প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 JUL 2022 1:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাবাঁকীৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।তেওঁ আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। স্থানীয় প্ৰশাসনে সকলোধৰণৰ সাহায্য আগবঢ়োৱা বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী কাৰ্য়ালয়ৰ তৰফৰ পৰা এইদৰে টুইট কৰা হৈছে,

‘বাৰাবাঁকীৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনা অতি মৰ্মান্তিক।এই দুৰ্ঘটনাত যিসকলে তেওঁলোকৰ নিকটাত্মীয়ক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছোঁ। একে সময়তে মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত স্থানীয় প্ৰশাসনে সহায় কৰিবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰি আছে।’

 

 ***

DS/KG


(रिलीज़ आईडी: 1846107) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam