প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক

Posted On: 27 SEP 2022 10:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ফুমিও কিশিডাৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিঞ্জো আবেৰ বিয়োগত গভীৰ সমবেদনা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান বুজাবুজিক শক্তিশালী কৰাৰ সমান্তৰালকৈ এখন স্বতন্ত্ৰ, মুক্ত আৰু সমাৱেশী ভাৰত-প্ৰশান্ত ক্ষেত্ৰৰ ভিজনৰ পৰিকল্পনাত প্ৰয়াত প্ৰধানমন্ত্ৰী আবেৰ যোগদানৰ কথা উল্লেখ কৰে।

দুয়োজন ৰাজনেতাৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক অধিক গভীৰ কৰা সন্দৰ্ভত ভাবৰ আদান-প্ৰদান হয়। তেওঁলোকে কেইবাটাও আঞ্চলিক আৰু বিশ্বজনীন বিষয়ৰ ওপৰতো আলোচনা কৰে। ৰাজনেতা দুজনে ভাৰত-জাপান বিশেষ ৰণনৈতিক আৰু বিশ্বজনীন বুজাপৰা অধিক শক্তিশালী কৰা, তথা এই ক্ষেত্ৰত আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমূহ আৰু সংস্থানত লগ হৈ কাম কৰাৰ নিজৰ সংকল্পবদ্ধতাৰ কথা পুনৰ উল্লেখ কৰে।

***

 

DS/SH/VK



(Release ID: 1862534) Visitor Counter : 129