গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰ মন্ত্ৰী অমিত শ্বাহে আজি মধ্য প্ৰদেশৰ ভূপালত দেশত প্ৰথম বাৰৰ বাবে হিন্দী মাধ্যমত ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে


আজিৰ দিনটো হৈছে দেশৰ শিক্ষা ক্ষেত্ৰৰ পুনৰ জাগৰণ আৰু পুনৰ্নিৰ্মাণৰ দিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শিক্ষানীতিত প্ৰথমিক, কাৰিকৰী আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাত মাতৃভাষাক গুৰুত্ব প্ৰদান কৰি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে

প্ৰধানমন্ত্ৰী মোদীয়ে সকলো আঞ্চলিক ভাষাত চিকিত্সা বিজ্ঞান আৰু অভিযান্ত্ৰিক শিক্ষা উপলব্ধ কৰাৰ আহ্বান জনাইছিল আৰু মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান চৰকাৰে সকলোৰে আগতে মোদী জীৰ এই ইচ্ছা পূৰণ কৰিলে

আজি মোদী জীৰ নেতৃত্বত নতুন শিক্ষা নীতিৰ মাধ্যমত আমাৰ ভাষাসমূহক গুৰুত্ব দিয়াৰ শুভাৰম্ভ হৈছে, জেইই, নীট আৰু ইউজিচি পৰীক্ষাসমূহক দেশৰ ১২টা ভাষাত আয়োজিত কৰাৰ ব্যৱস্থা কৰা হৈছে

আজিৰ পৰা আমাৰ সন্তানসকলে মাতৃভাষাত কাৰিকৰী আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাতো লাভ কৰিবই, ইয়াৰ লগতে তেওঁলোকে গৱেষণাসমূহো নিজৰ ভাষাতে কৰিব পাৰিব

২১ শতিকাত কিছু শক্তিয়ে ‘ব্ৰেইন ড্ৰেইন’ৰ সূত্ৰ গ্ৰহণ কৰিছিল আৰু আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ব্ৰেইন ড্ৰেইন’ৰ সূত্ৰক ‘ব্ৰেইন গেইন’ৰ সূত্ৰলৈ পৰিৱৰ্তিত কৰি আছে

বিদ্যাৰ্থীসকলক ভাষাগত হীনমন্যতাবোধৰ পৰা বাহিৰলৈ অনা উচিত কিয়নো আজি দেশত নৰেন্দ্ৰ মোদী জ

Posted On: 16 OCT 2022 4:54PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰ মন্ত্ৰী অমিত শ্বাহে আজি মধ্য প্ৰদেশৰ ভূপালত দেশত প্ৰথম বাৰৰ বাবে হিন্দী মাধ্যমত ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে। এই অনুষ্ঠানত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো হৈছে দেশৰ শিক্ষা ক্ষেত্ৰৰ পুনৰ জাগৰণ আৰু পুনৰ্নিৰ্মাণৰ দিন। স্বাধীনতাৰ অমৃত কালত ভাৰতৰ চিকিত্সা ক্ষেত্ৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ বুলি অভহিত কৰা এই দিনটোক আগন্তুক সময়ত সোণালী আখৰেৰ লিখা হব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শিক্ষানীতিত প্ৰথমিক, কাৰিকৰী আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাত মাতৃভাষাক গুৰুত্ব প্ৰদান কৰি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো আঞ্চলিক ভাষাত চিকিত্সা বিজ্ঞান আৰু অভিযান্ত্ৰিক শিক্ষা উপলব্ধ কৰাৰ আহ্বান জনাইছিল আৰু মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান চৰকাৰে সকলোৰে আগতে মোদী জীৰ এই ইচ্ছা পূৰণ কৰিলে।

শ্ৰী শ্বাহে কয় যে আজি মোদী জীৰ নেতৃত্বত নতুন শিক্ষা নীতিৰ মাধ্যমত আমাৰ ভাষাসমূহক গুৰুত্ব দিয়াৰ শুভাৰম্ভ হৈছে, জেইই, নীট আৰু ইউজিচি পৰীক্ষাসমূহক দেশৰ ১২টা ভাষাত আয়োজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ আজিৰে পৰা আমাৰ সন্তানসকলে মাতৃভাষাত কাৰিকৰী আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাতো লাভ কৰিবই, ইয়াৰ লগতে তেওঁলোকে গৱেষণাসমূহো নিজৰ ভাষাতে কৰিব পাৰিব বুলিও অভিমত ব্যক্ত কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰথমে মধ্য প্ৰদেশতে ভালকৈ আৰম্ভ কৰিছে। তেওঁ বিদ্যাৰ্থীসকলক কয় যে যিকোনো মানুহেই প্ৰথমে নিজৰ ভাষতহে কথাবোৰ ভাবে, আৰু মাতৃভাষাত কোৱা কথাহে হৃদয়ত ভালকৈ সোমাইগৈ। সেয়ে পঢ়া-শুনা আৰু গৱেষণাও যদি মাতৃভাষাৰ জৰিয়তেই সম্ভৱ কৰিব পৰা যায় তেন্তে ভাৰতৰ বিদ্যাৰ্থীসকলে পৃথিৱীত গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰিব বুলি মন্তব্য কৰে।

শ্ৰী শ্বাহে কয় যে ২১ শতিকাত কিছু শক্তিয়ে ‘ব্ৰেইন ড্ৰেইন’ৰ সূত্ৰ গ্ৰহণ কৰিছিল আৰু আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ব্ৰেইন ড্ৰেইন’ৰ সূত্ৰক ‘ব্ৰেইন গেইন’ৰ সূত্ৰলৈ পৰিৱৰ্তিত কৰি আছে।

তেওঁ বিদ্যাৰ্থীসকলক ভাষাগত হীনমন্যতাবোধৰ পৰা বাহিৰলৈ অনা উচিত বুলি উল্লেখ কৰি কয় যে, কিয়নো আজি দেশত নৰেন্দ্ৰ মোদী জীৰ চৰকাৰ আছে আৰু আপোনালোকে নিজৰ ভাষাত আপোনালোকৰ সামৰ্থ্যৰ প্ৰদৰ্শন কৰিব পৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005B6VW.jpg

প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব-মঞ্চত তেওঁৰ ভাষণ ৰাজভাষা হিন্দীত প্ৰদান কৰি সমগ্ৰ পৃথিৱীকে এটা বাৰ্তা দিছে, যেতিয়া মোদী জীয়ে বিশ্ব-মঞ্চত হিন্দীত কথা কয়, তেতিয়া দেশৰ যুৱক-যুৱতীসকলৰ আত্মবিশ্বাস বৃদ্ধি হয় বুলি অভিমত ব্যক্ত কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কাৰিকৰী আৰু চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত বহুবোৰ পৰিৱৰ্তন সাধন কৰিছে বুলি উল্লেখ কৰা গৃহমন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে ২০১৪ত চিকিত্সা মহাবিদ্যালয় আছিল ৩৮৭খন, যি বাঢ়ি আহি ৫৯৬খন হৈছেহি, এমবিবিএছ-ৰ আসনৰ সংখ্যা ৫১ হাজাৰৰ পৰা বাঢ়ি হৈছেহি ৭৯ হাজাৰ, আইআইটি ১৬ খনৰ পৰা বাঢ়ি ২৩খন হ’ল, আইআইএম ১৩খনৰ পৰা ২০খন আৰু আইআইআইটি ৯ খনৰ পৰা হৈছেহি ২৫খন।

সেইদৰে, ২০১৪ চনত দেশত ৭২৩খন বিশ্ববিদ্যালয় আছিল যাৰ সংখ্যা বঢ়াই ১০৪৩খন কৰাৰ কাম নৰেন্দ্ৰ মোদী চৰকাৰে কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006PM9U.jpg

শ্ৰী শ্বাহে কয়, মোদী জীৰ দ্বাৰা অনা নতুন শিক্ষা নীতিৰ মাধ্যমেৰে আমাৰ ভাষাসমূহৰ গৌৰৱক প্ৰতিস্থা কৰা আৰু ইয়াৰ জৰিয়তেই কাৰিকৰী, চিকিত্সা বিজ্ঞান আৰু আইনৰ শিক্ষা দান কৰাৰ ব্যৱস্থা সমগ্ৰ দেশতে কৰিলে দেশত ক্ষমতাৰ ক্ৰান্তি আহিব। ভাষা আৰু বৌদ্ধিক ক্ষমতাৰ পৰস্পৰৰ মাজত কোনো সম্বন্ধ নাই উল্লেখ কৰি তেও কয়, ভাষা হৈছে কেৱল অভিব্যক্তি প্ৰকাশৰ মাধ্যম, ইফালে বৌদ্ধিক ক্ষমতা ল’ৰা-ছোৱালীহঁতক ঈশ্বৰে প্ৰদান কৰে যাক শিক্ষাৰ জৰিয়তে উজলাই তুলিব পৰা যায়।

আজিৰ এই আৰম্ভণিৰে গৱেষণাৰ ক্ষেত্ৰত ভাৰতে বিশ্বত বহুদূৰ আগুৱাই যাব পাৰিব আৰু আমাৰ ল’ৰা-ছোৱালীহঁতৰ বৌদ্ধিক সামৰ্থ্যকো বিশ্বই চিনিব পাৰিব বুলি আশা প্ৰকাশ কৰে গৃহ মন্ত্ৰী শ্ৰী শ্বাহে।

 

***



(Release ID: 1868456) Visitor Counter : 148