প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ সন্মিলন ২০১৯ উপলক্ষে ‘ৰাছিয়া-ভাৰত-চীন’ (আৰআইচি) নেতাসকলৰ অনানুষ্ঠানিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ অনুবাদ

Posted On: 28 JUN 2019 3:33PM by PIB Guwahati

মহামহিম তথা মোৰ বন্ধু ৰাষ্ট্ৰপতি জি আৰু ৰাষ্ট্ৰপতি পুটিন,

যোৱা বছৰ আৰ্জেণ্টিনাত আমি তিনিওখন দেশৰ এখন সন্মিলন পৰ্যায়ৰ বৈঠক আছিল।

বিশ্বৰ প্ৰধান বিষয়সমূহৰ ওপৰত উপযোগী মত বিনিময়ৰ পিছত আমি ভৱিষ্যতে পুনৰ লগ হ’বলৈ সন্মত হ’লোঁ৷

আজি এই আৰআইচি অনানুষ্ঠানিক সন্মিলনলৈ আপোনালোকক আদৰণি জনাবলৈ পাই মই অতি আনন্দ অনুভৱ কৰিছো।

বিশ্বৰ আগশাৰীৰ অৰ্থনীতি হিচাপে আমাৰ মাজত, বিশ্বৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ আমাৰ ত্ৰিপাক্ষিক বৈঠক হৈছে বিশ্বৰ ডাঙৰ ডাঙৰ বিষয়সমূহৰ ওপৰত আলোচনা আৰু সমন্বয়ৰ বাবে এক উপযোগী মাধ্যম।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চীনত আমাৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত বহু বিষয়ত মত বিনিময় হৈছিল। ইয়াত সন্ত্ৰাসবাদ বিৰোধী প্ৰসাৰ, আন্তঃৰাষ্ট্ৰীয় হট স্পট বিষয়, বহুপাক্ষীবাদৰ সংস্কাৰ সাধন, জলবায়ু পৰিৱৰ্তন আৰু আৰআইচিৰ অধীনত সহযোগিতা আদি বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল।

এতিয়া মহামহিম ৰাষ্ট্ৰপতি জিক মুকলি ভাষণ দিবলৈ অনুৰোধ জনাইছো।

(ৰাষ্ট্ৰপতি জিৰ মুকলি ভাষণৰ পিছত)

ধন্যবাদ ৰাষ্ট্ৰপতি জি।

এতিয়া মহামহিম ৰাষ্ট্ৰপতি পুটিনৰ মুকলি ভাষণৰ বাবে অনুৰোধ জনাইছো।

ধন্যবাদ ৰাষ্ট্ৰপতি পুটিন।

********

DS/LP/DB



(Release ID: 1868092) Visitor Counter : 69