প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিনলত অংশগ্ৰহণৰ বাবে সমৰকন্দত উপস্থিত প্ৰধানমন্ত্ৰী

Posted On: 16 SEP 2022 8:57AM by PIB Guwahati

সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ ২২তম বৈঠকত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰী শওকত মিৰজিয়োয়েভৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  বৃহস্পতিবাৰে সন্ধিয়া উজবেকিস্তানৰ সমৰকন্দত উপস্থিত হয়।

সমৰকন্দত উপস্থিত হোৱাৰ পাছত উজবেকিস্তানৰ প্ৰধানমন্ত্ৰী শ্ৰী আব্দুল্লা আৰিপোভে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায়। বিমান বন্দৰত সেই সময়ত সমৰকন্দৰ গভৰ্ণৰসহ উজবেকিস্তানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

শুকুৰবাৰ ১৬ ছেপ্টম্বৰৰ পুৱা প্ৰধানমন্ত্ৰীয়ে সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণকাৰী বিভিন্ন নেতা আৰু ৰাষ্ট্ৰপতিৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হ’ব।

 

***

DS/AK/KG



(Release ID: 1860354) Visitor Counter : 80