কেবিনেট
azadi ka amrit mahotsav

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি (এমঅ’ইউ)ত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 29 JUN 2022 3:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷ ২০২২ৰ ফেব্ৰুৱাৰী মাহত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷

এই বুজাবুজি চুক্তিয়ে এক ব্যৱস্থা প্ৰদান কৰাৰ লগতে পৰিৱেশতন্ত্ৰ গঢ় দিয়াত সহায় কৰিব, যিটোৱে দুয়োখন দেশতে উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰিব, যাৰ ফলত সহযোগিতাৰে নতুন প্ৰযুক্তি সৃষ্টি, জনশক্তি প্ৰশিক্ষণ, আইপি প্ৰস্তুত কৰাৰ দিশত সহায় কৰিব৷

এই সহযোগিতাৰ অধীনত ৰূপায়ণ কৰিবলগীয়া কাৰ্য্যসূচীৰ জৰিয়তে নতুন জ্ঞান আৰু প্ৰযুক্তিৰ বিকাশে আত্মনিৰ্ভৰ ভাৰতক গতি প্ৰদান কৰিব। এই বুজাবুজি চুক্তিয়ে এক ব্যৱস্থা প্ৰদান কৰাৰ লগতে পৰিৱেশতন্ত্ৰ গঢ় দিয়াত সহায় কৰিব, যিটোৱে দুয়োখন দেশতে উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰিব, যাৰ ফলত সহযোগিতাৰে নতুন প্ৰযুক্তি সৃষ্টি, জনশক্তি প্ৰশিক্ষণ, আইপি প্ৰস্তুত কৰাৰ দিশত সহায় কৰিব৷ বুজাবুজি চুক্তিত ধাৰ্য কৰা কাৰ্য্যকলাপৰ সৈতে সামগ্ৰী উন্নয়ন আৰু প্ৰযুক্তি বিনিময় জড়িত থাকিব, যিটোৱেয়ে নতুন উদ্যোগ আৰু নিয়োগৰ সৃষ্টিৰ সূচনা কৰিব পাৰে।

এই স্মাৰকপত্ৰৰ উদ্দেশ্য হৈছে ভাৰত আৰু ছিংগাপুৰৰ মাজত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতাক উৎসাহিত কৰা, বিকাশ কৰা আৰু সুবিধা প্ৰদান কৰা। গৱেষণা, উদ্ভাৱন আৰু প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত অগ্ৰগতিৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থজড়িত যিকোনো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব, সেইবোৰ হৈছে-

i. কৃষি আৰু খাদ্য বিজ্ঞান আৰু প্ৰযুক্তি;

ii. উন্নত নিৰ্মাণ আৰু অভিযান্ত্ৰিকীকৰণ;

iii. সেউজ অৰ্থনীতি, শক্তি, পানী, জলবায়ু আৰু প্ৰাকৃতিক সম্পদ;

iv. তথ্য বিজ্ঞান, সম্ভাৱনাপূৰ্ণ প্ৰযুক্তি;

v. উন্নত সামগ্ৰী; আৰু

vi. স্বাস্থ্য আৰু জৈৱ প্ৰযুক্তি।

পাৰস্পৰিক সন্মতিৰে উমৈহতীয়া স্বাৰ্থজড়িত অন্যান্য ক্ষেত্ৰসমূহো ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব।

.

***

DS/DB


(रिलीज़ आईडी: 1838211) आगंतुक पटल : 211
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam