পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

‘ৰাজহুৱা খণ্ডৰ তৈল বিপণন প্ৰতিষ্ঠান’(অ’এমচি)সমূহে ইথানল ক্ৰয়ৰ বাবে ‘ইথানল ব্লেণ্ডেড পেট্ৰোল (ইবিপি)প্ৰগ্ৰাম’-ৰ অধীনত গ্ৰহণ কৰিব লগা পদ্ধতিলৈ কেবিনেটৰ অনুমোদন


‘ইথানল যোগান বৰ্ষ’(ইএছওৱাই) ২০২২-২৩ৰ বাবে ‘ৰাজহুৱাখণ্ডৰ কিউএমচি’-সমূহলৈ যোগান ধৰা ইথানল নিৰ্দ্ধাৰিত মূল্যৰ পুনৰীক্ষণ

Posted On: 02 NOV 2022 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অ্থনৈতিক পৰিক্ৰমা সংক্ৰান্তীয় কেবিনেট কমিটি’ৰ বৈঠকত আগন্তুক ১ ডিচেম্বৰ ২০২২ৰ পৰা ৩১ অক্টোবৰ ২০২৩লৈ জোৰা ‘ইএছওৱাই-২০২২-২৩’ৰ, ‘কুঁহিয়াৰৰ বতৰ’ছোৱাৰ বাবে ‘ইবিপি কাৰ্যক্ৰম’ৰ অধীনত বিভিন্ন কুঁহিয়াৰ ভিত্তিক কেঁচা সামগ্ৰীৰ পৰা উত্পাদিত ইথানলৰ উচ্চ নিৰিখ নিৰ্দ্ধাৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱা হয়। সেই অনুসৰি:

ক) ‘চি হেভী মলাছেছ ৰুট’’ৰ পৰা ইথানলৰ দাম ৪৬.৬৬ টকা প্ৰতি লিটাৰৰ পৰা ৪৯.৪১টকালৈ বৃদ্ধি কৰা হৈছে,

খ) ‘বি হেভী মলাছেছ ৰুট’ৰ ইথানলৰ দাম ৫৯.০৮ টকা প্ৰতি লিটাৰৰ পৰা ৬০.৭৩ টকা প্ৰতি লিটাৰলৈ বৃদ্ধি কৰা হৈছে,

গ) ‘কুঁহিয়াৰৰ ৰস/চেনী/চেনীৰ চিৰাপ ৰুট’ৰ পৰা নিষ্কাষিত ইথানলৰ দাম ৬৩.৪৫ টকা প্ৰতি লিটাৰৰ পৰা ৬৫.৬১ টকা প্ৰতি লিটাৰলৈ বৃদ্ধি কৰা হৈছে,

ঘ) ইয়াৰ বাবদত ধৰ্য্য হ’বলগীয়া ‘জিএছটি’ আৰু পৰিবহণ মাচুলো অতিৰিক্ত ভাবে আদায় দিব লাগিব।

সকলোবোৰ ডিষ্টিলাৰীয়েই এই আঁচনিৰ লাভ আদায় কৰাৰ সুবিধা পাব আৰু এইবোৰৰ বৃহত্ সংখ্যকেই ‘ইবিপি কাৰ্যক্ৰম’ৰ অধীনত ইথানল যোগানৰ উদ্যোগ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। যোগান ধৰা ইথানলৰ বাবদ আদায় দিবলগীয়া উত্সাহজনক নিৰিখৰ সুবাদত কুঁহিয়াৰ খেতিয়কসকলৰ পাওনাও সোণকালেই মোকলাই দিব পৰা যাব বাবে সামগ্ৰিক ভাবে কুঁহিয়াৰ খেতিয়কসকলে সন্মুখীন হৈ অহা অসুবিধা বহু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে।

 

***

DS/KB



(Release ID: 1873275) Visitor Counter : 92