তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘টেলিভিশ্বন’ আৰু ‘ডিজিটল মাধ্যম’ত এতিয়াও দেখিবলৈ পোৱা বাজি সম্পৰ্কীয় বিজ্ঞাপনৰ বিৰুদ্ধে মন্ত্ৰালয়ে জাৰি কৰিলে পৰামৰ্শাৱলী


বাজিৰ ‘অফছ’ৰ মঞ্চসমূহে বাতৰিক ‘ছাৰোগেট পণ্য’ হিচাপে গণ্য কৰে, বাতৰিৰ দোহাই দি বাজিৰ প্ৰাচাৰ কৰে

বাজি ধৰাটো দেশ জুৰি বেআইনী, এনে বিজ্ঞাপন দিলে হ’ব পাৰে শাস্তি, ডিজিটেল আৰু টেলিভিশ্বন চেনেললৈ সঁকীয়নি মন্ত্ৰালয়ৰ

বাজিৰ বিজ্ঞাপনৰে ভাৰতীয়সকলক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকক, বাজিৰ অনলাইন মধ্যস্থতাকাৰীসকললৈ মন্ত্ৰালয়ৰ পৰামৰ্শ

Posted On: 03 OCT 2022 7:38PM by PIB Guwahati

উপভোক্তা, বিশেষকৈ যুৱ-প্ৰজন্ম আৰু শিশুসকলৰ ক্ষেত্ৰত উল্লেখনীয় বিত্তীয় আৰু আৰ্থ-সামাজিক সংকট সৃষ্টিৰ আশংকা কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি দুখনকৈ সতৰ্কীকৰণ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰে এখন ব্যক্তিগত টেলিভিশ্বন চেনেলসমূহৰ প্ৰতি আৰু আনখন হৈছে অন্যান্য ডিজিটেল বাতৰি প্ৰকাশক আৰু ‘অটিটি প্লেটফৰ্ম’সমূহক উদ্দেশ্যি। এই দুয়োখন পৰামৰ্শাৱলীৰ জৰিয়তে সংশ্লিষ্ট মাধ্যমসমূহক অনলাইন বাজি(বেটিং)সম্পৰ্কীয় ‘ছাইট’সমূহৰ বিজ্ঞাপন দিয়া, কিম্বা তেনে ‘ছাইট’সমূহৰ প্ৰচাৰ হ’ব পৰা বা-বাতৰি আদিৰ অচিলাৰে বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ কঠোৰ ভাবে সতৰ্ক কৰি দিয়া হৈছে। মন্ত্ৰালয়টোৱে ইয়াৰ পূৰ্বেও বাজি সম্পৰ্কীয় ‘অনলাইন প্লেটফৰ্ম’সমূহৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ সঁকীয়াই দি ২০২২ চনৰ ২৩ জুনত পৰামৰ্শাৱলী জাৰি কৰিছিল।

শেহতীয়া ভাবে বহু সংখ্যক ক্ৰীড়া সংক্ৰান্তীয় চেনেলৰ লগতে ‘অটিটি প্লেটফৰ্ম’সমূহত ‘অফছ’ৰ অনলাইন বেটিং প্লেটফৰ্ম’সমূহৰ বিজ্ঞাপন, কিম্বা সেইসমূহৰ তথ্য সম্বলিত কৰি বাতৰি প্ৰকাশৰ জৰিয়তে ইয়াৰ প্ৰচাৰৰ প্ৰয়াস কৰাটো চৰকাৰৰ চকুত পৰিছে। পৰামৰ্শাৱলীক সাক্ষ্য-প্ৰমাণৰে সিদ্ধ কৰিবলৈ যাওতে ‘ফেয়াৰপ্লে’, ‘পাৰিমেচ্ছ’, ‘বেটৱে’, ‘উল্ফ৭৭৭’, আৰু ‘ওৱানএক্সবেট’ আদিৰ দৰে ‘অফছ’ৰ প্লেটফৰ্ম’সমূহত প্ৰত্যক্ষ আৰু ‘ছাৰোগেট’ বিজ্ঞাপন প্ৰকাশৰ তথ্য লাভ কৰা হয়।  

পৰামৰ্শাৱলীত মন্ত্ৰালয়টোৱে কয় যে ‘অনলাইন অফছ’ৰ বেটিং প্লেটফৰ্ম’সমূহে সম্প্ৰতি বাতৰি প্ৰচাৰ কৰা ‘ৱে’বছাইট’সমূহক একোটা ‘ছাৰোগেট’ৰ সামগ্ৰী ৰূপত ডিজিটেল মাধ্যমত বিজ্ঞাপন দিয়াৰ বাবে ব্যৱহাৰ কৰি আছে। এনে ধৰণৰ ঘটনাসমূহত ‘ছাৰোগেট’ বাতৰিৰ ‘ৱে’বছাইট’সমূহৰ প্ৰতীকবোৰে ‘বেটিং প্লেটফৰ্ম’সমূহৰ সৈতে চকুত লগাকৈ সাদৃশ্য বহণ কৰি অহাটো মন্ত্ৰালয়টোৱে দেখিবলৈ পাইছে। তদুপৰি, এইসমূহ ‘বেটিং প্লেটফৰ্মে’ই হওক কিম্বা বাতৰি প্ৰকাশক ‘ৱে’বছাইটে’ই হওক তেওঁলোক কোনেও কিন্তু এই পৰ্যন্ত ভাৰতৰ কোনো বিধি সংগত কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ণ কৰা নাই বুলিও মন্ত্ৰালয়টোৱে উল্লেখ কৰিছে। এনেবোৰ ‘ৱে’বছাইটে’ বাতৰি পৰিৱেশনৰ অচিলাৰে বাজি আৰু জুৱাৰ দৰে অনৈতিক কাৰ্যৰ বিজ্ঞাপনৰহে দিহা কৰি আহিছে।

মন্ত্ৰালয়টোৱে জাৰি কৰা পৰামৰ্শাৱলীত কোৱা হৈছে যে বাজি(বেটিং) আৰু জুৱা যিহেতু ভাৰতৰ প্ৰায় সকলো অংশতে অবৈধ বুলিয়ে স্বীকৃত হৈ আহিছে, সেয়ে এনেবোৰ ‘বেটিং প্লেটফৰ্ম’ আৰু ইহঁতৰ ‘ছাৰোগেট ৱে’বছাইট’বোৰে অবৈধ হ’ব। ‘২০১৯ চনৰ উপভোক্তা সুৰক্ষা আইন’, ‘কেবল টিভি নেটৱৰ্ক ৰেগুলেশ্যন আইন ১৯৯৫’ আৰু ‘আইটি ৰুলছ ২০২১’ৰ বিধি-নিৰ্দেশনাৰ আধাৰত এই পৰামৰ্শাৱলী যুগুতোৱা হৈছে। মন্ত্ৰালয়টোৱে স্পষ্ট কৰি দি কয় য়ে এনেধৰণৰ বিজ্ঞাপনসমূহে আইনৰ বিভিন্ন ধাৰাসমূহৰে সামঞ্জস্য ৰাখিব পৰা নাই আৰু সেয়ে ‘টেলিভিশ্বন চেনেল’ তথা ‘ডিজিটেল’ বাতৰি প্ৰকাশকসকলক তেনে ধৰণৰ ‘বেটিং প্লেটফৰ্ম’ আৰু এইবোৰৰ ‘ছাৰোগেট ৱে’বছাইট’সমূহৰ সন্দৰ্ভত তথ্য সম্প্ৰচাৰ নকৰিবৰ বাবে পৰামৰ্শ আগবঢ়াই আৰু ইয়াৰ অন্যথা শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সঁকীয়ায় দিয়ে। “বাজিৰ বিজ্ঞাপনৰে ভাৰতীয়সকলক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকক” বুলিও বাজিৰ অনলাইন মধ্যস্থতাকাৰীসকললৈ মন্ত্ৰালয়টোৱে পৰামৰ্শ আগবঢ়ায়।

বাজি আৰু জুৱাই উপভোক্তা, বিশেষকৈ যুৱ-প্ৰজন্ম আৰু শিশুসকলৰ ক্ষেত্ৰত উল্লেখনীয় বিত্তীয় আৰু আৰ্থ-সামাজিক সংকট সৃষ্টিৰ আশংকা কৰিছে বুলি উল্লেখ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। সেয়ে বাজি আৰু জুৱা সম্পৰ্কীয় ‘অফলাইনেই হওক কিম্বা অনলাইনে’ই হওক কোনোধৰণৰ বিজ্ঞাপনেই বৃহত্তৰ সমাজৰ স্বাৰ্থৰ বাবে উপযোগী নহয়।

এই দুই পৰামৰ্শাৱলী জাৰি কৰাৰ প্ৰসংগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে উপভোক্তা পৰিক্ৰমা বিভাগৰে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰিছে।

তলৰ লিংকত উপলব্ধ হব পৰামৰ্শাৱলী:

  1. চেনেলসমূহ ৰ বাবে পৰামৰ্শাৱলী : https://mib.gov.in/sites/default/files/Advisory%20to%20Private%20Satellite%20TV%20Channels%2003.10.2022.pdf
  2. ডিজিটেল মাধ্যমৰ বাবে পৰামৰ্শাৱলী: https://mib.gov.in/sites/default/files/Advisory%20to%20Digital%20News%20Publishers%20and%20OTT%20Platforms%2003.10.2022%20%281%29.pdf

***

Saurabh Singh/KB



(Release ID: 1865035) Visitor Counter : 167