প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুঞ্চত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে
ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা কৰে
পোষ্ট কৰা হৈছে:
14 SEP 2022 4:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুঞ্চত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"পুঞ্চত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাটো দুখজনক। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছিল তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। পিএমএনআৰএফৰ পৰা ২লাখ টকা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক দিয়া হ'ব আৰু আহতসকলক ৫০,০০০টকা দিয়া হ'ব: প্ৰধানমন্ত্ৰী"
***
DS/SH/RD
(ৰিলিজ আই ডি : 1860510)
অতিথি কক্ষ : 148
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam