ৰাষ্ট্ৰপতি সচিবালয়

অসমত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি; আইআইটি গুৱাহাটীত উচ্চ শক্তিৰ মাইক্ৰ'ৱেভ উপাদানৰ ডিজাইন আৰু বিকাশৰ বাবে চুপাৰ কম্পিউটাৰ সুবিধা আৰু পৰীক্ষাগাৰ উদ্বোধন কৰে আৰু আৰু ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় মুকলি কৰে; লগতে এনআইভি-ৰ দুটা আঞ্চলিক প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে

দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতক নেতৃত্বশালী কৰি তুলিবলৈ অধিক গৱেষণা আৰু বিকাশৰ প্ৰচাৰ কৰা উচিত: ৰাষ্ট্ৰপতি মূৰ্মু

Posted On: 13 OCT 2022 6:22PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি (১৩ অক্টোবৰ, ২০২২) আইআইটি গুৱাহাটীত উচ্চ শক্তিৰ মাইক্ৰ'ৱেভ উপাদানৰ ডিজাইন আৰু বিকাশৰ বাবে ছুপাৰ কম্পিউটাৰৰ সুবিধা পৰম-কামৰূপা আৰু পৰীক্ষাগাৰ উদ্বোধন কৰে। তেওঁ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় মুকলি কৰে আৰু এই উপলক্ষে অসমৰ ডিব্ৰুগড় আৰু মধ্যপ্ৰদেশ জবলপুৰত ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰ (এনআইভি) দুটা আঞ্চলিক প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নিচেই কম সময়ৰ ভিতৰতে আইআইটি গুৱাহাটীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ইয়াৰ সাফল্যৰ দ্বাৰা অঞ্চল আৰু দেশক গৌৰৱান্বিত কৰি তুলিছে। কেইদিনমান পূৰ্বে আইআইটি গুৱাহাটীয়ে ভাৰতীয় সেনাৰ বাবে ব্যয়সাধ্য আৰু বহনক্ষম প্ৰতিৰক্ষা আন্তঃগাঁথনি বিকাশৰ বাবে এটা ৩-ডি প্ৰিণ্টযুক্ত চেণ্ট্ৰী পোষ্ট নিৰ্মাণ কৰা বাবে সন্তোষ প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আইআইটি গুৱাহাটী হৈছে এক জ্ঞান কেন্দ্ৰ যি উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগৰ সমস্যা আৰু অন্যান্য প্ৰত্যাহ্বানৰ বাবে প্ৰযুক্তি সমাধান প্ৰদান কৰিব পাৰে। যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ এয়াই একমাত্ৰ আইআইটি, এনে পৰিপ্ৰেক্ষিতত আইআইটি গুৱাহাটীয়ে অঞ্চলটোৰ অন্যান্য প্ৰতিষ্ঠানসমূহৰ প্ৰতিপালন, আমাৰ সীমা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰতিৰক্ষা বাহিনীৰ সৈতে কাম কৰা আৰু অঞ্চলটোত প্ৰাকৃতিক দুৰ্যোগৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ প্ৰযুক্তিগত সমাধান প্ৰদান কৰাৰ দায়িত্ব বহন কৰিব লাগিব। তেওঁ প্ৰতিষ্ঠানটোক উদ্ভাৱনক উৎসাহিত কৰিবলৈ, অত্যাধুনিক প্ৰযুক্তিত স্বদেশীকৰণৰ দিশত কাম কৰিবলৈ, দক্ষতা বিকাশৰ পথ প্ৰদান কৰিবলৈ আৰু আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাত আগভাগ ল'বলৈ আহ্বান জনায়।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক অধিক সংখ্যক গৱেষণা আৰু বিকাশৰ বাবে আহ্বান জনায় যাতে ভাৰতে প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিব পাৰে, সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে লাভজনক হৈ উঠিব পাৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-এ স্পষ্টভাৱে স্বীকাৰ কৰিছে যে আজিৰ আৰ্থ-সামাজিক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে উচ্চ মানদণ্ডৰ আন্তঃশাখা গৱেষণাৰ প্ৰয়োজন যি ভাৰতত প্ৰণয়ন কৰিব লাগিব আৰু ইয়াক আমদানি কৰিব নোৱাৰি। তেওঁ কয় যে শিক্ষানুষ্ঠানসমূহত গৱেষণা আৰু উদ্ভাৱন, বিশেষকৈ উচ্চ শিক্ষাত নিয়োজিত লোকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ উল্লেখ কৰে যে ভাৰতৰ গৱেষণা আৰু জ্ঞান সৃষ্টিৰ এক প্ৰাচীন ঐতিহাসিক পৰম্পৰা আছে আৰু একবিংশ শতিকাত ভাৰতক গৱেষণা আৰু উদ্ভাৱনৰ নেতৃত্ব দিবলৈ ইয়াক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলে উন্নয়নৰ দিশত বৃহৎ অগ্ৰগতি লাভ কৰিছে আৰু অঞ্চলটোৰ লোকসকলক উচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা আৰু শিক্ষা ব্যৱস্থা প্ৰদান কৰাৰ বাবে অতুলনীয় প্ৰচেষ্টা চলাই আছে। তেওঁ উল্লেখ কৰে যে অসম চৰকাৰে আইআইটি গুৱাহাটীক এখন উন্নত মাল্টিস্পেচিয়েলিটি চিকিৎসালয় স্থাপনৰ বাবে সমৰ্থন আগবঢ়াইছে। তেওঁ কৈছিল যে ই দেশৰ আন সন্মানীয় প্ৰতিষ্ঠানসমূহৰ বাবে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত এক আৰ্হি হিচাপে কাম কৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰকল্প আৰু ইয়াৰ প্ৰণয়নৰ ফলস্বৰূপে অঞ্চলটোৰ অগ্ৰগতিয়ে ভাৰতক প্ৰযুক্তিগতভাৱে উন্নত ৰাষ্ট্ৰ আৰু এক সামগ্ৰিক সমাজ হিচাপে গঢ়ি তোলাৰ বাবে এক ভেঁটি স্থাপন কৰিব। তেওঁ কয় যে আমি সকলোৱে জানো যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সূৰ্য প্ৰথমে উদয় হয় আৰু তাৰ পিছত সমগ্ৰ দেশতে ইয়াৰ পোহৰ বিয়পি পৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চল আমাৰ সংবিধানৰ ভাৱনাৰে দেশৰ জনসাধাৰণৰ মাজত জ্ঞান বিয়পোৱা আৰু 'বৈজ্ঞানিক মেজাজ' গঢ়ি তোলাৰ ক্ষেত্ৰত ধ্বজ্বাবাহক হ'ব লাগে।

ইয়াৰ পূৰ্বে ৰাতিপুৱা ৰাষ্ট্ৰপতিগৰাকীয়ে আগৰতলা-খোংচাং জনশতাব্দী এক্সপ্ৰেছ আৰু আগৰতলা-কলকাতা এক্সপ্ৰেছৰ বাবে আগৰতলা ৰে'ল ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে।

 

ৰাষ্ট্ৰপতিৰ ভাষণ পঢ়িবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক

 

 

*****

DS/BM/MANN



(Release ID: 1867528) Visitor Counter : 138