প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীৰ প্ৰগতি ময়দানত বাঅ’টেক ষ্টাৰ্টআপ এক্সপ’ – ২০২২ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 09 JUN 2022 1:06PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থসকল, বাঅ’টেক খণ্ডটোৰে জড়িত গণ্যমান্য ব্যক্তিসকল, ভাৰত আৰু বিদেশৰ অতিথিসকল, বিশেষজ্ঞসকল, বিনিয়োগকাৰীসকল, সৰু আৰু মজলীয়া উদ্যোগ (SME) আৰু ষ্টাৰ্ট-আপকে ধৰি উদ্যোগৰ সকলো সতীৰ্থ, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

দেশখনৰ প্ৰথম বাঅ’টেক ষ্টাৰ্ট-আপ এক্সপ’ত অংশগ্ৰহণ আৰু ভাৰতৰ এই সম্ভাৱনাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ বাবে আপোনালোক আটাইকে অভিনন্দন জনাইছো। এই এক্সপ’ ভাৰতৰ বাঅ’টেক খণ্ডটোৰ ব্যাখ্যাপূৰ্ণ বিকাশৰ প্ৰতিফলন। যোৱা আঠটা বছৰত ভাৰতৰ বাঅ’ - অৰ্থনীতি $১০ বিলিয়নৰপৰা $৮০ বিলিয়নলৈ আঠ গুণ বৃদ্ধি পাইছে। বাঅ’টেকৰ বিশ্ব বাতাবৰণত ভাৰতে শীৰ্ষ ১০ খন দেশৰ লীগত প্ৰৱেশ কৰিবলৈ অলপমান দূৰহে বাকী আছে। ভাৰতৰ এই অগ্ৰগতিৰ আঁৰত বাঅ’ প্ৰযুক্তি উদ্যোগ গৱেষণা সহায়ক পৰিষদ অৰ্থাৎ ‘বিৰাক’ (BIRAC) য়ে এক বৃহৎ ভূমিকা পালন কৰিছে। যোৱা কেইবছৰমানৰপৰা ভাৰতত গৱেষণা আৰু উদ্ভাৱনৰ অভূতপূৰ্ব সম্প্ৰসাৰণত ‘বিৰাক’ য়ে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। ‘বিৰাক’ ৰ ১০ বছৰীয়া সফল যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে আপোনালোক আটাইকে অলেখ অভিনন্দন জ্ঞাপন কৰিলো। ভাৰতৰ যুৱ প্ৰতিভা, ভাৰতৰ বাঅ’টেক ষ্টাৰ্ট-আপ, তেওঁলোকৰ সম্ভাৱনা আৰু বাঅ’টেক খণ্ডটোৰ বাবে ভৱিষ্যতৰ ৰ’ডমেপক এই প্ৰদৰ্শনীত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ভাৰতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন আৰু অহা ২৫ বছৰৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণৰ সময়তে দেশখনৰ উন্নয়নক এক নতুন গতি প্ৰদানত বাঅ’টেক খণ্ডটোৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। প্ৰদৰ্শনীখনিত থূপাই প্ৰদৰ্শিত বাঅ’টেক ষ্টাৰ্টআপ, বাঅ’টেক বিনিয়োগকাৰী আৰু ইনকিউবেশ্যন চেণ্টাৰসমূহৰ এখনি নব্য ভাৰতৰ আকাংক্ষাৰাজিৰে মিল আছে। কিছুদিন পূৰ্বে শুভাৰম্ভ কৰা ই-পৰ্টেলটোত প্ৰায় ৭৫০ টা বাঅ’টেক সামগ্ৰী তালিকাভুক্ত কৰা হৈছে। ইয়াৰোপৰি ভাৰতৰ জৈৱ-অৰ্থনীতিৰ সম্ভাৱনীয়তা আৰু সম্প্ৰসাৰণ আৰু ইয়াৰ বৈচিত্ৰ্যও প্ৰদৰ্শন কৰিছে।

বন্ধুসকল,

এই প্ৰেক্ষাগৃহটোত বাঅ’টেক উদ্যোগটোৰ সৈতে জড়িত প্ৰায় প্ৰতিটো খণ্ডৰ উপস্থিতি আছে। আমাৰ সৈতে অনলাইনত বহু সংখ্যক বাঅ’টেক পেছাদাৰীও জড়িত হৈ আছে। অহা দুদিনত আপোনাসৱে এই এক্সপ’ত বাঅ’ টেক খণ্ডটোৰ সন্মুখত থকা সুযোগ আৰু প্ৰত্যাহ্বানৰাজি সম্পৰ্কে আলোচনা কৰিব। যোৱা কেইটামান দশকত আমি বিশ্বখনত আমাৰ চিকিৎসক আৰু স্বাস্থ্য পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান সুনাম প্ৰত্যক্ষ কৰিছো। আমাৰ আইটি পেছাদাৰীসকলৰ দক্ষতা আৰু উদ্ভাৱন সন্দৰ্ভত বিশ্বখনত বিশ্বাসৰ পৰিবেশে এক নতুন শিখৰত উপনীত হৈছে। ভাৰতৰ বাঅ’টেক খণ্ডটোৰ প্ৰতি, ভাৰতৰ বাঅ’-পেছাদাৰীসকলৰ প্ৰতি, একেই আস্থা আৰু সুনাম আমি এই দশকত দেখিবলৈ পাইছো। মোৰ আপোনাসৱ, ভাৰতৰ বাঅ’টেক খণ্ডটোৰ ওপৰত বিশ্বাস আছে। এই বিশ্বাস সম্পৰ্কীয় কাৰণটোও বিশদভাৱে ক’ব খুজিছো।

বন্ধুসকল,

আজি ভাৰতক বাঅ’টেকৰ ক্ষেত্ৰখনত সুযোগৰ দেশ হিচাপে গণ্য কৰা হোৱা মাত্ৰেকে বহু কাৰণৰ মাজত মই পাঁচটা বৃহৎ কাৰণ প্ৰত্যক্ষ কৰিছো। প্ৰথম - বৈচিত্ৰময় জনসংখ্যা, বৈচিত্ৰময় জলবায়ু মণ্ডল; দ্বিতীয় - ভাৰতৰ প্ৰতিভাশালী মানৱ মূলধন ভাণ্ডাৰ; তৃতীয় - ভাৰতৰ ইজ অৱ ডুয়িং বিজনেছ; চতুৰ্থ – ভাৰতৰ জৈৱ-পণ্যৰ ক্ৰমবৰ্ধমান চাহিদা আৰু পঞ্চম - ভাৰতৰ জৈৱ প্ৰযুক্তি খণ্ড অৰ্থাৎ, আপোনালোকৰ সফলতাৰাজিৰ ট্ৰেক ৰেকৰ্ড। এই পাঁচটা কাৰকে একত্ৰিতভাৱে ভাৰতৰ শক্তি বহুগুণে বৃদ্ধি কৰিছে।

বন্ধুসকল,

দেশখনৰ এই সম্ভাৱনাক সম্প্ৰসাৰণৰ বাবে চৰকাৰখনে যোৱা আঠটা বছৰে অবিৰতভাৱে কাম কৰি আহিছে। আমি সৰ্বাংগীন (Holistic) আৰু সমগ্ৰ চৰকাৰ (Whole of Government) পন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। মই গুৰুত্ব আৰোপ কৰা ‘সবকা সাথ - সবকা বিকাশ’ ভাৰতৰ বিভিন্ন খণ্ডতো প্ৰযোজ্য। এসময়ত মাত্ৰ কেইটামান খণ্ডকহে সুদৃঢ়কৰণৰ বিপৰীতে বাকীবোৰ একেদৰেই এৰি থৈ যোৱা হৈছিল। আমি এই চিন্তাধাৰা আৰু দৃষ্টিভংগী সলনি কৰিছো। আজিৰ নব্য ভাৰতত প্ৰতিটো খণ্ডৰ উন্নয়নে দেশখনৰ উন্নয়নত গতি প্ৰদান কৰিব। সেয়ে প্ৰতিটো খণ্ডৰ সহায়-সহযোগিতা আৰু উন্নয়ন আজি দেশখনৰ প্ৰয়োজন হৈ উঠিছে। গতিকে আমি আমাৰ বৃদ্ধি ত্বৰান্বিত কৰিবপৰা প্ৰতিটো পথৰ সন্ধান অব্যাহত ৰাখিছো। চিন্তা আৰু দৃষ্টিভংগীৰ এই লক্ষণীয় পৰিৱৰ্তনেও দেশখনক উন্নত ফল প্ৰাপ্তিত সহায় কৰিছে। আমি আমাৰ শক্তিশালী সেৱা খণ্ডত মনোনিৱেশৰে সেৱা ৰপ্তানিৰ ক্ষেত্ৰত $২৫০ বিলিয়নৰ অভিলেখ গঢ়িলো। আমি সামগ্ৰীৰ ৰপ্তানিতো গুৰুত্ব প্ৰদানেৰে $৪২০ বিলিয়ন মূল্যৰ সামগ্ৰীৰ ৰপ্তানিৰ অভিলেখ গঢ়িলো। আমি আন খণ্ডসমূহৰ বাবেও গুৰুত্বসহকাৰে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। আমি বস্ত্ৰ খণ্ডটোত পিএলআই আঁচনিখন ৰূপায়ণ কৰোতে আমি ড্ৰোন, ছেমিকণ্ডাক্টৰ আৰু উচ্চ-কাৰ্য্যক্ষমতাসম্পন্ন সৌৰ পিভি মডিউলৰ বাবেও একেখন আঁচনি সম্প্ৰসাৰণ কৰো। বাঅ’টেক খণ্ডটোৰ উন্নয়নৰ বাবে আজি ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰাজি অভূতপূৰ্ব।

বন্ধুসকল,

চৰকাৰখনে শেহতীয়াকৈ হিতাধিকাৰীসকলৰ পৰিপূৰ্ণকৰণ (saturation), দৰিদ্ৰ লোকসকলৰ সবলীকৰণৰ অভিযান আৰম্ভ কৰিছে আৰু ইয়ো বাঅ’ টেক খণ্ডটোক নতুন শক্তি প্ৰদান কৰিব পাৰে। কাৰ্যতঃ বাঅ’ টেক খণ্ডটোৰ বিকাশৰ বাবে প্ৰচুৰ সুযোগ আছে। জেনেৰিক ঔষধ আৰু ভেকচিনৰ ক্ষেত্ৰত বাঅ’টেক খণ্ডটোৰ বাবে আন এক বৃহৎ উপযোগিতা আছে যিয়ে বিশ্বখনত এক বৃহৎ আস্থাৰ সৃষ্টি কৰিছে। মই নিশ্চিত যে অহা দুদিনত বাঅ’ টেক খণ্ডটোৰে জড়িত প্ৰতিটো সম্ভাৱনা সম্পৰ্কে আপোনালোকে বিতংভাৱে আলোচনা কৰিব। ‘বিৰাক’ ৰ ১০ বছৰ সম্পূৰ্ণ হৈছে। লগতে ‘বিৰাক’ ৰ ২৫ বছৰ পূৰ্তিত ইয়াৰ শ্ৰেষ্ঠতাৰ অৰ্থে এতিয়াৰেপৰা লক্ষ্য আৰু কাৰ্য্যকৰী বিন্দুসমূহৰ ওপৰত কাম আৰম্ভ কৰিবলৈ আহ্বান জনাইছো। এই সুন্দৰ কাৰ্য্যসূচীৰে দেশখনৰ নৱপ্ৰজন্মক আকৰ্ষণ আৰু দেশখনৰ সম্ভাৱ্য দক্ষতাৰাজিক বিশ্ববাসীৰ সন্মুখত উপস্থাপনৰ বাবে আপোনালোক আটাইকে অভিনন্দন জনাইছো। আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলো!

বহু বহু ধন্যবাদ!

 

***

DS/TS/VK/SB



(Release ID: 1836420) Visitor Counter : 159