৰত সদায়েই গুৰুত্ব আৰোপ কৰি আহিছে। শ্ৰী শ্বাহে কয় যে অহা ২৫ বছৰত অৰ্থাৎ আজাদী কা অমৃত কালৰ সময়ছোৱাত দেশখনৰ পূৰ্বাঞ্চলে ভাৰতৰ উন্নয়নত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শ্ৰী শ্বাহে কয় যে পূৰ্ব আঞ্চলিক পৰিষদৰ ২৫ সংখ্যক বৈঠক এটি উন্নত আৰু ইতিবাচক পৰিবেশত অনুষ্ঠিত হৈছে, ইয়াত একাধিক বিষয়ত ঐক্যমতত উপনীত হোৱাৰ সমান্তৰালভাৱে বাকী থকা সমস্যাসমূহো আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003ERBZ.jpg

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে দেশখনৰ পূৰ্বাঞ্চলত বাওঁপন্থী উগ্ৰবাদ প্ৰায় নিৰ্মূল হৈছে আৰু বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে এই নিৰ্ণায়ক যুঁজ অক্ষুণ্ণ ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ দৃঢ়তাৰে কয় যে এলডব্লিউই-মুক্ত ৰাজ্যসমূহত উগ্ৰবাদৰ পুনৰ-উত্থান হ’ব নালাগে আৰু এই ৰাজ্যসমূহে দেশখনৰ অন্যান্য অংশৰদৰে বিকাশৰ পথত অগ্ৰসৰ হ’ব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে মুখ্যমন্ত্ৰীসকলক এনচিঅ’আৰডি (NCORD) ব্যৱস্থাৰ এটি জিলা-পৰ্য্যায়ৰ গাঁথনি সাজু আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰতিৰোধৰ বাবে ইয়াৰ নিয়মীয়া বৈঠক সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে দেশখনত ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনে এতিয়া এক গুৰুত্বপূৰ্ণ পৰ্য্যায়ত উপনীত হৈছেহি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযানটোক ত্বৰান্বিতকৰণৰ প্ৰয়োজনীয়তা আছে।

***



(Release ID: 1884464) Visitor Counter : 127