প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৱাড নেতৃত্বৰ যুটীয়া বিবৃতি

Posted On: 24 MAY 2022 2:50PM by PIB Guwahati

আজি আমি – অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদা আৰু যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে – টকিঅ’ত একত্ৰিত হৈ এখনি মুক্ত আৰু মুকলি তথা অন্তৰ্ভুক্তিমূলক আৰু স্থিতিস্থাপক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি আমাৰ অটল অংগীকাৰৰ কথা দোহাৰিছো।

এবছৰ পূৰ্বে নেতাসকল প্ৰথমবাৰৰ বাবে একত্ৰিত হৈছিলো। আজি টকিঅ’ত আমি আমাৰ চতুৰ্থখন বৈঠকৰ বাবে সমবেত হৈছো আৰু এয়া আমাৰ দ্বিতীয়খন কায়িক বৈঠক। এই বৈঠকৰ উদ্দেশ্য হৈছে গভীৰ বৈশ্বিক প্ৰত্যাহ্বানৰ সময়ত কোৱাড যে ভালৰ বাবে এক শক্তি, ই যে অঞ্চলটোলৈ লক্ষণীয় লাভা-লাভৰ সঞ্চাৰ কৰিবলৈ অংগীকাৰবদ্ধ, সেয়া প্ৰদৰ্শন কৰা। আমাৰ সহযোগিতাৰ প্ৰথম বছৰতে আমি ইতিবাচক আৰু ব্যৱহাৰিক কাৰ্য্যসূচীৰ প্ৰতি কোৱাডৰ সমৰ্পণ নিৰ্দিষ্ট কৰিছিলো; আমাৰ দ্বিতীয় বছৰত, আমি এই অংগীকাৰৰাজি পৰিপূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে অঞ্চলটোক একবিংশ শতিকাৰ বাবে অধিক প্ৰাণোচ্ছল কৰি তুলিব।


সমগ্ৰ বিশ্বখনতে ক’ভিড-১৯ মহামাৰীটোৱে এতিয়াও মানৱীয় আৰু অৰ্থনৈতিক সংকট সৃষ্টি কৰি থকাৰ সময়ত, ৰাষ্ট্ৰসমূহৰ মাজত একপক্ষীয় কাৰ্য্যকলাপৰ প্ৰৱণতা আৰু ইউক্ৰেইনত এক অমানৱীয় সংঘাত অব্যাহত থকাৰ মাজতো আমি অটল হৈ আছো। আমি স্বাধীনতা, আইনৰ শাসন, গণতান্ত্ৰিক প্ৰমূল্যবোধ, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা, ভাবুকি বা বল প্ৰয়োগৰ আশ্ৰয় নোলোৱাকৈ বিবাদৰ শান্তিপূৰ্ণ নিষ্পত্তি, স্থিতাৱস্থা সলনিকৰণৰ যিকোনো একপক্ষীয় প্ৰচেষ্টা আৰু নেভিগেশ্যন আৰু অ’ভাৰফ্লাইটৰ স্বাধীনতা, এই সকলোবোৰৰ ক্ষেত্ৰত নীতিসমূহক আমি অকুণ্ঠভাৱে সমৰ্থন কৰো যি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি আৰু বিশ্বখনৰ বাবে অপৰিহাৰ্য্য। আমি অঞ্চলটোত আৰু ইয়াৰ বাহিৰতো এই নীতিসমূহক আগুৱাই নিয়াৰ বাবে একেলগে নিৰ্ণায়কভাৱে কাম কৰি যাম। আমি আন্তঃৰাষ্ট্ৰীয় নিয়ম-ভিত্তিক শৃংখলা অক্ষুন্ন ৰাখিবলৈ আমাৰ সংকল্প পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছো য’ত দেশসমূহ সকলো ধৰণৰ সামৰিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক নিগ্ৰহৰপৰা মুক্ত।

শান্তি আৰু সুস্থিৰতা

আমি ইউক্ৰেইনৰ সংঘাত আৰু অব্যাহত নিদাৰুণ মানৱীয় সংকটৰ প্ৰতি আমাৰ নিজ-নিজ সঁহাৰি সম্পৰ্কে আলোচনা কৰো আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ প্ৰতি ইয়াৰ প্ৰভাৱৰ বুজ লওঁ। কোৱাড নেতৃত্বই অঞ্চলটোত শান্তি আৰু সুস্থিৰতা অক্ষুন্ন ৰাখিবলৈ দৃঢ় সংকল্প পুনৰবাৰ প্ৰকাশ কৰে। আমি স্পষ্টভাৱে আঙুলিয়াই দিওঁ যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈছে ৰাষ্ট্ৰসংঘৰ চনদকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন, সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন। আমি লগতে সকলো দেশেই আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি বিবাদৰ শান্তিপূৰ্ণ সমাধান কামনা কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰো।

মুক্ত আৰু মুকলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দৃষ্টিৰ অংশীদাৰ অঞ্চলটোৰ অংশীদাৰসকলৰ সৈতে সহযোগিতাৰ অৰ্থে কোৱাড অংগীকাৰবদ্ধ। আছিয়ান (ASEAN) ৰ ঐক্য আৰু কেন্দ্ৰীয়তাৰ প্ৰতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি আছিয়ানৰ দৃষ্টিৰ ব্যৱহাৰিক ৰূপায়ণৰ বাবে আমি আমাৰ অটল সমৰ্থনক পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছো। ২০২১ ৰ ছেপ্টেম্বৰত ঘোষিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাৰ বাবে ইউৰোপিয়ান ইউনিয়নৰ কৌশল সন্দৰ্ভত ইউৰোপিয়ান ইউনিয়নৰ যৌথ যোগাযোগ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত ইউৰোপীয় সংযোগ বৃদ্ধিক আমি আদৰণি জনাইছো। আমি বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সামুদ্ৰিক আইন সম্পৰ্কীয় সন্ধি (UNCLOS) ত প্ৰতিফলিত হোৱা অনুসৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি আনুগত্য প্ৰকাশৰ ক্ষেত্ৰত আগৰণুৱা হ’ম আৰু পূব আৰু দক্ষিণ চীনৰ সাগৰসমূহতে প্ৰমুখ্য কৰি সামুদ্ৰিক নিয়ম-ভিত্তিক শৃংখলাৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ নেভিগেশ্যন আৰু অ’ভাৰফ্লাইটৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ সচেষ্টতা অৱলম্বন কৰিম। আমি যিকোনো বলপূৰ্বক, উত্তেজক বা একপক্ষীয় কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰো। স্থিতাৱস্থা সলনি কৰিব খোজা আৰু অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিব বিচৰা এনে কাৰ্য্যসমূহৰ মাজত আছে বিতৰ্কিত বৈশিষ্ট্যসমূহৰ সামৰিকীকৰণ, উপকূলৰক্ষী জাহাজ আৰু সামুদ্ৰিক সৈন্য বাহিনীৰ বিপজ্জনক ব্যৱহাৰ আৰু আন দেশসমূহৰ অফশ্ব’ৰ সম্পদ শোষণ ক্ৰিয়া বিঘ্নিতৰ প্ৰচেষ্টা।

ব্যক্তিগত আৰু সামূহিকভাৱে আমি প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ সহযোগিতা অধিক সুদৃঢ় কৰিম, এইসমূহৰ অৰ্থনৈতিক সুস্থিৰতাৰ বৰ্ধন ঘটাম, স্বাস্থ্য আন্তঃগাঁথনি আৰু পৰিবেশৰ প্ৰাণোচ্ছলতা সুদৃঢ় কৰিম, এনে দেশসমূহৰ সামুদ্ৰিক সুৰক্ষাৰ বৰ্ধন ঘটাম আৰু এইসমূহৰ মৎস্য চিকাৰ অক্ষুন্ন ৰাখিম, বহনক্ষম আন্তঃগাঁথনি প্ৰশস্ত কৰিম, শৈক্ষিক সুযোগসমূহক সুদৃঢ় কৰিম আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰশমন আৰু অভিযোজনা ঘটাম। উল্লেখ্যযোগ্য যে এই প্ৰসংগৰাজিয়ে অঞ্চলটোৰ বাবে বিশেষভাৱে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। প্ৰশান্ত মহাসাগৰীয় দ্বীপ অংশীদাৰসকলৰ প্ৰয়োজনীয়তাসমূহ পৰিপূৰণৰ বাবে আমি ঐক্যবদ্ধভাৱে কাম কৰিবলৈ অংগীকাৰবদ্ধ। আমি প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ মঞ্চৰ ঐক্য আৰু প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক নিৰাপত্তা কাঠামোৰ বাবে আমাৰ সমৰ্থন পুনৰবাৰ দৃঢ় কৰিছো।

আমাৰ মাজত আৰু আমাৰ অংশীদাৰসকলৰ সৈতে আমি ৰাষ্ট্ৰসংঘকে ধৰি বহুপক্ষীয় প্ৰতিষ্ঠানসমূহত আমাৰ সহযোগিতা গভীৰ কৰিম, যিয়ে বহুপক্ষীয় ব্যৱস্থাটোৰ সংস্কাৰ আৰু প্ৰাণোচ্ছলতা বৃদ্ধিৰ বাবে আমাৰ সহভাজিত অগ্ৰাধিকাৰসমূহক সুদৃঢ় কৰিব। ব্যক্তিগতভাৱে আৰু একেলগে আমি আমাৰ সময়ৰ প্ৰত্যাহ্বানৰাজিৰ প্ৰতি সঁহাৰি জনাম, অঞ্চলটো যাতে অন্তৰ্ভুক্তিমূলক, মুকলি আৰু সৰ্বজনীন নিয়ম আৰু নীতিৰদ্বাৰা পৰিচালিত হৈ থাকে, সেয়া নিশ্চিত কৰিম।

আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ (UNSCR) ৰ সৈতে সামঞ্জস্য ৰাখি কোৰিয়ান উপদ্বীপৰ সম্পূৰ্ণ পাৰমাণৱিক মুক্তকৰণ (denuclearization) ৰ প্ৰতি আমাৰ অংগীকাৰ পুনৰ দৃঢ়তাৰে প্ৰকাশ আৰু লগতে জাপানী অপহৃতসকলৰ বিষয়টোৰ তাৎক্ষণিক সমাধানৰ প্ৰয়োজনীয়তাও পুনৰ ব্যক্ত কৰিছো। আমি ইউএনএছচিআৰৰ উলংঘাৰে একাধিক আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল পৰীক্ষাকে ধৰি উত্তৰ কোৰিয়াৰ অস্থিৰতা সৃষ্টিকাৰী বেলিষ্টিক মিছাইলৰ বিকাশ সাধন আৰু উৎক্ষেপণকো গৰিহণা দিছো আৰু আন্তঃৰাষ্ট্ৰীয় সমাজক এই প্ৰস্তাৱসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰীকৰণৰ আহ্বান জনাইছো। আমি উত্তৰ কোৰিয়াক ইউএনএছচিআৰৰ অধীনত থকা সকলো বাধ্যবাধকতা মানি চলিবলৈ, উত্তেজনাৰপৰা বিৰত থাকিবলৈ আৰু বস্তুনিষ্ঠ আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছো।

ম্যানমাৰৰ সংকটক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰো, যি পৰিস্থিতিয়ে গুৰুতৰ মানৱীয় দুখ-কষ্টৰ সৃষ্টি কৰিছে আৰু আঞ্চলিক সুস্থিৰতাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আমি ম্যানমাৰত হিংসাত্মক পৰিস্থিতিৰ তাৎক্ষণিক পৰিসমাপ্তি, বিদেশীকে ধৰি সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া, গঠনমূলক আলোচনাত মিলিত হোৱা, মানৱীয় প্ৰৱেশ, আৰু গণতন্ত্ৰৰ ক্ষীপ্ৰ পুনৰুদ্ধাৰৰ আহ্বান জনাইছো। ম্যানমাৰত সমাধান সূত্ৰ বিচাৰি আছিয়ান নেতৃত্বাধীন প্ৰচেষ্টাৰ প্ৰতি আমি আমাৰ সমৰ্থন পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছো আৰু আছিয়ানৰ অধ্যক্ষৰ বিশেষ প্ৰতিনিধিৰ ভূমিকাক আদৰণি জনাইছো। আমি লগতে আছিয়ানৰ পাঁচ দফীয়া ঐক্যমত জৰুৰীভাৱে ৰূপায়ণৰো আহ্বান জনাইছো।

আমি সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদৰ সকলো ৰূপ আৰু প্ৰকাশক স্পষ্টভাৱে নিন্দা কৰিছো আৰু পুনৰবাৰ কওঁ যে কোনো কাৰণতে সন্ত্ৰাসবাদী কাৰ্য্যৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। আমি সন্ত্ৰাসবাদী প্ৰক্সিৰ ব্যৱহাৰক ধিক্কাৰ জনাওঁ আৰু সীমা অতিক্ৰমি আক্ৰমণকে ধৰি সন্ত্ৰাসবাদী আক্ৰমণ আৰম্ভ বা পৰিকল্পনা কৰিবলৈ ব্যৱহাৰ কৰিবপৰা সন্ত্ৰাসবাদী গোটসমূহক কোনো ধৰণৰ লজিষ্টিক, আৰ্থিক বা সামৰিক সমৰ্থন অস্বীকাৰৰ গুৰুত্বৰ ওপৰত দৃঢ়তা প্ৰকাশ কৰো। ২৬/১১ মুম্বাই আৰু পাঠানকোট আক্ৰমণকে ধৰি সন্ত্ৰাসবাদী আক্ৰমণক আমি পুনৰ গৰিহণা জনাওঁ। আমি ইউএনএছচিৰ প্ৰস্তাৱ, ২৫৯৩ (২০২১) ক পুনৰ দৃঢ়তাৰে কওঁ, যিয়ে আফগান ভূখণ্ডক কেতিয়াও কোনো দেশক ভাবুকি বা আক্ৰমণৰ বাবে বা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বা প্ৰশিক্ষণ প্ৰদান বা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা বা বিত্তীয় সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব নালাগে বুলি দাবী জনাইছে। আমি এফএটিএফৰ পৰামৰ্শৰে সংগতি ৰাখি ধন সৰবৰাহৰ বিৰোধী আৰু সকলো দেশৰদ্বাৰা সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অক্ষুন্ন ৰখাত গুৰুত্ব আৰোপ কৰো। আমি পুনৰ দৃঢ়তাৰে কওঁ যে বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত আমি ইউএনএছচিৰ প্ৰস্তাৱ ১২৬৭ (১৯৯৯) অনুসৰি নিৰ্ধাৰণ কৰা ব্যক্তি আৰু সত্তাকে ধৰি সকলো সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে একত্ৰিত ব্যৱস্থা গ্ৰহণ কৰিম।

ভিড-১৯ আৰু বিশ্ব স্বাস্থ্য সুৰক্ষা

দুবছৰৰো অধিক সময় ধৰি বিশ্বখনে ক’ভিড-১৯ ৰ বিধ্বংসী প্ৰভাৱৰে যুঁজি আহিছে – আমাৰ সমাজ, নাগৰিক, স্বাস্থ্যকৰ্মী আৰু ব্যৱস্থা আৰু অৰ্থনীতিৰ ওপৰত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিছে। উন্নত স্বাস্থ্য সুৰক্ষা গঢ়ি তোলা আৰু স্বাস্থ্য ব্যৱস্থাটোক সুদৃঢ়কৰণৰ লক্ষ্যৰে ক’ভিড-১৯ ৰ প্ৰতি সঁহাৰিৰ বাবে কোৱাড দেশসমূহে বৈশ্বিক প্ৰচেষ্টাৰ নেতৃত্ব প্ৰদান কৰিছে আৰু কৰি থাকিব। আমি নতুন ভিন্নতাৰ বাবে প্ৰস্তুতি চলোৱা আৰু সৰ্বাধিক বিপদত পৰাসকলে ভেকচিন, পৰীক্ষা, চিকিৎসা আৰু অন্যান্য চিকিৎসা সামগ্ৰী লাভত মনোনিৱেশেৰে ভাইৰাছটোতকৈ আগবাঢ়ি যাবলৈ আমাৰ সামূহিক পদ্ধতিসমূহৰ অভিযোজনাৰ অৰ্থে অংগীকাৰবদ্ধ।

আজিলৈকে কোৱাড অংশীদাৰসকলে সামূহিকভাৱে ক’ভাক্স এএমচিৰ অৰ্থে প্ৰায় $৫.২ বিলিয়ন মাৰ্কিন ডলাৰৰ অংগীকাৰ কৰিছে, যি পৰিমাণ চৰকাৰী দাতাৰপৰা লাভ কৰা মুঠ বৰঙণিৰ প্ৰায় ৪০ শতাংশ। আমি গৌৰৱান্বিত যে আমি ভাৰত-পেচিফিকলৈ কমেও ২৬৫ নিযুত পালিকে ধৰি ৬৭ কোটিৰো অধিক পালি যোগান ধৰিছো। ক’ভিড-১৯ ৰ ভেকচিনৰ বৈশ্বক যোগানৰ উল্লেখযোগ্য সম্প্ৰসাৰণ কথা লক্ষ্য ৰাখি আমি সুৰক্ষিত, ফলপ্ৰসূ, সুলভ মূল্যৰ আৰু গুণগত মান-নিশ্চিত ক’ভিড-১৯ ৰ ভেকচিনসমূহ ক’ত আৰু কেতিয়া প্ৰয়োজন হয়, সেই সম্পৰ্কে তথ্য শ্বেয়াৰ কৰি যাম।

এই কোৱাড ভেকচিন অংশীদাৰিত্বৰ অধীনত ভাৰতৰ বাঅ’লজিকেল ই সুবিধাত জে এণ্ড জে ভেকচিনৰ উৎপাদন সম্প্ৰসাৰণক আমি আদৰণি জনাইছো – বহনক্ষম উৎপাদন ক্ষমতাই ক’ভিড-১৯ আৰু ভৱিষ্যতৰ সম্ভাৱ্য মহামাৰীৰ বিৰুদ্ধে যুঁজত দীৰ্ঘম্যাদী লাভৰ ফল প্ৰাপ্তি কৰাব। এই সন্দৰ্ভত আমি ভাৰতত পূৰ্বে উল্লেখ কৰা ভেকচিনসমূহৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ ইইউএল অনুমোদন প্ৰদানক লৈ আগ্ৰহী। আমি কম্বোডিয়া আৰু থাইলেণ্ডলৈ কোৱাডে ডব্লিউএইচঅ’ৰ অনুমোদিত মেড ইন ইণ্ডিয়া ভেকচিনসমূহ দান কৰা তথা কোৱাডৰ সদস্যসকলৰ অন্যান্য ভেকচিন সম্পৰ্কীয় সমৰ্থনক আমাৰ সহযোগিতাৰ স্পষ্ট কৃতিত্বৰ উদাহৰণ হিচাপে অনুভৱ কৰিছো।

দীৰ্ঘম্যাদীভাৱে আমি বিত্তীয় আৰু স্বাস্থ্য সমন্বয় বৃদ্ধিকে ধৰি উন্নত স্বাস্থ্য সুৰক্ষা গঢ়ি তুলিবলৈ বিশ্ব স্বাস্থ্য ব্যৱস্থা আৰু মহামাৰী প্ৰতিৰোধ, প্ৰস্তুতি আৰু সঁহাৰি (PPR) ক সুদৃঢ় কৰিম আৰু অব্যাহত বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতাক সুদৃঢ় কৰিম যথাঃ ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে আৰু জিন’মিক নিৰীক্ষণ আদি। বৰ্তমানৰ কোৱাড সহযোগিতাক আধাৰ হিচাপে লৈ আমি আগতীয়া ধৰা পেলোৱা ব্যৱস্থাৰ অগ্ৰগতি সাধন আৰু মহামাৰীৰ সম্ভাৱনা থকা নতুন আৰু বৰ্ধমান ৰোগ সৃষ্টিকাৰী জীৱাণুসমূহ নিৰীক্ষণৰ বাবে আমাৰ ক্ষমতা বৃদ্ধি কৰিম তথা মহামাৰী আৰু মহামাৰীৰ প্ৰতি স্থিতিস্থাপকতাৰ বৰ্ধনৰ বাবে কাম কৰিম। সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে নতুন ভেকচিন প্ৰস্তুতৰ অৰ্থে কোৱাডৰ অংশীদাৰসকলে সামূহিকভাৱে চিইপিআইৰ পৰৱৰ্তী পৰ্য্যায়ৰ কামলৈ $৫২৪ নিযুতৰ অংগীকাৰ কৰিছে, যি পৰিমাণ মুঠ ৰাজহুৱা বিনিয়োগকাৰীৰ প্ৰায় ৫০ শতাংশ।

আমি ইউএইচচিৰ বন্ধুসকলৰ গোটৰ সদস্য হিচাপে ২০২৩ ত অনুষ্ঠিতব্য ইউএইচচিৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্য্যায়ৰ বৈঠকৰ পূৰ্বে পিপিআৰ বৃদ্ধি আৰু ইউএইচচিক প্ৰসাৰিতকৰণৰ বাবে বিশ্ব স্বাস্থ্য ব্যৱস্থাটোক অধিক সুদৃঢ় আৰু সংস্কাৰৰ অৰ্থে বৈশ্বিক নেতৃত্ব গ্ৰহণ কৰিবলৈ অংগীকাৰবদ্ধ।

আন্তঃগাঁথনি

আমি আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা গভীৰৰ বাবে আমাৰ সহভাজিত অংগীকাৰ পুনৰ দৃঢ় কৰিলো, যি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত উৎপাদনশীলতা আৰু সমৃদ্ধিৰ বৰ্ধনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বহু দেশতে মহামাৰীটোৱে ভয়াৱহ কৰি তোলা ঋণৰ সমস্যাসমূহ সমাধানৰ বাবেও আমি একে অংগীকাৰ কৰিছো।

কোৱাড অংশীদাৰসকলে দশকজুৰি দক্ষতা আৰু অভিজ্ঞতাক একত্ৰিতকৰণেৰে অঞ্চলটোলৈ আন্তঃগাঁথনি প্ৰশস্তকৰণৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আহিছে। আমি অংশীদাৰসকল আৰু অঞ্চলটোৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ব্যৱধান দূৰ কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগক আগুৱাই নিবলৈ অংগীকাৰবদ্ধ। এই লক্ষ্যত উপনীত হ’বলৈ কোৱাডে অহা পাঁচ বছৰত ভাৰত-পেচিফিকত ৫০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক আন্তঃগাঁথনি সাহায্য আৰু বিনিয়োগ কৰিবলৈ বিচাৰিছে।

চাৰিখন দেশৰ উন্নয়ন বিত্তীয় প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ বৈঠককো আমি কোৱাড নেতৃত্বৰ বৈঠকত আদৰণি জনাওঁ। আমি বিশেষজ্ঞ, আমাৰ অঞ্চল আৰু পাৰস্পৰিক ঘনিষ্ঠতাৰে কাম কৰি আমাৰ সঁজুলি আৰু বিশেষজ্ঞতাক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক ভালদৰে সংযোজিত কৰিবলৈ সংযোগ কৰি আছো।

আমি সহযোগিতাক অধিক গভীৰ কৰিম আৰু চিনাক্তকৃত ক্ষেত্ৰসমূহত পৰিপূৰক কাৰ্য্যসমূহ গ্ৰহণ কৰিম, যথাঃ আঞ্চলিক আৰু ডিজিটেল সংযোগ, স্বচ্ছ শক্তি আৰু শক্তি সম্পৰ্কীয় সুবিধাসমূহত দুৰ্য্যোগৰ স্থিতিস্থাপকতাকে ধৰি জলবায়ু স্থিতিস্থাপকতা যিয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত আছিয়ান দৃষ্টিভংগীকে ধৰি অঞ্চলটোৰ অগ্ৰাধিকাৰসমূহ প্ৰতিফলিত কৰে, যিয়ে অঞ্চলটোৰ বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশলৈ বৰঙণি যোগাব।

জলবায়ু

আইপিচিচিৰ শেহতীয়া প্ৰতিবেদনসমূহত গুৰুত্ব আৰোপ কৰা জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলাৰ জৰুৰী প্ৰয়োজনীয়তাক স্বীকাৰৰে আমি পেৰিছ চুক্তিখন দৃঢ়তাৰে কাৰ্য্যকৰী কৰিম আৰু চিঅ’পি২৬ ৰ ফলাফলসমূহ পৰিপূৰণ কৰিম, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মূল অংশীদাৰসকলৰ ওচৰলৈ যোৱাকে ধৰি বিশ্বৰ উচ্চাকাংক্ষা বৰ্ধনৰ অৰ্থে আমাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিম।

আজি আমি "কোৱাড জলবায়ু পৰিৱৰ্তন অভিযোজন আৰু প্ৰশমন পেকেজ (Q-CHAMP)" ৰ শুভাৰম্ভ কৰিছো যাৰ দুটা বিষয়বস্তু হৈছে "প্ৰশমন" আৰু "অভিযোজন"। প্ৰাকৃতিক গেছ খণ্ডৰপৰা স্বচ্ছ হাইড্ৰজেন আৰু মিথেন নিৰ্গমনৰ ক্ষেত্ৰত স্বচ্ছ শক্তি সহযোগিতা, স্বচ্ছ শক্তি যোগান শৃংখল শক্তিশালী কৰা, ছিডনী শক্তি মঞ্চৰ অৱদানক আদৰণি জনোৱা, জলবায়ু তথ্য সেৱাৰ বিকাশৰ বাবে আৰু দুৰ্য্যোগ আৰু জলবায়ু স্থিতিস্থাপক আন্তঃগাঁথনি যেনেঃ দুৰ্য্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (CDRI) ৰ জৰিয়তে কৰা প্ৰচেষ্টাকে ধৰি দুৰ্য্যোগৰ আশংকা হ্ৰাস কৰা পেৰিছ চুক্তিৰ ৬ নং অনুচ্ছেদৰ অধীনত ‘হাই ইন্টিগ্ৰিটি’ কাৰ্বন মাৰ্কেটসমূহক আগুৱাই নিবলৈ সামৰ্থ্য বিকাশৰ সমৰ্থন, ‘ক্লাইমেট-স্মাৰ্ট’ কৃষি, উপৰাষ্ট্ৰীয় জলবায়ু কাৰ্য্য সন্দৰ্ভত জ্ঞানৰ বিনিময় আৰু পৰিবেশ তন্ত্ৰ-ভিত্তিক অভিযোজন। "কোৱাড জলবায়ু পৰিৱৰ্তন অভিযোজন আৰু প্ৰশমন পেকেজ (Q-CHAMP)" ক স্পষ্ট কৰি তুলিবলৈ আমি আমাৰ চাৰিখন দেশৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মাজত জলবায়ু কাৰ্য্যৰ সমৰ্থনত, আমাৰ কাৰ্য্যসূচীসমূহৰ সম্প্ৰসাৰণৰ অৰ্থে অংগীকাৰবদ্ধ। জলবায়ু পৰিৱৰ্তনে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ প্ৰতি সৃষ্টি কৰা অসীম প্ৰত্যাহ্বানসমূহক লৈ আমি উদ্বেগ প্ৰকাশ কৰিছো।

২০৫০ ৰ ভিতৰত নেট শূন্য (net zero) লক্ষ্যত উপনীত হ’বলৈ আইন প্ৰণয়ন কৰা আৰু নতুন, অভিলাষী ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদানকে ধৰি জলবায়ু পৰিৱৰ্তনৰ ওপৰত শক্তিশালী ব্যৱস্থা গ্ৰহণৰ বাবে অষ্ট্ৰেলিয়াৰ নতুন চৰকাৰখনৰ অংগীকাৰক আমি আদৰণি জনাইছো।

চাইবাৰ সুৰক্ষা

নিত্য-নতুন চাইবাৰ ভাবুকিৰে ক্ৰমান্বয়ে ডিজিটেল হৈ অহা বিশ্বখনত আমি চাইবাৰ সুৰক্ষা বৃদ্ধিৰ বাবে এক সামূহিক পদ্ধতি গ্ৰহণৰ এক জৰুৰী প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছো। মুক্ত আৰু মুকলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে কোৱাড নেতাসকলৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ, আমি এনে ভাবুকিৰ তথ্য শ্বেয়াৰ কৰি, ডিজিটেলভাৱে সক্ষম সামগ্ৰী আৰু সেৱাসমূহৰ বাবে যোগান শৃংখলত সম্ভাৱ্য বিপদসমূহ চিনাক্ত আৰু মূল্যায়ন কৰি আৰু চৰকাৰী ক্ৰয়ৰ বাবে ‘বেছ লাইন’ চফ্টৱেৰ সুৰক্ষা মানদণ্ডসমূহক শাৰীবদ্ধকৰণ, বিস্তৃত চফ্টৱেৰ বিকাশ বাতাবৰণৰ অগ্ৰগতি সাধনাৰ্থে আমাৰ সামূহিক ক্ৰয় শক্তিৰ সহায় লোৱাৰ পোষকতা কৰো যাৰ জৰিয়তে সকলো ব্যৱহাৰকাৰীয়েই লাভৱান হ'ব পাৰে। কোৱাড অংশীদাৰসকলে কোৱাড চাইবাৰ সুৰক্ষা অংশীদাৰিত্বৰ অধীনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামৰ্থ্য বিকাশ কাৰ্য্যসূচীসমূহৰ সমন্বয় সাধন কৰিব আৰু আমাৰ দেশসমূহ, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰৰ ব্যক্তিগত ইন্টাৰনেট ব্যৱহাৰকাৰীসকলক অধিক সুৰক্ষা প্ৰদানত সহায় কৰিবলৈ প্ৰথমবাৰৰ বাবে কোৱাড চাইবাৰ সুৰক্ষা দিৱসৰ সূচনা কৰিব।

গুৰুত্বপূৰ্ণ ও বৰ্ধমান প্ৰযুক্তিসমূহ

অঞ্চলটোৰ সমৃদ্ধি আৰু নিৰাপত্তাৰ বৰ্ধনৰ বাবে গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰত কোৱাডে মনোনিৱেশ কৰি আহিছে। ৫জি ৰ ক্ষেত্ৰত আৰু ৫জিৰ ওপৰিও, দূৰসংযোগ যোগানকাৰী বৈচিত্ৰ্যৰ ওপৰত প্ৰাগ প্ৰস্তাৱসমূহক আদৰণি জনোৱাৰ লগতে, আমি ৫জি যোগানকাৰী বৈচিত্ৰ্য আৰু মুক্ত আৰএএন সন্দৰ্ভত নতুন সহযোগিতাৰ চুক্তিত স্বাক্ষৰৰ জৰিয়তে আন্তঃকাৰ্য্যক্ষমতা আৰু সুৰক্ষাক আগুৱাই নিম। আমি উদ্যোগৰ সৈতেও আমাৰ সংযোগ গভীৰ কৰি আছো, মুক্ত আৰএএন ট্ৰেক ১.৫ ইভেন্টৰ জৰিয়তেও আৰু অঞ্চলটোত মুক্ত আৰু সুৰক্ষিত দূৰসংযোগ প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত সহযোগিতাকৰণৰ উপায় অন্বেষণ কৰিছো।

আমি বৈশ্বিক ছেমিকণ্ডাক্টৰ যোগান শৃংখলত কোৱাডৰ ক্ষমতা আৰু দুৰ্বলতাসমূহক চিনাক্ত কৰিছো আৰু অৰ্ধপৰিবাহীৰ বাবে এক বৈচিত্ৰ্যময় আৰু প্ৰতিযোগিতামূলক বজাৰ বাস্তৱায়িত কৰিবলৈ আমাৰ পৰিপূৰক শক্তিসমূহৰ সৰ্বাধিক প্ৰয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই সন্মিলনত শুভাৰম্ভ কৰা জটিল প্ৰযুক্তি যোগান শৃংখলৰ ওপৰত নীতিৰ উমৈহতীয়া বিবৃতিয়ে অৰ্ধপৰিবাহী আৰু অন্যান্য জটিল প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ সহযোগিতাক আগুৱাই নি, অঞ্চলটোৰ বাবে বিভিন্ন বিপদৰ বিৰুদ্ধে আমাৰ স্থিতিস্থাপকতা বৃদ্ধিৰ এক সহযোগিতামূলক ভেটি প্ৰশস্ত কৰিব। আন্তঃৰাষ্ট্ৰীয় মানকৰণ সংস্থাসমূহ, যেনেঃ আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ দূৰসংযোগ মান নিৰ্ধাৰণ (Standardization) ব্যুৰ’ত আমাৰ সহযোগিতাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আমি নতুন আন্তঃৰাষ্ট্ৰীয় মান সহযোগিতা নেটৱৰ্ক (ISCN) ৰ জৰিয়তে এনে সহযোগিতা শক্তিশালী হোৱাৰ আশা কৰিছো। এই সহযোগিতাই অঞ্চলটোৰ প্ৰযুক্তিৰ বিকাশ, আমাৰ সহভাজিত গণতান্ত্ৰিক প্ৰমূল্যবোধৰদ্বাৰা পৰিচালিত হোৱাটো নিশ্চিতকৰণত সহায় কৰিব। মেপিং আৰু সংশ্লিষ্ট ট্ৰেক ১.৫ ৰ ওপৰত আমাৰ প্ৰচেষ্টা আৰু কোৱান্টাম প্ৰযুক্তিৰ ওপৰত ভৱিষ্যতে মনোনিৱেশেৰে আমি জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ গভীৰ আলোচনাৰ পিছত আমাৰ হৰাইজন স্কেনিং সহযোগিতা শক্তিশালী কৰি ৰাখিছো। আমি জটিল আৰু উদীয়মান প্ৰযুক্তিসমূহৰ বাবে মূলধন সম্প্ৰসাৰণৰ অৰ্থে উদ্যোগ অংশীদাৰসকলৰ সৈতে নেটৱৰ্কিঙৰ বাবে এটা ব্যৱসায়িক আৰু বিনিয়োগ মঞ্চ আহ্বান জনাম।

কোৱাড বৃত্তি

আমি স্বীকাৰ কৰো যে মানুহৰ পাৰস্পৰিক সম্পৰ্ক হৈছে কোৱাডৰ মূল আধাৰ আৰু কোৱাড ফেল’শ্বিপৰ আনুষ্ঠানিক মুকলিক আদৰণি জনাইছো, যি এতিয়া আবেদনৰ বাবে উপলব্ধ হৈছে। কোৱাড ফেল’শ্বিপে প্ৰতি বছৰে আমাৰ দেশসমূহৰ ১০০ জন ছাত্ৰ-ছাত্ৰীক আমেৰিকাত এছটিইএম ৰ ক্ষেত্ৰত স্নাতক ডিগ্ৰী লাভত সহায় কৰিব আৰু এই পাঠ্যক্ৰম পৰিচালনা কৰিছে শ্বমিট ফিউচাৰ্ছ (Schmidt Futures) য়ে। প্ৰথম শ্ৰেণীৰ কোৱাড ফেল’সকলে ২০২৩ ৰ তৃতীয় ত্ৰৈমাসিকত অধ্যয়ন আৰম্ভ কৰিব আৰু আমি একেলগে পৰৱৰ্তী প্ৰজন্মৰ এছটিইএম প্ৰত্যাশীসকলৰ এটা প্ৰতিভাৱান দল গঢ়ি তুলিবলৈ আগ্ৰহী যিয়ে আমাৰ দেশসমূহক অত্যাধুনিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিব।

মহাকাশ

মহাকাশ সম্পৰ্কীয় প্ৰয়োগ আৰু প্ৰযুক্তিয়েও জলবায়ু পৰিৱৰ্তন, দুৰ্যোগৰ প্ৰস্তুতি আৰু সঁহাৰি আৰু সাগৰ আৰু সামুদ্ৰিক সম্পদৰ বহনক্ষম ব্যৱহাৰৰ দৰে সাধাৰণ প্ৰত্যাহ্বানসমূহ মোকাবিলাত বৰঙণি যোগাব পাৰে। প্ৰতিজন কোৱাড অংশীদাৰে পৃথিৱী পৰ্যবেক্ষণকাৰী উপগ্ৰহৰ তথ্য আৰু প্ৰয়োগত জনসাধাৰণৰ প্ৰৱেশ উন্নতকৰণৰ বাবে চেষ্টা কৰিব। আমি একেলগে কাম কৰি পৃথিৱী পৰ্যবেক্ষণ ভিত্তিক নিৰীক্ষণ আৰু বহনক্ষম উন্নয়নৰ কাঠামো যুগুত কৰিম। আমি মহাকাশভিত্তিক নাগৰিক পৃথিৱী পৰ্য্যবেক্ষণৰ তথ্যসমূহ শ্বেয়াৰৰ লগতে আমাৰ নিজ-নিজ ৰাষ্ট্ৰীয় উপগ্ৰহৰ তথ্য সম্পদসমূহৰ সৈতে সংযোগসমূহ সংহত কৰা "কোৱাড উপগ্ৰহ তথ্য পৰ্টেল" আগবঢ়োৱাৰ প্ৰয়াস কৰিম আৰু বাহ্যিক মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ কমিটি (COPUOS) ৰ সৈতে সংগতি ৰাখি যৌথ কৰ্মশালাৰ জৰিয়তে অঞ্চলটোৰ দেশসমূহলৈ প্ৰেৰণ কৰা হৈছে।

এইচএডিআৰ সামুদ্ৰিক ডমেইন সজাগতা আৰু এইচএডিআৰ

আমি এটা নতুন সামুদ্ৰিক ডমেইন সজাগতা পদক্ষেপ, ইণ্ডো-পেচিফিক পাৰ্টনাৰশ্বিপ ফৰ মেৰিটাইম ডমেইন এৱাৰনেছ (IPMDA) ক আদৰণি জনাইছো, যাক আঞ্চলিক অংশীদাৰসকলৰ সৈতে মানৱীয় আৰু প্ৰাকৃতিক দুৰ্য্যোগৰ প্ৰতি সঁহাৰি জনাবলৈ আৰু অবৈধ মৎস্য চিকাৰৰ বিৰুদ্ধে যুঁজিবলৈ ডিজাইন কৰা হৈছে।

২০২২ ৰ ৩ মাৰ্চত আমাৰ ভাৰ্চুৱেল বৈঠকৰ পিছত আমাৰ প্ৰতিশ্ৰুতি পূৰণেৰে আমি আজি ঘোষণা কৰিছো যে "ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মানৱীয় সহায় আৰু দুৰ্য্যোগ সাহায্যৰ ক্ষেত্ৰত কোৱাড অংশীদাৰিত্ব (HADR)" স্থাপন কৰা হৈছে। এই অংশীদাৰিত্বই ফলপ্ৰসূভাৱে সঁহাৰি জনাবলৈ আমাৰ সহযোগিতাক অধিক শক্তিশালী কৰিব।

সামৰণি

আজি মুক্ত আৰু মুকলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে এক সহভাজিত দৃষ্টিভংগীৰে আমি পুনৰবাৰ মৌলিক প্ৰমূল্যৰাজি আৰু নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো আৰু অঞ্চলটোৰ স্পষ্ট ফলাফল লাভৰ অৰ্থে নিৰলসভাৱে কাম কৰিবলৈ অংগীকাৰবদ্ধ হৈছো। ইয়াৰ জৰিয়তে আমি নেতা আৰু বৈদেশিক মন্ত্ৰীসকলৰ নিয়মীয়া বৈঠককে ধৰি কোৱাডৰ কাৰ্য্যকলাপসমূহ নিয়মীয়া কৰি তুলিম। আমি ২০২৩ ত অষ্ট্ৰেলিয়াই আয়োজন কৰা আমাৰ পৰৱৰ্তী কায়িক সন্মিলনত মিলিত হ’বলৈ সন্মতি প্ৰকাশ কৰিছো।

***

DS/AK/SB



(Release ID: 1839042) Visitor Counter : 182