প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্যপ্রদেশৰ বেতুলত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ


পিএমএনআৰএফৰ পৰা দুর্ঘটনাত ক্ষতিগ্রস্তসকলক এককালীন অর্থ সাহায্যৰ ঘোষণা

Posted On: 04 NOV 2022 10:01AM by PIB Guwahati

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ বেতুলত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে। তেওঁ দুর্ঘটনাত ক্ষতিগ্রস্তসকলৰ বাবে প্রধানমন্ত্রীৰ জাতীয় ত্রাণ তহবিল (পিএমএনআৰএফ)ৰ পৰা এককালীন অর্থ সাহায্যৰ ঘোষণা কৰিছে। 

প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা এটা ট্যুইট বার্তাত কোৱা হৈছে;

“মধ্যপ্রদেশৰ বেতুলত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত মই মর্মাহত। স্বজনক হেৰুওৱা পৰিয়ালসমূহক সমবেদনা জনাইছো। আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰিছো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা এককালীন ২ লাখ টকা অর্থ সাহায্য দিয়া হ'ব। আহতসকলক দিয়া হ'ব ৫০ হাজাৰ টকাকৈ: প্রধানমন্ত্রী”

***

DS/SH



(Release ID: 1874029) Visitor Counter : 86