প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১ অক্টোবৰত ৫জি সেৱা শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণ

Posted On: 30 SEP 2022 11:49AM by PIB Guwahati

এক নতুন প্ৰযুক্তিগত যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰৰ পুৱা ১০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত ৫জি সেৱা শুভাৰম্ভ কৰিব। ৫জি প্ৰযুক্তিয়ে মসৃণ কভাৰেজ, উচ্চ ডাটা হাৰ, কম বিলম্বতা আৰু অতি নিৰ্ভৰযোগ্য যোগাযোগৰ সূবিধা প্ৰদান কৰিব। ই শক্তিৰ কাৰ্যক্ষমতা, স্পেকট্ৰাম কাৰ্যক্ষমতা আৰু নেটৱৰ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণো উদ্বোধন কৰিব। “নতুন ডিজিটেল বিশ্বব্ৰহ্মাণ্ড” শীৰ্ষক বিষয়বস্তুৰে ১ৰ পৰা ৪ অক্টোবৰলৈ আইএমচি ২০২২ অনুষ্ঠিত হ’ব। ই ডিজিটেল প্ৰযুক্তিৰ দ্ৰুত গ্ৰহণ আৰু প্ৰসাৰৰ পৰা উদ্ভৱ হোৱা অনন্য সুযোগসমূহৰ বিষয়ে আলোচনা আৰু প্ৰদৰ্শন কৰিবলৈ আগশাৰীৰ চিন্তাবিদ, উদ্যোগী, উদ্ভাৱক আৰু চৰকাৰী বিষয়াসকলক একত্ৰিত কৰিব।

***

DS/VJ/AK/DB



(Release ID: 1863747) Visitor Counter : 174