যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

১-৩১ অক্টোবৰলৈ এমাহ ধৰি ৰাষ্ট্ৰজোৰা স্বচ্ছ ভাৰত ২.০ ঘোষণা কৰিলে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে


সজাগতা বৃদ্ধি, মানুহক সংগঠিত কৰাৰ লগতে ভাৰতক স্বচ্ছ কৰি তোলাত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ১ অক্টোবৰত প্ৰয়াগৰাজৰ পৰা “স্বচ্ছ ভাৰত ২.০”ৰ শুভাৰম্ভ কৰা হ’বঃ শ্ৰী অনুৰাগ ঠাকুৰ

Posted On: 29 SEP 2022 7:07PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে এক টুইটযোগে ঘোষণা কৰে যে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ (ভাৰত চৰকাৰ) যুৱ পৰিক্ৰমা বিভাগে ১ অক্টোবৰ, ২০২২ৰ পৰা এমাহ ধৰি ৰাষ্ট্ৰজোৰা স্বচ্ছ ভাৰত ২.০ কাৰ্যসূচী শুভাৰম্ভ কৰিব।

এক ভিডিঅ’ বাৰ্তাত শ্ৰী অনুৰাগ ঠাকুৰে কয় যে স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে পঞ্চ পণ (পাঁচটা সংকল্প)ৰ বিষয়ে কয়। তাৰে এটা আছিল উন্নত ভাৰতৰ লক্ষ্য, য’ত স্বচ্ছতাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে স্বচ্ছ ভাৰত ২.০ আমাৰ অগ্ৰাধিকাৰ।

শ্ৰী ঠাকুৰে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি সমগ্ৰ দেশৰ ৭৪৪খন জিলাৰ ৬ লাখ গাঁৱত নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এনৱাইকেএছ) সংযুক্ত যুৱ ক্লাব আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি সংযুক্ত প্ৰতিষ্ঠানৰ নেটৱৰ্কৰ জৰিয়তে স্বচ্ছ ভাৰত ২.০ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷

শ্ৰী ঠাকুৰে জনায় যে সজাগতা বৃদ্ধি, মানুহক সংগঠিত কৰাৰ লগতে ভাৰতক স্বচ্ছ কৰি তোলাত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ২০২২ চনৰ ১ অক্টোবৰত প্ৰয়াগৰাজৰ পৰা “স্বচ্ছ ভাৰত ২.০”ৰ শুভাৰম্ভ কৰা হ’ব। এই পদক্ষেপত বিভিন্ন অঞ্চল, ভাষা আৰু পটভূমিৰ লোকসকলে একেলগে কাম কৰি আৱৰ্জনাসমূহ এই লোকসকলে সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে নিষ্কাশন কৰিব।

শ্ৰী ঠাকুৰে লগতে কয় যে স্বচ্ছ ভাৰত ২.০ কেৱল এক কাৰ্যসূচী নহয়, বৰঞ্চ মানুহক স্বচ্ছতাৰ গুৰুত্ব উপলব্ধি কৰাৰ প্ৰয়াস। ইয়াৰ দ্বাৰা দেশৰ সুখ সূচকাংকতো অৰিহণা যোগাব। যুৱ পৰিক্ৰমা বিভাগে এই অভিযানক দেশৰ জনসাধাৰণৰ দ্বাৰা পৰিচালিত সৰ্ববৃহৎ স্বচ্ছতা অভিযান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা বছৰ ৭৫ লাখ কেজি প্লাষ্টিক আৱৰ্জনা নিষ্কাশনৰ লক্ষ্য অতিক্ৰম কৰা হৈছে। যোৱা বৰ্ষৰ স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ পিছত এইবাৰ যুৱ পৰিক্ৰমা বিভাগে ১ কোটি কেজি প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাশনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শ্ৰী ঠাকুৰে সকলোকে স্বচ্ছ ভাৰত ২.০ত অংশগ্ৰহণ কৰিবলৈ আৰু আমি ইজনে সিজনক দায়িত্বশীল নাগৰিক হিচাপে অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়৷

স্বচ্ছ ভাৰত কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ১ৰ পৰা ৩১ অক্টোবৰলৈ সমগ্ৰ দেশৰ সকলো জিলাতে ৰাজহুৱা স্থান আৰু ঘৰুৱা চাফাই কাৰ্যসূচী হাতত লোৱা, সমাজৰ সকলো শ্ৰেণী, পিআৰআই আৰু বেচৰকাৰী সংস্থাকে ধৰি চৰকাৰী সংগঠনক জড়িত কৰি সজাগতা বৃদ্ধি কৰা আৰু নাগৰিকসকলৰ মাজত নিজৰ চৌপাশ পৰিষ্কাৰ আৰু আৱৰ্জনামুক্ত কৰি ৰখাৰ গৌৰৱ অনুভৱ কৰোৱা। এই অভিযানৰ লগতে “স্বচ্ছ কাল: অমৃত কাল”ৰ মন্ত্ৰ প্ৰদান কৰা হ’ব আৰু জন অংশীদাৰিত্বৰ জৰিয়তে এই কাৰ্যসূচীক জন আন্দোলনত পৰিণত কৰি তোলা হ’ব।

 

***

NB/OA/DB



(Release ID: 1863647) Visitor Counter : 129