প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১০ লাখ পাৰ্ছনেলৰ নিয়োগ অভিযান-ৰোজগাৰ মেলা উদ্বোধন প্ৰধানমন্ত্ৰীৰ


“আমাৰ কৰ্মযোগীসকলৰ প্ৰচেষ্টাৰ বাবে চৰকাৰী বিভাগসমূহৰ কাৰ্য্যকাৰিতাৰ বৰ্ধন ঘটিছে”

“বিগত ৮ টা বছৰে সাধন কৰা সংস্কাৰাজিৰ ফলশ্ৰুতিত আজি ভাৰত ৫ম বৃহত্তম অৰ্থনীতি হৈ পৰিল”

“দেশখনত পূৰ্বে অধিক মাত্ৰাত আত্ম-সংস্থাপনৰ কাৰ্য্যক্ৰম ৰূপায়ণ কৰা হোৱা নাছিল”

“আমি দেশখনৰ যুৱক-যুৱতীসকলক আমাৰ সৰ্ববৃহৎ শক্তি হিচাপে গণ্য কৰিছো”

“কেন্দ্ৰীয় চৰকাৰে একে সময়তে একাধিক ক্ষেত্ৰত কাম কৰি অধিক নিয়োগৰ সৃষ্টি কৰিছে”

“একবিংশ শতিকাৰ ভাৰতত চৰকাৰী সেৱাই, সময়োচিতভাৱে সেৱা প্ৰদান আৰু কাম সম্পূৰ্ণৰ অংগীকাৰক সূচিত কৰে”

“সদায় কাৰ্য্যালয়ৰ দুৱাৰদলিত ভৰি দিয়েই নিজৰ ‘কৰ্তব্য পথ’ ৰ কথা মনত ৰাখিব”

Posted On: 22 OCT 2022 1:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ১০ লাখ পাৰ্ছনেলৰ নিয়োগ অভিযান-ৰোজগাৰ মেলা উদ্বোধন কৰে। এই অনুষ্ঠানত নতুনকৈ নিয়োগ লাভ কৰা ৭৫,০০০ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

নিযুক্তি লাভ কৰাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ধনতেৰাছৰ শুভেচ্ছা জনায়। “আজি দেশখনত যোৱা ৮ বছৰে অব্যাহত নিয়োগ আৰু আত্ম-সংস্থাপনমূলক অভিযানৰ সৈতে ৰোজগাৰ মেলাৰ ৰূপত এক নতুন সংযোগৰ সৃষ্টি হৈছে”, তেখেতে কয়। প্রধানমন্ত্রীগৰাকীয়ে কয় যে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত কেন্দ্রীয় চৰকাৰখনে এক কার্য্যক্ৰমৰ অধীনত ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। “আমি বিভাগসমূহৰ মাজত সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰকল্প সম্পূৰ্ণৰ সামূহিক প্ৰৱণতা গঢ় লৈ উঠিবলৈ এবাৰতে নিযুক্তি পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো”, ৰোজগাৰ মেলাৰ উদ্দেশ্য ব্যাখ্যা কৰি তেখেতে এইদৰে কয়। আগন্তুক দিনসমূহতো প্ৰাৰ্থীসকলে সময়ে-সময়ে চৰকাৰখনৰপৰা নিযুক্তি পত্ৰ লাভ কৰিব। “মই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকে ধৰি একাধিক এনডিএ-শাসিত আৰু বিজেপি-শাসিত ৰাজ্যয়ো একেধৰণৰ মেলা আয়োজনৰ প্ৰস্তুতি চলোৱা কথাটোত সন্তোষ পাইছো”, তেখেতে লগতে কয়।

এই নিয়োগৰ সময়ৰ তাৎপৰ্য্য উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰাসকলক উদ্দেশ্যি কয় যে অমৃত কালত, এখনি উন্নত ভাৰতৰ সংকল্প পূৰণ কৰিবলৈ আমি আত্ম-নিৰ্ভৰ ভাৰতৰ পথত অগ্ৰসৰ হৈছো। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাত উদ্ভাৱক, উদ্যোগী, উদ্যোগপতি, কৃষক আৰু উৎপাদন আৰু সেৱা ক্ষেত্ৰৰ লোকসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সবকা প্ৰয়াসৰ গুৰুত্বৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই যাত্ৰাত সকলোৰে প্ৰচেষ্টা অতিশয় গুৰুত্বপূৰ্ণ আৰু সকলো গুৰুত্বপূৰ্ণ সুবিধাই সকলোকে স্পৰ্শ কৰা মাত্ৰেকেহে সবকা প্ৰয়াসৰ উদ্দীপনা বাস্তৱায়িত হ’ব।

তেখেতে কয় যে যোৱা কেইমাহমানত খালী হোৱা লাখ-লাখ পদ পূৰণৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ আৰু নিযুক্তি পত্ৰ প্ৰদান কৰা কাৰ্য্যই যোৱা ৭-৮ বছৰত চৰকাৰী ব্যৱস্থাত সাধন হোৱা পৰিৱৰ্তনৰ সাক্ষ্য বহন কৰিছে। “আজি কৰ্ম সংস্কৃতি সলনি হৈছে”, তেখেতে কয়। “আমাৰ কৰ্মযোগীসকলৰ প্ৰচেষ্টাৰ বাবে চৰকাৰী বিভাগসমূহৰ কাৰ্য্যকাৰিতাৰ বৰ্ধন ঘটিছে”, তেখেতে লগতে কয়। তেখেতে এটা চৰকাৰী চাকৰিৰ বাবে জটিল আবেদন প্ৰক্ৰিয়া আৰু বাছনিত পক্ষপাতিত্ব আৰু দুৰ্নীতিৰ প্ৰয়োভৰ ঘটা সময়ৰ কথা উল্লেখ কৰে। তেখেতে কয় যে তেখেতৰ চৰকাৰৰ প্ৰাৰম্ভিক বছৰকেইটাত গ্ৰহণ কৰা পদক্ষেপৰাজি যেনেঃ স্ব-প্ৰমাণীকৰণ (self-attestation) ৰ ব্যৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি পদত সাক্ষাৎকাৰৰ বিলুপ্তি সাধনে যুৱক-যুৱতীসকলক সহায় কৰিছে।

আজি ভাৰত ৫ম সৰ্ববৃহৎ অৰ্থনীতি হৈ উঠিছে। যোৱা ৮ টা বছৰে সাধন কৰা সংস্কাৰৰ ফলশ্ৰুতিত এই কৃতিত্ব অৰ্জন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যোৱা ৭-৮ বছৰতে ১০ম স্থানৰপৰা ৫ম স্থানলৈ অগ্ৰগতি লাভৰ কথা উল্লেখ কৰে। দেশখনে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰাজিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এনে নেতিবাচক প্ৰভাৱ দক্ষতা সহকাৰে নিয়ন্ত্ৰণ কৰিব পাৰে। “এনে সম্ভৱ হোৱাৰ কাৰণ হৈছে যোৱা ৮ টা বছৰত আমি দেশখনৰ অৰ্থনীতিত বাধা সৃষ্টিকাৰী অভাৱসমূহৰপৰা মুক্তি লাভ কৰিছো”, তেখেতে কয়।

কৃষি, ব্যক্তিগত খণ্ড আৰু এমএছএমই ৰ দৰে অতিশয় চাকৰি-নিবিড় (job-intensive) খণ্ডসমূহৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক উজ্জ্বল ভৱিষ্যতৰ বাবে ভাৰতৰ যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাৰ প্ৰসংগৰ আলোকপাত কৰে। “আজি আমি যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছো। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত দেশখনৰ উদ্যোগসমূহৰ প্ৰয়োজনীয়তা অনুসৰি যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ নিমিত্তে এক বৃহৎ অভিযান অব্যাহত আছে”, তেখেতে কয়। ‘স্কিল ইণ্ডিয়া’ অভিযানৰ অধীনত ১.২৫ কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। সমগ্ৰ দেশখনতে কৌশল বিকাশ কেন্দ্ৰসমূহৰ লগতে শতাধিক উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে বুলি তেখেতে অৱগত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ড্ৰোন নীতিৰ উদাৰীকৰণ, মহাকাশ নীতি মুকলি আৰু মুদ্ৰা যোজনাৰ অধীনত ২০ লাখ কোটি টকাৰ ঋণ আগবঢ়োৱাৰ দৰে পদক্ষেপৰাজিয়ে এই প্ৰক্ৰিয়াটোক অধিক আগুৱাই নিছে। “দেশখনত এনে মাত্ৰাত আত্ম-সংস্থাপনৰ কাৰ্য্যক্ৰম কেতিয়াও ৰূপায়ণ কৰা হোৱা নাছিল”, তেখেতে কয়।

আত্মসহায়ক গোটসমূহৰ কথা উল্লেখ কৰি তেখেতে লগতে কয় যে খাদী আৰু গ্ৰামোদ্যোগসমূহে গ্ৰামাঞ্চলসমূহত নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে। দেশখনত পোন প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ মূল্যই ৪ লাখ কোটি টকা অতিক্ৰমৰ লগতে খাদী আৰু গ্ৰামোদ্যোগসমূহে ৪ কোটিৰো অধিক নিয়োগৰ সৃষ্টি কৰিছে। তেখেতে কয়, “এই ক্ষেত্ৰত আমাৰ বহু সংখ্যক ভগ্নীৰ এক বৃহৎ ভূমিকা আছে।“

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ষ্টাৰ্ট-আপ ইণ্ডিয়া অভিযানে সমগ্ৰ বিশ্বতে দেশখনৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰাজিকে প্ৰতিষ্ঠা কৰিছে। একেদৰে, মহামাৰীটোৰ সময়ত এমএছএমই সমূহকো যথেষ্টখিনি সহায় কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিত প্ৰায় ডেৰ কোটি চাকৰি সুৰক্ষিত হৈছিল। এমজিএনৰেগাই দেশখনৰ ৭ কোটি লোকৰ বাবে নিয়োগ প্ৰশস্ত কৰিছে বুলিও তেখেতে লগতে কয়।

২১ শতিকাত দেশখনৰ বাবে আটাইতকৈ অভিলাষী প্ৰকল্পৰাজি হৈছে ‘মেক ইন ইণ্ডিয়া’ আৰু আত্মনিৰ্ভৰ ভাৰত। আজি দেশখন বহু ক্ষেত্ৰত ক্ৰমবৰ্ধমান আমদানিকাৰীৰপৰা অতিশয় বৃহৎ ৰপ্তানিকাৰীলৈ পৰ্য্যবসিত হৈছে। এনে একাধিক খণ্ডত ভাৰত আজি বিশ্বৰ হাব হোৱাৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে। তেখেতে কয় যে এনে অভিলেখ পৰিমাণৰ ৰপ্তানিয়ে নিয়োগ বৃদ্ধিৰে বলিষ্ঠ ইংগিত বহন কৰিছে।

“চৰকাৰে উৎপাদন আৰু পৰ্যটনত নিয়োগৰ বৃহৎ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত উভয় খণ্ডতে ব্যাপক কাৰ্য্যসূচী গ্ৰহণ কৰিছে”, তেখেতে কয়। বিশ্বৰ ভিন্ন প্ৰান্তৰ কোম্পানীসমূহে ভাৰতলৈ আহি নিজৰ ফেক্টৰী স্থাপনেৰে বিশ্বৰ চাহিদা পূৰণৰ ক্ষেত্ৰত প্ৰক্ৰিয়াসমূহ সৰল কৰি তোলা হৈছে। উৎপাদনৰ ভিত্তিত ইনচেনটিভ প্ৰদান কৰিবলৈ চৰকাৰখনে পিএলআই আঁচনিৰো শুভাৰম্ভ কৰিছে। যিমানেই উৎপাদন বেছি, সিমানেই ইনচেনটিভ, এয়াই ভাৰতৰ নীতি। ইয়াৰ ফলাফল আজি বহু খণ্ডত ইতিমধ্যে দৃশ্যমান হৈছে। যোৱা কেইবছৰমানৰ ইপিএফঅ’ৰ তথ্যয়ো নিয়োগ সন্দৰ্ভত চৰকাৰখনৰ নীতিয়ে পৰিস্থিতিৰ উন্নতি সাধনৰ কথাকে প্ৰতিফলিত কৰিছে। তেখেতে উল্লেখ কৰে যে দুদিন পূৰ্বৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ আগষ্টত প্ৰায় ১৭ লাখ লোকে ইপিএফঅ’ত যোগদানেৰে এতিয়া দেশখনৰ আনুষ্ঠানিক অৰ্থনীতিৰ এক অংশ হৈ পৰিছে। তেখেতে প্ৰায় ৮ লাখ এনে লোক ১৮ ৰপৰা ২৫ বছৰ বয়সৰ বুলি জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনিৰ বৰ্ধনেৰে নিয়োগ সৃষ্টিৰ পন্থাটো সন্দৰ্ভত আলোকপাত কৰে। তেখেতে সদৰী কৰা অনুসৰি, যোৱা আঠ বছৰত সমগ্ৰ দেশখনতে হাজাৰ-হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু সমগ্ৰ দেশখনতে ৰে’লপথৰ দ্বৈতকৰণ, গজৰ ৰূপান্তৰ আৰু বৈদ্যুতীকৰণৰ কাম অহৰহ অব্যাহত আছে। তেখেতে আৰু কয় যে দেশখনত নতুন-নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে, ৰে’ল ষ্টেচনসমূহৰ আধুনিকীকৰণ কৰা হৈছে, নতুন জলপথ মুকলি কৰা হৈছে। “পিএম আৱাস যোজনাৰ অধীনত তিনি কোটিৰো অধিক গৃহ নিৰ্মাণ কৰা হৈছে”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰখনে একে সময়তে বহু ক্ষেত্ৰত কাম কৰি দেশখনত অধিক সংখ্যক নিয়োগৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনিৰ ক্ষেত্ৰত এশ লাখ কোটিৰো অধিক টকা ব্যয়ৰ লক্ষ্যৰে ভাৰত চৰকাৰে কাম কৰি আছে। তেখেতে স্থানীয় পর্য্যায়ত যুৱক-যুৱতীসকলৰ বাবে লাখ-লাখ নিয়োগৰ সুযোগ সৃষ্টিৰে বৃহৎ পৰিসৰত উন্নয়নমূলক কাম-কাজ অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বাস, আধ্যাত্মিকতাৰ ক্ষেত্ৰত আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহৰ কথা উল্লেখ কৰে। তেখেতে কয় যে আধুনিক আন্তঃগাঁথনিৰ বাবে কৰা কামসমূহে পৰ্যটন খণ্ডটোকো এক নতুন শক্তি প্ৰদানৰ লগতে প্ৰত্যন্ত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সৰ্ববৃহৎ শক্তি ৰাষ্ট্ৰখনৰ যুৱক-যুৱতীসকলৰ হাতত আছে। এয়া হৈছে আজাদী কা অমৃত কালত এখনি উন্নত ভাৰত গঢ়াৰ চালিকা শক্তি। প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰাসকলক সদায় কাৰ্য্যালয়ৰ দুৱাৰেদি সোমোৱাৰ সময়ত তেওঁলোকৰ ‘কৰ্তব্য পথ’ ৰ কথা মনত ৰাখিবলৈ আহ্বান জনায়। “দেশখনৰ নাগৰিকসকলক সেৱা কৰিবলৈ আপোনালোকক নিযুক্তি প্ৰদান কৰা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ২১ শতিকাত ভাৰত চৰকাৰৰ চাকৰিসমূহ কেৱল ব্যক্তিগত সুবিধা লাভৰ বিষয় নহয় বৰঞ্চ এয়া দেশখনৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণলৈ সময়োচিতভাৱে সেৱা আগবঢ়োৱাৰ এক দায়িত্ব আৰু এটি সোণালী সুযোগ বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ সম্বোধনৰ সামৰণি মাৰে।

 

পটভূমি

যুৱক-যুৱতীসকলক নিয়োগৰ সুবিধা প্ৰদান আৰু নাগৰিকৰ কল্যাণ সুনিশ্চিতকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰন্তৰ অংগীকাৰ পৰিপূৰণৰ ক্ষেত্ৰত আজিৰ এই পদক্ষেপ উল্লেখযোগ্য হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসাৰে, সকলো মন্ত্ৰালয় আৰু বিভাগে মিছন ম’ডত অনুমোদিত পদৰ বিপৰীতে বৰ্তমানৰ খালী পদ পূৰণৰ অৰ্থে কাম কৰি আছে।

দেশখনৰ ভিন্ন প্ৰান্তৰ নতুনকৈ নিযুক্তি লাভ কৰাসকলে ভাৰত চৰকাৰৰ ৩৮ টা মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। নিযুক্তি লাভ কৰাসকলে ভিন্ন পদত যোগদান কৰিব যেনেঃ গ্ৰুপ – এ, গ্ৰুপ – বি (ৰাজপত্ৰিত), গ্ৰুপ – বি (অৰাজপত্ৰিত) আৰু গ্ৰুপ – চি। নিযুক্তি প্ৰদান কৰা পদসমূহৰ ভিতৰত আছেঃ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ পাৰ্ছনেল, উপ পৰিদৰ্শক, কনিষ্টবল, এলডিচি, ষ্টেন’, পিএ, আয় কৰ পৰিদৰ্শক আৰু এমটিএছ তথা অন্যান্য।

এই নিযুক্তিসমূহ মন্ত্ৰালয় আৰু বিভাগসমূহে নিজাববীয়াকৈ বা ইউপিএছচি, এছএছচি আৰু ৰে’লৱে নিয়োগ ব’ৰ্ডৰ দৰে নিয়োগ সংস্থাসমূহৰ জৰিয়তে মিছন ম’ডত সম্পন্ন কৰিছে। ক্ষীপ্ৰ নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণেৰে প্ৰযুক্তি-চালিত কৰি তোলা হৈছে।

 

***



(Release ID: 1870370) Visitor Counter : 165