তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰতক পৃথিৱীৰ গ্ৰ’থ ইঞ্জিন কৰিবলৈ হ’লে যুৱবৃন্দ হ’ব লাগিব ভাৰতৰ গ্ৰ’থ ইঞ্জিন: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ


হিছাৰত সমূহীয়া ৰেডিঅ’ ষ্টেশ্যন ‘৯.০-ভব্যবাণী’ উদ্বোধন কৰিলে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে

Posted On: 04 DEC 2022 4:41PM by PIB Guwahati

ভাৰতক পৃথিৱীৰ গ্ৰ’থ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰিবলৈকে নতুন প্ৰযুক্তিক আদৰি, শক্তিশালী প্ৰণালী গঢ়ি তুলি, নিজকে দক্ষ, উন্নত-দক্ষ আৰু পুনৰ দক্ষ কৰি তুলি, সদা সক্ৰিয় আৰু উদ্ভৱনশীল হৈ থকাৰ বাবে দেশৰ যুৱ-প্ৰজন্মৰ প্ৰতি গোঁহাৰি জনাইছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে। তেওঁ নতুন শিক্ষা নীতি(এনইপি)ৰ জৰিয়তে বহু বিষয়ক পদ্ধতিৰে সামগ্ৰিক শিক্ষা গ্ৰহণত গুৰুত্ব আৰোপ কৰে, কিয়নো শিক্ষা হৈছে দেশ আৰু জনগণৰ উন্নয়ণৰ মেৰুদণ্ডস্বৰূপ আৰু প্ৰতিভাধৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় সম্পদ হিচাপে গঢ়ি তুলি তেওঁলোকৰ পৰিয়ালবৰ্গ, দেশ আৰু দেশৰ নাগৰিকসকলৰ প্ৰতি শিক্ষাই সমানে সেৱা আগবঢ়ায়।

তেওঁ কয় যে ভাৰত হৈছে পৃথিৱীৰ তৃতীয় সৰ্ববৃবহত্ ‘ষ্টাৰ্টআপ’ৰ দেশ।

শ্ৰী অনুৰাগ সিং ঠাকুৰে আজি হিছাৰৰ ‘ওঁম ষ্টাৰ্লিং গ্লোবেল ইউনিভাৰ্ছিটী’ৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিছিল। তেওঁ বিশ্ববিদ্যালয়সমূহৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহক ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যুৱক-যুৱতীসকলক সুস্থ্-সবল হৈ থকাৰ বাবে ‘ফিটনেছ কা ডোজ, আধা ঘণ্টা ৰোজ’-মন্ত্ৰ আওৰাই ‘ফিট ইণ্ডিয়া আন্দোলন’ত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ ভাৰতৰ ‘জি-২০’ অধ্যক্ষতা সম্পৰ্কীয় কাৰ্যক্ৰমৰ অংশ হিচাপে এক যুৱ সমাৰোহো অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে নিজ নিজ ক্ষেত্ৰত ৰাজ্যৰ লগতে দেশৰ বাবে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা হাৰিয়াণাৰ কৃষক, ক্ৰীড়াবিদ তথা ছোৱালীসকলৰ ভূয়সী প্ৰশংসা কৰে।

বিশ্ববিদ্যালয়খনত এই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সমাৱৰ্তনখনত শিক্ষান্ত-উপাধিসমূহ গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনাই মন্ত্ৰী শ্ৰী ঠাকুৰে কয় যে দেশত ‘যুৱ সংবাদ’ শীৰ্ষক ৭৫০খন সমাৰোহৰ আয়োজন কৰা হৈছে।

সমাৱৰ্তনত ১৫টা স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ ৮১৫গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী, ১৮৪ গৰাকীক ডিপ্লোমা আৰু ৫৯টা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ৪২৬গৰাকী শিক্ষাৰ্থীক উপাধি প্ৰদান কৰা হয়। ইয়াৰ লগতে ১৪টা ডিপ্লোমা পাঠ্যক্ৰমৰ ১৭৮গৰাকী প্ৰশিক্ষাৰ্থীকো ডিপ্লোমা প্ৰদান কৰা অনুষ্ঠানটোত বিভিন্ন বিভাগৰ ৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সোণৰ পদক প্ৰদানৰ উপৰি ৮ গৰাকীক ‘উতকৰ্ষতাৰ স্বীকৃতি পত্ৰ’ প্ৰদান কৰা হয়।

বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণ-মাধ্যম বিভাগে স্থাপন কৰা ‘৯০.০ ভব্যবাণী’ শীৰ্ষক উমৈহতীয়া ৰেডিঅ’ ষ্টেশ্যনটোৰো শুভাৰম্ভ কৰে মন্ত্ৰী শ্ৰী ঠাকুৰে। কেন্দ্ৰটোৰ পৰা মন্ত্ৰীগৰাকীৰ ভাষণৰ সম্প্ৰচাৰো কৰা হয়। অনুষ্ঠানত হিছাৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী বিজেন্দ্ৰ সিং আৰু হাৰিয়াণাৰ চহৰীয়া স্থানীয় নিকায় বিভাগৰ মন্ত্ৰী ড০ কমল গুপ্তৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে হিছাৰত থকা দূৰ-দৰ্শন আৰু আকাশবাণী কেন্দ্ৰ দুটাও পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়।

 

***

RC/PS/HN/KB



(Release ID: 1881129) Visitor Counter : 87