কেবিনেট

আইএমটি/৫জি স্পেকট্ৰামৰ নিলামত অনুমোদন কেবিনেটৰ


টেলিকম সেৱা প্ৰদানকাৰীসকলৰ বাবে ব্যৱসায় কৰাৰ খৰচ হ্ৰাস কৰাৰ ব্যৱস্থা

শীঘ্ৰেই আৰম্ভ হ’ব ৫জি সেৱা-৪জিতকৈ প্ৰায় ১০ গুণ দ্ৰুত

২০ বছৰৰ বাবে নিলাম কৰা হ’ব ৭২ গিগাহাৰ্টজতকৈ অধিক স্পেকট্ৰাম

Posted On: 15 JUN 2022 10:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত দূৰসংযোগ বিভাগৰ এটা প্ৰস্তাৱত অনুমোদন জনায় যাৰ জৰিয়তে ৰাজহুৱা আৰু উদ্যোগসমূহক ৫জি সেৱা প্ৰদানৰ বাবে সফল নিবিদাকাৰীসকলক স্পেকট্ৰাম আবণ্টন কৰা হ’ব।

ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদিৰ দৰে চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ জৰিয়তে ডিজিটেল সংযোগ চৰকাৰৰ নীতিগত পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে।

ব্ৰ’ডবেণ্ড বিশেষকৈ ম’বাইল ব্ৰ’ডবেণ্ড নাগৰিকৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ২০১৫ চনৰ পৰা সমগ্ৰ দেশতে ৪জি সেৱাৰ দ্ৰুত সম্প্ৰসাৰণৰ জৰিয়তে ইয়াত এক বৃহ সকাহ দিছিল। ২০১৪ চনত দহ কোটি গ্ৰাহকৰ তুলনাত বৰ্তমান আশী কোটি গ্ৰাহকে ব্ৰ’ডবেণ্ডৰ সুবিধা লাভ কৰিছে।

এনে মাৰ্গদৰ্শক নীতিগত পদক্ষেপৰ জৰিয়তে চৰকাৰে অন্ত্যোদয় পৰিয়ালসমূহক ম’বাইল বেংকিং, অনলাইন শিক্ষা, টেলিমেডিচিন, ই-ৰেচন আদিৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে।

দেশত গঢ় লৈ উঠা ৪জি ইক’ছিষ্টেম এতিয়া ৫জি থলুৱা উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। ভাৰতৰ ৮টা শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানত ৫জি টেষ্ট বেড স্থাপনে ভাৰতত ঘৰুৱা ৫জি প্ৰযুক্তিৰ মুকলিৰ কাম ক্ষিপ্ৰ কৰি তুলিছে। মবাইল হেণ্ডছেট, টেলিকম সঁজুলিৰ বাবে পিএলআই (পাদনকেন্দ্ৰিক উদ্গনি) আঁচনি আৰু ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ আৰম্ভণিয়ে ভাৰতত ৫জি সেৱা আৰম্ভ কৰাৰ বাবে এক শক্তিশালী ইকচিষ্টেম গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৫জি প্ৰযুক্তি আৰু পৰৱৰ্তী পৰ্যায়ত ৬জি প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ বেছি দিন নাই৷

স্পেকট্ৰাম সমগ্ৰ ৫জি ইক’ছিষ্টেমৰ এক অবিচ্ছেদ্য আৰু অত্যাৱশ্যকীয় অংশ। আগন্তুক ৫জি সেৱাসমূহে নতুন যুগৰ ব্যৱসায় সৃষ্টি কৰাৰ, উদ্যোগসমূহৰ বাবে অতিৰিক্ত ৰাজহ সৃষ্টি কৰা আৰু উদ্ভাৱনীমূলক ব্যৱহাৰ-ক্ষেত্ৰ আৰু প্ৰযুক্তিৰ দিশত নিয়োগ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা আছে।

২০বছৰৰ বাবে মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্টজ স্পেকট্ৰাপ্ৰদান কৰা হ’, যিটো ২০২২ চনৰ জুলাই মাহৰ শেষৰ ফালে নিলাম অনুষ্ঠিত হব। ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ, মিড (৩৩০০ মেগাহাৰ্টজ) আৰু হাই (২৬ গিগাহাৰ্টজ) ফ্ৰিকুৱেন্সি বেণ্ডৰ নিলাম অনুষ্ঠিত হ’ব

এইটো আশা কৰা হৈছে যে টেলিকম সেৱা প্ৰদানকাৰীসকলে মিড আৰু হাই বেণ্ড স্পেকট্ৰম ব্যৱহাৰ কৰি গতি আৰু ক্ষমতা প্ৰদান কৰিব পৰা ৫জি প্ৰযুক্তিভিত্তিক সেৱাসমূহ ৰোল-আউট কৰিব, যিটো বৰ্তমানৰ ৪জি সেৱাতকৈ গতি প্ৰায় ১০ গুণ বেছি অধিক দ্ৰুতব।

২০২১ চনৰ ছেপ্টেম্বৰ মাহত ঘোষণা কৰা দূৰসংযোগ খণ্ডৰ সংস্কাৰৰ দ্বাৰা এই স্পেকট্ৰাম নিলামত লাভৱান হব। এই সংস্কাৰসমূহৰ ভিতৰত আগন্তুক নিলামত অধিগ্ৰহণ কৰা স্পেকট্ৰামৰ ওপৰত শূন্য স্পেকট্ৰাম ব্যৱহাৰ চাৰ্জ (এছইউচি) অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে টেলিকম নেটৱৰ্কৰ পৰিচালনা ব্যয়ৰ ক্ষেত্ৰত সেৱা প্ৰদানকাৰীসকলক যথেষ্ট সকাহ প্ৰদান কৰিব। তদুপৰি, এটা বাৰ্ষিক কিস্তিৰ সমতুল্য বিত্তীয় বেংকৰ নিশ্চয়তা দাখিল কৰাৰ প্ৰয়োজনীয়তাও হ্ৰাস কৰা হৈছে।

দূৰসংযোগ খণ্ডৰ সংস্কাৰৰ গতি অব্যাহত ৰাখি কেবিনেটে সহজ ব্যৱসায় কৰাৰ সুবিধাৰ বাবে আগন্তুক স্পেকট্ৰাম নিলামৰ জৰিয়তে নিবিদাকাৰীসকলে অধিগ্ৰহণ কৰিবলগীয়া স্পেকট্ৰামৰ সন্দৰ্ভত বিভিন্ন প্ৰগতিশীল বিকল্প ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে সফল নিবিদাকাৰীয়ে আগতীয়াকৈ ধন পৰিশোধ কৰাৰ কোনো বাধ্য-বাধ্যকতা নাই। স্পেকট্ৰামৰ বাবে পেমেণ্ট ২০টা সমান বাৰ্ষিক কিস্তিত প্ৰদান কৰিব পাৰি, যিটো প্ৰতি বছৰৰ আৰম্ভণিতে আগতীয়াকৈ পৰিশোধ কৰিব লাগিব। ইয়াৰ ফলত নগদ ধনৰ প্ৰবাহৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস পাব আৰু এই খণ্ডত ব্যৱসায় কৰাৰ খৰচ কম হ’ব বুলি আশা কৰা হৈছে। নিবিদাকাৰীসকলক বাকী থকা কিস্তিৰ ক্ষেত্ৰত ভৱিষ্যতে কোনো ধৰণৰ দায়বদ্ধতা নোহোৱাকৈ ১০ বছৰৰ পিছত স্পেকট্ৰাম আত্মসমৰ্পণ কৰাৰ বিকল্প সুযোগ দিয়া হ’ব।

৫জি সেৱাসমূহৰ ৰোল-আউট সক্ষম কৰিবলৈ পৰ্যাপ্ত বেকহ’ল স্পেকট্ৰামৰ উপলব্ধতা থাকিব লাগিব। বেকহ’লৰ চাহিদা পূৰণৰ বাবে কেবিনেটে টেলিকম সেৱা প্ৰদানকাৰীসকলক ই-বেণ্ডত ২৫০ মেগাহাৰ্টজকৈ ২টাকৈ কেৰিয়াৰ সাময়িকভাৱে আবণ্টনৰ সিদ্ধান্ত লৈছে। তদুপৰি, কেবিনেটে বৰ্তমানৰ ১৩, ১৫, ১৮ আৰু ২১ গিগাহাৰ্টজ বেণ্ডৰ ফ্ৰিকুৱেন্সি বেণ্ডত পৰম্পৰাগত মাইক্ৰৱেভ বেকহ’ল কেৰিয়াৰৰ সংখ্যা দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

কেবিনেটে লগতে এক নতুন তৰংগ যেনে মেচিন টু মেচিন যোগাযোগ, ইণ্টাৰনেট অৱ থিংছ(আইঅ’টি), কৃত্ৰিম বুদ্ধিমত্তা(এআই) সমগ্ৰ অটোমোটিভ, স্বাস্থ্যসেৱা, কৃষি, শক্তি, আৰু অন্যান্য খণ্ডৰ বাবে এক প্ৰাইভেট কেপটিভ নেটৱৰ্কৰ বিকাশ সাধন কৰা লগতে স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে

***

DS/SH/SKS/DB



(Release ID: 1835026) Visitor Counter : 186