প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘প্ৰাকৃতিক কৃষি সম্পৰ্কীয় সমাৰোহ’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


“‘অমৃত কাল’ৰ লক্ষ্যসমূহ আহৰণৰ বাবে দেশে গ্ৰহণ কৰা সংকল্পৰ নেতৃত্ব বহণ কৰিছে গুজৰাটে”

“প্ৰকৃতিক কৃষিৰ ক্ষেত্ৰত গঢ়ি উঠা চুৰাটৰ আৰ্হি সমগ্ৰ দেশৰ বাবেই আদৰ্শ হৈ উঠিব পাৰে”

“নতুন ভাৰতৰ বিকাশ-যাত্ৰক নেতৃত্ব দিছে ‘সকলোৰে প্ৰয়াস’-য়ে”

“গাঁৱে যে কেৱল পৰিৱৰ্তনৰে সূচনা কৰে এনে নহয়, গাঁৱে এই পৰিৱৰ্তনক নেতৃত্বও প্ৰদান কৰিব পাৰে বুলি প্ৰতিপন্ন কৰিছে আমাৰ গাঁওসমূহে”

“প্ৰকৃতি আৰু সংস্কৃতিৰেও ভাৰত এখন কৃষি ভিত্তিক দেশ হৈয়ে আহিছে”

“পৃথিৱীয়ে প্ৰদান কৰা সুযোগৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰি ‘প্ৰাকৃতিক কৃষি’ৰ দিশে আগবাঢ়ি যোৱাৰ এতিয়া সময় সমাগত হৈছে”

“প্ৰামাণীকৃত ‘প্ৰাকৃতিক কৃষি’ উত্পাদনসমূহ ৰপ্টানী কৰি কৃষকে ভাল মূল্য আহৰণ কৰিব পৰা হৈছে”

Posted On: 10 JUL 2022 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰাকৃতিক কৃষি’ সম্পৰ্কীয় এক সমাৰোহত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে সম্বোধন কৰে। গুজৰাটৰ চুৰাটত অনুষ্ঠিত সমাৰোহখনত বহু সহস্ৰ কৃষকৰ লগতে এই ক্ষেত্ৰৰে জড়িত হৈ বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা বিভিন্ন অংশীদাৰী পক্ষসমূহৰ প্ৰতিনিধিবৰ্গয়ো অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে গুজৰাটৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীদ্বয়েও।

সমাৰোহত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘অমৃত কাল’ৰ লক্ষ্যসমূহ আহৰণৰ বাবে গুজৰাটে কেনেকৈ দেশক নেতৃত্ব প্ৰদান কৰিছে সেই কথাৰে ইংগিত দিছে আজিৰ এই সমাৰোহে। প্ৰতিটো পঞ্চায়ততে ৭৫ গৰাকী কৃষকক প্ৰকৃতিক কৃষিৰে সংযোজিত কৰাত সাফল্য অৰ্জন কৰা চুৰাট এতিয়া সমগ্ৰ দেশৰ বাবেই নিদৰ্শন হৈ উঠিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘সৰপঞ্চ’সকলে গ্ৰহণ কৰা ভূমিকা আৰু কৃষকসকলে প্ৰাকৃতিক কৃষিৰ প্ৰতি প্ৰদৰ্শণ কৰা আগ্ৰহৰ বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জ্ঞাপন কৰে।

স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত নিৰ্দ্ধাৰণ কৰা লক্ষ্যসমূহত উপনীত হ’বলৈ দেশে আৰম্ভ কৰা কাৰ্যাৱলী এদিন পৰিৱৰ্তনৰ ধ্বজাবাহী হিচাপে পৰিগণিত হ’বগৈ। দেশৰ প্ৰগতিৰ ভিত্তি, কিম্বা প্ৰগতিৰ গতিৰ ভিত্তিৰ মূলতো আছে ‘সকলোৰে প্ৰয়াস’ৰ মন্ত্ৰ, যি আমাৰ বিকাশৰ যাত্ৰাত নেতৃত্ব প্ৰদান কৰিছে। সেয়ে, দুখীয়া-নিচলাৰ কল্যাণৰ বাবে উচৰ্গিত প্ৰকল্পসমূহৰ ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহক বিশেষ ভূমিকা পালনৰ দায়িত্ব ন্যস্ত কৰা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয় যে প্ৰতিটো পঞ্চায়ততে ৭৫গাৰকীকৈ খেতিয়কক নিৰ্বাচন কৰাৰ পৰা তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন সময়ত দিহা-পৰামৰ্শ দিয়াৰ ক্ষেত্ৰতো স্থানীয় নিকায়সমূহে সমন্বিত ভূমিকা পালন কৰি আহিছে। এই কাৰ্যই দেশৰ ৫৫০টা পঞ্চায়তত ৪০হাজাৰৰো অধিক খেতিয়কক প্ৰাকৃতিক কৃষিৰ দিশত আগুৱাই নিয়াৰ এক বাতাবৰণ গঢ়ি তোলাত সহায় কৰিছে। এয়া দৰাচলতেই এক ইতিবাচক আৰম্ভণিতো হয়েই, ই নিতান্তই আশাব্যঞ্জকো! তেওঁ কয়, “প্ৰকৃতিক কৃষিৰ ক্ষেত্ৰত গঢ়ি উঠা চুৰাটৰ আৰ্হি সমগ্ৰ দেশৰ বাবেই আদৰ্শ হৈ উঠিব পাৰে”।

প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাইজৰ ব্যাপক অংশগ্ৰহণৰে যেতিয়া কোনোবা বৃহত্ প্ৰকল্প একোটা ৰূপায়ণ কৰিবলৈ যোৱা যায় তেতিয়া তেনে প্ৰকল্পৰ সাফল্যৰ নিশ্চয়তা দেশৰ জনসাধাৰণে নিজেই নিশ্চিত কৰে”। এই প্ৰসংগত তেওঁ ‘জল জীৱন মিছন’ৰ উদাহৰণ দাঙি ধৰে, কিয়নো এই আঁচনিখনৰ ৰূপায়ণৰ প্ৰদান দায়িত্ব জনসাধৰণৰ হাততে অৰ্পণ কৰা হৈছে। সেইদৰে ‘ডিজিটেল ইণ্ডিয়া মিছন’ৰ অসাধাৰণ সাফল্যগাঁথাও গাঁৱলৈ পৰিৱৰ্তনৰ লহৰ অনাটো সহজ কথা নহয় বুলি কৈ অহাসকলৰ বাবে দেশৰ এক উপযুক্ত প্ৰত্যুত্তৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “গাঁৱে যে কেৱল পৰিৱৰ্তনৰে সূচনা কৰে এনে নহয়, গাঁৱে এই পৰিৱৰ্তনক নেতৃত্বও প্ৰদান কৰিব পাৰে বুলি প্ৰতিপন্ন কৰিছে আমাৰ গাঁওসমূহে”। প্ৰকৃতিক কৃষিৰ বাবে গঢ়ি উঠা জন আন্দোলনেও আগন্তুক দিনবোৰত বৃহত্ সাফল্য অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। এই আন্দোলনত আগতে যিসকল কৃষকে অংশগ্ৰহণ কৰিব তেওঁলোকে অধিক লাভৰে সৈতে সমৃদ্ধি লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

“আমাৰ জীৱনৰ আধাৰ, আমাৰ স্বাস্থ্য আৰু আমাৰ সমাজৰো আধাৰ হৈছে আমাৰ কৃষি পদ্ধতি। ভাৰত প্ৰকৃতিগত ভাবে কিম্বা সাংস্কৃতিক ভাবেও এক কৃষি ভিত্তিক দেশ হৈয়ে আহিছে। সেয়ে, আমাৰ কৃষকসকলে প্ৰগতি সম্ভৱ কৰিলেই, আমাৰ কৃষিয়ে প্ৰগতি সম্ভৱ কৰিব পাৰিলেই, আমাৰ দেশেও সম্ভৱ কৰিব পাৰিব প্ৰগতি। প্ৰাকৃতিক কৃষি সমৃদ্ধিৰ মাধ্যম হোৱাৰ লগতে ই আই ধৰিত্ৰী প্ৰতি আমি আগবঢ়োৱা শ্ৰদ্ধাৰো মাধ্যম হৈ উঠিব” বুলি প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ প্ৰতি এক সকীয়নিও প্ৰদান কৰে। “যেতিয়াই আপোনালোকে প্ৰাকৃতিক কৃষিৰে জড়িত হৈ পৰিব, তেতিয়াই আপোনালোকে প্ৰকৃতিৰ সেৱাৰে জড়িত হ’ব, পৰিৱেশৰ সেৱাৰে জড়িত হৈ পৰিব। যেতিয়াই আপোনালোকে প্ৰাকৃতিক কৃষিৰে জড়িত হৈ পৰিব তেতিয়াই আপোনালোকে গো-মাতাক সেৱা কৰাৰো সুযোগ লাভ কৰিব” বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

সমগ্ৰ পৃথিৱীয়ে ‘বহণক্ষম জীৱনশৈলী’ আহৰণত গুৰুত্ব দিছে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, “এইটো এনে এটা ক্ষেত্ৰ যি ক্ষেত্ৰক যুগ যুগ ধৰি নেতৃত্ব প্ৰদান কৰি  আহিছে ভাৰতে। সেয়েহে, প্ৰাকৃতিক কৃষিৰ দিশত আগবাঢ়ি গ’লেই আমি সাম্প্ৰতিক পৃথিৱীত উদ্ভৱ হোৱা পৰিৱেশটোৰ পূৰ্ণ সুযোগ লাভ কৰিব পাৰিম”।

প্ৰধানমন্ত্ৰীয়ে প্ৰকৃতিক কৃষিৰ উত্পাদিত ফচলসমূহৰ মানসম্পন্ন প্ৰমাণীকৰণ ব্যৱস্থাটো সন্দৰ্ভতো তথ্য দাঙি ধৰে।  তেওঁ “প্ৰামাণীকৃত ‘প্ৰাকৃতিক কৃষি’ উত্পাদনসমূহ ৰপ্টানী কৰি কৃষকে ভাল মূল্য আহৰণ কৰিব পৰা  হৈছে” বুলিও মন্তব্য কৰে।

***

DS/KB



(Release ID: 1840924) Visitor Counter : 160