প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিএ দিৱসত সকলো চাৰ্টাৰ্ড একাণ্টেণ্টক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 JUL 2022 9:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএ দিৱসত সকলো চাৰ্টাৰ্ড একাণ্টেণ্টক শুভেচ্ছা জনায়৷ শ্ৰী মোদীয়ে লগতে এটা ভিডিঅ’ও শ্বেয়াৰ কৰে, য’ত অৰ্থনীতিৰ ক্ষেত্ৰখনত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ গুৰুত্ব ভূমিকাৰ সন্দৰ্ভত তেওঁ মত প্ৰকাশ কৰিছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“আমাৰ অৰ্থনীতিত এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্টৰ এক গুৰূত্বপূৰ্ণ ভূমিকা আছে৷ চিএ দিৱসত সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টক শুভেচ্ছা জনাইছো৷ তেওঁলোকে অৰ্থনীতিৰ বিকাশৰ বাবে অধিক পৰিশ্ৰম কৰাৰ লগতে স্বচ্ছতা বজাই ৰখাৰ কাম কৰি যাওক, তাকে কামনা কৰিলো৷”

***

DS/ST/DB


(रिलीज़ आईडी: 1841448) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam