প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ থৰাড়, বনাছকণ্ঠাত বহু সংখ্যক উন্নয়ণী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণৰ পাঠ
Posted On:
31 OCT 2022 8:27PM by PIB Guwahati
নমস্কাৰ,
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
আজি চৰ্দাৰ চাহাবৰ জন্ম জয়ন্তী। মই ক’ম ‘চৰ্দাৰ পেটেল’, আপোনালোকে দুবাৰ ক’ব ‘অমৰ হওক-অমৰ হওক’। বনাছকণ্ঠাৰ মোৰ প্ৰিয় ভাই-ভনাসকল, আজি গুজৰাট শোকত ডুবি আছে। দেশবাসীও খুবেই দুখিত হৈ আছে। মোৰবীত কালি সন্ধিয়া যি ভয়ংকৰ ঘটনা সংঘটিত হ’ল। আমাৰ বহু সংখ্যক আত্মীয় আৰু সৰু সৰু ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নিকটাত্মীয়ক হেৰুৱাবলগীয়া হ’ল। দুখৰ এই মুহূৰ্তত আমাৰ সমবেদনা পীড়িত পৰিয়ালসমূহলৈ প্ৰেৰণ কৰিছো। ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ চৰকাৰৰ সকলো সতীৰ্থই সৰ্ব শক্তিৰে যথা সম্ভৱ সাহায্য আগবঢ়োৱাৰ কামত নিমগ্ন হৈ আছে। কালি ৰাতিয়ে তেওঁ কেৱড়ীয়াৰ পৰা পোনে পোনে মোৰবী পাইছিলহি আৰু মোৰবীত উদ্ধাৰকাৰ্য পৰিচালনা কৰাত লাগিছিলহি। ময়ো ৰাতিটো আৰু আজি পুৱাও তেওঁৰ সৈতে যোগাযোগত আছো। তাতো নিৰন্তৰে বিভিন্ন বিভাগে, মন্ত্ৰী আৰু বিষয়াবৰ্গৰ সৈতে এনে এক ভয়ংকৰ সংকটৰ পৰা লোকসকলক কেনেকৈ সকাহ দিব পাৰি সেই প্ৰায়স অব্যাহত ৰাখিছে। কালিয়ে মোৰবীত ‘এনডিআৰএফ’ৰ গোটসমূহ উপস্থিত হৈছিলহি। সেনা আৰু বায়ুসেনাৰ জোৱানসকলো উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কামত জড়িত হৈ পৰিছে। আৰু বনাছকণ্ঠাৰ মাটিত, আই অম্বাৰ ভূমিৰ পৰা গুজৰাটৰ লোকসকলক পুনৰবাৰ আশ্বস্ত কৰিব খুজিছো যে এই বিকট পৰিস্থিতত চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব।
কালি মোৰবীত এই ভয়ংকৰ পীড়াদায়ক ধটনা ঘটিছিল, মনটো বাৰুকৈয়ে ব্যথিত হৈ পৰিছিল। মই সঁচাকৈয়ে দ্বিধাগ্ৰস্ত হৈ পৰিছিলো যে এই সমূহ উন্নয়ণমূলক কাৰ্য আৰু বনাছকণ্ঠাত পানীৰ গুৰুত্ব কিমান এই কথা মই বাৰুকৈয়ে জানো; কিন্তু এই পৰিস্থিতিৰ মাজত ইয়াত কাৰ্যক্ৰম কৰিমেই নে নকৰিম! কিন্তু আপোনালোকৰ প্ৰতি থকা মোৰ চেনেহ আৰু আপোনালোকৰ মোৰ প্ৰতি থকা মৰম, আৰু কৰ্তব্যৰ সৈতে বন্ধা মোৰ সংস্কাৰৰ বাবে মই মন দৃঢ় কৰি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। বনাছকণ্ঠাকে ধৰি সমগ্ৰ উত্তৰ গুজৰাটৰ বাবে কেৱল পানীৰ প্ৰকল্পৰ নামতেই আঠ হাজাৰ কোটি টকাৰ পৰিযোজনা। এই পৰিযোজনসমূহৰ জৰিয়তে আমাৰ বনাছকণ্ঠা, পাটন জিলা, মেহছাণাকে ধৰি প্ৰায় ছখন জিলাৰ এক হাজাৰৰো অধিক গাঁও আৰু দুইলাখ হেক্টৰ মাটিত জলসিঞ্চনৰ সুবিধা উপলব্ধ হ’ব। আমাৰ গুজৰাটৰ ৰাইজতো সমস্যাৰ মাজেৰেই ডাঙৰ হৈ আহিছে। দহবছৰৰ ভিতৰত সাতটা বছৰেই আমি খৰাঙৰ উতপীড়ন সহ্য কৰিবলগীয়া হৈছিল আৰু ভূমিকম্পৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল, কিন্তু এই গুজৰাটৰ লোকসকলৰ কৰ্তব্যনিষ্ঠা, জনতাৰ স্বভাৱৰ বাবেই তেওঁলোকৰ হাতত যি সংসাধনেই উপলব্ধ আছিল, তাৰেই তেওঁলোকে সদায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। কেতিয়াও শান্তিৰে বহিব পৰা নাই। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে আৰু পৰিণাম প্ৰাপ্ত কৰাৰ বাবে সকলো প্ৰয়াস কৰিছে, আৰু আমাৰ ৰাজ্যৰ বনাছকণ্ঠাতো ইয়াৰ জীৱন্ত সাক্ষীয়েই হয়। ২০-২৫ বছৰৰ আগৰ যদি কথা কওঁ, তেন্তে আমাৰ ইয়াত বনাছকণ্ঠা আৰু সমগ্ৰ পট্টেত যি পৰিস্থিতি আছিল, তাৰ বিপৰীতে আজি ইয়াত যি উন্নয়ণ হৈছে, এই যে পৰিৱৰ্তন হৈছে সেয়া স্পষ্ট ৰূপতে পৰিলক্ষিত হ’বলৈ ধৰিছে, আৰু আগৰ দিনবোৰো আমি পাহৰিব নোৱাৰো, আৰু আমি সকলোৱে মিলি পৰিশ্ৰম কৰিলে নিশ্চয় কৈ সু-পৰিণাম লাভ কৰিব পাৰিম, এই কথা আমি পাহৰি যাব নোৱাৰো।
এফালে কচ্চৰ মৰুভূমি, আনফালে আমাৰ ইয়াত ফেব্ৰুৱাৰী মাহ শেষ হ’লেই ধূলি উৰিবলৈ আৰম্ভ কৰেই। সকলোৱে বৰষুণৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হয়, আৰু গৰমতো খুবেই অসহণীয় হৈ উঠে। বিজুলী, পানীকে ধৰি কিমানবোৰ যে সমস্যা আছিল, আৰু যদি কেতিয়াবা দুই-এজাক বৰষুণ আহেও, তেন্তে এক-দুইমাহ পাৰ হৈ যায়। এই উত্তৰ গুজৰাটৰ হাজাৰ হাজাৰ গাঁৱত পানী যদি পোৱাও যায় সেয়াও আকৌ ফ্লোৰাইড মিহলি হৈ থকাহে হয়, আৰু সেই পানী যদি খোৱা হয় তেন্তে পৰণিতি কি হয় সেই কথা আপোনালোকে জানেই, আমাৰ উত্তৰ গুজৰাটত আপোনালোকে চাবচোন, সকলোৰে দাঁতবোৰ হালধীয়া হৈ যায়। জন্মৰ পৰাই এনে লাগে যে এওঁৰ দাঁতবোৰ হালধীয়া হৈ গ’ল। হাড়বোৰ দুৰ্বল হৈ পৰে। ভৰ যৌৱনতে যেন বুঢ়া হৈ পৰে, এনে লাগে। এনেবোৰ সমস্যা, তাতে পানীও এনেকুৱা আৰু এই পানীৰ সমস্যাই খেতিয়কৰ জীৱনকো সমস্যাৰে জৰ্জৰিত কৰি তুলিছিল। ইয়াত যদি কোনোবাই মাটি-বাৰী বিক্ৰী কৰিবলৈও ওলাই, তেওঁলোকে গ্ৰাহক পোৱাটোহে ভাগ্যৰ কথা আছিল। এনেকুৱা দিন আছিল, আৰু আমি তলত ‘ব’ৰৱেল’ স্থাপন কৰি পানী উঠোৱাৰ প্ৰয়াস কৰিছিলো। বিজুলীৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছিল, আন্দোলন কৰিবলগীয়া হৈছিল আৰু মোদীৰ পুত্তলিকা দাহ কৰিছিল। এইবোৰ আমি কৰিছিলো, কিয়নো আগৰ দিনত মানুহে আশাই এৰি দিছিল, কিন্তু বন্ধুসকল যেতিয়া আপোনালোকৰ সেৱক হৈ, আপোনালোকৰ বন্ধু হৈ আপোনালোকৰ সমস্যাবোৰ উপলব্ধি কৰি শুভচিন্তাৰে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰাৰ ফলত কঠিনৰো কঠিন লক্ষ্যও আমি প্ৰাপ্ত কৰিব পাৰিলো। ২০ বছৰৰ আগতে মই মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ বাবে আপোনালোক সকলোৱে দায়িত্ব অৰ্পণ কৰিছিল আৰু তেতিয়া সমস্যাৰ আচল উত্স আমি চিনি উলিয়াইছিলো, আৰু জল-সংৰক্ষণত আমি গুৰুত্ব প্ৰদান কৰিছিলো। আনহাতে আমি যদি মাটিৰ পৰা পানী তুলিয়েই থাকো আৰু ‘ব’ৰৱেল’ৰ গভীৰতা বঢ়ায়েই থাকো, কিন্তু মই সম্পূৰ্ণ শক্তি পানীত লগাইছিলো। বৰষুণৰ পানী যাতে সমুদ্ৰলৈ যাব নোৱাৰে, তাৰ বাবে ‘চে’ক ডেম’ৰ মাধ্যমেৰে পুখুৰীৰ গভীৰতা বঢ়াইছিলো আমাৰ ‘সুজলম সুফলম যোজনা’ৰ মাধ্যমেৰে।
মোৰ মনত আছে যেতিয়া আমাৰ এই ‘সুজলম সুফলম যোজনা’ আৰম্ভ হৈছিল, তেতিয়া কংগ্ৰেছৰ নেতাসকলেও মোক কৈছিল “চাহাব আমিতো কেতিয়াও ভবাও নাছিলো, আমাৰ সম্পূৰ্ণ জীৱনত ইয়ালৈ ইমানকৈ পানী আহিব আৰু আমি অলপ হ’লেও উত্পাদন কৰিবগৈ পৰা হ’ম, এনে ভাল দিন আমাৰ জীৱনলৈ আহিব কোনোবাদিনা। এনেকুৱা হ’ব বুলি আমিও ভবা নাছিলো”। এই ধৰণৰ কথা মোক কংগ্ৰেছৰ লোকসকলে প্ৰায়েই কৈছিল। আমি ‘ৱাসমো যোজনা’ যুগুতাইছিলো, গাঁৱে গাঁৱে ‘জল সমিতি’বোৰ গঠন কৰিছিলো আৰু তাতো মই মহিলাসকলক দায়িত্ব অৰ্পণ কৰিছিলো, আৰু এই সকলো প্ৰয়াসৰ পৰিণাম এয়ে হৈছিল যে বনাছকাণ্ঠাই হওক অথবা আমাৰ সমগ্ৰ উত্তৰ গুজৰাটেই হওক, বা কচ্চই হওক, যাৰ কথা ভাবি আমি চিন্তিত হৈছিলো সেই পানীৰ এটা এটা টোপাল জমা হৈছিল আৰু টোপটোপকৈ পৰা জলসিঞ্চন যোজনাৰে প্ৰতিটো টোপালৰ সদ্ব্যৱহাৰ হৈছিল, ‘পাৰ ড্ৰপ ম’ৰ ক’ৰ্প’-ৰ মন্ত্ৰ আওৰাই কৃষি, পৰ্যটন, আদি ক্ষেত্ৰত অসাধ্য সাধন কৰিছিলো। এফালে আমাৰ ‘বনাছ দেৱী’ আৰু আনফালে ১০০ মেগাৱাটৰ ‘আল্ট্ৰা মেগা সৌৰশক্তিৰ প্ৰকল্প’। আপোনালোকে চাওকচোন আনফালে ‘নলৰ জৰিয়তে জল’, অলপ আগতে ঋষিকেশ ভায়ে কৈ আছিল যে খোৱা পানী পাইপৰে গৈ সকলো ঘৰতে উপলব্ধ হওক, ৰোগ-ব্যাধিৰ পৰা হাত সৰাৰ, হাড়ৰ ব্যাধিৰ পৰা হাত সৰাৰ কাম কৰিব পাৰিছো আৰু এই সকলোবোৰ কামত বনাছকণ্ঠাই যেনেদৰে সহযোগিতা আগবঢ়াইছে, আজি এই সুযোগতে মই বনাছকণ্ঠাক মূৰ দোৱাই বন্দনা কৰিব খুজিছো।
আজিৰ সভাত যিসকল বয়সষ্ঠ লোক উপস্থিত আছে, তেওঁলোকে ভালকৈয়ে জানে যে, ১৭-১৮ বছৰৰ আগতে, মুখ্যমন্ত্ৰী হৈছিলো, তেতিয়া এই অঞ্চলৰ অগ্ৰণীসকলৰ সৈতে বহি পানীৰ বিষয়ে আলোচনা কৰিছিলো। আৰু তেওঁলোকক কৈছিলো যে ইয়াৰ সকলোবোৰ খেতি পথাৰ পুখুৰীৰ দৰেই ভৰি যায়, এয়া বন্ধ কৰাওক, ইয়াৰ পৰিৱৰ্তে টোপাটোপে সৰি পৰা জলসিঞ্চন যোজনাক আদৰি লওক। তেতিয়া সেইসকল লোকে মোৰ কথা শুনি ভাবিছিল এওঁৰনো খেতি-বাতি সম্পৰ্কে কি জ্ঞান আছে! এই চাহ বিক্ৰী কৰা মানুহটোৱে খেতি-বাতিৰ কথা বাৰু কি জানিব! কিন্তু, মই তেওঁলোকৰ লগ এৰি দিয়া নাছিলো, বৰং ভালকৈয়ে তেওঁলোকৰ লগত লাগি গৈছিলো আৰু মোৰ বাবে সন্তোষৰ কথা এই যে বয়োজ্যেষ্ঠসকলে মোৰ কথা মানিছিল আৰু আজি বনাছকণ্ঠাত টোপাটোপে পৰা অৰ্থাত্ ‘টোপাল জলসিঞ্চন’ৰ, সুক্ষ্ম জলসিঞ্চনৰ ক্ষেত্ৰত সমগ্ৰ দেশতে নিদৰ্শনমূলক ভাবে কাম কৰিবলৈ সক্ষম হৈছে। আৰু এনে কাম কৰি দেখুৱাইছে যে সমগ্ৰ দেশেই আকৰ্ষিত হ’বলৈ বাধ্য হৈছে। সত্যৰ পথ কিমান বিশাল হয়, এয়া তাৰেই উদাহৰণ। আমাৰ এই প্ৰয়াসবোৰক বিশ্বৰ বহুবোৰ সংস্থাই পুৰস্কৃত কৰিছে আৰু আজি চাওক, ইয়াত ক্ষেত্ৰ বিকাশৰ কাহিনী লিখিবলৈ লৈছে। আজি বনাছকাণ্ঠাৰ চাৰি লাখ হেক্টৰ মাটিত ‘টোপাল জলসিঞ্চন যোজনা’ৰে কাম চলি আছে আৰু তাৰ ফলত আমাৰ ইয়াত পানীৰ স্তৰ আৰু তললৈ অৱনমিত হোৱাৰ পৰা ৰক্ষা পৰিল আৰু আমি যে আমাৰ জীৱনেই বচাব পাৰিছো, সেয়াই নহয়, বৰং যি সকল শিশু ভৱিষ্যতে জন্ম হ’ব তেওঁলোকৰ জীৱন বচোৱাৰ পূণ্যৰ কামো আমি কৰিছো আৰু সেয়ে মোৰ বনাছকাণ্টাই হওক, পটানেই হওক অথবা মেহছানাই হওক, সেই সকলোকে সহজ ভাবে পণিপাত জনাবলৈ মোৰ মন গৈছে। আৰু আপোনালোক আটায়ে এই সকলোখিনি কাম কৰি সেই সময়ত ৰাজস্থানৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল, আৰু যিগৰাকী এতিয়াও ৰাজস্থানৰ মুখ্যমন্ত্ৰী হৈ আছে, আৰু যিগৰাকীয়ে এই অলপ সময় আগতে আপোনালোকৰ ইয়ালৈ আহি নিৱেদন কৰিছিলহি যে, তেওঁ মোলৈ পত্ৰ লিখি এই ‘সুজলম সুফলম যোজনা’ৰ বিৰোধিতা কৰিছিল। তেতিয়া মই তেওঁক কৈছিলো যে বনাছকাণ্ঠা পানীৰ সমস্যাৰে জৰ্জৰিত হৈ আহিছে মোৰ ভাই! আপুনি মোৰ বিৰুদ্ধে যি মন যায় তাকেই কৰক, মই কিন্তু ‘সুজলম সুফলম যোজনা’ ৰূপায়ণ কৰিমেই; আৰু মই কৰিছিলোও। ১৯-২০ বছৰত ‘সুজলম সুফলম যোজনা’ৰ পিচত বহু শ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰিচাৰ্জ কেনেল’ৰ নিৰ্মাণো হ’ল আৰু মাটিত পানীৰ স্তৰ ওপৰলৈ উঠিবলৈ ধৰিলে। আৰু আমি পানীৰ ৰাহিও কৰিবলগীয়া আছিল, সেয়ে পাইপলাইনৰ ব্যৱহাৰ কৰা হৈছিল। পুখুৰীবোৰ ভৰাই তোলাৰ বাবে পাইপেৰে পানী লৈ যোৱাৰ দিহা কৰা হৈছিল। আৰু এতিয়াতো দুটা পাইপ লাইন এনেকুৱাকৈ নিৰ্মাণ কৰা হ’ব যে ইয়াৰ সহায়েৰে ১০০০ৰো অধিক গাঁৱৰ পুখুৰীবোৰ পানীৰে ভৰোৱা হ’ব। আমাৰ ‘মুক্তেশ্বৰ ডেম’, ‘কড়মাৱা পুখুৰী’ দুয়োটাকে পাইপলাইনেৰে সংযোজিত কৰি পানীৰে পূৰ্ণ কৰা হ’ব, মোৰ ভাইসকল। ওখ ঠাইসমূহতো পানীৰ প্ৰয়োজনীয়তা আছে, সেয়ে আমি বিজুলী-চালিত ডাঙৰ পাম্পৰ জৰিয়তে পানী উত্তোলিত কৰি লৈ যোৱাৰ ব্যৱস্থা কৰিম আৰু সকলোকে বিতৰণ কৰিম মোৰ ভাইসকল। এই আমাৰ কংগ্ৰিজ, দিওধৰ তহচিলৰ সমস্যাসমূহৰ পৰাও আমি ৰাইজক মুক্ত কৰিম। আমাৰ বাঊ, সুমিশ্ৰী গাঁও আৰু তহচিল আদি ওখ ঠাইত থকা এলেকা; নলাৰে সেইবোৰ ঠাইলৈ পানী নিব পৰা নাযাব। এতিয়া সুই গাঁৱৰ সমস্যাও আঁতৰি যাব, আৰু মাতা নৰ্মদাৰ পানী মুখ্য কেনেল আৰু ডিষ্টিবিউশ্যন কেনেলৰ নেটৱৰ্কৰো নিৰ্মাণ হ’ব, ইয়াৰ ফলত ৱজহ গাঁও, সুই গাঁও তহচিলসহ বহু ডজন গাঁও পানীৰে পৰিপূৰ্ণ হৈ উঠিব। আমাৰ ‘কথাৰা দন্তেৱাড়া পাইপলাইন’, পাটন আৰু বনাছকণ্ঠাৰ ছখন তহচিলৰো বহুত লাভ হ’ব, মোৰ ভাইসকল।
আগন্তুক সময়ত ‘মুক্তেশ্বৰ ডেম’ আৰু ‘কড়মাৱা পুখুৰী’লৈ আই নৰ্মদাৰ পানী আহিব। তাৰ ফলত বনাছকণ্ঠা, ৱড়গাম, খেৰালু, পাটন, সিদ্ধপুৰ, মেহছানা আদি অঞ্চলসমূহত পানীৰ সমস্যা কম কৰিব পৰা যাব। আমি গুজৰাটৰ মানুহে পানীৰ গুৰুত্ব কিমান সেয়া বুৰুকৈয়ে জানো। আমাৰ গুজৰাট আৰু ৰাজস্থানৰ মানুহে এয়া ভালকৈয়ে জানো। আমাৰ ইয়াত যদি কোনোবাই পানী খুৱাই, তেন্তে সেয়া পূণ্য বুলিয়ে গ্ৰহণ কৰা হয়। যদি কোনোবাই পানীখোৱা থলী নিৰ্মাণ কৰায়, তেন্তে গোটেই গাঁওখনেই তেওঁক সেৱকী হিচাপে গণ্য কৰে। যদি কোনোবাই গাঁৱৰ প্ৰৱেশদ্বাৰৰ কাষত থকা গছৰ তলত কলহ এটা থয়, আৰু আন কোনোবাই যদি সেই কলহটোত দিনৌ পানী ভৰাই ৰাখে, তেন্তে গাঁওবাসীয়ে গৌৰৱৰে কয় এওঁলোক সেৱকী, এওঁলোকে পানীখোৱা থলী নিৰ্মাণ কৰিছে বুলি সাধুবাদ দিয়ে। আমি ৰুদ্ৰধামৰ কথা নিশ্চয় শুনিছো নহয়নে, আৰু পানীৰ কথা ওলালেই সেই ধামৰ কথা নিশ্চয়কৈয়ে আলোচনালৈ আহেই। আৰে দূৰলৈ যোৱাৰ কাৰণেই নাই, আমাৰ ‘লাখা বণজাৰা’ক নো বাৰু কোনে পাহৰিব পাৰে; আৰু সেই বাবেই আজি য’তেই পানী-দুনীৰ কাম চলে তাতেই; কোনেনো লাখা বনজাৰাৰ মুখ দেখিছে, না তেওঁৰ গাঁও দেখিছে। ‘লাখা বনজাৰা’ বুলি কেৱল এটি নাম শুনিছে, তথাপিও তেওঁ যে এটা সৰু কুঁৱা খন্দাইছিল, সেই কামটোৰ বাবেই আজি শ শ বছৰৰ পিচতো তেওঁক আমি পাহৰিব খোজা নাই। এটুপি পানী দিয়া কথাটোক এক পূণ্যৰ কাম হিচাপেই গণ্য কৰা হয়। আৰু মই ভাবো যে এইগৰাকী ‘লাখা বনজাৰা’ যদি আজি নিৰ্বাচনত থিয় দিলেহেতেন, পৃথিৱীৰ কোনো শক্তিয়েই তেওঁক হৰুৱাব নোৱাৰিলেহেতেন। এয়াই পানীৰ শক্তি! যিয়ে পানী আনে, তেওঁ অমৃত আনে, তেওঁ গোটেই সমাজখনকে অজেয় কৰি তোলে। আৰু পানীৰ, জলশক্তিৰ আশীৰ্বাদ কামত আহে।
ভাই-ভনীসকল,
পানীৰ বাবেই আজি খোতি-বাতিৰ পৰা পশুপালনলৈ সকলো ক্ষেত্ৰতে বহু সম্ভাৱনা সৃষ্টি হৈছে। ফলমূল, শাক-পাচলি, আনকি খাদ্য-সংসাধন আদি ব্যাপক হাৰত বাঢ়িবলৈ ধৰিছে।কিছুদিন আগতে মই আপোনালোকৰ ‘বনাছ ডেইৰী’লৈ আহিছিলো, তাত আলুৰ প্ৰছেচিং-ৰ বিশাল আয়োজন চলিবলৈ লৈছে। ভাৰত চৰকাৰেও ‘ফুড-প্ৰছেচিং’-ৰ বাবে বহুবোৰ সহযোগিতা আগবঢ়াই আহিছে। ‘সখী মণ্ডল’, ‘কিষাণ উদ্যোগ সংঘ’ আৰু তাৰ মাজৰো যিসকল লোক এই প্ৰমূল্য-শৃংখলৰ আওতালৈ আহে, ‘ফুড-প্ৰছেচিং’-ৰ আওতালৈ আহে তেওঁলোকক আমি সহয়োগিতা আগবঢ়াও। সেয়া লাগিলে ‘ক’ল্ডষ্টৰেজ’ নিৰ্মাণ কৰাই হওক, অথবা ‘ফুড-প্ৰছেচিঙ’ৰ প্ৰকল্প স্থাপন কৰাই হওক, ভাৰত চৰকাৰে সৰু সৰু সংগঠনসমূহকো সহয়োগিতা আগবঢ়াই মোৰ কিষাণ ভাইসকলৰ শক্তি বঢ়োৱাৰ কাম কৰি আছে। আজি যিধৰণে ‘ডেইৰী’ৰ মাধ্যমেৰে ক্ষুদ্ৰ পশুপালকসকলৰ অংশীদাৰিত্ব বাঢ়িবলৈ ধৰিছে, সেইদৰেই ফল-মূল আৰু শাক-পাচলি উত্পাদন কৰা কৃষকসকলৰো শক্তি বৃদ্ধি কৰাৰ বাবে আমি সহয়োগিতা আগবঢ়াই আছো।
ভাই-ভনীসকল,
বহু দশক ধৰি দুদৰ্শাগ্ৰস্ত হৈ অহা আমাৰ এই অঞ্চলটো আজি দেশৰ ‘সুৰক্ষা কৱচ’ হিচাপে পৰিগণিত হ’বলৈ ওলাইছে। এতিয়া চাওকচোন আপোনালোকৰ সৈতে মই ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ডীছাত এটা কাৰ্যক্ৰম কৰাৰ সুযোগ পাইছিলো। ডীছাত বায়ু সেনাৰ বহুত ডাঙৰ কেন্দ্ৰ আছে। তাৰ শিলান্যাস হৈ গৈছে, বহু হাজাৰ কোটি টকাৰ বিনিয়োগ হবলৈ আগবাঢ়িছে আৰু এই সমগ্ৰ অঞ্চলটো সুৰক্ষাৰ বহুত ডাঙৰ কেন্দ্ৰত পৰিণত হ’ব, তাৰ সুবাদত বহুত নতুন কৰ্মসংস্থানৰ সৃষ্টি হ’ব। আপোনালকে চাওকচোন নাড়েবাটত সীমা-দৰ্শনৰ কাম কৰিছিলো আৰু সমগ্ৰ হিন্দুস্থানৰে এনে লাগিছিল যে সীমান্তৰ কোনো গাঁৱত কেনেকৈ বিকাশ কৰা হৈছে, তাৰ যদি উদাহৰণ চাব খুজিছে, তেন্তে নাড়েবাটলৈ আহি সেয়া প্ৰত্যক্ষ কৰিব পাৰিব। আমি দূৰ-দূৰণিৰ গাঁওসমূহত ‘এনচিচি’, সীমান্তৱৰ্তী গাঁওসমূহত ‘ভাইব্ৰেণ্ট ভিলেজ যোজনা’ ৰূপায়িত কৰিছো। সীমান্তৱৰ্তী গাঁৱৰ বাবে ভাৰত চৰকাৰে বিশেষ বাজেট প্ৰদান কৰিছে।
ভাই-ভনীসকল,
‘ডাবল ইঞ্জিন’ৰ চৰকাৰে এই সকলো প্ৰত্যন্ত এলেকাৰ গাঁওসমূহৰ বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কৰি আছে আৰু সেয়ে ‘ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ’-ৰ কথা আমি আমাৰ বাজেটত ঘোষণা কৰিছিলো আৰু এই যোজনাৰে গাঁওসমূহক সংযোজিত কৰিছিলো। বনাছকণ্ঠাৰ প্ৰায় সকলো ক্ষেত্ৰই এই কাৰ্যক্ৰমৰ সুফল লাভ কৰিব পাৰিব। আৰু এটা কথা মই কবই লাগিব, আপোনালোকে চাগৈ জানেই যে কিছুদিন আগতে মই ভূজলৈ আহিছিলো। ভূজৰ ভূমিকম্পত যিসকল লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল, তেওঁলোকৰ সোঁৱৰণত কচ্চৰ ‘ভুজিয়া ডুংৰী’ত ‘স্মৃতি বন’ বিকশিত কৰিছিলো। সমগ্ৰ গুজৰাটত ১৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। তাৰ মাজত বনাছকণ্ঠা আৰু পাটনৰ লোকো আছিল। তেওঁলোকৰো নাম তাত খোদিত কৰা হৈছে। তেওঁলোকৰ নামৰে তাত একোটা গছৰ পুলি লগোৱা হৈছে আৰু পৃথিৱীৰ মানুহে এয়া চাবলৈ আহিবলৈ ধৰিছে। তাত এটা স্মাৰক নিৰ্মাণ কৰা হৈছে। মই বনাছকাণ্ঠা আৰু পটান জিলাৰ ৰাইজসকলক অনুৰোধ কৰিম যে যিসকল লোকে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱাইছিল, আপোনালোক এবাৰ তালৈ যাব। ‘বনাছ ডেইৰী’য়ে এই কাম ভালকৈ কৰিব পাৰিব তাত গৈ আপোনালোকে পুষ্পাঞ্জলি অৰ্পণ কৰাওকগৈ, তেওঁলোকৰ হাতৰে এই কাম কৰালে তেওঁলোকেও ভাল পাব, অন্ততঃ চৰকাৰে তেওঁলোকক পাহৰি যোৱা নাই বুলি ভাবিব পাৰিব। ২০ বছৰৰ পিচতো তেওঁলোকক মনত পেলাই কাম কৰিছে। এনে বহুত কামে ৰাষ্ট্ৰৰ গৌৰৱ বঢ়াই আহিছে, সৰ্ব-সাধাৰণ জনতাৰ বিশ্বাস বঢ়াই তেওঁলোকৰ বাবে ‘ডাবল ই়্জিন’ চৰকাৰে কাম কৰি আহিছে।
আমাৰ এষাৰ মন্ত্ৰ হৈছে- “সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাস সকলোৰে প্ৰয়াস”। গৰীব-দুখীয়া, দলিত, বঞ্চিত আথবা আদিবাসী যিয়েই নহওক কিয় সকলোৰে বিকাশৰ বাবে আমি কাম কৰিব লাগিব। গুজৰাটে আৰম্ভণিৰ পৰাই এই এষাৰ মন্ত্ৰে আওৰাই আগবাঢ়ি গৈছে। “ভাৰতৰ বিকাশৰ বাবে গুজৰাটৰ বিকাশ”। ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ বাবে গুজৰাটকো বিকশিত কৰিবই লাগিব। উন্নত ৰাজ্য হিচাপে পৰিগণিত হৈ আমি আগবাঢ়িব লাগিব। এই কামকে আমি কৰি আছো। আপোনালোকে চাগৈ দেখিছেই যে কালি বড়ৌদাত আমি বিমান নিৰ্মাণৰ কাম আৰম্ভ কৰিছো। এটা সময় আছিল যেতিয়া চাইকেল এখনো নিৰ্মিত হোৱা নাছিল। আজিতো বিমানৰ নিৰ্মাণ হৈছে, এয়া আনন্দৰ কথা নহয় জানো! ইয়াক লৈ গৌৰৱ কৰিব পৰা যায় নে নাযায়! আপোনালোকৰ ল’ৰা-ছোৱালীহঁতৰ ভাল হ’বনে নহয়, এনে নালাগেনে বাৰু! আৰু সেয়ে এই বিকাশ-যাত্ৰাক যতি পৰিবলৈ নিদিব। কিছুমান মানুহৰ আকৌ এইবোৰ দেখিলে সমস্যা হয়, মই সকলোবোৰ বাতৰিকাকতো চাবলৈ পোৱা নাই, কিন্তু আজি দুখন কাকত চাইছিলো, এই দুখন কাকতত কংগ্ৰেছৰ বিজ্ঞাপন আছে, এতিয়া আপোনালোকেই কওকচোন চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী, আৰু কাকতত কংগ্ৰেছৰ বিজ্ঞাপন আৰু চৰ্দাৰ চাহাবৰ বিষয়ে ‘চ’ পৰ্যন্ত উল্লেখ কৰা নাই। এয়া আপোনালোকৰ চৰ্দাৰ চাহাব, যিগৰাকী ব্যক্তি নেহৰু চাহাবৰ চৰকাৰত গৃহমন্ত্ৰী আছিল, ভাৰতৰ ইমান ডাঙৰ এগৰাকী নেতা আছিল, কংগ্ৰেছৰ ইমান ডাঙৰ নেতা আছিল, তেওঁৰ জয়ন্তীত আপোনালোকে গুজৰাটত বিজ্ঞাপন দিয়ে, তাত আকৌ চৰ্দাৰ চাহাবৰ কোনো ছবি নাই, কোনো নাম নাই, তাৰ ঠাইত আকৌ কয় বোলে ‘আমি সকলোকে সংযোজিত কৰিম’! প্ৰথমে চৰ্দাৰ চাহবকতো জড়িত কৰক। ইমান অপমান। কংগ্ৰেছৰ চৰ্দাৰ বল্লভ ভাই পেটেলক লৈ কি সমস্যা আছে। গুজৰাটে চৰ্দাৰ চাহাবৰ অপমানক কেতিয়াও সহ্য নকৰে বন্ধুসকল, কিন্তু তেওঁলোকৰ কোনো কেৰেপেই নাই। কিমান বিদ্বেষৰে ভৰি আছে মন যে তেওঁলোকে এনেবোৰ কাম কৰি আছে।
ভাই-ভনীসকল,
আমি গুজৰাটক আগুৱাই নিব লাগিব, চৰ্দাৰ চাহাবৰ পথ আৰু আশীৰ্বাদৰে আগুৱাই নিব লাগিব। আৰু, গুজৰাটে সম্পূৰ্ণ উত্সাহৰে আগবাঢ়ক আৰু মোৰ আগন্তুক প্ৰজন্মসমূহো যাতে শক্তিসমৃদ্ধ হ’ব পাৰে তেনে এক সময়কে গঢ়ি তুলিব লাগিব, তাৰ বাবে আমি কাম কৰিব লাগিব। মোৰ সৈতে সকলোৱে কওকচোন-
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
বহুত বহুত ধন্যবাদ!
***
DS/VJ/DK/AK/KB
(Release ID: 1873374)