প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-৭ সন্মিলনৰ সময়ত ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চাঞ্চেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 27 JUN 2022 9:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৭ জুনত জাৰ্মানীৰ শ্লছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চাঞ্চেলৰ ওলাফ শ্চোলজক সাক্ষাৎ কৰে।

এইবছৰ দুয়োজন নেতাৰ মাজত এইটো দ্বিতীয় বৈঠক আছিল। ভাৰত-জাৰ্মানীৰ আন্তঃচৰকাৰী আলোচনাৰ বাবে ২০২২ চনৰ ২ মে'ত প্ৰধানমন্ত্ৰীৰ বাৰ্লিন ভ্ৰমণৰ সময়ত অন্তিম খন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে চান্সেলৰ শ্চোলজক ধন্যবাদ জ্ঞাপন কৰে।

যোৱা মাহত তেওঁলোকৰ আলোচনা অব্যাহত ৰাখি দুয়োগৰাকী নেতাই তেওঁলোকৰ সেউজীয়া আৰু বহনক্ষম উন্নয়নঅংশীদাৰীত্বআগবঢ়োৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত জলবায়ু কাৰ্য, জলবায়ু বিত্তীয় ব্যৱস্থা আৰু প্ৰযুক্তি স্থানান্তৰৰ দৰে বিষয়সমূহ সামৰি লোৱা হয়। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো একমত হয়।

বৈঠকত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মাজত অধিক সমন্বয়ৰ বিষয়ে ও আলোচনা কৰা হয়, বিশেষকৈ ভাৰতৰ আগন্তুক জি-২০ ৰাষ্ট্ৰপতিত্বৰ পৰিপ্ৰেক্ষিতত। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় পৰিস্থিতিৰ বিষয়েও আলোচনা কৰে।

***

DS/AK/RD



(Release ID: 1839108) Visitor Counter : 77