কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে কোচীন বন্দৰ প্ৰাধিকৰণক তিনি বছৰৰ সময়ৰ বাবে ভাৰত চৰকাৰৰ ঋণ পৰিশোধ স্থগিত কৰণত মঞ্জুৰী দিছে

Posted On: 14 JUN 2022 4:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটিয়ে কোভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা বিত্তীয় সংকটৰে মোকাবিলা কৰিবৰ বাবে ৪৪৬.৮৩ কোটি টকাৰ ভাৰত চৰকাৰৰ বকেয়া ধনৰাশি পৰিশোধৰ বাবে কোচীন বন্দৰ প্ৰাধিকৰণ (চিঅ'পিএ)ক তিনি বছৰ (২০২০-২১, ২০২১-২২ আৰু ২০২২-২৩)ৰ সময় দিয়াত মঞ্জুৰী দিছে।

ধনৰাশিৰ পৰিশোধ ১০টা কিস্তিত কৰিবলগীয়া আছিল যি ২০১৮-১৯ৰ পৰা আৰম্ভ হৈছিল। অৱশ্যে, কোচীন বন্দৰ প্ৰাধিকৰণে কেৱল ২০১৮-১৯ আৰু ২০১৯-২০ৰ কিস্তিৰ পৰিশোধ কৰিব পাৰিছিল। ২০২০-২১ৰ পৰা, কোভিড-১৯ মহামাৰীৰ বাবে লেনদেন বেয়াকৈ প্ৰভাৱিত হৈছিল যাৰ ফলত নগদ অৰ্জনত প্ৰতিকূল প্ৰভাৱ পৰিছিল। পৰিণতিত, কোচীন বন্দৰে ২০২০-২১ আৰু ২০২১-২২ৰ কিস্তিৰ পৰিশোধ কৰিব নোৱাৰিলে।

কোচীন বন্দৰক ২০২১ৰ নৱেম্বৰৰ পৰা প্ৰধান বন্দৰ প্ৰাধিকৰণ আইন, ২০২১ৰ জৰিয়তে অনা হয়। অৰ্থনৈতিক বিষয়ৰ কেবিনেট সমিতি (চিচিইএ)ই ২৪-০৮-২০১৬ত কোচীন বন্দৰৰ দ্বাৰা ১৯৩৬-৩৭ৰ পৰা ১৯৯৪-৯৫ৰ সময়ছোৱাত বিভিন্ন আন্তঃগাঁথনিৰ বিকাশৰ কামৰ বাবে দিয়া ভাৰত চৰকাৰৰ ঋণৰ ওপৰত আৰোপিত সুতত ৰেহাইৰ প্ৰস্তাৱত মঞ্জুৰী দিছিল।

 

***********

 

DS



(Release ID: 1834391) Visitor Counter : 107