প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তমিলনাডুৰ দিন্দিগুলস্থিত ‘গান্ধীগ্ৰাম গ্ৰামীণ প্ৰতিষ্ঠান’ৰ ‘৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহ’ত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

“মহাত্মা গান্ধীৰ আদৰ্শ আজিৰ তাৰিখত অধিক প্ৰাসংগিক হৈ উঠিছে”

“খাদীৰ উৰ্ধ্বগতি ব্যাপক হাৰত হোৱা উত্পাদনৰ বাবে নহয়, বৰং, ব্যাপক হাৰত ৰাইজৰ দ্বাৰা হোৱা উত্পাদনৰ বাবেহে সম্ভৱ হৈছে”

“চহৰ আৰু গ্ৰামীণ এলেকাৰ মাজত ব্যৱধান গ্ৰহণযোগ্য যি পৰ্যন্ত কোনো পাৰ্থক্য নাথাকিব”

“স্বদেশী আন্দোলনৰ মূলকেন্দ্ৰ আছিল তামিল নাডু, আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”

“তামিল নাডু সদায়ে ৰাষ্ট্ৰীয় চেতনাৰ আলয় হৈ আহিছে”

“কাশী তামিল সংগমম হৈছে কাৰ্যতঃ এক ভাৰত শ্ৰেষ্ঠ ভাৰত”

“আজি স্নাতক হোৱা যুৱ-প্ৰজন্মৰ প্ৰতি মোৰ বাৰ্তা হ’ল-তোমালোক হৈছা নতুন ভাৰতৰ নিৰ্মাতা। আগন্তুক ২৫ বছৰৰ অমৃত কালত ভাৰতক আগুৱাই নিয়াৰ দায়িত্বও তোমালোকৰে”

Posted On: 11 NOV 2022 5:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তমিলনাডুৰ দিন্দিগুলস্থিত ‘গান্ধীগ্ৰাম গ্ৰামীণ প্ৰতিষ্ঠান’ৰ ৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তন সমাৰোহত প্ৰতিষ্ঠানটোৰ পৰা উত্তীৰ্ণ হোৱা ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ ২৩০০ৰো অধিক শিক্ষাৰ্থীয়ে তেওঁলোকৰ উপাধিসমূহ গ্ৰহণ কৰে। ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীয়ে উল্লিখিত শিক্ষান্ত পৰীক্ষাসমূহত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা শিক্ষাৰ্থীসকলক সোণৰ পদক আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে।

 

সমাৰোহত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীগ্ৰামলৈ অহাটোৱেই তেওঁৰ বাবে এক প্ৰেৰণাদায়ক অভিজ্ঞতা আৰু এই প্ৰতিষ্ঠানটো স্বয়ং মহাত্মা গান্ধীয়ে উদ্বোধন কৰাৰ কথাও তেওঁ স্মৰণ কৰে। গ্ৰামোন্নয়ণৰ প্ৰতি মহাত্মাই পোষণ কৰা আবেগ আৰু আদৰ্শৰ অনুভূতি এই প্ৰতিষ্ঠানত যিকোনো ব্যক্তিয়েই উপলব্ধি কৰিব পাৰিব বুলি তেওঁ অভিমত ব্যক্ত কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, “সেয়া লাগিলে সংঘাতৰ অন্ত পেলোৱাই হওক বা জলবায়ু পৰিৱৰ্তনৰ সংকটেই হওক সকলো ক্ষেত্ৰতে মহাত্মা গান্ধীৰ আদৰ্শ আজিৰ তাৰিখত অধিক প্ৰাসংগিক হৈ উঠিছে।” আজিৰ তাৰিখত পৃথিৱীয়ে সন্মুখীন হোৱা বিভিন্ন সংকত আৰু প্ৰত্যাহ্বানৰ সমাধানসূত্ৰও মহাত্মাৰ চিন্তাত প্ৰতিভাত হয় বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

গান্ধীদৰ্শনৰে জীৱন অতিবাহিত কৰিব খোজাসকলৰ সমাজত ব্যাপক প্ৰভাৱ পেলোৱাৰ বিশেষ সুযোগ আছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে সেইগৰাকী মহামানৱৰ আদৰ্শ সাৰোগত কৰি কাম কৰাটোৱেই তেওঁৰ প্ৰতি আগবঢ়োৱা প্ৰকৃত শ্ৰদ্ধাৰ্ঘ্য হ’ব বুলি উল্লেখ কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে বহুদিনে উপেক্ষিত আৰু বস্তুতঃ পাহৰি পেলোৱা বস্ত্ৰশিল্পক পুনুৰুজ্জীৱিত কৰাৰ বাবে দেশে চলোৱা ‘ৰাষ্ট্ৰৰ বাবে খাদী, ফেশ্বনৰ বাবে খাদী’ শীৰ্ষক অভিযানটোৰ উদাহৰণ দাঙি ধৰে। এই সন্দৰ্ভত তথ্য দাঙি ধৰি তেওঁ কয়, বিগত ৮টা বছৰত খাদী সামগ্ৰীৰ বিক্ৰীৰ হাৰ ৩০০%ৰো অধিক হোৱা পৰিলক্ষিত হৈছে।। ‘খাদী আৰু গ্ৰামোদ্যোগ আয়োগ’-য়ে ইয়াৰ পৰিৱেশ-অনুকূল সামগ্ৰীসমূহৰ জৰিয়তে অভিলেখ পৰিমাণৰ আয় আহৰণ কৰিবলৈ সক্ষম হৈছে। আয়োগে যোৱাটো বছৰত ১ লাখ কোটিৰো অধিক টকা আয় কৰিছে। তেওঁ কয়, “খাদীৰ উৰ্ধ্বগতি ব্যাপক হাৰত হোৱা উত্পাদনৰ বাবে নহয়, বৰং ব্যাপক হাৰত ৰাইজৰ দ্বাৰা হোৱা উত্পাদনৰ বাবেহে সম্ভৱ হৈছে।” গাঁওসমূহক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে খাদীক মাধ্যম কৰিবলৈ মাহাত্মাই লোৱা উদ্যোগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ আদৰ্শকে সাৰোগত কৰিয়েই বৰ্তমানৰ চৰকাৰখনে এখন ‘আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়াৰ পথত অগ্ৰসৰ হ’ব খুজিছে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয় “স্বদেশী আন্দোলনৰ মূলকেন্দ্ৰ আছিল তামিল নাডু, আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

 

গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে পোষণ কৰা দৃষ্টিভংগী হৃদয়ংগম কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয় কয় যে গান্ধীয়ে গাঁওবোৰৰ উন্নয়ণ গ্ৰামীণ জীৱনৰ প্ৰমূল্যবোধৰ সংৰক্ষণৰ আধাৰতহে হোৱাটো কামনা কৰিছিল। তেওঁ কয়, “চহৰ আৰু গ্ৰামীণ এলেকাৰ মাজত ব্যৱধান গ্ৰহণযোগ্য যি পৰ্যন্ত কোনো পাৰ্থক্য নাথাকিব।” এই প্ৰসংগত তেওঁ সম্পূৰ্ণ গ্ৰাম পৰিষ্কৰণ কৰ্যক্ৰম, ৬ কোটি ঘৰলৈ টে’প-সংযোজিত পাইপেৰে পানীৰ যোগান, ২.৫ কোটি বিদ্যুত্-সংযোগ আৰু পথৰ জৰিয়তে বৃদ্ধি পোৱা গাঁওসমূহৰ যোগাযোগ ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰে। স্বচ্ছ ভাৰত অভিযান, দেশৰ ২ লাখ গাঁও পঞ্চায়তক সংযোজিত কৰাৰ বাবে ৬ লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ অপ্টিকেল ফাইবাৰ সংস্থাপিত কৰাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত দেশৰ প্ৰতি তামিলনাডুয়ে আগবঢ়োৱা অৱদানৰ কথা বিশেষ ভাবে উল্লেখ কৰে। এই প্ৰসংগত তেওঁ কয়, “তামিল নাডু সদায়ে ৰাষ্ট্ৰীয় চেতনাৰ আলয় হৈ আহিছে।”

অচিৰেই কাশীক সংলগ্ন কৰিবলগীয়া ‘কাশী তামিল সংগমম’ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই কাশী আৰু তামিল নাডুৰ চেনেহৰ বান্ধোনক অধিক কটকটীয়া কৰিব। তেওঁ কয়, “কাশী তামিল সংগমম হৈছে কাৰ্যতঃ এক ভাৰত শ্ৰেষ্ঠ ভাৰত।” পৰস্পৰৰ প্ৰতি এই চেনেহ আৰু সন্মানেই আমাৰ দেশৰ একতাক মহীয়ান কৰি আহিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

ইফালে, “যুৱক-যুৱতীসকলে প্ৰত্যাহ্বানৰ কেৱল সন্মুখীনেই নহয়, বৰং এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আমোদো লাভ কৰে” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে প্ৰশ্ন কৰিয়েই ক্ষান্ত নাথাকে বৰঞ্চ সেই প্ৰশ্নৰ উত্তৰো বিচাৰি উলিয়ায়, আৰু উত্তৰৰ সন্ধান নোপোৱা পৰ্যন্ত কঠোৰ অন্বেষণ অব্যাহত ৰাখে। শিক্ষাৰ্থীসকলৰ প্ৰতি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আজি স্নাতক হোৱা যুৱ-প্ৰজন্মৰ প্ৰতি মোৰ বাৰ্তা হ’ল-তোমালোক হৈছা নতুন ভাৰতৰ নিৰ্মাতা। আগন্তুক ২৫ বছৰৰ অমৃত কালত ভাৰতক আগুৱাই নিয়াৰ দায়িত্বও তোমালোকৰে।”

 

সমাৰোহত তামিল নাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলীন, ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগণ, আচাৰ্য ড০ কে এম আন্নামলায় আৰু উপাচাৰ্য অধ্যাপক গুৰমিত সিং-ৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

*****

DS/TS/KB  



(Release ID: 1875443) Visitor Counter : 169