প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘গব্বৰ তীৰ্থল’ত অনুষ্ঠিত ‘মহা আৰতি’ত উপস্থিত থাকে প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 30 SEP 2022 9:20PM by PIB Guwahati

নৱৰাত্ৰীৰ পবিত্ৰ উপলক্ষত গব্বৰ তীৰ্থলত অনুষ্ঠিত মহা আৰতিত উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। শ্ৰী মোদীয়ে গব্বৰ তীৰ্থলৰ সমীপবৰ্তি, গুজৰাটৰ ৫১ শক্তিপীঠৰ অন্যতম অম্বাজী মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনাও কৰে। মন্দিৰটোৰ আচাৰ্যসকলে মহা আৰতি সম্পাদিত কৰাৰ আৰু লেজাৰ লাইটৰ সহায়ত মাউণ্ট আবু পৰ্বতমালাত মা দুৰ্গাৰ এক বিশাল প্ৰতিছবিও প্ৰক্ষেপ কৰাৰ দিহা কৰে। মন্দিৰ পৰিসৰৰ সা-সুবিধা বৃদ্ধিৰ প্ৰসংগত মন্দিৰ পৰিচালনা কৰ্তৃপক্ষৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কথা-বতৰাতো মিলিত হয়।

মা দুৰ্গাক প্ৰাৰ্থনা কৰাৰ পিচতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দুদিনীয়া গুজৰাট ভ্ৰমণৰ সামৰণি মাৰে।

এই ছোৱা সময়ত অন্যান্য সকলৰ লগতে গুজৰাটৰ মুখ্য মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰীক সংগ দান কৰে

 

***

 

DS/TS/KB


(रिलीज़ आईडी: 1864438) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam