গৃহ মন্ত্ৰালয়

গৃহ মন্ত্ৰালয়ে বিশেষ অভিযান ২.০ সফলতাৰে সম্পন্ন কৰে

Posted On: 01 NOV 2022 12:05PM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে দুই অক্টোবৰ, ২০২২ৰ পৰা ৩১ অক্টোবৰ, ২০২২লৈকে চলা বিশেষ অভিযান ২.০ক সফলতাৰে সম্পন্ন কৰে। বিশেষ অভিযান ২.০ৰ ক্ৰমত ১১,৫৫৯টা স্থানত চাফাই অভিযান চলোৱা হয়, য'ত জনোপযোগী ইণ্টাৰফেচযুক্ত ক্ষেত্ৰীয় তথা আউট-ষ্টেচন কাৰ্যালয় অন্তৰ্ভুক্ত আছিল। সাংসদ সন্দৰ্ভ, সংসদীয় আশ্বাস, আইএমচি সন্দৰ্ভ, ৰাজ্য চৰকাৰৰ সন্দৰ্ভ, পিএমঅ' সন্দৰ্ভ, লোক অভিযোগ আৰু পিজি এপীলসহ বিভিন্ন লম্বিত গোচৰৰো ফলপ্ৰসু নিষ্পত্তি কৰা হয়।

বিশেষ অভিযান ২.০ৰ সময়ছোৱাত মন্ত্ৰালয় তথা তাৰ সম্পৃক্ত/অধীনস্থ কাৰ্যালয়বোৰত সমীক্ষাৰ বাবে মুঠ ৫.১৫ লাখ ফাইল চিনাক্ত কৰা হয়। ইয়াৰে ৪.৭৭ লাখ ফাইলৰ সমীক্ষা কৰা হয় আৰু ২.৮১ লাখ ফাইলৰ অন্তিম নিষ্কাশন কৰা হয়।

স্ক্ৰেপৰ নিষ্কাশনৰ পৰা এতিয়ালৈকে ১,৪০,৯৯,৫১০ টকা আয় হোৱাৰ তথ্য আছে। ইয়াৰ উপৰিও ৯০,৫২৫ বৰ্গ ফুট ঠাই খালী কৰি চাফা কৰা হৈছে।

বিশেষ অভিযান ২.০ৰ প্ৰস্তুতিৰ সময়ত মুঠ ৫,১২৬টা লোক অভিযোগ আৰু আপীল চিনাক্ত কৰা হৈছিল, যিবোৰ নিষ্পত্তি কৰিবলগা আছিল। ইয়াৰে ৪,৭০৮টা লোক অভিযোগ আৰু আপীল ফলপ্ৰসু ৰূপত নিষ্পত্তি কৰা হৈছে।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, দিল্লী পুলিচ আৰু সম্পৃক্ত/অধীনস্থ কাৰ্যালয়বোৰৰ দ্বাৰা দুহাজাৰৰো অধিক টুইট কৰা হয়, যাৰ ২০০টা টুইট মন্ত্ৰালয়ৰ পিআইবি টুইটাৰ হেণ্ডেল @PIBHomeAffairsৰ পৰা ৰী-টুইট কৰা হয়।

***

NW/AK/AS



(Release ID: 1872700) Visitor Counter : 91