প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত খাদী উৎসৱত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে


"৭,৫০০ ভগ্নী আৰু কন্যাই একেলগে যঁতৰত সূতা কাটি ইতিহাস ৰচিছে"

" যঁতৰত যেতিয়া আপোনাসৱৰ হাত ঘূৰিছিল, তেতিয়া ভাৰতৰ বস্ত্ৰ বয়ন হৈছিল"

"স্বাধীনতা সংগ্ৰামৰ দৰে উন্নত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াত উদ্বুদ্ধ কৰিব পাৰে খাদীয়ে"

"আমি ৰাষ্ট্ৰৰ বাবে খাদী , ফেশ্বনৰ বাবে খাদীৰ সংকল্পৰ সৈতে পৰিৱৰ্তনৰ বাবে খাদীৰ সংকল্পকো যোগ দিছোঁ"

"ভাৰতৰ খাদী উদ্যোগৰ উন্নতিত নাৰী শক্তিৰ বিশেষ ভূমিকা আছে"

"খাদী হৈছে বহনক্ষম পোছাক, পৰিৱেশ-অনুকূল পোছাকৰ এক উদাহৰণ আৰু ই আটাইতকৈ কম কাৰ্বন নিঃসৰণ কৰে"

"আগন্তুক উৎসৱৰ বতৰত খাদীৰ পোছাক উপহাৰ দি ইয়াৰ প্ৰচাৰ কৰক"

"দেশবাসীয়ে দূৰদৰ্শনত 'স্বৰাজ' ধাৰাবাহিকখন চোৱা উচিত"

Posted On: 27 AUG 2022 7:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত খাদী উৎসৱত অংশগ্ৰহণ কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাংসদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী আৰু আহমেদাবাদৰ মেয়ৰ শ্ৰী জগদীশ পাঞ্চাল, শ্ৰী কিৰিটভাই পাৰমাৰ আৰু কেভিআইচিৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰ এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, যঁতৰৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ কথা স্মৰণ কৰে আৰু তেওঁৰ শৈশৱৰ কথা মনত পেলায় যি সময়ত তেওঁৰ মাতৃয়ে যঁতৰত কাম কৰিছিল। তেওঁ কয়, "স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৭,৫০০ ভগ্নী আৰু কন্যাই একেলগে যঁতৰত সূতা ঘূৰাই ইতিহাস সৃষ্টি কৰাৰ বাবে সবৰমতীৰ পাৰ আজি আশীৰ্বাদপ্ৰাপ্ত হৈ পৰিছে।" তেওঁ কয় যে যঁতৰ চলোৱাটো একধৰণৰ পূজা।

তেওঁ আজি উদ্বোধন কৰা 'অটল ব্ৰীজ'ৰ অভূতপূৰ্ব প্ৰযুক্তি আৰু ডিজাইনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই দলংখন গুজৰাটৰ জনসাধাৰণে সদায় ভাল পোৱা আৰু শ্ৰদ্ধা কৰা শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। "অটল দলঙে কেৱল সবৰমতী নদীৰ দুই পাৰক সংযোগ কৰাই নহয়, ই ডিজাইন আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো অভূতপূৰ্ব। গুজৰাটৰ বিখ্যাত ঘুড়ি উৎসৱৰ কথাও ইয়াৰ ডিজাইনত প্ৰয়োগ কৰা হৈছে", তেওঁ কয়। শ্ৰী মোদীয়ে ভাৰতত হৰ ঘৰ তিৰংগা অভিযান যি উৎসাহেৰে পালন কৰা হৈছিল সেয়াও উল্লেখ কৰে। তেওঁ কয় যে ইয়াত উদযাপনে কেৱল দেশপ্ৰেমৰ অনুভূতিয়েই প্ৰতিফলিত নকৰে, আধুনিক আৰু উন্নত ভাৰতৰ সংকল্পকো প্ৰতিফলিত কৰে। "যঁতৰত যেতিয়া আপোনাসৱৰ হাত ঘূৰিছিল তেতিয়া দেশৰ বস্ত্ৰ বয়ন হৈছিল", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ স্বাধীনতা আন্দোলনত এই খাদী উদ্যোগৰ বিশেষ ভূমিকা আৰু ইতিহাস আছে। ই দাসত্বৰ শিকলি ভাঙিছিল।" তেওঁ লগতে কয় যে এই খাদীৰ সূতাই বৰ্তমান উন্নত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। "খাদীৰ দৰে পৰম্পৰাগত শক্তিয়ে আমাক নতুন উচ্চতালৈ লৈ যাব পাৰে", তেওঁ কয়। এই খাদী উৎসৱ হৈছে স্বাধীনতা আন্দোলনৰ আত্মা আৰু ইতিহাস পুনৰুজ্জীৱিত কৰাৰ এক প্ৰয়াস আৰু নতুন ভাৰতৰ সংকল্প সিদ্ধিৰ বাবে এক অনুপ্ৰেৰণা।

প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণত উল্লেখ কৰা পঞ্চ-প্ৰাণৰ কথা পুনৰ স্মৰণ কৰে। তেওঁ কয়, "সবৰমতীৰ পাৰৰ এই পবিত্ৰ স্থানত মই পঞ্চ-প্ৰাণৰ কথাৰ পুনৰাবৃত্তি কৰিব বিচাৰোঁ। প্ৰথমটো হৈছে-দেশৰ সন্মুখত এক মহান লক্ষ্য আছে, সেয়া হৈছে উন্নত ভাৰত গঢ়াৰ লক্ষ্য। দ্বিতীয়তে-দাসত্বৰ মানসিকতাৰ পৰা সম্পূৰ্ণ মুক্তি। তৃতীয়তে- আমাৰ ঐতিহ্যৰ ওপৰত গৌৰৱবোধ কৰা, চতুৰ্থতে-ৰাষ্ট্ৰৰ ঐক্য বৃদ্ধিৰ বাবে কঠোৰ প্ৰচেষ্টা কৰা, আৰু পঞ্চমতে নাগৰিকৰ দায়িত্ব পালন। তেওঁ কয় যে আজিৰ খাদী উৎসৱ এই 'পঞ্চ প্ৰাণ'ৰ এক সুন্দৰ প্ৰতিফলন।

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পিছৰ সময়ছোৱাত খাদীৰ ওপৰত হোৱা অৱহেলাৰ কথা স্মৰণ কৰে। "স্বাধীনতা আন্দোলনৰ সময়ত গান্ধীজীয়ে দেশৰ আত্মসন্মানৰ প্ৰতীক হিচাপে গঢ়ি তোলা খাদী সামগ্ৰীক স্বাধীনতাৰ পিছত অৱহেলাৰ চকুৰে চোৱা হৈছিল। ইয়াৰ বাবে খাদী আৰু খাদীৰ সৈতে সম্পৰ্কিত গ্ৰাম্য উদ্যোগসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। খাদীৰ এই অৱস্থা বিশেষকৈ গুজৰাটৰ বাবে অতি বেদনাদায়ক আছিল", তেওঁ কয়। খাদী শিল্পক পুনৰুজ্জীৱিত কৰাৰ কাম গুজৰাটৰ ভূমিত পুনৰায় আৰম্ভ হোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে। 'দেশৰ বাবে খাদী, ফেশ্বনৰ বাবে খাদী’ চৰকাৰৰ এই প্ৰতিশ্ৰুতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে।  

তেওঁ কয়, "আমি গুজৰাটৰ সফলতাৰ কাহিনী সমগ্ৰ দেশতে বিয়পাই দিয়া আৰম্ভ কৰিছোঁ।" সমগ্ৰ দেশতে খাদীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ সমাধান কৰা হৈছে। আমি দেশবাসীক খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ উৎসাহিত কৰিছোঁ। প্ৰধানমন্ত্ৰীয়ে খাদীৰ পুনৰুজ্জীৱিতকৰণ প্ৰক্ৰিয়াত মহিলাসকলৰ অৱদানৰ কথাও স্বীকাৰ কৰে। "ভাৰতৰ খাদী উদ্যোগক শক্তিশালী কৰাৰ ক্ষেত্ৰতো মহিলা শক্তিৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। আমাৰ ভগ্নী আৰু কন্যাসকল এই উদ্যোগৰ প্ৰতি আকৃষ্ট হৈছে। ইয়াৰ প্ৰমাণ হৈছে গুজৰাটত সখী মণ্ডলৰ সম্প্ৰসাৰণ"। তেওঁ জনায় যে যোৱা ৮ বছৰত খাদীৰ বিক্ৰী চাৰিগুণ বৃদ্ধি পাইছে আৰু প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ লেনদেন এক লাখ কোটি অতিক্ৰম কৰিছে। এই খণ্ডটোৱে ১.৭৫ কোটি নতুন কৰ্মসংস্থাপনো দিছে। তেওঁ কয় যে মুদ্ৰা যোজনাৰ দৰে বিত্তীয় অন্তৰ্ভুক্তি আঁচনিয়ে উদ্যোগ বৃদ্ধি কৰিছে।

খাদী সামগ্ৰীৰ উপকাৰিতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পোছাক আৰামদায়ক, পৰিৱেশ-অনুকূল আৰু ইয়াৰ পৰা আটাইতকৈ কম কাৰ্বন নিঃসৰণ হয়। এনে বহুতো দেশ আছে য'ত তাপমাত্ৰা অধিক, খাদী স্বাস্থ্যৰ দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ। সেয়েহে, খাদীয়ে বিশ্বৰ বজাৰত এক বৃহৎ ভূমিকা পালন কৰিব পাৰে। বৈশ্বিক স্তৰত মৌলিক আৰু বহনক্ষম জীৱন যাপনৰ বৰ্ধিত প্ৰৱণতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে কথাখিনি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক আগন্তুক উৎসৱৰ সময়ছোৱাত কেৱল খাদী আৰু গ্ৰামোদ্যোগত তৈয়াৰ কৰা সামগ্ৰী উপহাৰ দিবলৈ আহ্বান জনায়। "আপোনাসৱৰ বিভিন্ন প্ৰকাৰৰ কাপোৰেৰে তৈয়াৰী পোছাক থাকিব পাৰে। কিন্তু যদি আপোনাসৱে তাৰ স্থানত খাদীক বস্ত্ৰ পৰিধান কৰে, তেতিয়াহলে "ভোকেল ফৰ লোকেল" প্ৰচাৰাভিযানে গতি লাভ কৰিব", প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দশকসমূহৰ কথা স্মৰণ কৰি কয়, বিদেশী পুতলা উদ্যোগৰ হেঁচাত পৰি ভাৰতৰ নিজৰ পুতলা উদ্যোগটোৰ উন্নতিৰ পথ ৰুদ্ধ হৈছিল।এই পুতলা উদ্যোগৰ উন্নতিত ইয়াৰ সৈতে জড়িত আমাৰ ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এতিয়া পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলস্বৰূপে, পুতলাৰ আমদানি যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ জনগণক দূৰদৰ্শনত 'স্বৰাজ' ধাৰাবাহিকখন চাবলৈ আহ্বান জনায়। ধাৰাবাহিকখনত দেশৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ কাহিনী আৰু তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে বিতংভাৱে দেখুওৱা হৈছে। তেওঁ কয়, আমাৰ আমাৰ পূৰ্বপুৰুষসকলে দেশৰ স্বাধীনতাৰ বাবে কিদৰে আত্মবলিদান দিছিল, সেই বিষয়ে বুজিবলৈ আৰু জানিবলৈ এই ধাৰাবাহিকখন চোৱা উচিত।

খাদী উৎসৱঃ

দেশৰ যুৱপ্ৰজন্মৰ মাজত খাদীক জনপ্ৰিয় কৰা, খাদী সামগ্ৰীৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈ আহিছে। প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে, ২০১৪ চনৰ পৰা ভাৰতত খাদীৰ বিক্ৰী চাৰিগুণ বৃদ্ধি পাইছে, আনহাতে গুজৰাটত খাদীৰ বিক্ৰী আঠগুণ বৃদ্ধি পাইছে।

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে স্বাধীনতা সংগ্ৰামৰ সময়ত খাদী আৰু ইয়াৰ গুৰুত্বক তুলি ধৰিবলৈ খাদী উৎসৱৰ আয়োজন কৰা হয়। উৎসৱটো আহমেদাবাদৰ সবৰমতী নৈৰ পাৰত আয়োজন কৰা হৈছে আৰু গুজৰাটৰ বিভিন্ন জিলাৰ ৭৫০০ মহিলা খাদী শিল্পীক একে সময়তে আৰু একে ঠাইতে যঁতৰ ঘূৰোৱা দেখা যাব। অনুষ্ঠানটোত ১৯২০ৰ দশকৰ পৰা ব্যৱহৃত বিভিন্ন প্ৰজন্মৰ ২২ টা যঁতৰ প্ৰদৰ্শন কৰি "যঁতৰৰ বিৱৰ্তন" প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। ইয়াত স্বাধীনতা সংগ্ৰামৰ সময়ত ব্যৱহৃত "য়েৰৱাড়া যঁতৰ"ৰ পৰা আৰম্ভ কৰি আজি ব্যৱহৃত শেহতীয়া উদ্ভাৱন আৰু প্ৰযুক্তিৰ যঁতৰ প্ৰদৰ্শন কৰা হৈছে। পণ্ডুৰু খাদী উৎপাদনৰ এক পোনপটীয়া প্ৰদৰ্শনো কৰা হৈছিল। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰাজ্য খাদী গ্ৰামোদ্যোগ ব'ৰ্ডৰ নতুন কাৰ্যালয় ভৱন আৰু সবৰমতীৰ ফুট অভাৰ ব্ৰীজ 'অটল ব্ৰীজ'ও উদ্বোধন কৰে।

***

DS/TS/KG



(Release ID: 1856465) Visitor Counter : 241