প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত মোদীৰ শৈক্ষণিক সংকুলৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে
Posted On:
10 OCT 2022 6:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এক শৈক্ষিক প্ৰাংগন মোদী শৈক্ষণিক সংকুলৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। প্ৰকল্পটোৱে শিক্ষাৰ্থীসকলক সামগ্ৰিক বিকাশৰ বাবে সুবিধা প্ৰদান কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ফিটা কাটি ভৱনটোৰ উদ্বোধন কৰে। শ্ৰী মোদীয়ে বন্তি প্ৰজ্বলন কৰি ভৱনটো পৰিদৰ্শন কৰে ৷
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কালি মা মোধেশ্বৰীৰ দৰ্শন আৰু পূজা কৰি তেওঁ নিজকে সৌভাগ্যৱান অনুভৱ কৰে। প্ৰধানমন্ত্ৰীয়ে জেনেৰেল কৰিয়াপ্পাৰ এটা আকৰ্ষণীয় কাহিনী স্মৰণ কৰে। তেওঁ কয় যে জেনেৰেল কৰিয়াপ্পা যলৈকে গৈছিল, সকলোৱে তেওঁক সন্মানৰ বাবে অভিবাদন জনাইছিল, কিন্তু যেতিয়া তেওঁৰ গাঁৱৰ মানুহে অনুষ্ঠানৰ সময়ত তেওঁক সম্বৰ্ধনা জনায় তেতিয়া তেওঁ এক বেলেগ ধৰণৰ আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰে। এই ঘটনাৰ সৈতে এক সাদৃশ্য দেখুৱাই প্ৰধানমন্ত্ৰীয়ে তেওঁক সমাজে উভতি অহাৰ সময়ত আগবঢ়োৱা অভিবাদনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সমাজৰ সদস্যসকলক এই অনুষ্ঠানটো বাস্তৱায়িত কৰাৰ বাবে আৰু শিক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। "এইটো সঁচা যে সময়ৰ সমস্যা হৈছিল। কিন্তু আপোনালোকে লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল আৰু সকলোৱে ঐক্যৱদ্ধ হৈ এই কামক অগ্ৰাধিকাৰ দিছিল", তেওঁ এইবুলি কয়।
সমাজৰ লোকসকলে অগ্ৰগতিৰ সামান্য সুযোগ পোৱা সেই দিনবোৰৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ''আজি আমি সমাজত ব্যক্তিক নিজৰ ধৰণে আগবাঢ়ি অহা দেখিবলৈ পাওঁ।' প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শিক্ষা-ব্যৱস্থা স্থাপনৰ বাবে সকলোৱে একেলগে কাম কৰিছে আৰু এই সামূহিক প্ৰচেষ্টাই হৈছে সমাজৰ শক্তি। "পথ সঠিক আৰু এনেদৰেই সমাজৰ কল্যাণ সাধিব পাৰি", শ্ৰী মোদীয়ে লগতে কয়, "সমাজ হিচাপে তেওঁলোকে তেওঁলোকৰ সমস্যাৰ মোকাবিলা কৰা, অপমানৰ ঊৰ্ধলৈ যোৱা, কাৰো পথত হেঙাৰ নোহোৱা আদিবোৰ অতি গৌৰৱৰ বিষয়।" সমাজৰ সকলোৱে একত্ৰিত হৈ কলি যুগত নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে ৷
প্ৰধানমন্ত্ৰীয়ে সমাজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁ সমাজৰ ঋণ পৰিশোধ কৰিব লাগিব। তেওঁ লগতে কয় যে এই সমাজৰ সন্তান দীৰ্ঘদিন ধৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছে আৰু এতিয়া দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছে, কিন্তু তেওঁৰ দীঘলীয়া শাসনৰ দায়িত্বৰ মাজতো এই সমাজৰ এজনো ব্যক্তিয়ে ব্যক্তিগত কাম লৈ তেওঁৰ ওচৰলৈ অহা নাছিল। শ্ৰী মোদীয়ে সমাজৰ সংস্কাৰৰ কথা উল্লেখ কৰে আৰু তেওঁলোকক সন্মানৰ সৈতে আন্তৰিকতাৰে অভিবাদন জনায়।
প্ৰধানমন্ত্ৰীয়ে অধিকসংখ্যক যুৱক-যুৱতীয়ে ঔষধ, অভিযান্ত্ৰিক আৰু এনে ধৰণৰ অন্যান্য শাখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখি আনন্দ প্ৰকাশ কৰে । দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে শিশুৰ শিক্ষা সম্পূৰ্ণ কৰাৰ সময়ত উদ্ভৱ হ'ব পৰা কষ্টৰ বিষয়ে উল্লেখ কৰে আৰু অভিভাৱকসকলক দক্ষতা বিকাশৰ বাবে প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে দক্ষতা বিকাশে তেওঁলোকক এনেদৰে শক্তিশালী কৰে যে তেওঁলোকে কেতিয়াও পিছলৈ ঘূৰি চাব নালাগে। "যেতিয়া দক্ষতা বিকশিত হয়, তেতিয়া তেওঁলোকে কেতিয়াও পিছলৈ ঘূৰি চাব নালাগে’’, শ্ৰী মোদীয়ে লগতে কয়।
ছিংগাপুৰৰ চৰকাৰী ভ্ৰমণকালত সেই দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁক ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে নিজে স্থাপন কৰা এটা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰিবলৈ প্ৰেৰিত কৰিছিল। ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধুনিকতাৰ কথা স্মৰণ কৰি কয় যে এই প্ৰতিষ্ঠান গঠনৰ পিছত পৰিস্থিতি এনেকুৱা হৈছে যে ধনী লোকসকলে ভৰ্তি হ'বলৈ শাৰী পাতিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমাজক ইয়াৰ মহানতাৰ বিষয়েও বৰ্ণনা কৰা হৈছে আৰু এতিয়া আমাৰ সন্তানসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু গৌৰৱ অনুভৱ কৰিব পাৰে।
ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰমিকৰ প্ৰচণ্ড শক্তি আছে আৰু আমাৰ সমাজৰ এক বৃহৎ অংশই হ’ল কঠোৰ পৰিশ্ৰমী শ্ৰেণীৰ। "তেওঁলোকৰ বাবে গৌৰৱান্বিত হওক", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ প্ৰকাশ কৰি কয় যে সদস্যসকলে কেতিয়াও সমাজক কষ্ট ভোগ কৰিবলৈ দিয়া নাই বা আন কোনো সমাজৰ সৈতে কোনো বেয়া কাম কৰা নাই। "এইটো আমাৰ প্ৰচেষ্টা হ'ব, মই নিশ্চিত যে আগন্তুক প্ৰজন্মই অতি গৌৰৱেৰে আগবাঢ়িব", শ্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰি এইদৰে কয়।
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাংসদ শ্ৰী চি আৰ পাটিল তথা শ্ৰী নৰহৰি আমিন আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী জিতুভাই বাঘানী আৰু শ্ৰী মোধ বণিক মোদী সমাজ হিতবৰ্ধক ন্যাসৰ অধ্যক্ষ শ্ৰী প্ৰবীণভাই চিমনলাল মোদী এই অনুষ্ঠানত উপস্থিত আছিল।
***
DS/TS/MANN
(Release ID: 1866747)
Visitor Counter : 157
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam