প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰে মত-বিনিময় কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 20 JUL 2022 2:27PM by PIB Guwahati

আপোনালোকৰ সৈতে বাৰ্তালাপৰ পূৰ্বে মই কেইটামান কথা ক’ব খুজিছো।

 

বন্ধুসকল,

আপোনালোকক লগ পোৱাৰ সুযোগে মোক আনন্দিত কৰিছে। আপোনালোকক ব্যক্তিগতভাৱে লগ কৰিব পৰা হ’লে মই বেছি সুখী হ’লোহেঁতেন, কিন্তু আপোনালোকৰ বহুতেই এতিয়াও বিদেশত প্ৰশিক্ষণত ব্যস্ত হৈ থকাৰ বাবেই এনেদৰেই লগ পোৱা হৈছে। আনহাতে, সংসদৰ অধিৱেশন অব্যাহত থকাৰ বাবে ময়ো ব্যস্ত থাকিবলগীয়া হৈছে।

 

বন্ধুসকল,

আজি ২০ জুলাই। ক্ৰীড়া জগতখনৰ বাবেও আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকৰ নিশ্চয় অৱগত যে আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস। ইয়াৰোপৰি অতি আমোদজনক কথাটো হ’ল যে অহা ২৮ জুলাইত বাৰ্মিংহামত কমনৱেলথ গেমছ আৰম্ভ হ’ব আৰু সেইদিনাই তামিলনাডুৰ মহাবলীপুৰমত দবা অলিম্পিয়াডো আৰম্ভ হ’ব। অৰ্থাৎ অহা ১০-১৫ দিনত ভাৰতীয় খেলুৱৈসকলে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনেৰে বিশ্বখনত আধিপত্য বিস্তাৰৰ এক সোণালী সুযোগ লাভ কৰিছে। এই ছেগতে দেশখনৰ প্ৰতিগৰাকী খেলুৱৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

 

বন্ধুসকল,

ইতিমধ্যে গৰিষ্ঠসংখ্যক খেলুৱৈয়ে কেইবাটাও বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত দেশবাসীক গৌৰৱান্বিত কৰিছে। এইবাৰো সকলো ক্ৰীড়া প্ৰশিক্ষক উৎসাহী হৈ উঠিছে। যিসকলৰ পূৰ্বে কমনৱেলথ গেমছত খেলাৰ অভিজ্ঞতা আছে তেওঁলোকে নিজকে পুনৰ উন্নতৰ ফলাফলৰ বাবে চেষ্টা কৰাৰ সুযোগ পায়। মই নিশ্চিত যে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৬৫ জনৰো অধিক খেলুৱৈয়ে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব। আপোনাসৱে কি কৰিব লাগে আৰু কেনেকৈ খেলিব লাগে, সেই সন্দৰ্ভত ভালদৰেই জ্ঞাত। মই মাথো ক’ম যে আপোনালোকৰ সৰ্ব শক্তিৰে আৰু কোনো উদ্বেগবিহীনভাৱে খেলক।

আৰু সেই পুৰণি সংলাপটো নিশ্চয় শুনিছে। আপোনালোকক প্ৰত্যাহ্বান জনাবলৈ কোনো নাই। তালৈ গৈ এই মনোভাৱৰে খেলিব লাগিব। অধিক পৰামৰ্শ আগবঢ়াব নিবিচাৰো। কথা-বতৰা আৰম্ভ কৰো আহক। মই প্ৰথমে কাৰ লগত কথা পাতিম বাৰু?

উপস্থাপকঃ মহাৰাষ্ট্ৰৰ এগৰাকী খেলুৱৈ অবিনাশ চেবল।

প্ৰধানমন্ত্ৰী অবিনাশ, নমস্কাৰ!

অবিনাশ চেবলঃ জয় হিন্দ, ছাৰ। কমনৱেলথ গেমছত ৩০০০ মিটাৰ ইভেন্টত ভাৰতক প্ৰতিনিধিত্ব কৰি মই অবিনাশ চেবল।

প্ৰধানমন্ত্ৰীঃ অবিনাশ, মই জানিব পাৰিছো যে তুমি সেনাবাহিনীত কৰ্মৰত আৰু তোমাকো ছিয়াচেনত নিযুক্ত কৰা হৈছিল। প্ৰথমে মহাৰাষ্ট্ৰৰপৰা গৈ হিমালয়ত কৰ্তব্য পালনৰ অভিজ্ঞতা সম্পৰ্কে োৱাচোন।

অবিনাশ চেবল ছাৰ, মই মহাৰাষ্ট্ৰৰ বিড জিলাৰ। ২০১২ ত মই ভাৰতীয় সেনাত যোগদান কৰিছিলো। চাৰি বছৰ ধৰি সেনাবাহিনীত নিয়মীয়াকৈ কৰ্তব্য পালন কৰিছিলো আৰু সেই বছৰকেইটাত মই বহুখিনি শিকিব পাৰিছিলো। চাৰি বছৰৰ ভিতৰত ৯ মাহৰ বাবে অতিশয় কঠোৰ প্ৰশিক্ষণ লাভ কৰিছিলো। সেই প্ৰশিক্ষণে মোক অধিক শক্তিশালী কৰি তুলিছিল। সেই প্ৰশিক্ষণ লাভৰ পৰিপ্ৰেক্ষিতত যিকোনো ক্ষেত্ৰতে মই বহু ভাল কাম কৰিব পাৰিম বুলি ভাবো। মোক কমনৱেলথ গেমছলৈ পঠোৱাৰ বাবে সেনাৰ ওচৰত মই অতিশয় কৃতজ্ঞ। সেনাবাহিনীত অনুশাসন আৰু কঠিন ভূখণ্ডত মোক মোতায়েনৰ বাবে মই বহুখিনি লাভৱান হৈছো।

প্ৰধানমন্ত্ৰীঃ অবিনাশ, এটা কথা কোৱাচোন। পূৰ্বে তোমাৰ ওজন বেছি আছিল আৰু অতি কম সময়ৰ ভিতৰতে তোমাৰ ওজন কমিছিল। আৰু আজি তোমাক দেখোতে বৰ পাতল যেন দেখা গৈছে। মই লক্ষ্য কৰিছো যে নীৰজ চোপ্ৰায়ো খুব কম সময়ৰ ভিতৰতে তেওঁৰ ওজন কমালে। মই ভাবো, তুমি নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে সকলো উপকৃত হ’ব।

অবিনাশ চেবলঃ ছাৰ, মই সেনাবাহিনীত সৈনিক হিচাপে দায়িত্ব পালনৰ সময়ত মোৰ ওজন বেছি আছিল। সেই সময়তে খেলা-ধূলাত মনোনিৱেশৰ কথা ভাবিছিলো। মোৰ ইউনিটৰ সকলোৱে মোক ক্ৰীড়াত যোগদান কৰিবলৈ প্ৰেৰণা যোগাইছিল। তেতিয়া মোৰ ওজন আছিল প্ৰায় ৭৪ কিলোগ্ৰাম আৰু মই সেয়েহে বৰ চিন্তিত হৈছিলো। কিন্তু সেনাই মোক সহায় কৰিছিল আৰু মোক সময় উলিয়াই দিছিল যাতে মই প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰো। মোৰ ওজন কমাবলৈ প্ৰায় তিনি-চাৰি মাহ সময় লাগিল।

প্ৰধানমন্ত্ৰীঃ তোমাৰ ওজন কিমান কমিছিল বাৰু?

অবিনাশ চেবলঃ ছাৰ, এতিয়া মোৰ ওজন ৫৩ কেজি। পূৰ্বে ওজন আছিল ৭৪ কেজি। গতিকে, মোৰ ওজন প্ৰায় ২০ কেজি কমি গ’ল।

প্ৰধানমন্ত্ৰীঃ সঁচাকৈয়ে তোমাৰ ওজন বহুখিনি কমিল। অবিনাশ, তোমাক দেশবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিলো। পূৰ্ণ শক্তিৰে খেলা। আমি এতিয়া কাৰ লগত কথা পাতিম?

 

উপস্থাপক ছাৰ, পশ্চিম বংগৰ অচিন্ত শ্বেউলী আছে আৰু তেওঁ এজন ভাৰত্তোলনকাৰী।

প্ৰধানমন্ত্ৰীঃ অচিন্ত জী, নমস্তে!

অচিন্ত শ্বেউলীঃ নমস্তে, ছাৰ। মই পশ্চিমবংগৰ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছো।

প্ৰধানমন্ত্ৰীঃ তোমাৰ বিষয়ে কোৱাচোন।

অচিন্ত শ্বেউলীঃ ছাৰ, মই ৭৩ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিম।

প্ৰধানমন্ত্ৰীঃ অচিন্ত, মই শুনিছো যে তুমি বৰ শান্ত। বৰ ঠাণ্ডা! আৰু তোমাৰ খেলৰ সকলো ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। গতিকে, তুমি এই ক্ষমতা আৰু শান্তি কেনেকৈ সমন্বয় ৰক্ষা কৰি তুলিছ?

অচিন্ত শ্বেউলীঃ ছাৰ, মই যোগাসন কৰো আৰু, ফলত মনটো প্ৰশান্ত হৈ থাকে। কিন্তু প্ৰশিক্ষণৰ সময়ত মই উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকো।

উপস্থাপকঃ ছাৰ, কেৰেলাৰ তৃষা জল আছে আৰু তেওঁ বেডমিন্টন খেলে।

তৃষা জলীঃ সু প্ৰভাত ছাৰ। মই তৃষা জল। ছাৰ, ২০২০ ৰ কমনৱেলথ গেমছত বেডমিন্টন ইভেন্টমই অংশগ্ৰহণ কৰিছিলো

প্ৰধানমন্ত্ৰী তৃষা, তুমি কান্নুৰ জিলাৰ। তাত ফুটবল অতিশয় জনপ্ৰিয়। পিছে তোমাক বেডমিন্টৰ প্ৰতি কোনে প্ৰেৰণা যোগাইছিল?

তৃষা জলীঃ ছাৰ, দেউতাই মোক এই খেল খেলিবলৈ প্ৰেৰণা যোগাইছিল কিয়নো মোৰ গৃহ চহৰত ভলীবল আৰু ফুটবল অতিশয় জনপ্ৰিয়। কিন্তু সেই ৫ বছৰ বয়সতে বেডমিন্টন খেলাটো অধিক সুবিধাজনক আছিল

প্ৰধানমন্ত্ৰীঃ ঘূৰি অহাৰ পিছত কি কৰিম বুলি পৰিকল্পনা কৰিছা?

তৃষা জলীঃ আগন্তুক ইভেন্টত পদক লাভ কৰিলে আমি বিজয় উদযাপন কৰিম। এতিয়া বাৰু আমি কেনেকৈ উদযাপন কৰিম, সেই কথা নকওঁ।

প্ৰধানমন্ত্ৰীঃ পিভি সিন্ধুৱে তেওঁ অলিম্পিকৰপৰা উভতি অহাৰ পিছত আইচক্ৰীম খোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তুমি এটা সুন্দৰ আৰম্ভণি কৰিছা। সমগ্ৰ কেৰিয়াৰটো তোমাৰ সন্মুখত আছে। এয়া মাত্ৰ জয়ৰ আৰম্ভণিহে আৰু তুমি যেন প্ৰতিখন মেচতে তোমাৰ এশ শতাংশ দিয়া। প্ৰতিখন মেচক অতিশয় গুৰুত্বসহকাৰে ল’বা। ফলাফল কি হ’ব সেয়া ডাঙৰ কথা নহয়। তোমাৰ দৰে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।

উপস্থাপকঃ ছাৰ, এতিয়া আমি আগবাঢ়িব খুজিছো ঝাৰখণ্ডৰ এগৰাকী হকী খেলুৱৈ শ্ৰীমতী চেলিমা টেটেৰ ওচৰলৈ

প্ৰধানমন্ত্ৰীঃ চেলিমা জী, নমস্তে!

চেলিমা টেটে সু প্ৰভাত ছাৰ।

প্ৰধানমন্ত্ৰীঃ কেনে আছ চেলিমা জী?

চেলিমা টেটেঃ বৰ ভাল চাৰ। আপোনাৰ ভালনে?

প্ৰধানমন্ত্ৰীঃ প্ৰশিক্ষণৰ বাবে কত আছে? বিদেশত!

চেলিমা টেটে হয় ছাৰ। আমি গোটেই দলটো ইংলেণ্ডত আছে

প্ৰধানমন্ত্ৰীঃ চেলিমা, মই তোমাৰ বিষয়ে জানিব পাৰিছো যে তুমি আৰু তোমাপিতৃয়ে হকীৰ বাবে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। সেয়ে, তুমি যদি আৰম্ভণিৰপৰা এতিয়ালৈকে তোমাএই যাত্ৰাৰ কথা আমাক কোৱা, মই ভাবো তোমাৰ কথাই দেশখনৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।

চেলিমা টেটে হয় ছাৰ। মই গাঁৱৰ ছোৱালী। দেউতায়ো খেলিছিল। অৱশ্যে দেউতাই নেখেলা বহুদিনেই দেউতাই লৈকে খেলিবলৈ গৈছিল, ময়ো চাইকেল এখনত উঠি তেওঁৰ লগত গৈছিলো। মই আগতে তেওঁক চাই-চাই খেল সম্পৰ্কে বুজিবলৈ চেষ্টা কৰিছিলো। দেউতাৰপৰা হকী সম্পৰ্কে শিকিব বিচাৰিছিলো। ঝাৰখণ্ডৰ অসুন্ত লাক্ৰাকো চাইছিলো। ময়ো তেওঁৰ দৰে হব বিচাৰিছিলো। লাহে-লাহে খেলখন বুজিবলৈ ধৰিছিলো আৰু বুজিলো যে ই মোৰ জীৱনটোক বহুখিনি দিব পাৰে। দেউতাৰপৰা মই শিকিছো যে সংগ্ৰামৰ পিছতহে ফলাফল লাভ কৰিব পাৰি। মই তেওঁৰপৰা বহুখিনি শিকিবপৰা কথাটোৱে সঁচাকৈয়ে মোক বহু আনন্দ দিয়ে

প্ৰধানমন্ত্ৰীঃ চেলিমা, টকিঅ’ অলিম্পিকত তোমাৰ প্ৰদৰ্শনে সঁচাকৈয়ে সকলোকে অভিভূত কৰিছিল। মই ভাবো যে টকিঅ’ত হোৱা অভিজ্ঞতা শ্বেয়াৰ কৰিলে সকলোৱে ভাল পাব।

চেলিমা টেটেঃ নিশ্চয় ছাৰ। টকিঅ’ অলিম্পিকৰ পূৰ্বে আমি আপোনাৰ সৈতে এক মত- বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো। এতিয়া, কমনৱেলথ গেমছৰ পূৰ্বেও আমি আপোনাৰ সৈতে সংযুক্ত হৈছো। টকিঅ’ অলিম্পিকলৈ যোৱাৰ পূৰ্বে আপুনি আমাক প্ৰেৰণা যোগাইছিল। যিয়ে আমাক অত্যন্ত সুখী আৰু অনুপ্ৰাণিত কৰি তুলিছিল। টকিঅ’ অলিম্পিকলৈ যোৱাৰ সময়ত আমাৰ মনত কেৱল এটাই ভাৱ আছিল, আমি কিবা এটা অসাধাৰণ কাম কৰিব লাগিব। এই প্ৰতিযোগিতাখনৰ বাবেও একেই মনোভাৱ অৱলম্বন কৰিছো। টকিঅ’ অলিম্পিকৰ সময়ত ক’ভিডৰ প্ৰভাৱ আছিল আৰু সেই সময়ছোৱা বৰ কঠিন আছিল। আমি টকিঅ’ত কিবা এটা শিকিবলৈ আৰু কৰিবলৈ সাজু আছিলো। আপোনালোকে আমালৈ সমৰ্থন আগবঢ়াই থাকিব যাতে আমি অধিক অগ্ৰগতি লাভ কৰিব পাৰো। টকিঅ’ অলিম্পিকত আমাৰ দলটোৱে অতিশয় ভাল প্ৰদৰ্শন কৰিছিল আৰু ই আমাৰ পৰিচয় গঢ়ি তুলিছিল। আমি এই ধাৰা অব্যাহত ৰাখিব লাগিব ছাৰ।

উপস্থাপকঃ ছাৰ, এইবাৰ শৰ্মিলা হাৰিয়ানাৰ। পেৰা এথলেটিকছৰ শ্বট পুট খেলুৱৈ।

শৰ্মিলা নমস্তে, ছাৰ।

প্ৰধানমন্ত্ৰীঃ নমস্তে, শৰ্মিলা জী। তুমি হাৰিয়ানাৰ আৰু হাৰিয়ানা খেলৰ বাবে জনাজাত। তুমি ৩৪ বছৰ বয়সত কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু দুবছৰৰ ভিতৰতে তুমি সোণৰ পদক অৰ্জন কৰিলা। ময়ো এই আশ্চৰ্য্য সম্পৰ্কে জানিব খুজিছো। তোমাৰ প্ৰেৰণাৰ উৎস কি?

শৰ্মিলাঃ মই হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাৰ ৰেৱাৰীৰ। জীৱনত বহু অসুবিধাৰ সন্মুখীন হৈছে ছাৰ। সৰুৰেপৰা খেলৰ প্ৰতি মোৰ আগ্ৰহ আছিল যদিও কোনো সুযোগ পোৱা নাছিলো। মোৰ পৰিয়ালটো বৰ দৰিদ্ৰ আছিল। মা অন্ধ আছিল। আমি তিনিগৰাকী বাই-ভনী আৰু এজন ভাইটি আছে। আমি বৰ দৰিদ্ৰ আছিলো ছাৰ। সৰুতে মোৰ বিয়া হৈছিল। মোৰ স্বামী ভাল নাছিল আৰু মই তেওঁৰ অত্যাচাৰৰ সন্মুখীন হবলগীয়া হৈছিল। মোৰ দুজনী ছোৱালী আছে আৰু দুয়োজনীয়েই খেলৰ প্ৰতি আকৰ্ষিত। মই আৰু মোৰ ছোৱালীকেইজনীয়ে বহুত কষ্ট পোৱাত মা-দেউতাই মোক ঘৰলৈ লৈ আনিলে। যোৱা ছবছৰ ধৰি মই মা-দেউতাৰ সৈতে আছো। কিন্তু সৰুৰেপৰা কিবা এটা কৰাৰ হেঁপাহ মোৰ মনত আছে। কিন্তু মই কোনো সুযোগ লাভ কৰা নাছিলো ছাৰ। দ্বিতীয় বিবাহৰ পিছত ক্ৰীড়াক্ষেত্ৰত কেৰিয়াৰ এটাই মোক আকৰ্ষণ কৰিলে। আমাৰ এজন আত্মীয় আছিল। তেওঁ মোক বহুখিনি সহায় কৰিছিল আৰু প্ৰতিদিনে পুৱা-সন্ধিয়া চাৰি ঘন্টা প্ৰশিক্ষণ প্ৰদান কৰিছিল। মই তেওঁৰ ওচৰত ঋণী আৰু তেওঁৰ বাবেই মই এবছৰ বা দুবছৰৰ ভিতৰত এটা সোণৰ পদক লাভ কৰিছো।

প্ৰধানমন্ত্ৰীঃ শৰ্মিলা জী, তুমি খেলা-ধূলাৰ সিদ্ধান্ত গ্ৰহণৰ বয়সত বহুতেই অসুবিধা পায়। তুমি এটা কথা প্ৰমাণিত কৰিছা যে জয়ৰ দৃষ্টি থাকিলে কোনো লক্ষ্য অসম্ভৱ নহয়। মনোবল থাকিলে প্ৰতিটো প্ৰত্যাহ্বান পৰাজিত হয়। তোমাএই সমৰ্পণে সমগ্ৰ ৰাষ্ট্ৰখনকে অনুপ্ৰাণিত কৰিছেতোমাক অলেখ শুভেচ্ছা জনালো। আৰু তোমাৰ কন্যা সন্তানক লৈ তোমাৰ সপোন নিশ্চয় পূৰ্ণ হব। যি মনোবলেৰে তুমি কাম কৰি আছ, সিয়েই তোমাৰ ছোৱালীৰ জীৱন সমানেই উজ্জ্বল কৰি তুলিব। তোমালৈ বহু শুভকামনা আৰু সন্তানলৈ আশীৰ্বাদ জনালো!

উপস্থাপকঃ হেভলকৰ শ্ৰীমান ডেভি বেকহাম আছে। তেওঁ আন্দামান আৰু নিকোবৰৰ আৰু তেওঁ চাইক্লিঙৰ প্ৰতি আকৰ্ষিত।

ডেভিদঃ নমস্তে, ছাৰ।

প্ৰধানমন্ত্ৰীঃ নমস্তে, ডেভিতোমাভালনে?

ডেভিদঃ োৰ ভালেই ছাৰ।

প্ৰধানমন্ত্ৰীঃ ডেভিদ, তোমাৰ নাম এগৰাকী অতিশয় বিখ্যাত ফুটবল খেলুৱৈৰ নামেৰে। কিন্তু তুমি চাইক্লিং কৰ। ফুটবল খেলিবলৈ তোমাক কোনোৱে উৎসাহিত কৰেনে?

ডেভিদ পেছাদাৰীভাৱে ফুটবল খেলাৰ প্ৰতি মোৰ আগ্ৰহ আছিল। কিন্তু আন্দামান আৰু নিকোবৰত ফুটবলৰ পৰিসৰ সিমান এটা নাছিল। সেইবাবেই ফুটবলৰ ফালে মন কৰিব নোৱাৰিলো।

প্ৰধানমন্ত্ৰীঃ ডেভিদ জী, মই জানিব পাৰিছো যে তোমাৰ দলতেই আৰু এজন খেলুৱৈ আছে, তেওঁৰ নাম এজন বিখ্যাত ফুটবল খেলুৱৈৰ নামেৰে। আজৰি সময়ত দুয়ো ফুটবল খেল নেকি?

ডেভিদ আমি ফুটবল নেখেলা কিয়নো আমি ট্ৰেক চাইক্লিঙৰ প্ৰশিক্ষণত মনোনিৱেশ কৰিছো। আমি প্ৰশিক্ষণতে সম্পূৰ্ণভাৱে জড়িত হৈ আছো।

 

বন্ধুসকল,

পূৰ্বে কোৱাৰ দৰে আপোনালোকক প্ৰত্যক্ষভাৱে লগ পাই সকলোৰে লগতে ব্যক্তিগতভাৱে কথা পাতিব পৰা হ’লে ভাল লাগিলহেঁতেন। কিন্তু মই কোৱাৰ দৰে আপোনালোকৰ বহুতেই বিশ্বৰ বিভিন্ন দেশত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু ময়ো অব্যাহত সংসদৰ অধিৱেশনক লৈ অতিশয় ব্যস্ত হৈ পৰিছো আৰু সেয়েহে, আপোনালোকক এইবাৰ লগ পোৱাটো সম্ভৱ নহ’ল। কিন্তু, মই আপোনালোকক কওঁ যে আপোনালোক ঘূৰি আহিলে আমি নিশ্চয় একেলগে আপোনালোকৰ বিজয় উদযাপন কৰিম। সমগ্ৰ দেশৰ দৃষ্টি থাকিব নীৰজ চোপ্ৰাৰ ওপৰতো।

 

বন্ধুসকল,

ভাৰতীয় ক্ৰীড়াৰ ইতিহাসত এই সময়ছোৱা অতিশয় গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ দৰে খেলুৱৈৰ মনোভাৱ প্ৰবল, আপোনালোকৰ প্ৰশিক্ষণো উন্নতৰ হৈ আহিছে আৰু খেলৰ প্ৰতি দেশখনৰ পৰিবেশো অত্যন্ত অনুকূল। আপোনাসৱে নতুন শিখৰত আৰোহণেৰে নতুন অভিলেখ সৃষ্টি কৰিছে। আপোনালোকৰ বহুতেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াই আছে। সমগ্ৰ দেশত আজি এই অভূতপূৰ্ব আত্মবিশ্বাস প্ৰোথিত হৈছে। আৰু বন্ধুসকল, আমাৰ কমনৱেলথ দলটো এইবাৰ বহু ক্ষেত্ৰতে অতিশয় বিশেষ। আমাৰ অভিজ্ঞতাৰ লগতে নতুন শক্তি, এই উভয়ৰে এক আশ্বৰ্য্যজনক সংমিশ্ৰণ ঘটিছে। এই দলটোত আছে ১৪ বছৰীয়া আনহাট, ১৬ বছৰীয়া সঞ্জনা সুশীল যোশী, শ্বেফালী আৰু বেবী সাহানা। এই ১৭-১৮ বছৰীয়া খেলুৱৈসকলে আমাৰ দেশক গৌৰৱান্বিত কৰিবলৈ আগবাঢ়িছে। কেৱল ক্ৰীড়াতে নহয় বৰঞ্চ বিশ্বৰ মঞ্চতো আপোনালোকে নব্য ভাৰতক প্ৰতিনিধিত্ব কৰিছে। ভাৰতৰ প্ৰতিটো কোণ ক্ৰীড়া প্ৰতিভাৰে ভৰি থকাৰ কথাটো আপোনালোকৰ দৰে যুৱ খেলুৱৈসকলে প্ৰমাণ কৰিছে।

 

বন্ধুসকল,

আনকি প্ৰেৰণা আৰু উৎসাহ বিচাৰিও বাহিৰলৈ চাব নালাগে। মনপ্ৰীতৰ দৰে সতীৰ্থক দেখিলে আপোনালোকৰ মনোবল বহুগুণে বাঢ়িব। ভৰিৰ হাড় ভঙাৰ বাবে তেওঁ শ্বট পুটৰ নতুন ভূমিকালৈ সলনি হ’বলৈ বাধ্য হৈছিল আৰু সেই খেলত তেওঁ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। খেলুৱৈসকল এনে মনোভাৱৰ অধিকাৰী যিয়ে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয়, বিপৰীতে সদায়েই তেওঁলোক গতিশীল আৰু নিজৰ লক্ষ্যৰ প্ৰতি সমৰ্পিত। সেয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত প্ৰৱেশ কৰাসকলক মই ক’ব খুজিছো যে মাটি সলনি হৈছে, পৰিবেশো সলনি হৈছে, কিন্তু আপোনালোকৰ মনোবল সলনি হোৱা নাই, আপোনালোকৰ অধ্যৱসায় সলনি হোৱা নাই। গতিকে চাপগ্ৰস্ত হ’ব নালাগে আৰু ভাল প্ৰদৰ্শনেৰে এটা নিদৰ্শন দাঙি ধৰিব লাগিব। দেশখনৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ শুভ লগনত আপোনাসৱে কমনৱেলথ গেমছলৈ আগবাঢ়িছে। এই উপলক্ষে আপোনালোকে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে দেশবাসীক উপহাৰ প্ৰদান কৰিব।

 

বন্ধুসকল,

আপোনালোক আটায়ে বিশ্বৰ ভিতৰতে উন্নতৰ মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এই প্ৰশিক্ষণ আৰু আপোনালোকৰ ইচ্ছাশক্তিক প্ৰয়োগৰ সময় সমাগত। এতিয়ালৈকে আপোনালোকে যিখিনি লাভ কৰিছে সেয়া নিশ্চিতভাৱে প্ৰেৰণাদায়ক। কিন্তু এতিয়া নতুন অভিলেখৰ ফালে নতুনকৈ ধাৱমান হ’ব লাগিব। আপোনাসৱে যেন আপোনালোকৰ সৰ্বস্ব উজাৰি দিয়ে; দেশবাসীয়ে আপোনালোকৰপৰা তাৰেই আশা কৰিছে। আপোনালোকৰ ওপৰতো দেশবাসীৰ শুভেচ্ছা আৰু আশীৰ্বাদ আছে। আৰু আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো! অশেষ ধন্যবাদ আৰু যেতিয়া আপোনাসৱ বিজয়ী হৈ আহিব, তেতিয়া মই আপোনালোকক আমন্ত্ৰণ জনাইছো। আপোনালোকলৈ শুভেচ্ছা থাকিল! ধন্যবাদ!

 

***

DS/TS/VK/SB



(Release ID: 1846720) Visitor Counter : 156