তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘প্ৰত্যক্ষ লাভ হস্তাৰণ ব্যৱস্থা’ হৈছে চৰকাৰৰ সবাটোকৈ ডাঙৰ সাফল্য, সাধাৰণ জনতাক মধ্যভোগীৰ গ্ৰাসৰ পৰা মুক্ত কৰিলে এই ব্যৱস্থাই : প্ৰাক্তন উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডু


মুছমান নাৰীসকলৰ ত্ৰাণকৰ্তা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মনত ৰখা হ’ব : কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান

গ্ৰন্থাকাৰে প্ৰকাশিত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচিত ভাষণৰ এক সংকলন ‘সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস’ উন্মোচন কৰিলে শ্ৰী এম ভেংকায়া নাইডুৱে

গ্ৰন্থখন যেন শ্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তা, সমাজত বৰ্তি অহা জটিল সমস্যাসমূহৰ ক্ষেত্ৰত থকা তেওঁৰ গভীৰ উপলব্ধিৰ এক জ্ঞানকোষহে : শ্ৰী অনুৰাগ ঠাকুৰ

Posted On: 23 SEP 2022 4:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত প্ৰদান কৰা ভাষণসমূহৰ এলানি নিৰ্বাচিত ভাষণ সংকলিত কৰি গ্ৰন্থাকাৰে প্ৰকাশ কৰা সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস শীৰ্ষক গ্ৰন্থখন আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে। ডাইৰেক্টৰেট অব পাব্লিকেশ্যন ডিভিজনয়ে আয়োজন কৰা এই গ্ৰন্থ উন্মোচনী সভাত অন্যান্যসকলৰ লগতে বিশেষ ভাবে উপস্থিত থাকে কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ। ২০১৯ চনৰ মে মাহৰ পৰা ২০২০ চনৰ  মে মাহ পৰ্যন্ত বিভিন্ন প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মুঠ ৮৬টা ভাষণ এই গ্ৰন্থ সন্নিৱিষ্ট কৰা হৈছে।

গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ লগতে এনে প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা সমন্বিত পদক্ষেপসমূহৰ সন্দৰ্ভত বিস্তৃত ভাবে অৱগত হোৱাৰ ক্ষেত্ৰত এইখন গ্ৰন্থই বিশেষ ভাবে সহায় কৰিব পাৰিব। বৰ্তমানৰ চৰকাৰখনে সৰ্বে জন সুখীনো ভৱন্তু-ৰ দৰ্শনক সাৰোগত কৰি কাৰ্যপন্থা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে শ্ৰী নাইডুৱে। আগতেও ভাল ভাল আঁচনি নিশ্চয় ঘোষণা কৰা হৈছিল, পিচে নিৰ্দ্ধাৰিত সময়সূচী আৰু লক্ষ্যৰ আধাৰত সকলোবোৰ কাৰ্যক্ৰম ৰূপায়িত হোৱাটো নিশ্চিত কৰাৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়েহে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, তেওঁ শেহ পৰ্যন্ত কামবোৰত চকু ৰাখি আহিছে। জন-সংযোগৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সকলো লোকৰ সৈতে সম ভাবে সংযোগ স্থাপন কৰিব পাৰে বুলিও শ্ৰী নাইডুৱে প্ৰসংগক্ৰমে উল্লেখ কৰে।

ভাষণ প্ৰসংগত প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰত্যক্ষ লাভ হস্তাৰণ ব্যৱস্থাটোক বিশেষ ভাবে কাৰ্যান্বিত কৰা কাৰ্যক বৰ্তমানৰ চৰকাৰখনৰ সবাটোকৈ ডাঙৰ সাফল্য বুলি উল্লেখ কৰা লগতে এই ব্যৱস্থাই সাধাৰণ জনতাক মধ্যভোগীৰ গ্ৰাসৰ পৰা মুক্ত কৰিলে বুলি উল্লেখ কৰে।

 

গ্ৰন্থখনত সন্নিৱিষ্ট ভাষণসমূহৰ মাজত থকা সামঞ্জস্য প্ৰসংগত মন্তব্য কৰি কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খানে কয় যে সমাজৰ দৰিদ্ৰ-বঞ্চিতসকলৰ লগতে মহিলা সৱলীকৰণৰ প্ৰসংগত সততে সচেষ্ট প্ৰধানমন্ত্ৰীৰ চিন্তাধাৰা গ্ৰন্থখনত বাৰুকৈয়ে উন্মোচিত হৈছে। শৌচাগাৰ আৰু পানীৰ সংযোগ দৰে বুনিয়াদী সুবিধাৰ বাবে তত্কালীন ভাবে উদ্যোগ লোৱাটো খুবেই জৰুৰী আছিল যদিও বিগত সুদীৰ্ঘ সময় ধৰি এই বিষয়ত বিশেষ উদ্যোগ গ্ৰহণ কৰা হোৱা নাছিল। বৰ্তমানৰ চৰকাৰখনেহে এই দুয়োটা বিষয়ৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই যুদ্ধকালীন তত্পৰাতাৰে কাম কৰিছে বুলি অভিমত ব্যক্ত কৰে শ্ৰী খানে।

ভাষণ প্ৰসংগত তেওঁ তিনি তালাকৰ দৰে সামাজিক ব্যধিৰ পৰা পৰিত্ৰাণ পোৱাটো তেনেই সামান্য সাফল্য নহয় বুলি উল্লেখ কৰাৰ লগতে তিনি তালাকৰ বিৰুদ্ধে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা ভূমিকাৰ বাবে মুছমান নাৰীসকলৰ ত্ৰাণকৰ্তা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সদায়ে মনত ৰখা হ বুলিও অভিমত ব্যক্ত কৰে।

 

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে কয় যে গ্ৰন্থখনত মুঠ ১০টা অধ্যায়ত প্ৰধানমন্ত্ৰী মোদীৰ ৮৬টা নিৰ্বাচিত ভাষণ সন্নিৱিষ্ট কৰা হৈছে।

এই সন্দৰ্ভত দিয়া ভাষণত শ্ৰী ঠাকুৰে গ্ৰন্থখন যেন শ্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তা, সমাজত বৰ্তি অহা জটিল সমস্যাসমূহৰ ক্ষেত্ৰত থকা তেওঁৰ গভীৰ উপলব্ধিৰ এক জ্ঞানকোষহে বুলি অভিমত ব্যক্ত কৰে।

***



(Release ID: 1862144) Visitor Counter : 125