প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তৰ্জাতিক কংগ্ৰেছত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

Posted On: 11 OCT 2022 11:39AM by PIB Guwahati

আন্তৰ্জাতিক প্ৰতিনিধিবৃন্দ, বিশ্ব ভূ-স্থানিক খণ্ডৰ বিশেষজ্ঞসকল, সন্মানীয় অংশগ্ৰহণকাৰীসকল আৰু বন্ধুবৰ্গ। আপোনাসৱক ভাৰতলৈ স্বাগতম!

ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত আপোনালোক সকলোৰে সৈতে বাৰ্তালাপ কৰি মই আনন্দিত। এই ঐতিহাসিক অনুষ্ঠান আয়োজন কৰিবলৈ পাই ভাৰতৰ জনসাধাৰণ আনন্দিত কাৰণ আমি একেলগে আমাৰ ভৱিষ্যত গঢ়িব বিচাৰোঁ। হায়দৰাবাদত এই সন্মিলনখনৰ আয়োজন কৰা হোৱাটো অতি আনন্দৰ কথা। এই চহৰখন ইয়াৰ সংস্কৃতি আৰু ৰন্ধন প্ৰণালী, ইয়াৰ আতিথ্য আৰু উন্নত প্ৰযুক্তিৰ দৃষ্টিভংগীৰ বাবে জনাজাত।

বন্ধুসকল,

এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে 'জিঅ'-এনাবলিং দি গ'ল্ডেন ভিলেজঃ ন' ৱান ছুড বি লেফ্ট বিহাইণ্ড।' বিগত কেইবা বছৰ ধৰি ভাৰত গ্ৰহণ কৰা পদক্ষেপবোৰত এই দৃষ্টিভংগী পৰিলক্ষিত হৈছে। আমি অন্ত্যোদয়ৰ এক দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছোঁ, যাৰ অৰ্থ হৈছে অন্তিম সীমাৰ অন্তিম ব্যক্তিজনক এক অভিযানভিত্তিত শক্তিশালী কৰা। এই দৃষ্টিভংগীয়েই বৃহত্তৰ পৰ্যায়ত অন্তিম সীমা পৰ্যন্ত সবলীকৰণৰ পথত আমাক  আগুৱাই নিছে। বেংকিং পৰিসৰৰ বাহিৰৰ ৪৫০ নিযুত লোকক বেংকিং নেটৱৰ্কৰ অধীনলৈ অনা হৈছে, যি সংখ্যা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনসংখ্যাতকৈও বেছি, ১৩৫ নিযুত বীমাবিহীন লোক, যি হৈছে ফ্ৰান্সৰ জনসংখ্যাৰ প্ৰায় দুগুণ, তেওঁলোকৰ বীমা কৰা হৈছে, ১১০ নিযুত পৰিয়ালক অনাময়ৰ সুবিধা প্ৰদান কৰা হৈছে, আৰু ৬০ নিযুতৰো অধিক পৰিয়াললৈ টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতে কোনেও যাতে পিছ পৰি নৰয় সেয়া নিশ্চিত কৰিছে।

বন্ধুসকল,

ভাৰতৰ এই উন্নয়ন যাত্ৰাত, প্ৰযুক্তি আৰু প্ৰতিভা হৈছে দুটা মূল স্তম্ভ। প্ৰথমে আমি স্তম্ভ হিচাপে প্ৰযুক্তিৰ দিশটো আলোকপাত কৰোঁ আহক। প্ৰযুক্তিয়ে পৰিৱৰ্তন আনিছে। আপোনাসৱৰ কিছুমানে হয়তো শুনিছে যে বাস্তৱ-সময়ৰ ডিজিটেল লেন-দেনত ভাৰতে বিশ্বৰ ১নম্বৰ স্থান দখল কৰি আছে। আপুনি যদি বাহিৰলৈ ওলাই যায়, তেতিয়াহলে দেখিব যে সৰু ব্যৱসায়ীসকলেও ডিজিটেল লেন-দেন পছন্দ কৰিছে আৰু গ্ৰহণ কৰিছে। একেদৰে, প্ৰযুক্তিৰ জৰিয়তে আমি কোভিড-১৯ৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰিছিলোঁ। আমাৰ প্ৰযুক্তি-ভিত্তিক জেএএম ট্ৰিনিটিয়ে ৮০০ নিযুত লোকক নিৰৱচ্ছিন্নভাৱে চৰকাৰৰ জনকল্যাণমূলক সুবিধাৰ সুযোগ প্ৰদান কৰিছে! আনকি বিশ্বৰ সৰ্ববৃহৎ ভেকছিন অভিযানটো এটা প্ৰযুক্তি মঞ্চৰ দ্বাৰা চালিত হৈছিল। ভাৰতত, প্ৰযুক্তি বৰ্জনৰ এজেণ্ট নহয়। ই অন্তৰ্ভুক্তিৰ এজেণ্ট। আপোনাসৱ সকলো ভূ-স্থানিক খণ্ডৰ সৈতে জড়িত লোক। আপোনাসৱে জানি অত্যন্ত সুখী হ'ব যে ভূ-স্থানিক প্ৰযুক্তিয়ে অন্তৰ্ভুক্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত পৰিচালকৰ ভূমিকা গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, আমাৰ স্বামীত্ব আঁচনিৰ কথা লওঁক। আমি গাওঁবোৰত সম্পত্তিৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰিছোঁ। এই তথ্য ব্যৱহাৰ কৰি, গাওঁবাসীয়ে সম্পত্তি কাৰ্ড লাভ কৰি আছে। দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে, গ্ৰামাঞ্চলৰ লোকসকলে মালিকীস্বত্বৰ স্পষ্ট নথি লাভ কৰিছে। আপোনালোকৰ বেছিভাগেই জানে যে বিশ্বৰ যিকোনো স্থানত সম্পত্তিৰ অধিকাৰে সমৃদ্ধি অৰ্জনৰ পথ প্ৰশস্ত কৰি তোলে আৰু এই সমৃদ্ধি আৰু গতিশীল হৈ উঠিব পাৰে যদিহে মহিলাসকল সম্পত্তিৰ মূল হিতাধিকাৰী হব পাৰে।

আমি ভাৰতত এইটোৱেই কৰি আছো। আমাৰ ৰাজহুৱা আৱাস আঁচনিয়ে প্ৰায় ২৪ নিযুত দৰিদ্ৰ পৰিয়ালক ঘৰ প্ৰদান কৰিছে। এই ঘৰবোৰৰ প্ৰায় ৭০%ই মহিলাসকল একমাত্ৰ বা যুটীয়া স্বত্ত্বাধিকাৰী। দৰিদ্ৰতা আৰু লিংগ বৈষম্য হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্যত এই পদক্ষেপবোৰে পোনপটীয়া প্ৰভাৱ পেলায়। আমাৰ উচ্চাভিলাষী প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেনে বহুমুখী আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ইয়াক ভূ-স্থানিক প্ৰযুক্তিৰ দ্বাৰা চালিত কৰা হৈছে। আমাৰ ডিজিটেল অচেন প্লেটফৰ্মে মহাসাগৰৰ ব্যৱস্থাপনাৰ বাবে ভূ-স্থানিক প্ৰযুক্তি ব্যৱহাৰ কৰি আছে।  আমাৰ পৰিৱেশ আৰু সামুদ্ৰিক পৰিৱেশ-প্ৰণালীৰ বাবে এইটো গুৰুত্বপূৰ্ণ। ভাৰতে ইতিমধ্যে ভূ-স্থানিক প্ৰযুক্তিৰ লাভালাভ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰিছে। আমাৰ দক্ষিণ এছিয়া উপগ্ৰহই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত  যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাইছে।

বন্ধুসকল,

মই আপোনালোকক কৈছিলোঁ যে ভাৰতৰ যাত্ৰাপথ প্ৰযুক্তি আৰু প্ৰতিভাৰ দ্বাৰা চালিত। এতিয়া, আমি দ্বিতীয় স্তম্ভ হিচাপে প্ৰতিভাৰ কথা আলোচনা কৰোঁ। ভাৰত হৈছে এক তৰুণ ৰাষ্ট্ৰ যাৰ উদ্ভাৱনীমূলক মনোভাৱ আছে। আমি বিশ্বৰ শীৰ্ষ ষ্টাৰ্টআপ কেন্দ্ৰসমূহৰ অন্যতম। ২০২১ চনৰ পৰা, আমি ইউনিকৰ্ণ ষ্টাৰ্টআপৰ সংখ্যা প্ৰায় দুগুণ কৰিছোঁ। ই সম্ভৱ হৈছে ভাৰতৰ যুৱ প্ৰতিভাৰ বাবে। ভাৰতে ঔপনিৱেশিক শাসনৰ পৰা মুক্তিৰ ৭৫ বছৰ উদযাপন কৰি আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ স্বাধীনতাবোৰৰ ভিতৰত এটা হ'ল উদ্ভাৱনৰ স্বাধীনতা। ভাৰতৰ ভূ-স্থানিক খণ্ডৰ বাবে ইয়াক নিশ্চিত কৰা হৈছে। আমি আমাৰ তৰুণ, মেধাৱী যুৱ সম্প্ৰদায়ৰ বাবে এই ক্ষেত্ৰ মুকলি কৰি দিছোঁ। বিগত দুই শতিকাত সংগ্ৰহ কৰা সকলো তথ্য হঠাতে মুক্ত আৰু সুলভ হৈ পৰিল। ভূ-স্থানিক তথ্যসসংগ্ৰহ, উৎপাদন আৰু ডিজিটাইজেচন এতিয়া গণতান্ত্ৰিককৰণ কৰা হৈছে। এনে ধৰণৰ সংস্কাৰবোৰ পৃথক কোনো ঘটনা নহয়। ভূ-স্থানিক ক্ষেত্ৰৰ লগতে, আমি আমাৰ ড্ৰোন খণ্ডকো শক্তিশালী কৰিছোঁ। আমাৰ মহাকাশ খণ্ডকো বেচৰকাৰী অংশগ্ৰহণৰ বাবে মুকলি কৰি দিয়া হৈছে। ভাৰততো ৫জি আৰম্ভ হৈছে। সংগৃহীত তথ্যসমূহৰ লগতে ড্ৰোন প্ৰযুক্তিৰে নতুন তথ্য সংগ্ৰহ কৰা হৈছে, মহাকাশ ক্ষেত্ৰত সক্ষমতা অৰ্জনৰ বাবে প্লেটফৰ্ম আৰু উচ্চ গতিৰ সংযোগ যুৱ ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে আগন্তুক দিনত নিৰ্ণায়ক হৈ দেখা দিব।

বন্ধুসকল,

যেতিয়া আমি কও যে কোনো পিছ পৰি ৰব নালাগে, ইয়াৰ অৰ্থ সকলো ক্ষেত্ৰতেই প্ৰযোজ্য হয়। কোভিড-১৯ মহামাৰীয়ে আমাক পৰস্পৰে পৰস্পৰৰ সৈতে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ পথ দেখুৱাইছে। উন্নয়নশীল বিশ্বৰ কোটি কোটি লোকক ৰোগ নিৰ্ণয়, ঔষধ, চিকিৎসা সঁজুলি, ভেকছিন আৰু অনেক কিছুৰ প্ৰয়োজন। তথাপিও, তেওঁলোকক তেওঁলোকৰ নিজৰ ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল। সংকটৰ সময়ত ইজনে সিজনক সহায় কৰাৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ দ্বাৰা এক প্ৰতিষ্ঠানগত দৃষ্টিভংগীৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক সংগঠনে প্ৰতিটো অঞ্চলত সম্পদসমূহক অন্তিম সীমালৈকে লৈ যোৱাৰ পথত নেতৃত্ব দিব পাৰে। আনকি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো হাতে হাত ধৰি আগবঢ়া আৰু প্ৰযুক্তি স্থানান্তৰ কৰাটোও গুৰুত্বপূৰ্ণ। আমি একে ধৰিত্ৰীৰ বাসিন্দা। মই নিশ্চিত যে আমি আমাৰ ধৰিত্ৰীক বচাবলৈ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰিক সুবিধা বিনিময় কৰিব পাৰোঁ। ভূ-স্থানিক প্ৰযুক্তিয়ে আগবঢ়োৱা সম্ভাৱনাবোৰ অন্তহীন। বহনক্ষম নগৰ উন্নয়ন, প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ আৰু মোকাবিলা কৰা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ চিহ্নিতকৰণ, বন ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা, মৰুভূমিৰ প্ৰসাৰ ৰোধ কৰা, খাদ্য সুৰক্ষা। ইয়াৰোপৰি, ভূ-স্থানিক প্ৰযুক্তিৰ জৰিয়তে আমি আমাৰ ধৰিত্ৰীৰ বাবে বহুতো কৰিব পাৰোঁ। মই আশা কৰোঁ যে এই সন্মিলনখন এনে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ বাবে এখন মঞ্চ হৈ উঠক।

বন্ধুসকল,

ৰাষ্ট্ৰসংঘৰ বিশ্ব ভূ-স্থানিক আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনে মোক আশাবাদী কৰি তুলিছে। সমগ্ৰ বিশ্বৰ ভূ-স্থানিক উদ্যোগৰ অংশীদাৰসকল একত্ৰিত হোৱাৰ লগে লগে নীতি নিৰ্মাতা আৰু শৈক্ষিক ক্ষেত্ৰৰ ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰিছে। মই নিশ্চিত যে এই সন্মিলনে গোলকীয় গাওঁখনক এক নতুন ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব।

ধন্যবাদ

 

***

DS/LP/AK/KG



(Release ID: 1867336) Visitor Counter : 160