গৃহ মন্ত্ৰালয়

জনসাধাৰণক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

Posted On: 07 AUG 2022 12:55PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এলানি টুইটত শ্ৰী অমিত শ্বাহে কয়, “ভাৰতৰ হস্ততাঁত খণ্ডই আমাৰ সমৃদ্ধ আৰু বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক সূচিত কৰে। ২০১৫ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯০৫ ৰ একেদিনাই আৰম্ভ হোৱা স্বদেশী আন্দোলনক স্মৰণাৰ্থে আৰু এই প্ৰাচীন ভাৰতীয় কলাবিধক পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যেৰে ৭ আগষ্টক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰিছিল।”

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, “এই দিৱসৰ তদুপৰি লক্ষ্য হৈছে দেশবাসীক থলুৱা শিপিনীসকলে বোৱা হস্ততাঁত সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা। এই ৮ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আমাৰ হস্ততাঁত ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰোৎসাহন আৰু মহিলাসকলকে প্ৰমুখ্য কৰি আমাৰ হস্ততাঁত বয়নশিল্পীসকলক সবলীকৰণৰ অৰ্থে মোদী চৰকাৰৰ সংকল্পক আগুৱাই নিবলৈ হাতে-হাত ধৰো আহক।”

 

*****



(Release ID: 1849704) Visitor Counter : 128