প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী
Posted On:
26 SEP 2022 5:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব৷
এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, এগৰাকী মৰমৰ বন্ধু আৰু ভাৰত-জাপানৰ বন্ধুত্বৰ এগৰাকী মহান চেম্পিয়ন শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে মই নিশা টকিঅ’লৈ ৰাওনা হ’ম৷”
“মই সকলো ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্ৰী কিশিদা আৰু শ্ৰীমতী আবেক আন্তৰিক সমবেদনা জনাম৷ আবে ছানে কল্পনা কৰা মতে ভাৰত-জাপানৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আমি কাম কৰি যাম। @kishida230"
***
DS/ST/DB
(Release ID: 1862473)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam