যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

শ্ৰী অনুৰাগ সিং ঠাকুৰে কাইলৈ প্ৰয়াগৰাজৰ পৰা এমাহ ধৰি চলি থকা দেশব্যাপী স্বচ্ছ ভাৰত ২০২২ অভিযান আৰম্ভ কৰিব


স্বচ্ছ ভাৰত ২০২২ কেৱল এক কাৰ্যসূচী নহয়, ই মানুহক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব উপলব্ধি কৰাবলৈ এক মহান প্ৰয়াস: শ্ৰী অনুৰাগ সিং ঠাকুৰ

Posted On: 30 SEP 2022 2:06PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে ২০২২ চনৰ অক্টোবৰৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এমাহধৰি চলি থকা দেশজুৰি স্বচ্ছ ভাৰত ২০২২ মুকলি কৰিব।

নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এনৱাইকেএছ)ৰ সৈতে জড়িত যুৱ ক্লাব আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি অনুমোদিত প্ৰতিষ্ঠানৰ নেটৱৰ্কৰ জৰিয়তে সমগ্ৰ দেশৰ ৭৪৪ খন জিলাৰ লাখ গাঁৱত স্বচ্ছ ভাৰত ২০২২ কাৰ্যসূচী আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা বিভাগে স্বচ্ছ ভাৰত ২০২২ৰ জৰিয়তে কোটি কিলোগ্ৰাম প্লাষ্টিকআৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাশনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ইয়াৰ পূৰ্বে এক ভিডিঅ' বাৰ্তাত স্বচ্ছ ভাৰত ২০২২ সন্দৰ্ভত অৱগত কৰি শ্ৰী অনুৰাগ ঠাকুৰে কয় যে সজাগতা বৃদ্ধি, লোকসকলক একত্ৰিত কৰা আৰু ভাৰতক পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত ২০২২-ৰ আৰম্ভ কৰা হ'ব। এই প্ৰচেষ্টাত, বিভিন্ন অঞ্চল, ভাষা আৰু পৃষ্ঠভূমিৰ লোকসকলে একেলগে কাম কৰিব আৰু আৱৰ্জনাবোৰ এই লোকসকলে সম্পূৰ্ণ স্বেচ্ছামূলক ভিত্তিত নিষ্কাশন কৰিব। স্বচ্ছ ভাৰত ২০২২ কেৱল এক কাৰ্যসূচী নহয়, মানুহক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব উপলব্ধি কৰাবলৈ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে বিবেচিত হৈছে। দেশৰ সুখৰ সূচকতো অৰিহণা যোগাব। যুৱ পৰিক্ৰমা বিভাগে এই অভিযানক দেশৰ জনসাধাৰণৰ দ্বাৰা পৰিচালিত আটাইতকৈ ডাঙৰ পৰিচ্ছন্নতা অভিযান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে।

স্বচ্ছ ভাৰত ২০২২ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ০১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২২ লৈ দেশৰ সকলো জিলাত ৰাজহুৱা স্থান আৰু ঘৰ পৰিষ্কাৰ কৰাৰ আয়োজন কৰা, সমাজৰ সকলো অংশ, পিআৰআই আৰু বেচৰকাৰী সংগঠনকে ধৰি চৰকাৰী সংগঠনসমূহক অন্তৰ্ভুক্ত কৰা, নাগৰিকসকলৰ মাজত তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ আৰু আৱৰ্জনা মুক্ত ৰখাৰ বাবে সজাগতা আৰু গৌৰৱ অনুভৱ কৰা। এই অভিযানৰ লগতে "স্বচ্ছ কালঃ অমৃত কাল"ৰ মন্ত্ৰ প্ৰদান কৰিব আৰু জন অংশগ্ৰহণৰ জৰিয়তে এই কাৰ্যসূচীক গণ আন্দোলন হিচাপে গঢ়ি তুলিব।

 

***

NB/OA/MANN



(Release ID: 1864214) Visitor Counter : 104