যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

দূৰ-সংযোগক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ সংস্কাৰলৈ দূৰ-সংযোগ উদ্যোগৰ সঁহাৰি: ‘৫জি স্পেক্ট্ৰাম’ৰ নিলামে অতিক্ৰমিলে ১,৫০,১৭৩কোটি টকাৰ ঘৰ

Posted On: 02 AUG 2022 12:05PM by PIB Guwahati

ভাৰত চৰকাৰে ৭২,০৯৮মেগাহাৰ্টজ স্পেক্ট্ৰাম নিলামৰ বাবে আগবঢ়াই দিছিল, ইয়াৰে ৫১,২৩৬মেগাহাৰ্টজ (৭১%)স্পেক্ট্ৰাম ১,৫০,১৭৩ কোটি টকা পৰিমাণৰ নিবিদাৰ আধাৰত বিক্ৰী হয়।

নিলাম প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰি বিভিন্ন ‘ৱে’ভ বেণ্ড’ৰ ‘স্পেক্ট্ৰাম’ ক্ৰয় কৰা প্ৰতিষ্ঠানসমূহ হৈছে-‘মেছাৰ্ছ আডানী ডাটা নেটৱৰ্ক লিমিটেড’, যিয়ে লাভ কৰিছে ‘এমএম ৱে’ভ বেণ্ড’ৰ ‘৪০০মেগাহাৰ্টজ স্পেক্ট্ৰাম’(২৬গিগাহাৰ্টজ)। সেইদৰে, ‘মেছাৰ্ছ ভাৰতী এয়াৰটেল লিমিটেডে’ ৯০০, ১৮০০, ২১০০, ৩৩০০বেণ্ডৰ ১৯,৮৬৭.৮ আৰু ২৬ গিগাহাৰ্টজ, ‘মেছাৰ্ছ ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডে’ ৭০০, ৮০০, ১৮০০, ৩৩০০বেণ্ডৰ ২৪,৭৪০মেগাহাৰ্টজ আৰু ২৬গিগাহাৰ্টজ, ‘মেছাৰ্ছ ভোডাফোন আইডিয়া লিমিটেডে’ ১৮০০, ২১০০, ২৫০০, ৩৩০০বেণ্ডৰ ৬,২২৮মেগাহাৰ্টজ আৰু ২৬গিগাহাৰ্টজ স্পেক্ট্ৰাম।

নিবিদাৰ মুঠ মূল্যমান ১,৫০,১৭৩ কোটি টকাৰ ভিতৰত আছে ‘আডানী ডাটা নেটৱৰ্কছ’ৰ ২১২কোটি টকা, ‘ভাৰতী এয়াৰটেল লিমিটেড’ৰ ৪৩,০৪৮কোটি টকা, ‘ৰিলায়েন্স জিঅ’ ইনফ’কম’ৰ ৮৮,০৭৮কোটি টকা, আৰু ‘ভোডাফোন আইডিয়া লিমিটেড’ৰ ১৮,৭৯৯কোটি টকা। এইকেউটা অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানে আদায় দিয়া বাৰ্ষিক কিস্তিৰ পৰিমাণ আছিল ১৩,৩৫৬কোটি টকা।

বাৰ্ষিক কিস্তিৰ বিপৰীতে ধাৰ্য কৰা সুদৰ হাৰ হৈছে ৭.২% আৰু কোনো অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানে আগতীয়াকৈ আৰু কিছু পৰিমাণৰ ধন আদায় দিব পাৰে।

৬০০মেগাহাৰ্টজ বেণ্ডৰ নিলাম এই প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল। এই বেণ্ডৰ বাবে এখনো নিবিদা লাভ কৰা নহ’ল।

৭০০মেগাহাৰ্টজ, ‘৫জি ইক’ছিষ্টেম’ ইতিমধ্যে সুন্দৰকৈ বিকশিত হৈছে। ইয়াৰ এক বৃহত্ ‘চেল-ছাইজ’ আছে আৰু ইয়াৰ বাবে আন্তঃগাথনিৰ প্ৰয়োজনীয়তা সীমিত হয়। এই বেণ্ডে ‘বিস্তৃত ৰেঞ্জ আৰু সুন্দৰ কভাৰেজ’ প্ৰদান কৰে। ‘মেছাৰ্ছ ৰিলায়েন্স জিঅ’ই সমগ্ৰ ভাৰত জুৰি ১০মেগাহাৰ্টজ ‘স্পেক্ট্ৰাম’ লাভ কৰিছে।

অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহে মূলতঃ ৪জি কভাৰেজৰ সামৰ্থ্যবৰ্দ্ধন আৰু মান উন্নতকৰণৰ বাবে প্ৰাথমিকভাবে ৮০০ৰ পৰা ২৫০০বেণ্ডৰ বাবে নিবিদা দাখিল কৰিছে।

উচ্চ ‘থ্ৰুপুট’ যোগানৰ বাবে মধ্যৱৰ্তি বেণ্ড, অৰ্থাত্ ‘৩৩০০মেগাহাৰ্টজ’ বেণ্ড অত্যন্ত গুৰুত্বপূৰ্ণ। এই মুহূৰ্তত সেৱাৰত তিনিওটা প্ৰতিষ্ঠানেই এই শ্ৰেণীৰ স্পেক্ট্ৰাম আহৰণ কৰিছে। প্ৰতিষ্ঠানকেইটাই বৰ্তমানৰ ৪জি সামৰ্থ্য বৰ্দ্ধনৰ দিহা কৰি ৩৩০০মেগাহাৰ্টজ বেণ্ডত ৫জি সেৱা যোগানৰ ব্যৱস্থা কৰিব পাৰে।

উচ্চ ‘থ্ৰুপুট’ৰ সামৰ্থ্য বহণ কৰে যদিও ‘এমএম ৱে’ভ বেণ্ড’ অৰ্থাত্ ‘২৬গিগাহাৰ্ট’-ৰ ‘ৰেঞ্জ’ কিন্তু খুবেই চুটি। এই বেণ্ডক ‘কেপ্টিভ’ আৰু ‘নন-পাব্লিক নেটৱৰ্ক’ৰ বাবে ব্যৱহাৰ কৰিব বুলি ধাৰণা কৰা হৈছে। এই বেণ্ডত ‘ফিক্সড ৱায়াৰলেছ একচেছ’(এফডব্লিউএ)য়ে সমগ্ৰ পৃথিৱী জুৰি ক্ৰমাত্ জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

ভাৰত চৰকাৰৰ ‘মেছাৰ্ছ মেটেল স্ক্ৰেপ ট্ৰেডিং কৰ্পোৰেশ্যন’ নামৰ ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানটো হৈছে এই ক্ষেত্ৰৰ নিলামকাৰী সংস্থা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা সংস্কাৰ আৰু স্পষ্ট নীতি নিৰ্দেশনাই ‘স্পেক্ট্ৰাম নিলাম প্ৰক্ৰিয়া’ৰ সাফল্য নিশ্চিত কৰিলে। ইয়ে দূৰ-সংযোগ খণ্ডই প্ৰগতিৰ পথেৰে বাট বুলাৰ কথাটোকো প্ৰতীয়মান কৰিছে।  

 

মাত্ৰা

সঞ্চালক

700 MHz

800 MHz

900 MHz

1800 MHz

2100 MHz

2500 MHz

3300 MHz

26 GHz

মুঠ

নিলামৰ বাবে আগবঢ়াই দিয়া মুঠ স্পেক্ট্ৰাম

550

136

74

267

160

230

7,260

62,700

72,098

মেছাৰ্ছ আডানী ডাটা নেটৱৰ্কছ লিমিটেড

0

0

0

0

0

0

0

400

400

ভাৰতী এয়াৰটেল লিমিটেড

0

0

12.8

25

30

0

2,200

17,600

19,867.8

ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেড

220

20

0

60

0

0

2,440

22,000

24,740

ভোডাফোন আইডিয়া লিমিটেড

0

0

0

3.4

5

20

850

5,350

6,228.4

মুঠ

220

20

12.8

88.4

35

20

5490

45,350

51,236.2

% স্পেক্ট্ৰাম নিবিদাৰ বাবে

40%

15%

17%

33%

22%

9%

76%

72%

71%

 

নিবিদাৰ বাবদ দিবলগীয়া ধন(কোটি টকা হিচাপ) :

সঞ্চালক

700 MHz

800 MHz

900 MHz

1800 MHz

2100 MHz

2500 MHz

3300 MHz

26 GHz

মুঠ

মেছাৰ্ছ আডানী ডাটা নেটৱৰ্কছ লিমিটেড

0

0

0

0

0

0

0

212

212

ভাৰতী এয়াৰটেল লিমিটেড

0

0

349

2,763

2,680

0

31,700

5,592

43,084

ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেড

39,270

1050

0

7,028

0

0

33,740

6,990

88,078

ভোডাফোন আইডিয়া লিমিটেড

0

0

0

584

500

650

15,150

1,915

18,799

মুঠ

39,270

1050

349

10,375

3,180

650

80,590

14,709

1,50,173

 

***

RKJ/M/KB



(Release ID: 1848683) Visitor Counter : 174