প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 05 JUN 2022 9:50PM by PIB Guwahati

সমগ্ৰ বিশ্বজুৰি ৰ’টাৰি সদস্যসকলৰ বৃহৎ পৰিয়াল আছে, প্ৰিয় বন্ধুসকল, নমস্কাৰ! ৰটাৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দিবলৈ পাই মই অতিশয় আনন্দিত। এইধৰণৰ প্ৰতিখন ৰ’টাৰী সমাৱেশ এক ক্ষুদ্ৰ-বিশ্ব সন্মিলনৰ দৰে। ইয়াত বৈচিত্ৰ্য আৰু প্ৰাণৱন্ত ভাব আছে। আপোনালোক সকলো ৰটাৰি সদস্যই নিজ নিজ ক্ষেত্ৰত সফল। তথাপিও, আপোনাসৱে কেৱল কাম মাজতেই নিজকে সীমাবদ্ধ কৰি ৰখা নাই। আমাৰ বসুন্ধৰাক আৰু উন্নত কৰি তোলাৰ আপোনাসৱৰ আকাংক্ষাই আপোনালোক সকলোকে এই মঞ্চত একত্ৰিত কৰিছে। এয়া সফলতা আৰু সেৱাৰ এক প্ৰকৃত মিলন।

 

বন্ধুসকল,

এই সংস্থাৰ দুটা গুৰুত্বপূৰ্ণ নীতি বাক্য আছে। প্ৰথমটো হ'ল- নিজৰ স্বাৰ্থৰ উৰ্দ্ধত সেৱা। দ্বিতীয়টো হ'ল- সৰ্বাধিক সেৱা দানৰ জৰিয়তে উপকাৰ। এইবোৰ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ নীতি। হাজাৰ হাজাৰ বছৰ আগতে সাধু আৰু ঋষিসকলে আমাৰ বাবে এক শক্তিশালী প্ৰাৰ্থনা কৰিছিল-

সৰ্বে ভবন্তু সুখীনঃ,

সৰ্বে সন্তু নিৰাময়ঃ।

ইয়াৰ অৰ্থ হৈছে, প্ৰত্যেক জীৱ সুখী হওঁক আৰু প্ৰত্যেক জীৱই এক স্বাস্থ্যকৰ জীৱন যাপন কৰক।

আমাৰ সংস্কৃতিত এয়াও কোৱা হয়-

পৰোপকাৰায় সতাম্ বিভূতয়ঃ

 

ইয়াৰ অৰ্থ হৈছে, মহান আত্মাই কেৱল আনৰ কল্যাণৰ বাবে কাম কৰে আৰু জীয়াই থাকে। আমাৰ দেশ বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ, যিয়ে আনৰ বাবে জীয়াই থকাৰ অৰ্থ কৰ্মৰ মাধ্যমেৰে দেখুৱাইছিল।

 

বন্ধুসকল,

আমি সকলোৱে এক পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, পৰস্পৰৰ সৈতে সম্পৰ্কযুক্ত আৰু আন্তঃসংযোগযুক্ত পৃথিৱীত বাস কৰোঁ। স্বামী বিবেকানন্দই যি কথা কৈছিল সেই কথাখিনিৰ উদ্ধৃতি দি কৈছোঁঃ

"এই বিশ্বব্ৰহ্মাণ্ডৰ এটা পৰমাণুৱে গোটেই পৃথিৱীখনক নিজৰ সৈতে টানি নিদিয়াকৈ চলাচল কৰিব নোৱাৰে।"সেয়েহে, আমাৰ গ্ৰহটো অধিক সমৃদ্ধ আৰু বহনক্ষম কৰি তুলিবলৈ ব্যক্তি, সংগঠন আৰু চৰকাৰে একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ। পৃথিৱীৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱা কেইবাটাও ক্ষেত্ৰত ৰটাৰী ইণ্টাৰনেচনেলে কঠোৰ পৰিশ্ৰম কৰা দেখি মই আনন্দিত। উদাহৰণ স্বৰূপে পাৰিপাৰ্শ্বিক সুৰক্ষাৰ কথাই কব পাৰি। বহনক্ষম উন্নয়ন হৈছে সময়ৰ প্ৰয়োজনীয়তা। প্ৰকৃতিৰ সৈতে সামঞ্জস্য থকা আমাৰ শতিকা পুৰণি নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১.৪ বিলিয়ন ভাৰতীয়ই আমাৰ পৃথিৱীক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তোলাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাই আছে। নৱীকৰণযোগ্য শক্তি হৈছে ভাৰতত এক ক্ৰমবৰ্ধমান খণ্ড। বৈশ্বিক পৰ্যায়ত ভাৰতে আন্তৰ্জাতিক সৌৰ মিত্ৰতা গঠনত আগভাগ লৈছে। ভাৰতে এক সূৰ্য, এক বিশ্ব, এক গ্ৰিডৰ দিশত কাম কৰি আছে। শেহতীয়াকৈ গ্লাছগোত অনুষ্ঠিত কপ-২৬ সন্মিলনত মই পৰিৱেশৰ বাবে জীৱন যাপনক লৈ কথা কৈছিলোঁ। ইয়ে প্ৰতিজন মানুহৰ পৰিৱেশৰ প্ৰতি সচেতন জীৱন যাপনকে বুজায়। ২০৭০ চনৰ ভিতৰত কাৰ্বন নিঃসৰণৰ মাত্ৰা শূন্যলৈকে নমাই অনাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতি বিশ্ব সম্প্ৰদায়ৰ মাজত প্ৰশংসিত হৈছে।

 

বন্ধুসকল,

মই আনন্দিত যে ৰ’টাৰী ইণ্টাৰনেচনেলে বিশুদ্ধ খোৱা পানী যোগান, অনাময় আৰু পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আছে। ভাৰতত, আমি ২০১৪ চনত স্বচ্ছ ভাৰত অভিযান বা পৰিষ্কাৰ ভাৰত আন্দোলন আৰম্ভ কৰিছিলোঁ। পাঁচ বছৰত আমি সম্পূৰ্ণ অনাময়ৰ আওতালৈ অনাৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰিছোঁ। ই বিশেষকৈ ভাৰতৰ দৰিদ্ৰ আৰু মহিলাসকলক লাভান্বিত কৰিছিল। বৰ্তমান, ভাৰতে ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে। পানী বচাবলৈ এটা নতুন সামূহিক আন্দোলনৰ আৰম্ভ হৈছে। জল সংৰক্ষণৰ পুৰণি পদ্ধতিৰ সৈতে আধুনিক সমাধান যুক্ত হৈছে। ইয়াৰ পৰাই এই আন্দোলনটো অনুপ্ৰাণিত হৈছে।

 

বন্ধুসকল,

আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে, কোভিড-পৰৱৰ্তী পৃথিৱীত বৰ্ধিত স্থানীয় অৰ্থব্যৱস্থা অতি প্ৰাসংগিক। ভাৰতত আত্মনিৰ্ভৰ ভাৰত আন্দোলনৰ ৰূপ লৈছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতক স্বাৱলম্বী কৰা আৰু লগতে বিশ্বব্যাপী সমৃদ্ধিত অৰিহণা যোগোৱা। মই এয়াও অৱগত কৰিব লাগিব যে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত ষ্টাৰ্ট-আপ পৰিৱেশ ব্যৱস্থাপনাসমূহৰ ভিতৰত অন্যতম। ইয়াৰে বহুতো ষ্টাৰ্ট-আপে বিশ্বব্যাপী সমস্যা মোকাবিলা কৰাত সমাধান দিবলৈ সাজু।

 

বন্ধুসকল,

আমি ভাৰতৰ লোকসকলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহৰ পৰা শিকিবলৈ আৰু আমাৰ পদ্ধতিসমূহ আনৰ সৈতে ভাগ বতৰা কৰিবলৈ সাজু হৈ আছোঁ। ভাৰতত সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ এক সপ্তমাংশই বাস কৰে। সেয়ে ভাৰতৰ যিকোনো সাফল্যই বিশ্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। এই প্ৰসংগত কোভিড-১৯ টিকাকৰণৰ উদাহৰণ সকলোৰে সৈতে ভাগ বতৰা কৰিছোঁ। যেতিয়া শতিকাৰ সৰ্ববৃহৎ মহামাৰী কোভিড-১৯ হৈছিল, মানুহে ভাবিছিল, ইয়াৰ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতে মহামাৰীৰ বিৰুদ্ধে যুঁজত সিমান সফল নহ'ব। ভাৰতৰ মানুহে তেওঁলোকক ভুল প্ৰমাণিত কৰি দিলে। ভাৰতত নাগৰিকক প্ৰায় ২ বিলিয়ন পালি প্ৰদান কৰা হৈছে। একেদৰে, ভাৰতে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে কাম কৰি আছে। ২০৩০ চনৰ ভিতৰত বিশ্বত এই ৰোগ নিৰ্মূলৰ লক্ষ্য লোৱা হৈছে। তাৰ ৫ বছৰ আগতে ভাৰতত এই লক্ষ্য পূৰণৰ সিদ্ধান্ত লোৱা হৈছে। মই মাত্ৰ কেইটামান উদাহৰণ দিছোঁ। মই ৰটাৰী পৰিয়ালক তৃণমূল পৰ্যায়ত এই প্ৰচেষ্টাবোৰক সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ।
 

বন্ধুসকল,

শেষ কৰাৰ পূৰ্বে মই সমগ্ৰ ৰ’টাৰী পৰিয়ালক এটা অনুৰোধ কৰিম। প্ৰায় দুই সপ্তাহৰ ভিতৰত, ২১ জুনত বিশ্বই আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিব। আপোনালোক সকলোৱে জানে যে যোগ মানসিক, শাৰীৰিক, বৌদ্ধিক আৰু আধ্যাত্মিক সুস্থতাৰ বাবে এক কাৰ্যকৰী উপায়। ৰটাৰী পৰিয়ালে সমগ্ৰ বিশ্বতে বৃহৎ সংখ্যাত যোগ দিৱস পালন কৰিব পাৰিবনে? ৰ’টাৰী পৰিয়ালেও ইয়াৰ সদস্যসকলৰ মাজত নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰিব পাৰিবনে? এনে কৰাৰ লাভালাভ আপোনাসৱে দেখা পাব।

 

এই সমাৱেশত ভাষণ দিবলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনাসৱক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। সমগ্ৰ ৰ’টাৰী ইণ্টাৰনেচনেল পৰিয়াললৈ মোৰ শুভেচ্ছা। ধন্যবাদ! আপোনাসৱক বহুত ধন্যবাদ!

 

 ***

DS/TS/KG



(Release ID: 1832441) Visitor Counter : 114