কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

যোগাযোগ ব্যৱস্থাৰ প্ৰশস্তকৰণ আৰু উন্নত গতিশীলতাৰ উদ্দেশ্যে তৰংগা হিল-আম্বাজী-আবু ৰোড নতুন ৰেল লাইনত কেবিনেটৰ অনুমোদন


আম্বাজীলৈ যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ অঞ্চলটোৰ জনসাধাৰণৰ এক দীৰ্ঘদিনীয়া দাবী আছিল

এই প্ৰস্তাৱিত প্ৰকল্পই আম্বাজীলৈ যোগাযোগ ব্যৱস্থা প্ৰশস্ত আৰু অঞ্চলটোৰ জনসাধাৰণৰ গতিশীলতাক উন্নত কৰিব

তদুপৰি ই আহমেদাবাদ আৰু আবু ৰোডৰ মাজত আন এক বিকল্প পথ প্ৰশস্ত কৰিব

প্ৰকল্পটোৱে লগতে নিৰ্মাণৰ সময়ত প্ৰায় ৪০ লাখ কৰ্মদিনৰ প্ৰত্যক্ষ নিয়োগ সৃষ্টি কৰিব

এই প্ৰকল্পৰ নিৰ্ধাৰিত ব্যয় ২,৭৯৮.১৬ কোটি টকা আৰু ২০২৬-২৭ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব

Posted On: 13 JUL 2022 4:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে তৰংগা হিল-আম্বাজী-আবু ৰোডৰ নতুন ৰেল লাইনৰ নিৰ্মাণত অনুমোদন জনালে। ৰেল মন্ত্ৰালয়ে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ নিৰ্ধাৰিত ব্যয় হৈছে ২,৭৯৮.১৬ কোটি টকা।

এই নতুন ৰেল লাইনৰ মুঠ দৈৰ্ঘ্য হ'ব ১১৬.৬৫ কিলোমিটাৰ। প্ৰকল্পটো ২০২৬-২৭ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। এই প্ৰকল্পই নিৰ্মাণৰ সময়ত প্ৰায় ৪০ লাখ কৰ্মদিনৰ প্ৰত্যক্ষ নিয়োগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ এখনি নব্য ভাৰতৰ দৃষ্টিৰে সংগতি ৰাখি, প্ৰকল্পটোৱে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন আৰু গতিশীলতাৰ অগ্ৰগতি সাধনৰ লগতে সৰ্বাংগীন আৰ্থসামাজিক উন্নয়ন প্ৰশস্ত কৰিব।

তীৰ্থযাত্ৰীসকলৰ বাবে আম্বাজী এক প্ৰখ্যাত গুৰুত্বপূৰ্ণ গন্তব্যস্থল আৰু ভাৰতৰ ৫১ খনি শক্তিপীঠৰ অন্যতম যিয়ে প্ৰতি বছৰে গুজৰাটৰ লগতে দেশখন আৰু বিদেশৰ প্ৰতিটো প্ৰান্তৰ ভক্তসকলক আকৰ্ষণ কৰি আহিছে। এই লাইনৰ নিৰ্মাণে ভক্তসকলৰ যাত্ৰাপথক সুবিধাজনক কৰি তুলিব। তদুপৰি ই তৰংগা হিলত অৱস্থিত অজিনাথ জৈন মন্দিৰ (২৪ খনি পবিত্ৰ জৈন তীৰ্থংকৰৰ অন্যতম) দৰ্শন কৰিবলৈ যোৱা ভক্তসকলকো লাভাম্বিত কৰিব। তৰংগা হিল-আম্বাজী-আবু ৰোডৰ মাজৰ এই নতুন ৰেল লাইনে ৰেলৱেৰ প্ৰধান নেটৱৰ্কৰে এই দুই গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থলক সংযোগ কৰিব।

এই লাইনে কৃষিজাত আৰু থলুৱা উৎপাদিত পণ্যৰ ক্ষীপ্ৰ সৰবৰাহ সুগম কৰাৰ লগতে এই অঞ্চলৰ জনসাধাৰণৰ গুজৰাট আৰু ৰাজস্থানৰ লগতে দেশখনৰ আন ঠাইসমূহৰে গতিশীলতাক উন্নত মাত্ৰা প্ৰদান কৰিব। এই প্ৰকল্পই তদুপৰি বৰ্তমানৰ আহমেদাবাদ-আবু ৰোড ৰেল লাইনৰ বাবে আন এক বিকল্প পথৰ সৃষ্টি কৰিব।

দ্বৈতকৰণৰ প্ৰস্তাৱিত এই সংৰেক্ষণ ৰাজস্থানৰ চিৰহী জিলা আৰু গুজৰাটৰ বনাচকান্থা আৰু মহেচানা জিলাৰ মাজেৰে গতি কৰিব। নতুন এই ৰেল লাইনৰ নিৰ্মাণে বিনিয়োগক আকৰ্ষণ কৰিব আৰু অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নক ত্বৰান্বিত কৰিব।

***

DS/SB



(Release ID: 1842298) Visitor Counter : 163