প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ হামীৰপুৰত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 22 JUN 2022 9:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হামীৰপুৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। আনহাতে দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু আৰোগ্যও কামনা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক টুইট বাৰ্তাত উল্লেখ কৰা হৈছে;

“উত্তৰ প্ৰদেশৰ হামীৰপুৰত সংঘটিত দুৰ্ঘটনাটো নিতান্তই বেদনাদায়ক। দুৰ্ঘটনাটোত নিহত হোৱাসকলৰ আত্মীয়সকলৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে আহতসকলক যথা সম্ভৱ সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আছে : PM @narendramodi"

 

***

DS/ST/KB


(रिलीज़ आईडी: 1836492) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , हिन्दी , English , Urdu , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam