তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav
iffi banner

৫৩সংখ্যক আইএফএফআইত প্ৰথমখন চলচ্চিত্ৰ প্ৰযুক্তি প্ৰদৰ্শনী উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ


সমসাময়িক চিনেমা নিৰ্মাণত ব্যৱহৃত অত্যাধুনিক সঁজুলি প্ৰদৰ্শন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি ২১ নৱেম্বৰ, ২০২২ত গোৱাত অনুষ্ঠিত আইএফএফআই, ২০২২ত প্ৰযুক্তি আৰু চলচ্চিত্ৰ কলা/চিনেমা আৰু নান্দনিকতা সম্পৰ্কীয় বিভিন্ন উপাদান প্ৰদৰ্শন কৰা চলচ্চিত্ৰ প্ৰযুক্তি প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনৰ পিছত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিপনীসমূহ পৰিদৰ্শন কৰাৰ লগতে আইএফএফআইৰ এই অনন্য প্ৰথম প্ৰদৰ্শনীত প্ৰদৰ্শিত অত্যাধুনিক সঁজুলি আৰু প্ৰযুক্তিৰ অভিজ্ঞতা অৰ্জন কৰে৷

৫৩সংখ্যক আইএফএফআইত চলচ্চিত্ৰ প্ৰযুক্তি প্ৰদৰ্শনী, প্ৰযুক্তি আৰু চলচ্চিত্ৰ কলা/চিনেমা আৰু নান্দনিকতাৰ সৈতে জড়িত বিভিন্ন উপাদান প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শনীখনলৈ অহা চলচ্চিত্ৰ অনুৰাগীসকলক চলচ্চিত্ৰ শিল্প আৰু নান্দনিকতাৰ প্ৰেক্ষাপটত প্ৰযুক্তিৰ আন্তঃসংযোগৰ জৰিয়তে লৈ যোৱা হৈছে আৰু লগতে এই উপাদানসমূহ কেনেকৈ একত্ৰিত হৈ দৰ্শকৰ অভিজ্ঞতাক সমৃদ্ধ কৰে।

“চলচ্চিত্ৰ প্ৰযুক্তি প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণে মহোৎসৱৰ অংশ হিচাপে ছবি প্ৰডাকচনৰ শ্ৰেষ্ঠ গতি প্ৰদান কৰিছে। চলচ্চিত্ৰৰ ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলৰ বাবে বজাৰত শেহতীয়া কি নতুনত্ব আছে সেই বিষয়ে আপডেট আৰু শিকিবলৈ এইটো এটা সোণালী সুযোগ”, এফটিআইআই সঞ্চালক সন্দীপ শ্বাহাৰে কয়।

কালা একাডেমীৰ সমীপৰ পানাজীৰ ডি বি ৰোডস্থিত ফুটবল খেলপথাৰত অনুষ্ঠিত এই প্ৰদৰ্শনী ২১-২৭ নৱেম্বৰ, ২০২২ৰ ভিতৰত পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ মুকলি কৰা হয়।

চনী, কেনন, জেইছ, ৰেড, লেইকা, আলটাছ,ডিজিঅ’, এপুচাৰ লাইটছ, হান্সা চিনে ইকুইপমেণ্ট আদিৰ দৰে চিনেমাৰ সঁজুলিৰ আগশাৰীৰ নিৰ্মাতাসকলে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ অত্যাধুনিক সঁজুলি প্ৰদৰ্শন কৰে, যিবোৰ সমসাময়িক চিনেমা নিৰ্মাণৰ উদ্যোগৰ বিশেষজ্ঞসকলে ব্যৱহাৰ কৰি আছে। প্ৰদৰ্শনীত পেলেট কেমেৰা, লেন্স, লাইট, গ্ৰীপ, ৰং গ্ৰেডিং চফ্টৱেৰ, এনিমেচন, ভিএফএক্স, এআৰ, ভিআৰ, অডিঅ' মনিটৰ, একাষ্টিক, ৰিয়েল টাইম ডাবিং, টক-বেক, সংৰক্ষণ আৰু পুনৰুদ্ধাৰ আদি নিৰ্মাতাসকলে প্ৰদৰ্শন কৰে৷ ইয়াৰ উপৰিও ৭০০০ বৰ্গমিটাৰ এলেকাত বিস্তৃত প্ৰদৰ্শনী বিপনীসমূহ, প্ৰদৰ্শনী স্থানত আলোচনা আৰু বিভিন্ন অধিৱেশনৰ বাবেও নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰা হৈছে।

***

DB

iffi reel

(Release ID: 1877925)