প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতি ঘৰতেত্ৰিৰঙ্গা অভিযান শক্তিশালী কৰিবলৈ জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ


স্বাধীন ভাৰতৰ এখন পতাকাৰ সপোন দেখা সকলৰ অদম্য সাহস আৰু প্ৰচেষ্টাৰ কথাও স্মৰণ প্ৰধানমন্ত্ৰীৰ

২২ জুলাই আমাৰ ইতিহাসত বিশেষ গুৰুত্বপূৰ্ণ, কিয়নো ১৯৪৭ চনৰ আজিৰ দিনটোতে আমি ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰিছিলো: প্ৰধানমন্ত্ৰী

Posted On: 22 JUL 2022 9:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হৰ ঘৰ ত্ৰিৰঙা’ অভিযান শক্তিশালী কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। শ্ৰী মোদীয়ে স্বাধীন ভাৰতৰ বাবে পতাকাৰ সপোন দেখা সকলৰ অদম্য সাহস আৰু প্ৰচেষ্টাৰ কথাও স্মৰণ কৰে। তেওঁ ইতিহাসৰ কিছুমান আকৰ্ষণীয় কথাও উল্লেখ কৰি আমাৰ ত্ৰিৰংগা সম্পৰ্কীয় সমিতি আৰু পণ্ডিত নেহৰুৰ দ্বাৰা উত্তোলিত প্ৰথম ত্ৰিৰংগাৰ বিৱৰণ দিয়ে। "আমাৰ ইতিহাসত ২২ জুলাইৰ এক বিশেষ গুৰুত্ব আছে, কিয়নো ১৯৪৭ চনৰ আজিৰ দিনটোতে আমাৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল।”

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"এই বছৰ, যেতিয়া আমি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছো, আমি ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান শক্তিশালী কৰোঁ আহক। ১৩ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত ত্ৰিৰংগা উৰুৱাওক বা সেইবোৰ আপোনাৰ ঘৰত প্ৰদৰ্শন কৰক। এই অভিযানে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব।"

"আজি, ২২ জুলাইৰ দিনটো আমাৰ ইতিহাসত এক বিশেষ প্ৰাসংগিকতা আছে। ১৯৪৭ চনৰ আজিৰ দিনটোতে আমাৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল। মই ইতিহাসৰ কিছুমান আকৰ্ষণীয় উল্লেখ কৰিবলৈ বিচাৰিছো, যাৰ ভিতৰত আছে আমাৰ ত্ৰিৰংগা সম্পৰ্কীয় সমিতিৰ বিৱৰণ আৰু পণ্ডিত নেহৰুৰ দ্বাৰা উত্তোলিত প্ৰথম ত্ৰিৰংগা।"

"আজি আমি ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজি থকা সময়ত স্বাধীন ভাৰতৰ বাবে পতাকাৰ সপোন দেখা সকলোৰে অদম্য সাহস আৰু প্ৰচেষ্টাৰ কথা মনত পেলাইছো। আমি তেওঁলোকৰ লক্ষ্য পূৰণ কৰা আৰু তেওঁলোকৰ সপোনৰ ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি কৰিছো।"


***


DS/ST/RD



(Release ID: 1846884) Visitor Counter : 120