প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোচিত ভাৰতৰ প্ৰথম স্বদেশী বিমান বাহক জলযান আইএনএছ বিক্ৰান্তক ৰাষ্ট্ৰ-সেৱাত সমৰ্পিত কৰে


"আইএনএছ বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়। ই ২১শ শতিকাৰ ভাৰতৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু সংকল্পবদ্ধতাৰ প্ৰমাণ"

আইএনএছ বিক্ৰান্ত স্বদেশী সামৰ্থ্য, স্বদেশী সম্পদ আৰু স্বদেশী দক্ষতাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী

ঔপনিবেশিক অতীততকৈ পৃথক, প্ৰধানমন্ত্ৰীয়ে নতুন নৌসেনাৰ ধ্বজা মুকলি কৰে আৰু সেই পতাকা ছত্ৰপতি শিৱাজীৰ প্ৰতি সমৰ্পিত কৰে

প্ৰতিৰক্ষা মন্ত্ৰীয়ে আইএনএছ বিক্ৰান্তক অভিলাষী আৰু আত্মনিৰ্ভৰ 'নতুন ভাৰত'ৰ প্ৰকাশমান প্ৰতীক বুলি কয়

"এয়া অহা ২৫ বছৰত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ আমাৰ সংকল্পৰ প্ৰমাণ"

আইএনএছ বিক্ৰান্তে দেশৰ সুৰক্ষা আৰু অৰ্থনৈতিক হিত ৰক্ষা কৰিব: শ্ৰী ৰাজনাথ সিং

Posted On: 02 SEP 2022 12:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰ, ২০২২ত কোচীন শ্বিপয়াৰ্ড লিমিটেড (চিএছএল)ত স্বদেশী নিৰ্মাণত দেশৰ বৰ্ধিত শক্তি আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ দিশত এক প্ৰধান পৰ্যায়ৰ প্ৰতীক হিচাপে প্ৰথম স্বদেশী বিমান বাহক জাহাজ আইএনএছ বিক্ৰান্তক ৰাষ্ট্ৰৰ সেৱাত সমৰ্পিত কৰে। এই কাৰ্যক্ৰমৰ সময়ত ঔপনিবেশিক অতীতৰ পৰা পৃথক, প্ৰধানমন্ত্ৰীয়ে নতুন নৌসেনাৰ ধ্বজা মুকলি কৰে আৰু সেই পতাকাক ছত্ৰপতি শিৱাজীৰ প্ৰতি সমৰ্পিত কৰে।

উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ইয়াত কেৰালাৰ সাগৰ তীৰত ভাৰত, প্ৰতিজন ভাৰতবাসী এটা নতুন ভৱিষ্যতৰ সূৰ্যোদয়ৰ সাক্ষী হৈ আছে। আইএনএছ বিক্ৰান্ত সন্দৰ্ভত হৈ থকা এই আয়োজন বিশ্ব আলোকত ভাৰতৰ দৃঢ় হোৱা উদ্দীপনাৰ হুংকাৰ। তেওঁ কয় যে আজি আমি সকলোৱে স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ সপোন সাকাৰ হোৱা দেখি আছো, য'ত তেওঁলোকে সক্ষম আৰু শক্তিশালী ভাৰতৰ পৰিকল্পনা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "বিক্ৰান্ত বিশাল, বিৰাট আৰু বিহংগম। বিক্ৰান্ত বিশিষ্ট, বিক্ৰান্ত বিশেষো। বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়। ই ২১শ শতিকাৰ ভাৰতৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু সংকল্পবদ্ধতাৰ প্ৰমাণ। যদি লক্ষ্য দূৰন্ত হয়, যাত্ৰা দিগন্ত হয়, সমুদ্ৰ আৰু প্ৰত্যাহ্বান অনন্ত- তেন্তে ভাৰতৰ উত্তৰো বিক্ৰান্ত। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অতুলনীয় অমৃত বিক্ৰান্ত। আত্মনিৰ্ভৰ হৈ থকা ভাৰতৰ অদ্বিতীয় প্ৰতিবিম্ব বিক্ৰান্ত।"

ৰাষ্ট্ৰৰ নতুন পৰিৱেশ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰতৰ বাবে কোনো প্ৰত্যাহ্বান কঠিন হৈ থকা নাই। তেওঁ কয়, "আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ অন্তৰ্ভুক্ত হ'ল, যি স্বদেশী প্ৰযুক্তিৰে ইমান বিশাল এয়াৰক্ৰাফ্ট কেৰিয়াৰ নিৰ্মাণ কৰে। আজি আইএনএছ বিক্ৰান্তে দেশক এক নতুন বিশ্বাসেৰে ভৰাই দিলে, দেশত এক নতুন ভৰষা সৃষ্টি কৰিলে।" প্ৰধানমন্ত্ৰীয়ে নৌসেনা, কোচীন শ্বিপয়াৰ্ডৰ ইঞ্জিনিয়াৰসকল, বৈজ্ঞানিকসকল আৰু বিশেষকৈ সেই শ্ৰমিকসকলৰ যোগদানৰ প্ৰশংসা কৰে, যিসকলে এই পৰিকল্পনাত কাম কৰিলে। তেওঁ কয় যে ওনামৰ আনন্দদায়ক আৰু পৱিত্ৰ সময়ে আজিৰ এই অনুষ্ঠানক অধিক আনন্দদায়ক কৰি তুলিলে।

আইএনএছ বিক্ৰান্তৰ প্ৰতিটো ভাগৰ নিজস্ব একোটা বিশেষত্ব আছে, একোটা শক্তি আছে, নিজস্ব একোটা বিকাশ যাত্ৰাও আছে। তেওঁ কয় যে ই স্বদেশী, যাক ডিআৰডিঅ'ৰ বৈজ্ঞানিকসকলে বিকশিত কৰিছে আৰু ভাৰতীয় কোম্পানীসমূহে নিৰ্মাণ কৰিছে। বিমান বাহক জাহাজৰ বিশালতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই এখন ওপঙি থকা চহৰৰ দৰে। ই ইমানেই বিজুলী সৃষ্টি কৰে যি ৫০০০টা ঘৰৰ বাবে পৰ্যাপ্ত আৰু ইয়াত যিমান তাঁৰৰ ব্যৱহাৰ হৈছে, সেয়া বিয়পাই দিলে কোচিৰ পৰা কাশী পাই যাবগৈ। তেওঁ লগতে কয় যে আইএনএছ বিক্ৰান্ত পাঁচটা প্ৰতিশ্ৰুতিৰ ভাবনাৰো জীৱন্ত সাক্ষ্য, যাৰ ঘোষণা তেওঁ লালকিলাৰ প্ৰাচীৰৰ পৰা কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্ৰিক পৰম্পৰা আৰু নৌসেনাৰ ক্ষমতাৱলীৰ উল্লেখ কৰে। তেওঁ কয় যে ছত্ৰপতি বীৰ শিৱাজী মহাৰাজে এই সামুদ্ৰিক সামৰ্থ্যৰ বলত এনেকুৱা নৌসেনাৰ নিৰ্মাণ কৰিছিল, যি শত্ৰুৰ নিদ্ৰা হৰণ কৰিছিল। যেতিয়া ইংৰাজ ভাৰতলৈ আহে, তেতিয়া তেওঁলোক ভাৰতীয় জাহাজ আৰু ইয়াৰ জৰিয়তে হ'বলগীয়া বেপাৰৰ শক্তিক লৈ চিন্তিত হৈছিল, সেয়ে তেওঁলোকে ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যৰ কঁকাল ভাঙিবলৈ সিদ্ধান্ত কৰে। তেওঁ কয় যে ইতিহাস সাক্ষী আছে যে কেনেকৈ সেই সময়ত ব্ৰিটিছ সংসদত আইন নিৰ্মাণ কৰি ভাৰতীয় জাহাজ আৰু বেপাৰীৰ ওপৰত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ২ ছেপ্টেম্বৰ, ২০২২ সেই ঐতিহাসিক তাৰিখ, যেতিয়া ভাৰতে দাসত্বৰ এটা চিন, দাসত্বৰ এটা বোজা বুকুৰ পৰা আঁতৰাই দিছে। আজিৰ পৰা ভাৰতীয় নৌসেনাই এখন নতুন পতাকা পালে। তেওঁ কয় যে এতিয়ালৈকে ভাৰতীয় নৌসেনাৰ পতাকাত দাসত্বৰ পৰিচয় আছিল, কিন্তু এতিয়া আজিৰ পৰা ছত্ৰপতি শিৱাজীৰ দ্বাৰা অনুপ্ৰাণিত নৌসেনাৰ নতুন পতাকা সমুদ্ৰ আৰু আকাশত উৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিক্ৰান্ত যেতিয়া আমাৰ সামুদ্ৰিক ক্ষেত্ৰৰ সুৰক্ষাৰ বাবে নামিব, তেতিয়া তাত নৌসেনাৰ বহু মহিলা সৈনিকো নিযুক্ত থাকিব। সমুদ্ৰৰ অপাৰ শক্তিৰে অসীম মহিলা শক্তি, ই নতুন ভাৰতৰ শক্তিশালী পৰিচয় হৈ আছে। এতিয়া ভাৰতীয় নৌসেনাই নিজৰ সকলো শাখাক মহিলাৰ বাবে খোলাৰ সিদ্ধান্ত লৈছে। যিবিলাক বাধা আছিল, সেয়া এতিয়া আঁতৰি আছে। যেনেকৈ সমৰ্থ লহৰৰ বাবে কোনো সীমা নাথাকে তেনেকৈয়ে ভাৰতৰ কন্যাসকলৰ বাবেও এতিয়া কোনো সীমা বা বন্ধন নাথাকিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে এটোপাল-দুটোপাল পানীৰে বৃহৎ সাগৰ হৈ যায়। তেওঁ লগতে কয় যে এইবাৰ স্বাধীনতা দিৱসত স্বদেশী তোপেৰে ছেলুট দিয়া হৈছিল। এনেকৈয়ে ভাৰতৰ প্ৰতিজন নাগৰিকে 'ভোকেল ফৰ লোকেল'ৰ মন্ত্ৰক জীৱলৈ আৰম্ভ কৰি দিব, তেতিয়া দেশক আত্মনিৰ্ভৰ হ'বলৈ বেছি সময় নালাগিব।

পৰিৱৰ্তিত ভূ-ৰণনীতিগত পৰিস্থিতিৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা সময়ছোৱাত ভাৰত-প্ৰশান্ত ক্ষেত্ৰ আৰু হিন্দ মহাসাগৰত সুৰক্ষা চিন্তাক দীৰ্ঘ সময়লৈকে আওকাণ কৰা হ'ল, কিন্তু আজি এই ক্ষেত্ৰখন আমাৰ বাবে দেশৰ ডাঙৰ প্ৰতিৰক্ষা প্ৰাথমিকতা। সেয়ে আমি নৌসেনাৰ বাবে বাজেট বঢ়োৱাৰ পৰা আৰম্ভ কৰি তাৰ ক্ষমতা বঢ়োৱালৈকে প্ৰতিটো দিশত কাম কৰি আছো। প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিশালী ভাৰতে শান্তিপূৰ্ণ আৰু সুৰক্ষিত বিশ্বৰ পথ প্ৰশস্ত কৰিব।

নিজৰ সম্বোধনত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় যে 'অমৃতকাল'ৰ আৰম্ভণিতে আইএনএছ বিক্ৰান্তক ৰাষ্ট্ৰ-সেৱাত সমৰ্পিত কৰাটো চৰকাৰৰ সেই দৃঢ় সংকল্পৰ পৰিচায়ক যে চৰকাৰে অহা ২৫ বছৰত দেশৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিব। তেওঁ কয়, "আইএনএছ বিক্ৰান্ত অভিলাষী আৰু আত্মনিৰ্ভৰ 'নতুন ভাৰত'ৰ প্ৰকাশমান প্ৰতীক। ই ৰাষ্ট্ৰৰ গৌৰৱ, শক্তি আৰু সংকল্পৰ প্ৰতীক। তাক ৰাষ্ট্ৰ-সেৱাত সমৰ্পিত কৰাটো স্বদেশী যুদ্ধ জাহাজ নিৰ্মাণৰ দিশত এটা অভূতপূৰ্ব প্ৰাপ্তি। ভাৰতীয় সেনাৰ পৰম্পৰা আছে যে 'পুৰণা জাহাজ কেতিয়াও নমৰে'। বিক্ৰান্তৰ এই নতুন অৱতাৰ, যি ১৯৭১ৰ যুদ্ধত চমকপ্ৰদ ভূমিকা পালন কৰিছিল, আমাৰ স্বাধীনতা সেনানী তথা বীৰ সৈনিকসকলৰ প্ৰতি আমাৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি।"

শ্ৰী ৰাজনাথ সিঙে এই কথাৰ ওপৰতো জোৰ দিয়ে যে অহৰহ পৰিৱৰ্তিত বিশ্বজনীন পৰিস্থিতিৰ মাজত অবাধ সামুদ্ৰিক বাণিজ্যৰ বাবে দেশৰ সামুদ্ৰিক হিত ৰক্ষা কৰাৰ দায়িত্ব ভাৰতীয় নৌসেনাৰ কান্ধত আছে। তেওঁ নৌসেনাৰ প্ৰশংসা কৰি কয় যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়ত নৌসেনা সদায়েই 'সকলোতকৈ আগত সক্ৰিয়' হৈ যায়। তেওঁ বিশ্বাস ব্যক্ত কৰে যে আইএনএছ বিক্ৰান্তক দেশ সেৱাত সমৰ্পিত কৰিলে নৌসেনাৰ ক্ষমতা আৰু বাঢ়িব। তেওঁ কয় যে এয়া মিত্ৰ দেশসমূহক আশ্বাস যে ভাৰত ক্ষেত্ৰৰ সামূহিক প্ৰতিৰক্ষা আৱশ্যকতা পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম। তেওঁ কয়, "আমি মুক্ত, খোলা আৰু সমাৱেশী ভাৰত-প্ৰশান্তত বিশ্বাস কৰো। এই দিশত আমাৰ প্ৰয়াস 'সাগৰ' (ছিকিয়ৰিটী এণ্ড গ্ৰ'থ ফৰ অল ইন দ্য ৰিজন)ৰ দ্বাৰা নিৰ্দেশিত, যাৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীয়ে কৰিছে।"

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে আইএনএছ বিক্ৰান্তক ৰাষ্ট্ৰ-সেৱাত সমৰ্পিত কৰাটো এই কথাৰ প্ৰমাণ যে চৰকাৰ 'আত্মনিৰ্ভৰ ভাৰত'ক আহৰণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। এয়া কোনো অকলশৰীয়া নীতি নহয়। তেওঁ কয় যে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত হ'বলগীয়া ব্যাপক পৰিবৰ্তনৰ গুৰুত্বপূৰ্ণ অংশ।

শ্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায় যে তেওঁৰ দূৰদৰ্শী নেতৃত্বত 'আত্মনিৰ্ভৰ ভাৰত'ৰ পৰিকল্পনা পূৰণ হৈ আছে। তেওঁ কয় যে চৰকাৰে প্ৰতিৰক্ষা, স্বাস্থ্য, শিক্ষা, কৃষি, বাণিজ্য, যাতায়াত আৰু সঞ্চাৰৰ দৰে ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই লক্ষ্য আহৰণ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা কৰা পদক্ষেপৰ বিষয়ে কয়। এই পদক্ষেপৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তামিলনাডুত প্ৰতিৰক্ষা গেলাৰী স্থাপন; সৃষ্টিশীল স্বদেশীকৰণ সূচী জাৰি কৰা; ঘৰুৱা উদ্যোগৰ বাবে ৬৮% পুঁজি ক্ৰয় বাজেট আৱণ্টন; প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি সংবৰ্ধন নীতি ২০২০ আৰু এফডিআই সীমাত বৃদ্ধি অন্তৰ্ভুক্ত আছে। তেওঁ কয় যে 'মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড' তথা যোৱা বছৰ হোৱা ৪০০ আৰব আমেৰিকান ডলাৰৰো অধিক পৰিমাণৰ ৰপ্তানি, এই পৰিকল্পনাৰ প্ৰমাণ।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, "যি সময়ত ভাৰতে পাঁচ ট্ৰিলিয়নৰ অৰ্থব্যৱস্থা হোৱাৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছে, সেই সময়ত ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজনীন বজাৰত আমাৰ অংশ অনাগত দিনত বাঢ়িব। যদি আমাৰ অংশ বাঢ়ে তেতিয়া তাৰ বৃহৎ ভাগ সামুদ্ৰিক পথেৰেই হ'ব। এনে পৰিস্থিতিত, আইএনএছ বিক্ৰান্ত আমাৰ সুৰক্ষা আৰু অৰ্থনৈতিক হিত ৰক্ষাৰ বাবে বিশেষ হিচাপে প্ৰতিপন্ন হ'ব।"

এই উপলক্ষে, নৌসেনাৰ অধ্যক্ষ এডমিৰেল আৰ হৰি কুমাৰে ২০৪৭লৈকে দেশ সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হোৱাৰ বাবে ইণ্ডিয়া@১০০-ৰ বাবে নিজৰ সংকল্পবদ্ধতাৰ উল্লেখ কৰে। ইয়াৰ ভিতৰত 'মেড ইন ইণ্ডিয়া' জাহাজ, ডুবাৰু জাহাজ, বিমান, চালকহীন জাহাজ আৰু প্ৰণালী তথা সদায়েই 'কমবেট ৰেডী, ক্ৰেডিবোল, কোহেছিভ এণ্ড ফিউচাৰ-প্ৰুফ ফ'ৰ্চ'ৰ অৱধাৰণা অন্তৰ্ভুক্ত আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা অনুসৰি নৌসেনা পাঁচটা সংকল্পৰ ওপৰত অগ্ৰসৰ হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ- বিকশিত ভাৰত, দাসত্বৰ চিন দূৰ কৰা, ঐতিহ্যৰ প্ৰতি গৰ্ব, একতা আৰু কৰ্তব্য পালন।

নৌসেনাৰ অধ্যক্ষই পূৰ্বৱৰ্তী বিক্ৰান্তৰ গৌৰৱময় ঐতিহ্যক আগবঢ়াই নিয়াত আইএনএছ বিক্ৰান্তৰ কমাণ্ডিং অফিচাৰ আৰু নৌসেনা দলৰ প্ৰশংসা কৰে। উল্লেখযোগ্য যে পূৰ্বৱৰ্তী বিক্ৰান্তৰ ৰাষ্ট্ৰ-সেৱাৰ ৩৬ বছৰৰ গৌৰৱময় ইতিহাস আছে আৰু ই ১৯৭১ৰ যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

 

আইএনএছ বিক্ৰান্তৰ বিষয়ে

আইএনএছ বিক্ৰান্তক ৰাষ্ট্ৰ-সেৱাত সমৰ্পিত কৰাটো ৰাষ্ট্ৰৰ বাবে গৌৰৱময় ক্ষণ, কিয়নো ইয়াৰ জৰিয়তে 'আজাদী কা অমৃত মহোৎসৱ'ৰ সময়ত 'আত্মনিৰ্ভৰ' ভাবনা পৰিলক্ষিত হয়। হিন্দ মহাসাগৰ ক্ষেত্ৰত সামুদ্ৰিক সুৰক্ষা বঢ়োৱাৰ দিশত ই দেশৰ উদ্যম আৰু উৎসাহৰ প্ৰকৃত পৰিচয়। ৰাষ্ট্ৰ-সেৱাত ই সমৰ্পিত হোৱাৰ লগে লগে ভাৰত সেই বছা বছা ৰাষ্ট্ৰৰ সমূহত অন্তৰ্ভুক্ত হ'ল, যাৰ ওচৰত স্বদেশী স্তৰত বিমান বাহক জাহাজৰ ডিজাইন প্ৰস্তুত কৰা আৰু ইয়াৰ নিৰ্মাণৰ ক্ষমতা আছে। ই ৰাষ্ট্ৰৰ আত্মনিৰ্ভৰ আৰু 'মেক ইন ইণ্ডিয়া'ৰ সংকল্পৰ প্ৰকৃত প্ৰমাণ।

আইএনএছ বিক্ৰান্তৰ ডিজাইন ভাৰতীয় নৌসেনাৰ নিজৰ সংস্থা ৱাৰশ্বিপ ডিজাইন ব্যুৰ'ই তৈয়াৰ কৰিছে আৰু ইয়াৰ নিৰ্মাণ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ সাৰ্বজনীন ক্ষেত্ৰৰ শ্বিপয়াৰ্ড কোম্পানী, কোচীন শ্বিপয়াৰ্ডৰ লিমিটেডে কৰিছে। বিক্ৰান্তৰ নিৰ্মাণ অত্যাধুনিক স্বয়ংচালিত বিশেষত্বৰে সুসজ্জিত আৰু ই ভাৰতৰ সামুদ্ৰিক ইতিহাসত এতিয়ালৈকে সবাতোকৈ বিশাল নিৰ্মিত জাহাজ।

২৬২.৫ মিটাৰ দীঘল আৰু ৬১.৬ মিটাৰ বহল বিক্ৰান্তৰ ওজন প্ৰায় ৪৩,০০০ টন। ইয়াৰ সৰ্বাধিক গতি ২৮ নটৰ বনোৱা হৈছে আৰু ই ৭,৫০০ নটিকেল মাইললৈকে গতি কৰিব পাৰে। জাহাজত ২,২০০টা কম্পাৰ্টমেণ্ট আছে, য'ত মহিলা বিষয়া আৰু নাবিকক মিলাই প্ৰায় ১৬০০জন কৰ্মী থাকিব পাৰে। জাহাজক যান্ত্ৰিক সঞ্চালন, নৌবহন আৰু সকলো স্থিতিৰ সন্মুখীন হোৱাৰ যোগ্য বনোৱা হৈছে, যাৰ বাবে উচ্চ মানৰ মেচিন লগোৱা হৈছে। বিমান বাহকক উৎকৃষ্ট উপকৰণ আৰু প্ৰণালীৰে সুসজ্জিত কৰা হৈছে।

এই জাহাজে বিমান সঞ্চালনৰ ক্ষমতা ধাৰণ কৰিছে আৰু ইয়াৰ অধীনত ৩০খন বিমান আহে য'ত মিগ-২৯কে যুদ্ধ বিমান, কামোভ-৩১, এমএইচ-৬০আৰ মাল্টি-ৰোল হেলিকপ্টাৰ অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও স্বদেশী স্তৰত নিৰ্মিত উন্নত পাতল হেলিকপ্টাৰ আৰু পাতল যুদ্ধ বিমান (নৌসেনা)কো অন্তৰ্ভুক্ত কৰা হৈছে। শ্বৰ্ট টেক অফ বাট এৰেষ্টেড ৰিকভাৰী (এছটিঅ'বিএআৰ) নামৰ এটা নতুন বিমান সঞ্চালন প্ৰণালীৰ প্ৰয়োগ কৰা হয়। এনেকৈয়ে আইএনএছ বিক্ৰান্তক লঞ্চিং এয়াৰক্ৰাফ্টৰ বাবে এক স্কি-জাম্প তথা বিমানৰ জাহাজতে ৰ'বৰ বাবে 'এৰেষ্টাৰ ৱায়াৰ্ছ'ৰেও সজ্জিত কৰা হৈছে।

আইএনএছত ৭৬% স্বদেশী সামগ্ৰী ব্যৱহাৰ হৈছে। এনেদৰে চিএছএলৰ ২০০০ৰো অধিক কৰ্মচাৰীয়ে পোনপটীয়া সংস্থাপন লাভ কৰে। ইয়াৰ লগতে ৫৫০ অ'ইএমৰ বাবে প্ৰায় ১২,৫০০ কৰ্মচাৰী, উপ-ঠিকাদাৰ, সহায়ক উদ্যোগ আৰু ১০০তকৈ অধিক সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগেও কাম পায়। এনেদৰে অৰ্থনৈতিক ব্যৱস্থাত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰে।

 

নৌসেনাৰ নতুন পতাকা

ঔপনিবেশিক অতীতৰ বোজাৰ পৰা সকাহ পোৱাৰ ক্ৰমত দেশৰ বৰ্তমান প্ৰয়াসৰ প্ৰতি লক্ষ্য ৰাখি এই কথাৰ আৱশ্যকতা অনুভৱ কৰা হয় যে নিজৰ ইতিহাসৰ দ্বাৰা অনুপ্ৰাণিত কোনো নতুন ডিজাইন প্ৰস্তুত কৰা হওক। বগা পতাকা নৌসেনাৰ ৰাষ্ট্ৰজোৰা উপস্থিতিৰ প্ৰতীক। এতিয়া তাত দুটা প্ৰধান উপাদান সংযুক্ত হ'ল- ওপৰত বাওঁফালে ৰাষ্ট্ৰীয় পতাকা, মাজত গভীৰ নীলা-স্বৰ্ণ অষ্টভূজ আকাৰ (স্তম্ভৰ পৰা আঁতৰত) দিয়া হৈছে। অষ্টভূজ আকাৰত দুটা সদৃশ স্বৰ্ণ অষ্টকোণী দাঁতি আছে, যি স্বৰ্ণ ৰাষ্ট্ৰীয় চিহ্ন (অশোকৰ সিংহ চতুৰ্মুখ স্তম্ভশীৰ্ষ-তলত নীলা দেৱনাগৰী লিপিত 'সত্যমেৱ জয়তে' লিখা আছে)। ইয়াক এখন শ্বিল্ডৰ ওপৰত অংকন কৰা হৈছে। শ্বিল্ডৰ তলত অষ্টভূজাকাৰৰ ভিতৰত সোণালী দাঁতিযুক্ত ৰিবন দিয়া হৈছে, যি গভীৰ নীলা ৰঙৰ ওপৰত আছে। তাত সোণালী আখৰত ভাৰতীয় নৌসেনাৰ ধ্যেয়-বাক্য 'শং নো ৱৰুণঃ' লিখা আছে। ডিজাইনৰ ভিতৰত অষ্টভূজাকাৰত ভাৰতীয় নৌসেনাৰ শিখা, লংগৰ আছিল যি ঔপনিবেশিক অতীতৰ সৈতে সংযুক্ত আছিল। ইয়াৰ স্থানত এতিয়া স্পষ্ট লংগৰ দিয়া হৈছে যি ভাৰতীয় নৌসেনাৰ দৃঢ়তাৰ প্ৰতীক।

এই উপলক্ষে কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনৰাই বিজয়ন, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী অজয় ভট্ট তথা প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু চিএছএলৰ জ্যেষ্ঠ চিভিল তথা সৈন্যাধিকাৰী উপস্থিত আছিল।

 

***

ABB/VM/Savvy



(Release ID: 1856467) Visitor Counter : 229