জল শক্তি মন্ত্ৰালয়

২ অক্টোবৰ, ২০২২ ত স্বচ্ছ ভাৰত দিৱস (SBD) ৰ আয়োজন জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ

ইয়াত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে মুখ্য অতিথি হিচাপে পৌৰহিত্য কৰিব

ৰাষ্ট্ৰপতিক কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে ‘স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ, ২০২২’ আৰু জেজেএমৰ ‘কাৰ্য্যকাৰিতা মূল্যায়ন, ২০২১-২২ বিত্তীয় বৰ্ষ’ৰ প্ৰতিবেদন অৰ্পণ কৰিব

শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক ৰাষ্ট্ৰপতিয়ে সম্বৰ্ধনা জনাব

জল জীৱন সৰ্বেক্ষণ, ২০২৩, ৰিট্ৰ’ফিট টু টুইন পিট অভিযান আৰু স্বচ্ছ জল চে সুৰক্ষা অভিযানৰ শুভাৰম্ভ কৰিব

Posted On: 30 SEP 2022 6:11PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগ (DDWS) য়ে অহা ২ অক্টোবৰ অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তীৰ দিনটো স্বচ্ছ ভাৰত দিৱস (SBD) হিচাপে পালন কৰিব। বিভাগটোৱে মহাত্মা গান্ধীৰ “স্বচ্ছতা ঈশ্বৰভক্তিৰ সোপান” বাণীৰে অনুপ্ৰাণিত হৈ এইদৰে তেওঁৰ জন্ম দিনটো পালন কৰিবলৈ আগবাঢ়িছে। স্বচ্ছ ভাৰত অভিযানে সম্পূৰ্ণ অনাময়-‘সম্পূৰ্ণ স্বচ্ছতা’ ৰ সুনিশ্চিতকৰণেৰে ইয়াক এটি জন আন্দোলন লৈ ৰূপান্তৰিত কৰা লোকসকলৰপৰা শক্তি আহৰণ কৰিছে।

২০২২ ৰ ২ অক্টোবৰত বিজ্ঞান ভৱনত বিভাগটোৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে এই দিৱস পালন কৰা হ’ব। ইয়াত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে মুখ্য অতিথি হিচাপে পৌৰহিত্য কৰিব। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱাট, জল শক্তি আৰু খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল, জল শক্তি আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডুয়ে অংশগ্ৰহণ কৰিব।

বিভাগটোৱে কেন্দ্ৰীয় চৰকাৰখনৰ দুই ধ্বজাবাহী কাৰ্য্যক্ৰম যথাঃ স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) আৰু জল জীৱন অভিযান (JJM) ৰূপায়ণ কৰি আহিছে। গ্ৰামাঞ্চলসমূহৰ প্ৰতিঘৰ গৃহস্থীকে নলৰ পানীৰ সংযোগ প্ৰদানৰ লক্ষ্যৰে ২০১৯ ৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰপৰা জেজেএম ৰ শুভাৰম্ভণি ঘোষণা কৰিছিল। একেদৰে ২০২০ ৰ মাৰ্চত এছবিএম (গ্ৰামীণ), পৰ্য্যায় II ৰ শুভাৰম্ভ কৰা হৈছিল। এই কাৰ্য্যক্ৰমৰ লক্ষ্য আছিল ভাৰতৰ গ্ৰামাঞ্চলসমূহক অ’ডিএফ+ কৰি তোলা অৰ্থাৎ, পূৰ্বৰ মুকলিত মলত্যাগ মুক্ত (ODF) ৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখা আৰু প্ৰতিখন গাঁৱতে গোটা আৰু জুলীয়া আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিত কৰা।

এই কাৰ্য্যসূচীতে ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ (SSG), ২০২২ ৰ প্ৰতিবেদন অৰ্পণ কৰিব। বিভাগটোৱে ২০১৮ ৰপৰা স্বচ্ছ সৰ্বেক্ষণ অব্যাহত ৰাখিছে। ২০২২ ত সৰ্বেক্ষণৰ কাম হাতত লোৱাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱাটে ২০২১ ৰ ৯ ছেপ্টেম্বৰত এই সমীক্ষাৰ শুভাৰম্ভ কৰিছিল। স্বচ্ছ সৰ্বেক্ষণৰ প্ৰতিবেদনৰ জৰিয়তে ৰেংকিং, ক্ষেত্ৰ-সমীক্ষা, মূল্যায়ন আৰু নাগৰিকৰ ধাৰণাৰ সবিশেষ আগবঢ়োৱা হ’ব। ইয়াৰোপৰি, স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ (SSG), ২০২৩ সম্পৰ্কীয় সবিশেষো অৰ্পণ কৰা হ’ব।

ইয়াতে ‘কাৰ্য্যকাৰিতা মূল্যায়ন, ২০২১-২২ বিত্তীয় বৰ্ষ’ ৰ প্ৰতিবেদনো প্ৰকাশ কৰা হ’ব। বিভাগটোৱে সম্পাদন কৰা তৃতীয়-পক্ষ জৰীপৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন যুগুত কৰা হৈছে। ইয়াৰ জৰিয়তে কাৰ্য্যক্ষম টেপৰ সংযোগৰ সংখ্যা, নিয়মীয়তা আৰু যোগান ধৰা পানীৰ নিৰ্ধাৰিত মানদণ্ডৰ মূল্যায়ন কৰা হয়। এই সমীক্ষাই ১৩,২৯৯ খন গাওঁ তথা ৭১২ খন জিলাক সামৰিছে। মুঠ ৩,০১,৩৮৯ ঘৰ গৃহস্থী আৰু ২২,৫৯৬ টা ৰাজহুৱা প্ৰতিষ্ঠানে এই সমীক্ষাত অংশগ্ৰহণ কৰে। গৃহস্থীসমূহৰ ২,১৯,৫৬৪ টা পানীৰ নমুনা আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ৯,৮৪৪ টা নমুনা পৰীক্ষা কৰা হৈছে। ২০২২ ৰ নমুনাৰ আকাৰ (sample size) পূৰ্ববৰ্তী বৰ্ষৰ তুলনাত তিনিগুণ ডাঙৰ।

বিভাগটোৰ এই দুই অভিযানৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ খতিয়ান দাঙি ধৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ (SSG), ২০২২ আৰু জেজেএমৰ কাৰ্য্যকাৰিতা মূল্যায়ন প্ৰতিবেদনৰ ফলাফলৰ ভিত্তিত ২ অক্টোবৰ ২০২২ ত অনুষ্ঠিতব্য এই কাৰ্য্যসূচীতে শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক সম্বৰ্ধনা জনোৱা হ’ব।

এই অনুষ্ঠানতে জল জীৱন সৰ্বেক্ষণ, ২০২৩ ৰো শুভাৰম্ভ কৰা হ’ব। এই সৰ্বেক্ষণৰ অধীনত সকলো ‘হৰ ঘৰ জল’ গাঁৱত নলৰ পানীৰ সংযোগৰ কাৰ্য্যক্ষমতা সম্পৰ্কে সমীক্ষা কৰা হ’ব। জল জীৱন অভিযানৰ উদ্দেশ্যৰ পৰিপূৰণ অৰ্থাৎ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীয়ে পৰ্য্যাপ্ত পৰিমাণে আৰু নিয়মীয়াকৈ খোৱাপানী লাভৰ মূল্যায়নৰ অৰ্থেই এই সমীক্ষা হাতত লোৱা গৈছে।

এই কাৰ্য্যসূচীতে বিভাগটোৱে দুই অভিযানৰো শুভাৰম্ভ কৰিবঃ

উন্নত মল-মূত্ৰ ব্যৱস্থাপনাৰ অৰ্থে গৃহস্থীসমূহক টুইন পিট টয়লেট স্থাপনত প্ৰোৎসাহিকৰণৰ অৰ্থে "ৰিট্ৰ’ফিট টু টুইন পিট অভিযান"। বিশ্ব শৌচাগাৰ দিৱস অৰ্থাৎ ১৯ নৱেম্বৰ, ২০২২ ত এই অভিযানৰ সামৰণি পৰিব।

স্বচ্ছ জল চে সুৰক্ষাঃ পানীৰ গুণাগুণ সম্পৰ্কীয় এই অভিযানে বিশুদ্ধ আৰু নিৰাপদ খোৱাপানীৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিত সহায় কৰিব আৰু লগতে গ্ৰামাঞ্চলৰ গৃহস্থীসমূহক যোগান ধৰা পানীৰ মানদণ্ড নিৰীক্ষণত সহায় কৰিব।   

*****



(Release ID: 1864263) Visitor Counter : 121